নেপালী ভাষাৰ কবি
৫ প্ৰবন্ধ
-
পুষ্পলাল উপাধ্যায়
পুষ্পলাল উপাধ্যায়ৰ জন্ম ইৰাজী ১৯০৬ চনত বৰ্তমান অসমৰ ধেমাজি জিলাৰ লাইমেকুৰী নামে এখনি ঠাইত হৈছিল। পুষ্পলাল উপাধ্যায়ে তেওঁৰ ১৯৮৭ চনত প্ৰকাশিত উষা মঞ্জৰী কাব্য গ্ৰন্থৰ বাবে ১৯৮৮ চনত দিল্লীৰ সাহিত্য অকাডেমিয়ে প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এই কাব্য গ্ৰন্থ নেপালী ভাষাত ৰচিত।
-
অম্বালিকা দেৱী
অম্বালিকা দেৱী (নেপালী: अम्बालिकादेवी; ১৮৯৪–১৯৩৬) এগৰাকী নেপালী লেখিকা আৰু কবি। তেওঁক প্ৰথম নেপালী মহিলা ঔপন্যাসিক হিচাপে গণ্য কৰা হয়। তেওঁৰ উপন্যাস ৰাজপুত ৰমণী ১৯৩২ চনত প্ৰকাশ পাইছিল।
-
উষা শেৰচন
উষা শেৰচন (জন্ম: ২২ আগষ্ট ১৯৫৫) এগৰাকী নেপালী কবি, গীতিকাৰ আৰু লেখিকা। তেওঁ তিনিখন কবিতা সংকলন, এখন চুটি গল্প সংকলন আৰু এখন উপন্যাস প্ৰকাশ কৰিছে। লগতে তেওঁ পাঁচটা সংগীত এলবামৰ বাবে গীত ৰচনা কৰিছে। তেওঁৰ কবিতা আৰু গল্পসমূহত সামাজিক বিষয় আৰু নাৰীবাদী চিন্তাধাৰাৰ প্ৰতিফলন দেখা যায়।
-
সুলোচনা মানন্ধৰ ধিতাল
সুলোচনা মানন্ধৰ ধিতাল (নেপালী: सुलोचना मानन्धर धिताल; জন্ম: ১২ মাৰ্চ ১৯৫৫, পেচাগতভাৱে সুলোচনা নামেৰে জনাজাত) এগৰাকী নেপালী কবি, লেখিকা আৰু ৰাজনৈতিক সমাজকৰ্তা। তেওঁ নেপালী, নেৱাৰী আৰু চীনা ভাষাত কবিতা লিখে। তেওঁ নেপাল একাডেমীৰ মাতৃভাষা সাহিত্য বিভাগৰ স্থাপনকাৰী অধ্যক্ষা আছিল।
-
হৰিভক্ত কটুৱাল
হৰিভক্ত কটুৱাল (हरिभक्त कटुवाल) এগৰাকী ভাৰতীয়-নেপালী কবি, সাহিত্যিক আৰু গীতিকাৰ আছিল।