ঘটনাৱলী
- ১৫৪০ - শ্বেৰশ্বাহে কনৌজৰ যুদ্ধত হুমায়ুনক পৰাজিত কৰে।
- ১৯৯৬ - সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসক ৩৫ বছৰ বয়সত গুৱাহাটীৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।
- ২০০১ - তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
জন্ম
- ১৭৪৯ - এডৱাৰ্ড জেনাৰ, ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী, বৰআই ছিটা আৱিষ্কাৰৰ বাটকটীয়া। (মৃত্যু: ২৬/০১/১৮২৩)
- ১৯৩০ - কুমুদিনী লাখিয়া, ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক।
- ১৯৪০ - এলেন কে, আমেৰিকান কম্পিউটাৰ বিজ্ঞানী।
- ১৯৫৪ - বি. এছ. চন্দ্ৰশেখৰ, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৬৯ - মহাদেৱ ডেকা, অসমীয়া শৰীৰচৰ্চাবিদ।
- ১৯৮৫ - নুশ্ৰট ভাৰুচ্চা, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৮৭০ - ৰাধানাথ শিকদাৰ, ভাৰতীয় গণিতজ্ঞ, মাউন্ট এভাৰেষ্টৰ প্ৰথম উচ্চতা নিৰূপণকাৰী আৰু আৱিষ্কাৰক।(জন্মঃ ১৮১৩)
- ১৯৯৬ - পৰাগ কুমাৰ দাস, অসমীয়া সাংবাদিক, মানৱ অধিকাৰ কৰ্মী।
২০২১- ৰাণা গোস্বামী, প্ৰাক্তন বিধায়ক, ছয়গাঁও সমষ্টি
- ২০২৪ - থানেশ্বৰ বড়ো, অগপৰ প্ৰথম কাৰ্যকালত ৰাজহ মন্ত্ৰী আৰু পৰৱৰ্তী পৰ্যায়ত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ। হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান।
দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৭ মে'” প্ৰবন্ধৰ সংশোধন ৫৩৯৩০৭ (১৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।