১৯৫৬ বৰ্ষৰ চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
সৰাপাত (চলচ্চিত্ৰ)
সৰাপাত (Sarapat) ১৯৫৬ চনত মুক্তি পোৱা আৰু আনোৱাৰ হুছেইনৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। এইখন পৰিচালকগৰাকীৰ প্ৰথম ছবি। ছবিখন মুক্তি পোৱাৰ সময়ত পৰিচালকগৰাকীৰ বয়স হৈছিল ২১ বছৰ। ভাৰতত তেতিয়ালৈ ইমান কম বয়সতে ছবি পৰিচালনা কৰাৰ উদাহৰণ নাছিল। আনোৱাৰ ফিল্মচৰ বেনাৰত হুচেইনে ছবিখন প্ৰযোজনাও কৰিছিল।
-
স্মৃতিৰ পৰশ (চলচ্চিত্ৰ)
স্ম়তিৰ পৰশ (Smritir Parash) ১৯৫৬ত মুক্তি পোৱা এখন অসমীয়া বোলছবি।বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত ছবিথন প্ৰযোজনা কৰে গৌৰী শংকৰ হিম্মৎসিংকাই আৰু পৰিচালনা কৰে নিপ বৰুৱাই। নিপ বৰুৱা পৰিচালিত এইখন প্ৰথম ছবি। এইখন ছবিতে প্ৰথমবাৰৰ বাবে হিন্দীগীত আৰু সম্পূৰ্ণ বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।
-
জাগতে ৰহো
জাগতে ৰহো (Jagte Raho) ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত, অমিত মৈত্ৰ আৰু শম্ভু মিত্ৰ পৰিচালিত, খাজা আহমেদ আব্বাছ ৰচিত, ৰাজ কাপুৰ প্ৰযোজিত আৰু অভিনীত এখন হিন্দী/বঙালী ছবি। ছবিখন এজন দুখীয়া গাওঁলীয়া মানুহৰ সম্পৰীক্ষাক লৈ কেন্দ্ৰীভূত, যিজনে এটা উন্নত জীৱনৰ সন্ধানত চহৰলৈ আহিছে।
-
ছিৰি ফাৰহাদ (১৯৫৬ চলচ্চিত্ৰ)
ছিৰি ফাৰহাদ ১৯৫৬ চনত মুক্তি পোৱা ভাৰতীয় হিন্দুস্তানী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি, যাৰ পৰিচালক আৰু প্ৰযোজক আছিল আস্পি ইৰাণী। শ্বাহনামে ৰ খুশ্ৰু আৰু শিৰিৰ আধাৰত এই ছবিখন নিৰ্মিত।
-
মহাকবি গিৰীশচন্দ্ৰ
মহাকবি গিৰীশচন্দ্ৰ (Mahakavi Girishchandra) ১৯৫৬ চনৰ মধু বসু পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় জীৱনীমূলক নাট্যধৰ্মী ছবি। কবি আৰু নাট্যকাৰ গিৰীশচন্দ্ৰ ঘোষৰ জীৱনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। নাম ভূমিকাত অভিনয় কৰিছে পাহাৰী সান্যালে।
-
মাদুৰাই বীৰন (১৯৫৬ চলচ্চিত্ৰ)
মাদুৰাই বীৰন (Madurai Veeran; অৰ্থ: মাদুৰাইৰ যোদ্ধা) ১৯৫৬ চনত ডি যোগানন্দৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় তামিল ভাষাৰ ঐতিহাসিক একচন ছবি; ৰচনা কন্নদাসন আৰু প্ৰযোজনা লীনা চেট্টিয়াৰৰ।
-
মুখ ও মুখোশ
মুখ ও মুখোশ (অনু. মুখ আৰু মুখা) আছিল পূব পাকিস্তানত (বৰ্তমান বাংলাদেশ) নিৰ্মিত বাংলা ভাষাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ সবাক চলচ্চিত্ৰ। ইকবাল ফিল্মছৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ পৰিচালক আছিল আব্দুল জব্বৰ খান। নুৰুজ্জামান (মৃত্যু ১৯৭৫) আছিল ইকবাল ফিল্মছৰ প্ৰতিষ্ঠাপক প্ৰযোজক।