প্ৰীতি সপ্ৰু (ইংৰাজী: Priti Sapru) পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।১ অভিনেতা বীৰেন্দ্ৰ, গুৰদাস মান আৰু ৰাজ বাব্বৰৰ সৈতে নিম্মো, কুৰবানী জাট দি আদি কেইবাখনো ছবিত তেওঁ অভিনয় কৰিছিল।২
প্ৰাৰম্ভিক জীৱন
১৯৫৭ চনৰ ২৪ ডিচেম্বৰত ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বেৰ এটা কাশ্মীৰী পৰিয়ালত প্ৰীতি সপ্ৰুৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ডি. কে. সপ্ৰু এজন প্ৰবীণ অভিনেতা আৰু ভাতৃ তেজ সপ্ৰুও এজন অভিনেতা। সপ্ৰুৰ পৰিয়ালটো আগতে বম্বেৰ জুহু সাগৰতীৰৰ সমীপৰ জুহু তাৰাৰ এটা ডাঙৰ বাংলোত বাস কৰিছিল। তেওঁৰ মাতৃৰ নাম হেমৱতী সপ্ৰু। অভিনেতা তেজ সপ্ৰু তেওঁৰ ভাতৃ, আৰু চিত্ৰনাট্যকাৰ ৰীমা ৰাকেশ নাথ তেওঁৰ ভগ্নী। তেওঁৰ ককাক ডোগ্ৰা ৰাজ্যৰ ‘কোষাধ্যক্ষ’ৰ পদত অধিষ্ঠিত আছিল। তেওঁ বম্বেৰ জুহুৰ ছেইণ্ট জোচেফ হাইস্কুলত নৱম মানলৈকে অধ্যয়ন কৰিছিল আৰু ১৩ বছৰ বয়সৰ পৰাই অভিনয় আৰম্ভ কৰিছিল।৩
কৰ্মজীৱন
১৯৭৯ চনত সবৰী ছবিৰ জৰিয়তে প্ৰীতিয়ে অভিনয় জীৱন আৰম্ভ কৰিছিল, তাৰ পিছত লাৱাৰিছ (১৯৮১) আৰু অৱতাৰ (১৯৮৩) ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল। ভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি ১৯৯২ চনত মুক্তি প্ৰাপ্ত চলচ্চিত্ৰ হীৰ ৰাঞ্জাতো তেওঁ অভিনয় কৰিছিল৷৪৫
জম্মু আৰু কাশ্মীৰৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহায্য সংগ্ৰহ কৰা কাৰ্যত সপ্ৰু সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছিল। বালভৱন, কেথেৰিন হোম, প্ৰেমনিধি আদি এন জি অ’ৰ বাবে তেওঁ অনুদান আগবঢ়াইছে।
গুজৰাটত বিজেপি প্ৰাৰ্থী হোৱাৰ পৰাই নৰেন্দ্ৰ মোদীক অনুসৰণ কৰি অহা সপ্ৰুৱে পঞ্জাৱত অৰুণ জেটলী আৰু বিজয় চাম্পলাৰ সৈতে প্ৰচাৰ কাৰ্য চলাই আহিছে। সামাজিক কাম-কাজত সপ্ৰুৱে জেটলীৰ লগত থাকে যদিও সংগীতা অৰুণ জেটলীৰো ঘনিষ্ঠ সহযোগী হিচাপে গণ্য কৰা হয়। ৰাজনাথ সিঙে সপ্ৰুক বিজেপিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল, আৰু ২০১৪ চনৰ ২৩ ফেব্ৰুৱাৰীত পঞ্জাবত অনুষ্ঠিত হোৱা ফাতেহ ৰেলীৰ সময়ত তেওঁ আনুষ্ঠানিকভাৱে দলত যোগদান কৰিছিল। সপ্ৰুৱে পঞ্জাবত ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।
২০১৮ চনত তেওঁ জম্মু আৰু কাশ্মীৰৰ শিখসকলক সংখ্যালঘুৰ মৰ্যাদা প্ৰদানৰ দাবীত সমৰ্থন কৰিছিল।৬
বঁটা
- পঞ্জাৱ ৰাজ্যিক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা
- "মহিলা শিৰোমণি ১৯৯৮" - পঞ্জাবী চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে
- "পঞ্জাবী চলচ্চিত্ৰ ইতিহাসৰ প্ৰথম মহিলা পৰিচালক" - ফাৰ্ষ্ট লেডী বিমলা শৰ্মাৰ পৰা
- "পঞ্জাবী ৰত্ন" ২০০২ - প্ৰেছ ক্লাব, ড° মনমোহন সিং (প্ৰাক্তন প্ৰধানমন্ত্ৰী), মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদল, আৰু ক্ৰীড়া ব্যক্তি মিলখা সিঙ।
- "পাঞ্জাৱ শিৰোমণি" - পটিয়ালা বিশ্ববিদ্যালয়ৰ পৰা
- "হামদৰ্দ বঁটা" - অজিত দৈনিকৰ পৰা
- পঞ্জাবী কিংবদন্তি বঁটা - ২০১৩ চনৰ নৱেম্বৰ মাহত ভাৰতীয় চিনেমাৰ ১০০ বছৰীয়া জয়ন্তী উদযাপন উপলক্ষত চেন্নাইৰ প্ৰণৱ মুখাৰ্জীৰ পৰা পাঞ্জাবী চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে
তথ্যসূত্ৰ
- ↑ (2013-09-25). Preeti Sapru honoured by President. The Indian Express
- ↑ (2022-04-21). Imtiaz Ali, Saurabh Shukla, Preeti Sapru, KC Bokadia in Chandigarh for film fest. The Times of India
- ↑ (14 November 2023). Preeti Sapru. IMDb
- ↑ Mudgal, Shubha. (6 April 2013). More power to Heer. mint
- ↑ Sarkar, Suparno. (28 February 2018). Sridevi funeral: Shocking similarities emerge between Hawa Hawai actress and murdered Priya Rajvansh. ibtimes.co.in
- ↑ Singh, Amarpal. (19 April 2018). Punjabi actress pushes for minority status for Sikhs in J&K. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীতি সপ্ৰু” প্ৰবন্ধৰ সংশোধন ৫৩৮২০৩ (১১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।