দক্ষিণ চীন সাগৰ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত এক সীমান্তীয় সাগৰ। ই কাৰিমাটা আৰু মালাক্কা ষ্ট্ৰেইটৰপৰা টাইৱান ষ্ট্ৰেইটলৈকে সামৰে। এই সাগৰে ৩৫,০০,০০০ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰে। দক্ষিণ চীন সাগৰৰ প্ৰবল কৌশলগত মহত্ত্ব থকাৰ কথা স্বীকাৰ কৰা হয়- বিশ্বৰ এক তৃতীয়াংশ বাণিজ্যিক সামগ্ৰী এই অঞ্চলেৰে কঢ়িওৱা হয়,১ এই সাগৰৰ বৃহৎ মৎস্য ভাণ্ডাৰ দক্ষিণ-পূব এছিয়াৰ লক্ষ-লক্ষ লোকৰ খাদ্য-সুৰক্ষাৰ বাবে প্ৰায় অপৰিহাৰ্য আৰু অনেকৰ মতে সাগৰৰ তলিত পাব পৰা যায় বৃহৎ পৰিমাণৰ তেল আৰু গেছ।২
অৱস্থিতি
ইণ্টাৰ্ণেচনেল হাইড্ৰ'গ্ৰাফিক অৰ্গেনাইজেশ্বনৰ লিমিট্ছ অৱ অচেন্স, ৩য় সংস্কৰণ (১৯৫৩)ৰ মতে, দক্ষিণ চীন সাগৰৰ অৱস্থিতি:
- চীনৰ দক্ষিণ দিশে
- ভিয়েটনামৰ পূব দিশে;
- ফিলিপাইনৰ পশ্চিম দিশে;
- মালায় উপদ্বীপ আৰু সুমাত্ৰাৰ পূব দিশে, চিংগাপ'ৰ ষ্ট্ৰেইটলৈকে, আৰু
- বাংকা বেলিটুং দ্বীপপুঞ্জ আৰু বৰ্ণিঅ'ৰ উত্তৰ দিশে।
পিচে, অনুমোদিত নোহোৱা ৪ৰ্থ সংস্কৰণ (১৯৮৬)ত৩ আই এইচ অ'ৱে নাটুনা সাগৰৰ প্ৰস্তাৱ ৰাখিছিল- দক্ষিণ চীন সাগৰৰ দক্ষিণ সীমা উত্তৰলৈ অনাৰ কথা প্ৰস্তাৱ কৰা হৈছিল, বাংকা বেলিটুং দ্বীপপুঞ্জৰ উত্তৰৰপৰা
- উত্তৰ আৰু উত্তৰ-পূব নাটুনা দ্বীপপুঞ্জলৈ।৪
সাগৰৰ দ্বীপ আৰু ৰাজনৈতিক দাবী
দক্ষিণ চীন সাগৰত শ-শ ক্ষুদ্ৰাকাৰ দ্বীপ আছে। এই দ্বীপসমূহৰ প্ৰায় সকলোতে কোনোৱেই বাস নকৰে। পিচে দ্বীপসমূহৰ ওপৰত কোন দেশৰ প্ৰভুত্ব, এই কথাত কেইবাখনো দেশৰ মত পৃথক। কেইবাখনো দেশে এই দ্বীপসমূহক বা দ্বীপসমূহৰ কেইবাখনকো নিজৰ অংগ হিচাপে দাবী কৰে। গণপ্ৰজাতন্ত্ৰী চীন আৰু চীন গণৰাজ্য- উভয়েই প্ৰায় সকলো দ্বীপৰ ওপৰত নিজৰ প্ৰভুত্ব দাবী কৰে। তদুপৰি ইণ্ডোনেচিয়া, ফিলিপাইন, ভিয়েটনাম, ব্ৰুণেই, মালয়েছিয়া, কম্বোডিয়া, চিংগাপ'ৰ আদি দেশো বিভিন্ন ধৰণে জড়িত। ২০১৬ চনত এই অঞ্চলৰ ৰাজনতিক প্ৰভুত্বক লৈ ভালেমান ৰাজনৈতিক কাৰ্যকালাপ পৰিলক্ষিত হ'ল।৫৬৭৮৯
তথ্যসূত্ৰ
- ↑ ChinaPower, August 4, 2017
- ↑ A look at the top issues at Asian security meeting Associated Press, Robin McDowell, July 21, 2011
- ↑ IHO PUBLICATION S-23, Limits of Oceans and Seas, Draft 4th Edition, 1986. IHO
- ↑ Limits of Ocean and Seas. International Hydrographic Organization. পৃ. 108–109
- ↑ (12 July 2016). Timeline: South China Sea dispute. Financial Times
- ↑ Beech, Hannah. (11 July 2016). China’s Global Reputation Hinges on Upcoming South China Sea Court Decision. TIME
- ↑ (12 July 2016). A UN-appointed tribunal dismisses China’s claims in the South China Sea. The Economist
- ↑ (12 July 2016). South China Sea: Tribunal backs case against China brought by Philippines. BBC
- ↑ Jun Mai, Shi Jiangtao. (12 July 2016). Taiwan-controlled Taiping Island is a rock, says international court in South China Sea ruling. South China Morning Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ চীন সাগৰ” প্ৰবন্ধৰ সংশোধন ৩৮১৩১০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।