অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হলধৰ নাগ

হলধৰ নাগ (ইংৰাজী: Haldhar Nag) হ'ল উৰিষ্যাৰ এজন সম্বলপুৰী ভাষা (কোছালি ভাষা)ৰ কবি তথা লেখক। তেঁও “লোক কবি ৰত্ন” ৰুপে খ্যাত। ১৯৫০ চনৰ ৩১ মাৰ্চত উৰিষ্যাৰ বৰগড় জিলাৰ ঘেছ নামে ঠাইত এটি দুখীয়া পৰিয়ালত জন্ম হৈছিল। হলধৰ নাগে দহ বছৰ বয়সতে নিজৰ পিতৃক হেৰুৱাইছিল।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৫ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

হলধৰ নাগ (ইংৰাজী: Haldhar Nag) হ'ল ওড়িশাৰ এজন সম্বলপুৰী ভাষা (কোছালি ভাষা)ৰ কবি তথা লেখক। তেঁও “লোক কবি ৰত্ন” ৰুপে খ্যাত। ১৯৫০ চনৰ ৩১ মাৰ্চত উৰিষ্যাৰ বৰগড় জিলাৰ ঘেছ নামে ঠাইত এটি দুখীয়া পৰিয়ালত জন্ম হৈছিল। হলধৰ নাগে দহ বছৰ বয়সতে নিজৰ পিতৃক হেৰুৱাইছিল। পিতৃৰ মৃত্যুৰ পাছত পৰিয়ালৰ দায়িত্ব বহন কৰিব লগীয়া হোৱাত হলধৰ নাগে তৃতীয় মানতেই পঢ়-শুনা বাদ দিব লগীয়া হয়। হলধৰ নাগক যশস্বী উৰিয়া কবি গংগাধৰ মেহেৰৰ লগত তুলনা কৰা হয়। বিবিচিয়ে হলধৰ নাগৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এখন তথ্যচিত্ৰও নিৰ্মাণ কৰে। ওড়িশা আৰু চত্তিশগড়ৰৰ লাখ লাখ অনুৰাগীয়ে তেঁওক “মেছিয়াহ” হিচাপে গণ্য কৰে যাৰ অৰ্থ “ত্ৰাণকৰ্তা”। প্ৰথমে নাগে কোছলি লোকগল্প লিখিছিল আৰু ১৯৯০ চনৰ পৰা তেখেতে কোছলি ভাষাত কবিতা লিখিবলৈ আৰম্ভ কৰে। শ শ কবিয়ে পশ্চিম উৰিষ্যাত এক মজবুত “হলধৰ ধাৰা” বঢ়াবলৈ হলধৰ নাগৰ লিখন শৈলী আৰু কৌশল অনুসৰণ কৰে। ২০১৬ চনত হলধৰ নাগক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।

মুখ্য কৃতিসমূহ

  • লোকগীত
  • সম্পৰ্দা
  • ক্ৰুষ্ণাগুৰু
  • মহাসতী উৰ্মিলা
  • তাৰা মন্দোদৰী
  • অচিয়া
  • বচ্চাহাৰ
  • সিৰি সোমালাই
  • বীৰ সুন্দৰ হ্যে
  • কৰমসানী
  • ৰাসিয়া কবি (তুলসীদাসৰ জীৱনী)
  • প্ৰেম পৈচান

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হলধৰ নাগ” প্ৰবন্ধৰ সংশোধন ৫৩৯৩৯৩ (২০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।