অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বাহাই ধৰ্ম

বাহাই ধৰ্ম (ফাৰ্চী ভাষাত: بهائیت, আৰবী ভাষাত: بهائية) এটা একেশ্বৰবাদী ধৰ্ম যি সকলো মানুহৰ আধ্যাত্মিক ঐক্যত বিশ্বাস কৰে। বাহাই ধৰ্মৰ তিনি মূল নীতি হ'ল: ঈশ্বৰৰ ঐক্য- এজন ঈশ্বৰেই সকলো সৃষ্টিৰ মূল; ধৰ্মৰ ঐক্য- সকলো ধৰ্মৰ উৎস এক; মানুহৰ ঐক্য- সকলো মানুহ সমান, বিভিন্ন জাতি, সংস্কৃতিয়ে বৈচিত্ৰ্যৰ মাজত…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪,১৭১ শব্দ · ২৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
নতুন দিল্লী লটাছ মন্দিৰ বাহাই ধৰ্মৰ এক উপাসনাৰ স্থান
নতুন দিল্লী লটাছ মন্দিৰ বাহাই ধৰ্মৰ এক উপাসনাৰ স্থানছবি: Bijay chaurasia · CC BY-SA 4.0

বাহাই ধৰ্ম (ফাৰ্চী ভাষাত: بهائیت, আৰবী ভাষাত: بهائية)১ এটা একেশ্বৰবাদী ধৰ্ম যি সকলো মানুহৰ আধ্যাত্মিক ঐক্যত বিশ্বাস কৰে। ২ বাহাই ধৰ্মৰ তিনি মূল নীতি হ'ল: ঈশ্বৰৰ ঐক্য- এজন ঈশ্বৰেই সকলো সৃষ্টিৰ মূল; ধৰ্মৰ ঐক্য- সকলো ধৰ্মৰ উৎস এক; মানুহৰ ঐক্য- সকলো মানুহ সমান, বিভিন্ন জাতি, সংস্কৃতিয়ে বৈচিত্ৰ্যৰ মাজত ঐক্য বুজায় আৰু ই সন্মানীয়। ৩ বাহাই শিক্ষাৰ মতে মানৱ জীৱনৰ লক্ষ্য ঈশ্বৰৰ মহত্ত্ব বুজি ঈশ্বৰৰ আৰাধনা কৰা, তেনে কৰিবলৈ মানুহে 'প্ৰাৰ্থনা', 'আত্মজ্ঞানৰ সন্ধান' আৰু 'মানৱ সেৱা' কৰিব লাগিব।

বাহাউল্লাহে এই ধৰ্ম ১৯ শতিকাৰ পাৰ্ছিয়াত প্ৰবৰ্তন কৰিছিল। সেই বাবেই তেওঁক পাৰ্ছিয়াৰ পৰা নিৰ্বাসিত কৰি অট্ট'মান সাম্ৰাজ্যলৈ খেদি দিয়া হয়, য'ত তেওঁৰ 'দোষী' ৰূপেই মৃত্যু হ'ল। বাহাউল্লাহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ আব্দুল-বাহাৰ দ্বাৰা এই ধৰ্মই পাৰ্ছিয়া আৰু অট্ট'মান সাম্ৰাজ্য পাৰ কৰি ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ পালেগৈ। বাহাই ধৰ্মই ইৰানতো স্থান পালে, য'ত পিছ বাহাইসকলে প্ৰতিকূল পৰিস্থিতি সহ্য কৰিব লগা হ'ল। ৪ আব্দুল বাহাৰ মৃত্যুৰ পিছত বাহাই ধৰ্মৰ নেতৃত্ব নিৰ্বাচিত তথা চয়নিত মণ্ডলীৰ হাতলৈ গ'ল। ৫ পৃথিৱীৰ ২০০তকৈও অধিক দেশত বৰ্তমান প্ৰায় ৫০ লাখ বাহাই ধৰ্মাৱলম্বী লোক আছে। ৬৭

বাহাই বিশ্বাস অনুসৰি ধৰ্মৰ ইতিহাসত কেইবাজনো ঐশ্বৰিক গুৰু আহিছে, যিসকলে স্থান আৰু মানুহৰ ক্ষমতা অনুসৰি ন-ন ধৰ্ম স্থাপন কৰিছে। বাহাই ঐশ্বৰিক গুৰুসকলৰ ভিতৰত আব্ৰাহমীয় ধৰ্মসমূহৰ মচেচ, যীচু, মহম্মদ, ধাৰ্মিক ধৰ্মসমূহৰ কৃষ্ণ, গৌতম বুদ্ধ আদিক গণ্য কৰা হয়। বাহাই ধৰ্মৰ শেহতীয়া ঐশ্বৰিক গুৰু বাব আৰু বাহাউল্লাহ। বিশ্বাস অনুযায়ী, প্ৰতিজন গুৰুৱে ঈশ্বৰৰ এক নিৰ্দেশক বিয়পালে, আৰু বাহাউল্লাহৰ জীৱন আৰু কৰ্ময়ো পূৰ্বৰ গুৰুসকলৰ শেষৰ আশ্বাসসমূহ ৰক্ষা কৰে। মানৱতা এটি ঐক্যবদ্ধ সৃষ্টি আৰু সকলোৰে উদ্দেশ্য সমগ্ৰ বিশ্বতে শান্তি, ন্যায় আৰু ঐক্য স্থাপন কৰা হোৱা উচিত। ৮

নামকৰণ

বাহাই শব্দটো প্ৰকৃততে এটি বিশেষণ, বিশেষ্য নহয়। ই বাহাই ধৰ্মৰ কোনো এজন ধৰ্মাৱলম্বীক বুজায়, আৰু ধৰ্মটোক নুবুজায়। এই শব্দ আৰবী শব্দ বাহা (بهاء)ৰ পৰা অহা, যাৰ অৰ্থ "মহিমা" বা "বৈভৱ"।৯ ইংৰাজীত "বাহাইজম" (ইংৰাজী ভাষাত: Bahaism বা Baha'ism) শব্দৰ প্ৰচলন এতিয়াও দেখা যায়, পিছে অপমানজনক সূচাবলৈহে। ১০১১

বিশ্বাস

বাহাই ধৰ্মৰ তিনিটা মূল নীতি আছে-- ঈশ্বৰৰ ঐক্য, ধৰ্মৰ ঐক্য আৰু মানুহৰ ঐক্য। ১২ এই তিনি নীতিৰ পৰাই এই বিশ্বাসৰ উদ্ভৱ হ'ল যে ঈশ্বৰে সময়ে সময়ে ঐশ্বৰিক বাৰ্তাবাহক পঠিয়াই যাৰ উদ্দেশ্য মানৱৰ চৰিত্ৰ সলনি কৰা আৰু 'যিসকলে শুনে', তেওঁলোকৰ নৈতিক আৰু আধ্যত্মিক উন্নতি সাধন কৰা। ধৰ্ম সেয়েহে ক্ৰমাগত, ঐক্যবদ্ধ আৰু কাল অনুসৰি উন্নত। ১৩

ঈশ্বৰ

অষ্ট্ৰেলিয়াৰ এটা বাহাই মন্দিৰ
অষ্ট্ৰেলিয়াৰ এটা বাহাই মন্দিৰছবি: CC BY-SA 3.0

বাহাই ধৰ্মই এজন, ব্যক্তিগত, নিষ্প্ৰাপ্য, সৰ্বজ্ঞ, সৰ্বত্ৰে বিৰাজমান, অক্ষয় আৰু সৰ্ব-শক্তিমান ঈশ্বৰত বিশ্বাস কৰে, যি ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰেই স্ৰষ্টা। ১৪ ঈশ্বৰ আৰু ব্ৰহ্মাণ্ড সনাতন-- যাৰ কোনো আৰম্ভণি বা শেষ নাই। ১৫ যদিও প্ৰত্যক্ষভাৱে নিষ্প্ৰাপ্য, ঈশ্বৰ সৃষ্টিৰ বিষয়ে সাৱধান, আৰু সময়ে সময়ে নিজৰ ইচ্ছা বাৰ্তাবাহকৰ দ্বাৰা মানুহক জনায়। ১৬১৭

বাহাই ধৰ্মৰ মতে ঈশ্বৰৰ ইমানেই মহান যে মানুহে কেতিয়াও ঈশ্বৰক সম্পূৰ্ণকৈ বুজিব নোৱাৰে, বা নিজেই ঈশ্বৰৰ প্ৰকৃত ছবি নিৰ্মাণ কৰিব নোৱাৰে। সেয়ে, ঈশ্বৰে ইচ্ছা কৰি যি জানিবলৈ দিছে, সেয়াহে জানিব পৰা যায়। ১৮১৯ এই ধৰ্মত ঈশ্বৰক প্ৰায়েই 'সৰ্ব-শক্তিমান' বা 'সকলোকে প্ৰেম কৰাজন' আদিৰে সম্বোধিত কৰা হয়। একেশ্বৰবাদতো বিশেষ গুৰুত্ব দিয়া হয়। খণ্ডনীয় নহ'লেও 'ত্ৰিমূৰ্তি'ৰ বিশ্বাসক বুজা-বুজি কৰিব পৰা বুলিহে ধৰা হয়। বাহাই ধৰ্মত সেই এজন ঈশ্বৰৰ সমকক্ষ কোনো নহয়। ২০ বাহাই শিক্ষাই কয় যে ঈশ্বৰৰ বৰ্ণিত গুণসমূহে ঐশ্বৰিকতাক মানৱীয় বস্তুৰ সৈতে তুলনাহে কৰে, সেইবোৰক ঈশ্বৰৰ পূজাত ব্যৱহাৰ কৰি মানুহে ঈশ্বৰৰ জৰিয়তে নিজৰ ইচ্ছিত গুণাগুণ উপলব্ধি কৰিব পাৰে। ২১২২ বাহাই ধৰ্মৰ শিক্ষাৰ মতে মানুহৰ উদ্দেশ্য প্ৰাৰ্থনা, মানৱ সেৱা, আত্মজ্ঞান সন্ধান আদিৰে ঈশ্বৰৰ বিষয়ে জনা আৰু ঈশ্বৰক প্ৰেম কৰা। ২৩

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি বাহাই পূজাঘৰত বিভিন্ন ধৰ্মৰ প্ৰতীক চিহ্ন
আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি বাহাই পূজাঘৰত বিভিন্ন ধৰ্মৰ প্ৰতীক চিহ্নছবি: myself · CC BY-SA 3.0

ধৰ্ম

বাহাই ধৰ্মৰ 'ক্ৰমাগত উজাগৰ'ৰ বিশ্বাসে বাহাই ধৰ্মত বিশ্বৰ বিভিন্ন ধৰ্মক স্বীকৃতি দিছে, যাৰ প্ৰবৰ্তক বা মুখ্য চৰিত্ৰ বাহাই ধৰ্মত ঈশ্বৰৰ বাৰ্তাবাহক ৰূপে স্বীকৃত। এই বিশ্বাসৰ মতে, প্ৰতিটো উজাগৰে পূৰ্বৰ উজাৰতকৈ এটি বহল দৃষ্টিভংগী দিয়ে। পিচে বিশ্বাসযোগ্যতা কম বা অধিকো হ'ব পাৰে-- কিন্তু প্ৰতিটোতে এটা সত্য লুকাই থাকে,২৪ যি উজাগৰৰ স্থান আৰু সময় অনুযায়ী উপযুক্ত। ২৫ বিশেষ ধৰ্মীয় নিয়ম, যেনে পূজা কৰাৰ দিশ, খাদ্যাভ্যাস আদি পিচলৈ সময় অনুযায়ী বেলেগো হ'ব পাৰে। পিচে, আন কিছু নিয়ম যেনে দয়া, কাষৰীয়াক সহায় কৰা আদি সদায় উপযুক্ত আৰু সলনি কৰিব নোৱাৰি। এই ক্ৰমাগত উজাগৰৰ প্ৰক্ৰিয়া কেতিয়াও শেষ নহয়, পিচে, ই চক্ৰৰ দৰে। বাহাইসকলে বাহাউল্লাহৰ উজাগৰৰ পিছত ১০০০ বছৰৰ ভিতৰত আন কোনো উজাগৰ হ'ব বুলি বিশ্বাস নকৰে। ২৬

বাহাই বিশ্বাসসমূহ কেতিয়াবা পূৰ্বৰ ধৰ্মীয় বিশ্বাসসমূহৰ সংমিশ্ৰণ বুলি কোৱা হয়। ২৭ পিচে বাহাই ধৰ্মাৱলম্বীসকলে কয় যে তেওঁলোকৰ ধৰ্ম আন ধৰ্মৰ পৰা পৃথক আৰু তেওঁলোকৰ পৃথক শাস্ত্ৰ, শিক্ষা, নিয়ম আৰু ইতিহাস আছে। ২৮২৯ যদিও আগতে বাহাই ধৰ্মক ইছলাম ধৰ্মৰে এটি অংগ বুলি কোৱা হৈছিল, বৰ্তমানৰ বিশেষজ্ঞসকলে বাহাই ধৰ্মক এটি স্বাধীন ধৰ্ম হিচাপে গ্ৰহণ কৰে যাৰ উৎস শ্বিয়া ইছলাম, যিদৰে খ্ৰীষ্টান ধৰ্মৰ উৎস জিউ ধৰ্ম। ৩০ ছুন্নি আৰু শ্বিয়া, দুয়ো ফৈদৰ মুছলমান প্ৰশাসনেই বাহাইসকলক ধাৰ্মিক পক্ষত্যাগী বা নিজা ধৰ্মত্যাগী বুলি গণ্য কৰে, আৰু সেইবাবেই কোনো কোনো ঠাইত বাহাইসকলে নিৰ্যাতন ভোগ কৰিব লগীয়া হৈছে। ৩১৩২ বাহাইসকলে নিজৰ ধৰ্মক নিজৰ সময়ৰ আন কোনো ধৰ্মতকৈ পৃথক আখ্যা দিয়ে, আৰু বাহাউল্লাহৰ বাণীৰ বৰ্তমান যুগৰ সৈতে খাপ খোৱা দৰ্শাই। ৩৩ বাহাউল্লাহে পূৰ্বৰ বাৰ্তাবাহকসকলৰ প্ৰত্যাশা পূৰণ কৰা বুলি কোৱা হয়।

মানুহ

বাহাই ৰিংষ্ট'ন চিহ্ন
বাহাই ৰিংষ্ট'ন চিহ্নছবি: Unknown author · Public domain

বাহাই ধৰ্মৰ মতে মানুহৰ তৰ্ক কৰিব পৰা আত্মা আছে, যিয়ে মানুহক আন জীৱৰ পৰা পৃথক কৰে আৰু মানুহে ঈশ্বৰ তথা নিজৰ আৰু ঈশ্বৰৰ মাজৰ সম্পৰ্কটো বুজিব পাৰে। প্ৰতিজন মানুহৰে এইটো এটি কৰ্তব্য যে তেওঁ তেওঁৰ বাৰ্তাবাহকৰ দ্বাৰা ঈশ্বসসক চিনি পায় আৰু তেওঁৰ আদেশ মানে। ৩৪ চিনাক্তকৰণ আৰু বাধ্যতা, মানৱ সেৱা, দৈনিক প্ৰাৰ্থনা আৰু আধ্যাত্মিক কৰ্মৰে মানুহৰ আত্মা ঈশ্বৰৰ অধিক ওচৰলৈ যায়, যি বাহাই ধৰ্মৰ আদৰ্শ। মানুহৰ মৃত্যুৰ পিছত আত্মা অন্য জগতলৈ যায়, য'ত তেওঁক শাৰীৰিক পৃথিৱীৰ আধ্যাত্মিক উন্নতিৰ আধাৰত বিচাৰ কৰা হয় আৰু আধ্যাত্মিকভাৱে আগবঢ়োৱা হয়। স্বৰ্গ আৰু নৰক কোনো শাৰীৰিক পুৰস্কাৰ বা দণ্ডৰ ঠাই নহয়, ই মানৱ আত্মাৰ ঈশ্বৰৰ পৰা দূৰত্বকহে সূচাই। ৩৫

বাহাই ধৰ্মীয় গ্ৰন্থসমূহে মানুহৰ সমতা আৰু ভেদভাৱ দূৰ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। মানৱীয়তা 'এক' ৰূপে চোৱা হয়, যদিও অতিকৈ বিচিত্ৰতাপূৰ্ণ। মানুহৰ জাতিগত আৰু সাংস্কৃতিক ভেদক প্ৰশংসনীয় বোলা হয়। বৰ্ণবাদ, ৰাষ্ট্ৰীয়তাবাদ, জাতি, সামাজিক শ্ৰেণী আৰু লিংগভিত্তিক পৃথক্কৰণ মানৱীয় ঐক্যৰ ক্ষেত্ৰত কৃত্ৰিম বাধা। ৩৬ বাহাই শিক্ষাৰ মতে মানৱীয় একীকৰণ বৰ্তমানৰ ধাৰ্মিক আৰু ৰাজনৈতিক জগতৰ প্ৰধানতম বিষয়। ৩৭

বাহাই শিক্ষা

সংক্ষিপ্ত

তলত ১৯২১ৰ পৰা ১৯৫৭ চনলৈ নিৰ্বাচিত বাহাই নেতা শ্বঘি এফেণ্ডিয়ে লিখা সংক্ষিপ্ত বিৱৰণি দিয়া হ'ল, যি তেওঁৰ মতে বাহাউল্লাহৰ বাণীৰ বিশেষত্ব দৰ্শাই, আৰু কিতাব-ই-আকদাছৰ সৈতে বাহাই ধৰ্মৰ মূল:

সত্যৰ স্বতন্ত্ৰ সন্ধান, কুসংস্কাৰ বা পৰম্পৰাৰ পৰা মুক্ত; সমগ্ৰ মানৱ জাতিৰ ঐক্য, বিশ্বাসৰ নিৰ্ণায়ক আৰু মৌলিক সিদ্ধান্ত; সকলো ধৰ্মৰ প্ৰাথমিক ঐক্য; সকলো ভেদভাৱৰ নিন্দা, ধাৰ্মিক, বৰ্ণগত, শ্ৰেণীগত বা ৰাষ্ট্ৰীয়ই হওক; ধৰ্ম আৰু বিজ্ঞানৰ মাজত থাকিব লগীয়া সামঞ্জস্য; পুৰুষ আৰু মহিলাৰ সমতা, যি দুই পাখীৰ সহায়ত মানৱ জাতি বাঢ়ি আছে; বাধ্যতামূলক শিক্ষাৰ পৰিচয়; ব্ৰহ্মাণ্ডীয় সহায়ক ভাষাৰ ব্যৱহাৰ; ধন আৰু দাৰিদ্ৰ্যৰ অতি দূৰ কৰা; সেৱা ভাৱেৰে কৰা কৰ্মৰ পূজা-অৰ্চনাসম উচ্চপদ; ন্যায়ক মানৱ সমাজৰ ৰাজনীতি হিচাপে গৰিমান্বিত কৰা, ধৰ্মক সকলো মানুহ আৰু দেশৰ সুৰক্ষাৰ উপায় কৰা; স্থায়ী বিশ্ব শান্তিৰ স্থাপনাক সৰ্বোচ্চ লক্ষ্য জ্ঞান কৰা--এয়া [বাহাউল্লাহে কোৱা] দৰকাৰী তত্ত্ব। ৩৮

সামাজিক নীতি

তলত উল্লিখিত নীতিসমূহ প্ৰায় বাহাই শিক্ষাৰ সংক্ষেপ বোলা হয়। এই তালিকাখন আব্দুল বাহাৰ ১৯১২ৰ ইউৰোপ আৰু আমেৰিকা ভ্ৰমণৰ বক্তৃতাৰ পৰা লোৱা হৈছে। ৩৯৪০ তালিকাখন প্ৰশাসনিক নহয়, এনেধৰণৰ কেইবাখনো তালিকাৰ প্ৰচলন আছে। ৪১৪২

  • ঈশ্বৰৰ ঐক্য
  • ধৰ্মৰ ঐক্য
  • মানুহৰ ঐক্য
  • বৈচিত্ৰ্যৰ মাজত ঐক্য
  • পুৰুষ আৰু মহিলাৰ সমতা
  • সকলো প্ৰকাৰৰ ভেদভাৱ বৰ্জন কৰা
  • বিশ্ব শান্তি আৰু নতুন বৈশ্বিক ক্ৰম
  • ধৰ্ম আৰু বিজ্ঞানৰ সামঞ্জস্য
  • সত্যৰ স্বতন্ত্ৰ সন্ধান
  • সদা-বিকাশশীল সভ্যতাৰ নীতি
  • ব্ৰহ্মাণ্ডীয় বাধ্যতামূলক শিক্ষা
  • ব্ৰহ্মাণ্ডীয় সহায়ক ভাষা৪৩
  • চৰকাৰৰ বাধ্য হোৱা, আইনে বিশ্বাসক আঘাত নকৰালৈকে পৃথক্কৰণৰ ৰাজনীতি নকৰা
  • ৪৪
  • ধন আৰু দাৰিদ্ৰ্যৰ অতি বৰ্জন কৰা

বিশ্ব শান্তিৰ ধাৰণাক বিশেষ গুৰুত্ব দি বাহাউল্লাহে উমৈহতীয়া সুৰক্ষাৰ ব্যৱস্থাৰ কথা কৈছিল যি স্থায়ী শান্তিৰ বাবে প্ৰয়োজনীয়। ৪৫

ৰহস্যময়ী শিক্ষা

যদিও বাহাই শিক্ষাই সামাজিক আৰু নৈতিক ক্ষেত্ৰতহে অধিক গুৰুত্ব দিয়ে, কিছুসংখ্যক মৌলিক লেখক ৰহস্যময়ী আখ্যা দিয়া হয়। ৪৬ "সাত উপত্যকা"ক বাহাউল্লাহৰ "বৃহত্তম ৰহস্যময়ী ৰচনা" বোলা হয়। এই ৰচনা এজন চুফীবাদৰ বিশ্বাসীলৈ লিখা হৈছিল, আটাৰ নেইচাপুৰীৰ ধৰণত, যি এজন ফাৰ্চী মুছলমান লেখক। এই লেখাত আত্মাৰ ঈশ্বৰৰ ওচৰলৈ যোৱা পথৰ বিভিন্ন স্তৰৰ কথা কোৱা হয়। এই লেখা প্ৰথম ১৯০৬ চনত ইংৰাজীলৈ অনুবাদ কৰা হৈছিল। এই গ্ৰন্থ পশ্চিমীয়া জগতত উপলব্ধ বাহাউল্লাহৰ প্ৰথম লেখসমূহৰ মাজত এখন আছিল। "গুপ্ত শব্দসমূহো" তেনে এখন গ্ৰন্থ, য'ত ১৫৩টা সৰু অংশ আছে। বাহাউল্লাহে বিভিন্ন আধ্যাত্মিক সত্যৰ সাৰাংশ তাত লিখাৰ কথা দাবী কৰে। ৪৭

চুক্তি

বাহাই শিক্ষাই "বৃহত্তৰ চুক্তি"ৰ, যি ব্ৰহ্মাণ্ডীয় আৰু অশেষ, আৰু "ক্ষুদ্ৰতৰ চুক্তি"ৰ, যি প্ৰতিটো ধৰ্মৰ বাবে বেলেগ, কথা কয়। ক্ষুদ্ৰতৰ চুক্তি ঈশ্বৰৰ বাৰ্তাবাহক আৰু বিশ্ববাসীসকলৰ মাজৰ, ই সামাজিক নীতি, ধাৰ্মিক প্ৰশাসন আদি সামৰে। বাহাইসকলে বাহাউল্লাহৰ উজাগৰক তেওঁলোকৰ ক্ষুদ্ৰতৰ চুক্তি বুলি বিশ্বাস কৰে। ৪৮ বৃহত্তৰ চুক্তি ঈশ্বৰ আৰু ঈশ্বৰ আৰু মানুহৰ মাজৰ চুক্তি। ঈশ্বৰৰ বাৰ্তাবাহক প্ৰায় প্ৰতি ১০০০ বছৰৰ পিছত পৃথিৱীলৈ আহে, সংকটৰ সময়ত।

ঐক্য বাহাই ধৰ্মৰ গুৰুত্বপূৰ্ণ অংগ, সেয়েহে বাহাইসকলে এটি প্ৰশাসনক মানে, যি তেওঁলোকৰ মতে ঐশ্বৰিকভাৱে প্ৰাপ্ত, বিভাজন কৰা ঐক্যক বাধিত কৰাৰ অপচেষ্টা বুলি বিশ্বাস কৰা হয়, যি বাহাউল্লাহৰ শিক্ষাৰ বিপৰীত। বাহাই প্ৰশাসনৰ উত্তৰাধিকাৰীক লৈ বিবাদৰ সৃষ্টি হৈছিল, কিন্তু কোনো বিভাগেই বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম নহ'ল। ৪৯ তেনে বিভাগৰ বাশ্বাসীক "চুক্তি ভংগকাৰী" আখ্যা দিয়া হয় আৰু তেওঁলোকৰ সৈতে যিকোনো প্ৰকাৰৰ যোগাযোগ বন্ধ কৰি দিয়া হয়। ৫০৫১

ধৰ্মবৈধানিক লেখ

বাব, বাহাউল্লাহ, আব্দুল বাহা, শ্বগি এফেণ্ডি আৰু ব্ৰহ্মাণ্ডীয় ন্যায় ঘৰৰ লেখাসমূহ, আৰু আব্দুল বাহাৰ বক্তৃতাসমূহক একেলগে ধৰ্মবৈধানিক লেখ বোলা হয়। বাব আৰু বাহাউল্লাহৰ লেখাসমূহক ঐশ্বৰিক বাৰ্তা বুলি বিশ্বাস কৰা হয়, আব্দুল বাহা আৰু শ্বঘি এফেণ্ডিৰ ক্ৰমে বক্তৃতা আৰু লেখাসমূহক আধিকাৰিক ব্যাখ্যা আৰু ব্ৰহ্মাণ্ডীয় ন্যায় ঘৰৰ লেখাসমূহক প্ৰশাসনিক বিধান আৰু ব্যাখ্যা বোলা হয়। সকলো লেখাতেই অলপ হ'লেও ঐশ্বৰিক তত্ত্ব থকাৰ কথা কোৱা হয়। ৫২ বাহাউল্লাহৰ কিছু গুৰুত্বপূৰ্ণ লেখ হ'ল কিতাব-ই-আকদাছ (আতাইতকৈ ঐশ্বৰিক গ্ৰন্থ), যি নিয়মৰ কিতাপ,৫৩ কিতাব-ইকান, যি বাহাই বিশ্বাসৰ মান্য গ্ৰন্থ, জেম্ছ অৱ দিভাইন মিষ্ট্ৰি, চেভেন ভেলিজ, ফ'ৰ ভেলিজ আদি।

সাধাৰণ তথ্য

ৰ লটাছ মন্দিৰ]]

এটি বাহাই উৎসৰ মতে ১৯৮৬ চনত বাহাই ধৰ্মাৱলম্বীৰ সংখ্যা পৃথিৱীত ৪.৭৪ মিলিয়ন, যি ৪.৪ %ৰ হাৰত বৃদ্ধি পাইছে। ৫৪ ১৯৯১ৰ পিছৰ বাহাই উৎসসমূহে সাধাৰণতে বাহাইসকলৰ সংখ্যা ৫ মিলিয়নতকৈ অধিক বুলি গণ্য কৰে। ৫৫ ৱৰ্ল্ড খ্ৰিষ্টিয়ান এন্সাইক্ল'পিডিয়া"ৰ মতে ২০০০ চনত প্ৰায় ৭.১ মিলিয়ন বাহাই ২১৮ দেশত বিয়পি আছিল,৫৬ আৰু ২০১০ চনত ৭.৩ মিলিয়ন। ৫৭ তেওঁলোক আৰু ক'লে যে: "বাহাই ধৰ্মই একমাত্ৰ এটি ধৰ্ম যাৰ বিশ্বাসীৰ সংখ্যাৰ বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিটো প্ৰান্ততে মুঠ জনসংখ্যাৰ বৃদ্ধিৰ হাৰতকৈ অধিক; অৰ্থাৎ ১৯২০ৰ পৰা ২০১০ৰ ভিতৰত বাহাই ধৰ্ম পৃথিৱীৰ আতাইতকৈ দ্ৰুত গতিত বৃদ্ধি পোৱা ধৰ্ম। "৫৮ এই উৎসৰ একমাত্ৰ সমস্যাটো হ'ল যে এই উৎসই আনতকৈ খ্ৰীষ্টিয় ধৰ্মীয়সকলৰ জনসংখ্যাৰ ওপৰত গুৰুত্ব দিয়ে। ৫৯

পাৰ্চিয়া আৰু অট্টমান সাম্ৰাজ্যত আৰম্ভ হোৱাৰ পিছৰে পৰাই দক্ষিণ এচিয়া, দক্ষিণ পূব এচিয়া, ইউৰোপ, উত্তৰ আমেৰিকা আদিত অনেকে এই ধৰ্ম গ্ৰহণ কৰিছে। ১৯৫০ আৰু ১৯৬০ৰ দশকৰ ভ্ৰমণ আৰু শিক্ষাদানে এই ধৰ্মক বিশ্বৰ প্ৰতিখন দেশ পোৱালেগৈ। ২১ শতিকাৰ আৰম্ভণিৰে পৰা এই ধৰ্ম গ্ৰহণ কৰা মানুহৰ সংখ্যা অতিকৈ বৃদ্ধি পাইছে। বাহাই ধৰ্ম বৰ্তমান ইৰান, পানামা আৰু বেলাইজৰ সৰ্ববৃহৎ ধৰ্মীয় সংখ্যালঘু গোষ্ঠী। ৬০৬১৬২ বলিভিয়া, জাম্বিয়া আৰু পাপুৱা নিউ গুয়ানাৰ ২য় সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় ধৰ্ম। ৬৩৬৪৬৫ ই কেনিয়া, চাদ আদিতো জনপ্ৰিয়।

ৱৰ্ল্ড আল্মানাক এণ্ড বুক অৱ ফেক্টছ, ২০০৪ৰ মতে প্ৰায়সকল বাহাই এছিয়াত থাকে (৩.৬ মিলিয়ন), আফ্ৰিকাত ১.৮ মিলিয়ন, লেটিন আমেৰিকাত ৯ লাখ বাহাই থাকে। প্ৰায়সকল বাহাই ভাৰতত থাকে (২২ লাখ), তাৰ পিছত ইৰাণ (৩.৫ লাখ), আমেৰিকা যুক্তৰাষ্ট্ৰ (১.৫ লাখ)। বৰ্তমানে কোনো দেশতে বাহাইসকল সংখ্যাগৰিষ্ঠ নহয়। ৬৬ }}

"ব্ৰিটেনিকা বুক অৱ দা ইয়েৰ"ৰ মতে বাহাই ধৰ্ম বিশ্বৰ আতাইতকৈ বিস্তৃত ধৰ্ম, বিশ্বাসীসকলে বাস কৰা দেশৰ সংখ্যা অনুসৰি। ব্ৰিটেনিকাৰ মতে ২০০২ চনত ২৪৭খন দেশৰ ২১০০তকৈও অধিক ভিন ভিন সংস্কৃতিৰ লোকে বাহাই ধৰ্মত বিশ্বাস কৰিছিলে। বাহাই গ্ৰন্থসমূহ পৃথিৱীৰ প্ৰায় ৮০০ ভাষাত অনুবাদ কৰা হয়। ৬৭

২০০৭ চনত ফৰে'ন পলিচি আলোচনীৰ এক সমীক্ষামতে বাহাই ধৰ্ম পৃথিৱীৰ আতাইতকৈ খৰকৈ বৃদ্ধি পোৱা ধৰ্ম (১.৭%)।

বাহাইসকলৰ নিপীড়ন

য়াজ্ডত চৰকাৰে অপবিত্ৰ কৰা এটা বাহাই শ্মশান
য়াজ্ডত চৰকাৰে অপবিত্ৰ কৰা এটা বাহাই শ্মশানছবি: Taeedxy · Public domain

বিভিন্ন ইছলামিক দেশত এতিয়াও বাহাইসকলে নিপীড়ন ভোগ কৰিবলগীয়া হয়, কাৰণ ইছলামিক নেতাসকলে বাহাই ধৰ্মক এটি স্বতন্ত্ৰ ধৰ্ম জ্ঞান নকৰে আৰু কেৱল ইছলাম বিৰোধী এক ফৈদ বুলি ভাবে। আতাইতকৈ নিকৃষ্ট উদাহৰণ ইৰানৰ, য'ত ১৯৭৮ৰ পৰা ১৯৯৮ৰ ভিতৰত ২০০জন বাহাইক মৃত্যুদণ্ড বিহা হৈছিল আৰু ইজিপ্তৰ। ৬৮ বাহাইসকলৰ অধিকাৰ কম বেছি পৰিমাণে বিভিন্ন দেশত খৰ্ব কৰা হৈছে, যেনে আফগানিস্তানত,৬৯ ইণ্ডোনেছিয়াত,৭০ ইৰাকত,৭১ মৰক্কোত৭২৭৩ আৰু আফ্ৰিকাৰ কিছু অংশত। ৭৪

ইৰান

ইৰানৰ বৰ্তমানৰ চৰকাৰসমূহে বাহাইসকলৰ লগত কৰা ব্যৱহাৰৰ লগত ইতিহাসত মুছলমান নেতাসকলে ধাৰ্মিক সংখ্যালঘুক উৎপীড়ন দিয়াৰ চেষ্টা জড়িত। যেতিয়া বাবে বৃহৎ সংখ্যক বিশ্বাসী গোটাবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ নেতাসকলে ভাবিলে বাবৰ বিশ্বাসীসকলক ঈশ্বৰৰ শত্ৰু ঘোষণা কৰি তেওঁলোকে ধৰ্মটো প্ৰসাৰিত হোৱাৰ পৰা ৰখাব পাৰিব। ইয়াৰ ফল স্বৰূপে ভিৰৰ দ্বাৰা আক্ৰমণ আৰু ৰাজহুৱা দণ্ড আদি দেখা গ'ল। ৭৫ ২০ শতিকাত বাহাইসকলক ব্যক্তিগত আক্ৰমণ কৰাৰ লগতে সমগ্ৰ বাহাই গোষ্ঠীক আক্ৰমণ কৰা সংগঠনো গঠিত হ'ল। ৭৬ এবাৰ য়াজ্ডত শতাধিক বাহাইৰ হত্যা কৰা হ'ল। ৭৭ তেহৰানত তাৰবিয়াত বইজ এণ্ড গাৰ্লছ স্কুলৰ দৰে বিভিন্ন বাহাই শিক্ষানুষ্ঠান ১৯৩০ আৰু ৪০ৰ দশকত বন্ধ কৰি দিয়া হ'ল। বাহাই বিবাহকো স্বীকৃতি দিয়া বন্ধ কৰি দিয়া হ'ল। বাহাই লেখাসমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছিল। ৭৮৭৯

মহম্মদ ৰেজা পাহ্লাভিৰ ৰাজত্ব কালত অৰ্থনীতিৰ পতন আৰু ৰাষ্ট্ৰীয়তাবাদী আন্দোলনৰ পৰা সকলোৰে ধ্যান আতৰাবলৈ বাহাইসকলক উৎপীড়ন কৰাৰ এক প্ৰকল্প আৰম্ভ কৰা হ'ল।৮০ ১৯৫৫ চনত এটি সিদ্ধ আৰু সমন্বিত বাহাই বিৰোধী প্ৰকল্প আৰম্ভ কৰা হ'ল, যাৰ প্ৰভাৱত ৰাষ্ট্ৰীয় অনাতাৰ কেন্দ্ৰ আৰু চৰকাৰী বাতৰি কাকতসমূহৰ বাহাই ধৰ্ম বিৰোধী পৰিভেশৰ সৃষ্টি কৰা হৈছিল। ৮১ ১৯৭০ৰ দশকত শ্বাহৰ ৰাজত্বৰ ওৰ পৰিল, বিশেষকৈ পশ্চিমীয়া আদৰ্শ প্ৰচাৰ কৰাৰ বাবে। শ্বাহৰ বিৰুদ্ধে হোৱা আন্দোলনৰ এটা মুখ্য বিষয় আছিল যে শ্বাহৰ কিছু সংখ্যক পৰামৰ্শদাতা আছিল 'বাহাই'। ৮২ বাহাইসকলক অৰ্থনৈতিক সংকটৰ চিন, ইজৰাইল আৰু পাশ্চাত্যৰ সমৰ্থকৰ ৰূপত চোৱা হৈছিল, সেয়েহে বাহাইসকলৰ বিৰুদ্ধে অধিক লোক আগ বাঢ়ি আহিল। ৮৩৮৪

১৯৭৯ চনৰ ইৰানীয় বিপ্লৱৰ পিছৰে পৰা ইৰানত নিতৌ বাহাইসকলৰ ঘৰত আক্ৰমণ হ'বলৈ ল'লে, আৰু তেওঁলোকে চৰকাৰী চাকৰি কৰা আদিত বাধাৰ সৃষ্টি হ'ল। শেহতীয়াকৈ বাহাই ষ্টাডি চাৰ্কালত যোগদান কৰাৰ বাবে অনেকে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। ৮৫ বাহাই শ্মশান আদি অপবিত্ৰ কৰা হয়, সম্পত্তি কাঢ়ি লোৱা হয়, আৰু কেতিয়াবা ধ্বংসও কৰা হয়, যাৰ ভিতৰত বাহাউল্লাহৰ পিতৃ মিৰ্জা বুজুৰ্গৰ ঘৰো আছে। ৮৬ শ্বিৰাজৰ বাবৰ ঘৰ ২বাৰকৈ ভঙা হৈছিল। ৮৭৮৮৮৯

য়ু এছ পেনেলৰ মতে, মহমুদ আহমদিনেজাদৰ ৰাষ্ট্ৰপতিত্বৰ কালত বাহাইসকলৰ ওপৰত আক্ৰমণ বৃদ্ধি পালে। ৯০৯১ য়ুনাইটেড নেচন্স কমিচন অন হিউমেন ৰাইৎছে ২০০৫ চনৰ ইৰানৰ সশস্ত্ৰ বাহিনীৰ কামাণ্ড হেডকুৱাৰ্টাৰ্ছৰ পৰা অহা এখন গোপন চিঠি প্ৰকাশ কৰিলে যিয়ে সদস্যসকলক বাহাইসকলক চিনাক্ত কৰি তীব্ৰ নজৰ ৰখাৰ আদেশ দিয়া আছিল। এই চিঠিৰ ওপৰত ভিত্তি কৰি য়ুনাইটেড নেচন্স কমিচন অন হিউমেন ৰাইৎছৰ স্পেচিয়েল ৰাপৰ্টিয়ুৰে ক'লে যে "এনে ধৰণে নজৰ ৰখাৰ পৰা সংগ্ৰহিত তথ্য বাহাইসকলৰ উৎপীড়ন আৰু বাহাইসকলৰ বিৰুদ্ধে হোৱা পক্ষপাতিত্বক বৃদ্ধি কৰিবলৈ ব্যৱহাৰ হওৱাৰ সম্ভাৱনা আছে, আন্তঃৰাষ্ট্ৰীয় মানক আধাৰ কৰি"। স্পেচিয়েল ৰিপৰ্টিয়ুৰৰ মতে ইৰানত ধৰ্মীয় সংখ্যালঘুসকলৰ অৱস্থা অৱনমিত হৈছে। ৯২

১৪ মে', ২০০৮ চনত বাহাইসকলৰ প্ৰতি সহানুভূতিশীল অনানুষ্ঠানিক সংগঠন "ফ্ৰেণ্ডছ"ৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰি এভিন প্ৰিজনলৈ লৈ যোৱা হ'ল। ৯৩৯৪ ফ্ৰেণ্ডছৰ কোৰ্টৰ কেছ কেইববাৰো বাতিল কৰা হৈছিল, পিচে অন্তত ১২ জানুৱাৰী ২০১০ত ব্যৱস্থা লোৱা হ'ল। ৯৫ অন্য লোকক ন্যায়ালয়ত প্ৰবেশ কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাছিল। ২ বছৰে অত্যন্ত কষ্টৰে আচামীৰ লগত যোগাযোগ কৰা দিফেঞ্চ লয়াৰসকলেও অত্যন্ত কষ্টৰ পিছতহে কোৰ্টত প্ৰবেশৰ অনুমতি লাভ কৰিলে। য়ু এছ কমিচন অন ইণ্টাৰ্নেচনেল ৰিলিজিয়াছ ফ্ৰিদমে ক'লে যে এনে লাগিছিল যেন চৰকাৰে ফলাফল পূৰ্বেই নিৰ্ধাৰিত কৰি থৈছিল, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন ভংগ কৰি। পিছলৈ ৭ ফেব্ৰুৱাৰি, ১২ এপ্ৰিল আৰু ১২ জুনত৯৬৯৭৯৮ কোৰ্ট বহি ১১ আগষ্ট ২০১০ত আতাইকেইটা আচামীক ২০ বছৰৰ কাৰাদণ্ড বিহিলে৯৯ যাক পিছলৈ ১০ বছৰলৈকে কমোৱা হ'ল। ১০০

ইজিপ্ত

১৯৬০ৰ পৰা ইজিপ্তত বাহাই সংগঠন আৰু সামাজিক কৰ্ম নিষিদ্ধ। সকলো বাহাই সামাজিক সম্পত্তি, যেনে বাহাই কেন্দ্ৰ, শ্মশান, গ্ৰন্থাগাৰ আদি আৰু বাহাইসকলক ধৰ্ম বিৰোধী বুলি ফাটৱা বাহিৰ কৰা হয়। ১০১

১৯৯০ত ইজিপ্তৰ "আইডেণ্টিফিকেচন কাৰ্ড কণ্ট্ৰভাৰ্চি" আৰম্ভ হ'ল, যেতিয়া চৰকাৰে সকলো পৰিচয় পত্ৰৰ বৈদ্যুতিক চিনাক্তকৰণ আধুনীকৃত কৰিলে। সমস্যাটো হ'ল যে পৰিচয় পত্ৰত এজন ব্যক্তিৰ ধৰ্ম কেৱল ইছলাম, খ্ৰীষ্টান বা জিউহে হ'ব পাৰে, যি ৩ ধৰ্মক চৰকাৰে স্বীকৃতি প্ৰদান কৰিছিল। ফল স্বৰূপে বাহাইসকলে জন্মৰ প্ৰমাণ পত্ৰ, পৰিচয় পত্ৰ, মৃত্যুৰ প্ৰমাণ পত্ৰ, বিবাহ বা বিচ্ছেদৰ প্ৰমাণপত্ৰ আদি লাভ কৰিবলৈ সক্ষম নহ'ল, যদিহে তেওঁলোকে নিজৰ ধৰ্মৰ বিষয়ে অসত্য নক'লে, যি বাহাই ধৰ্মৰ নীতিৰ বিৰুদ্ধে। সেয়েহে তেওঁলোকে ভোট দিয়া, শিক্ষা গ্ৰহণ কৰা, স্বাস্থ্য সেৱা লাভ কৰা আদিত বাধাৰ সৃষ্টি হ'ল। ১০২ ১৪ এপ্ৰিল ২০০৯ত আইন সলোৱা হ'ল, আৰু বাহাইসকলৰ দশা উন্নীত হ'ল। পৰিচয় পত্ৰত পূৰ্বে উল্লিখিত ৩ ধৰ্মৰ লগতে অন্য ধৰ্মৰ বাবে 'ডেচ' বা '-' দিয়াৰ ব্যৱস্থা কৰা হ'ল।

টোকা আৰু তথ্যসূত্ৰ

NotesCitations

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

অধিক পঢ়ক

তথ্যসূত্ৰ

  1. ↑ In English, "Bahá'í" is pronounced with two syllables according to the pronunciation guide on the Bahá'í World News Service Website (Bahá'í: Ba-HIGH). In Persian, بهائی is pronounced with three syllables. The exact realization of the English pronunciation varies. The Oxford English Dictionary has, Merriam-Webster has, and the Random House Dictionary has, all with three syllables. See Banani, Amin. A Baha'i Glossary and Pronunciation Guide. Bahá’i Study and Shahrokh, Darius. Windows to the Past Series. Bahá’i Library – A Guide to Pronunciation part 1 and 2, for more pronunciation instructions
  2. ↑ Dictionary 2004
  3. ↑ Hutter 2005, পৃ. 737–740
  4. ↑ Affolter January 2005, পৃ. 75–114
  5. ↑ Smith 2008, পৃ. 56
  6. ↑ Hutter 2005, পৃ. 737–40
  7. ↑ See Bahá'í statistics for a breakdown of different estimates
  8. ↑ Smith 2008, পৃ. 107–9
  9. ↑ Bahá'ís prefer the orthographies Bahá'í , Bahá'ís, the Báb, Bahá'u'lláh, and `Abdu'l-Bahá , using a particular transcription of the Arabic and Persian in publications. "Bahai", "Bahais", "Baha'i", "the Bab", "Bahaullah" and "Baha'u'llah" are often used when diacriticals are unavailable
  10. ↑ Hatcher Martin 1998, পৃ. xiii
  11. ↑ Centre for Faith and the Media
  12. ↑ Hutter 2005, পৃ. 737–740
  13. ↑ Smith 2008, পৃ. 108–109
  14. ↑ Smith 2008, পৃ. 106
  15. ↑ Britannica 1992
  16. ↑ Smith 2008, পৃ. 106–107
  17. ↑ Smith 2008, পৃ. 111–112
  18. ↑ Hatcher 2005, পৃ. 1–38
  19. ↑ Cole 1982, পৃ. 1–38
  20. ↑ Stockman 1992
  21. ↑ Hatcher 2005, পৃ. 1-38
  22. ↑ Cole 1982, পৃ. 1-38
  23. ↑ Hatcher 2005, পৃ. 1-38
  24. ↑ Robert H. Stockman. (21 November 2012). The Baha'i Faith: A Guide For The Perplexed. Bloomsbury Publishing. পৃ. 40–42. ISBN 978-1-4411-0447-2
  25. ↑ Daume Watson 1992
  26. ↑ McMullen 2000, পৃ. 7
  27. ↑ Stockman 1997
  28. ↑ Daume Watson 1992
  29. ↑ Bausani 2012
  30. ↑ Van der Vyer 1996, পৃ. 449
  31. ↑ Boyle Sheen 1997, পৃ. 119-120
  32. ↑ Afshari 2001, পৃ. 119-120
  33. ↑ Lundberg 2005
  34. ↑ McMullen 2000, পৃ. 57-58
  35. ↑ Masumian 1995
  36. ↑ Hutter 2005, পৃ. 737–740
  37. ↑ Daume Watson 1992
  38. ↑ Effendi 1944, পৃ. 281-282
  39. ↑ Smith 2008, পৃ. 52–53
  40. ↑ Principles of the Bahá'í Faith 26 March 2006
  41. ↑ Bausani 2012
  42. ↑ Cole 1989, পৃ. 438-446
  43. ↑ Meyjes 2006, পৃ. 26-41
  44. ↑ See for example: Political Non-involvement and Obedience to Government – A compilation of some of the Messages of the Guardian and the Universal House of Justice (compiled by Dr. Peter J. Khan)
  45. ↑ Smith 2000, পৃ. 266-267
  46. ↑ Daume Watson 1992
  47. ↑ Smith 2000, পৃ. 181
  48. ↑ Momen 1995
  49. ↑ MacEoin 1989, পৃ. 448
  50. ↑ Momen 1995
  51. ↑ Smith 2008, পৃ. 173
  52. ↑ Smith 2000, পৃ. 100-101
  53. ↑ Hatcher Martin 1998, পৃ. 46
  54. ↑ Rabbani July 1987, পৃ. 2-7
  55. ↑ Bahá'í World News Service 2010
  56. ↑ Barrett 2001, পৃ. 4
  57. ↑ Association of Religion Data Archives 2010
  58. ↑ Johnson Grim 26 March 2013, পৃ. 59-62
  59. ↑ Hsu Reynolds Hackett, পৃ. 691–692
  60. ↑ International Federation of Human Rights August 2003
  61. ↑ Association of Religion Data Archives 2010
  62. ↑ Association of Religion Data Archives 2010
  63. ↑ Association of Religion Data Archives 2010
  64. ↑ Association of Religion Data Archives 2010
  65. ↑ Association of Religion Data Archives 2010
  66. ↑ Park 2004
  67. ↑ Encyclopædia Britannica 2002
  68. ↑ International Federation of Human Rights August 2003
  69. ↑ International Religious Freedom Report 2013
  70. ↑ International Religious Freedom Report 2013
  71. ↑ International Religious Freedom Report 2013
  72. ↑ International Religious Freedom Report 2013
  73. ↑ Committee on the Elimination of Racial Discrimination 3 April 1994
  74. ↑ Smith Momen 1989, পৃ. 63-91
  75. ↑ Affolter January 2005, পৃ. 75–114
  76. ↑ Iran Human Rights Documentation Center 2007
  77. ↑ Nash 1982
  78. ↑ Iran Human Rights Documentation Center 2007
  79. ↑ Sanasarian 2000, পৃ. 52-53
  80. ↑ In line with this is the thinking that the government encouraged the campaign to distract attention from more serious problems, including acute economic difficulties. Beyond this lay the difficulty which the regime faced in harnessing the nationalist movement that had supported Musaddiq.Akhavi 1980, পৃ. 76–78
  81. ↑ Iran Human Rights Documentation Center 2007
  82. ↑ Abrahamian 1982, পৃ. 432
  83. ↑ Iran Human Rights Documentation Center 2007
  84. ↑ Simpson Shubart 1995, পৃ. 223
  85. ↑ International Federation of Human Rights August 2003
  86. ↑ Affolter January 2005, পৃ. 75–114
  87. ↑ Affolter January 2005, পৃ. 75–114
  88. ↑ Netherlands Institute of Human Rights 8 March 2006
  89. ↑ Bahá'í World News Service 14 April 2005
  90. ↑ CNN 16 May 2008
  91. ↑ Sullivan 8 December 2009
  92. ↑ Jahangir 20 March 2006
  93. ↑ CNN 16 May 2008
  94. ↑ Iran Human Rights Documentation Center 15 May 2008
  95. ↑ CNN 12 January 2010
  96. ↑ Washington TV 20 January 2010
  97. ↑ Djavadi 8 April 2010
  98. ↑ Radio Free Europe 3 June 2010
  99. ↑ Siegal 11 August 2010
  100. ↑ CNN 16 September 2010
  101. ↑ International Religious Freedom Report 2013
  102. ↑ Bigelow 16 November 2005

সম্পৰ্কিত শ্ৰেণী

ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাহাই ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৬৩২৫৮৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।