দেৱাল লিখন(:Graffiti)বা গ্ৰেফিটি হৈছে দেৱাল বা অন্য পৃষ্ঠত লিখা বা অংকন। সাধাৰণতে অনুমতি অবিহনে আৰু জনসাধাৰণৰ দৃষ্টিগোচৰ হোৱা ৰাজহুৱা ঠাইত এই লিখা বা অংকন কৰা হয়।১ গ্ৰেফিটি হৈছে শৈল্পিক আৰু কেতিয়াবা বিদ্ৰোহ প্ৰকাশৰ মাধ্যম।বহুত ক্ষেত্ৰত সামাজিক, ৰাজনৈতিক বা ব্যক্তিগত উদ্দেশ্য প্ৰণোদিত চিন্তাভাৱনা উন্মোচিত কৰিবলৈ আৰু কেতিয়াবা অনন্য শৈল্পিকতাৰ প্ৰকাশ কৰিবলৈ দেৱাল লিখনক মাধ্যম হিচাপে গ্ৰহণ কৰা হয়। প্ৰাচীন কালৰে পৰাই ইয়াৰ অস্তিত্ব গম পোৱা যায়,উদাহৰণ স্বৰূপে প্ৰাচীন মিচৰ, প্ৰাচীন গ্ৰীচ আৰু ৰোমান সাম্ৰাজ্যৰ দেৱাল লিখন।২
আধুনিক গ্ৰেফিটি এটা বিতৰ্কিত বিষয়। বেছিভাগ দেশতে অনুমতি অবিহনে ৰাজহুৱা সম্পত্তিত অংকন কৰাটো ধ্বংসাত্মক বুলি গণ্য কৰা হয়।৩ ১৯৭০ চনৰ আৰম্ভণিতে নিউয়ৰ্ক চহৰৰ ছাবমেট্ৰ' ব্যৱস্থা আৰু ফিলাডেলফিয়াৰ পৰা সমগ্ৰ বিশ্বৰ বাকী অংশলৈকে আধুনিক গ্ৰেফিটিৰ আৰম্ভণি হৈছিল।৪
ব্যুৎপত্তিবিজ্ঞান
"গ্ৰেফিটি" সাধাৰণতে একবচন আৰু বহুবচন দুয়োটাতে একে হয় আৰু "গ্ৰাফিটো" ইটালীয় শব্দ graffiato ("scratched") ৰ পৰা আহিছে।[6][1][2] প্ৰাচীন কালত চোকা বস্তুৰে বেৰত গ্ৰেফিটি খোদিত কৰা হৈছিল যদিও কেতিয়াবা চক বা কয়লা ব্যৱহাৰ কৰা হৈছিল। এই শব্দটোৰ উৎপত্তি গ্ৰীক γράφειν—graphein—ৰ পৰা হৈছে, যাৰ অৰ্থ হৈছে "লিখা"।৫
গ্ৰেফিটিৰ প্ৰকাৰ
গ্ৰেফিটিৰ উল্লেখযোগ্য প্ৰকাৰ বিলাক হ’লঃ ষ্টেনচিল গ্ৰেফিটি৬, টেগিং গ্ৰেফিটি, থ্ৰ আপ গ্ৰেফিটি৭, পিচ গ্ৰেফিটি৮, ৱাইল্ড ষ্টাইল গ্ৰেফিটি৯ আদি।
সঁজুলি
ইয়াত ব্যৱহৃত প্ৰধান সজুলি বোৰ যেনে, স্প্ৰে পেইণ্ট আৰু মাৰ্কাৰ হৈছে টেগিং, থ্ৰ' আপ আৰু টুকুৰাৰ বাবে ব্যৱহৃত মূল সঁজুলি। ৰং মাৰ্কাৰ, ৰং ডাবাৰ আৰু স্ক্ৰেছিং সঁজুলিও ব্যৱহাৰ কৰা হয়।১০
ভাৰত বৰ্ষত দেৱাল লিখন
আমাৰ দেশৰ দেৱালত লিখা গ্ৰেফিটিক এতিয়াও অবৈধ বুলি গণ্য কৰা হয় আৰু ধ্বংসাত্মক কাৰ্য্যৰ শ্ৰেণীত ৰখা হয়। প্ৰাপ্য অনুমতি লাভ কৰি লিখা ইয়াৰ বিশুদ্ধ ৰূপ, ষ্ট্ৰীট আৰ্ট,ক অৱশ্যে,বৰ্তমানেও অনুমতি দিয়া আছে।
তথ্যসূত্ৰ
- ↑ Graffiti. Oxford Dictionaries
- ↑ (2006). Graffito. Oxford English Dictionary. Oxford University Press
- ↑ Stewart, Jeff. (2008). Graffiti vandalism? Street art and the city: some considerations. Unescoe Journal
- ↑ Caves, R. W. (2004). Encyclopedia of the City. Routledge. পৃ. 315
- ↑ Etymology Dictionary
- ↑ Rennie Ellis,. (1985). The All New Australian Graffiti.. Sun Books,. ISBN ISBN 978-0-7251-0484-9
- ↑ James R.Lasley,. ((1995-04-01).). "New writing on the wall: Exploring the middle-class graffiti writing subculture". .. doi:10.1080/01639625.1995.9967994. পৃ. 16 (2): 151–167. ISBN ISSN 0163-9625
- ↑ Gregory J. Snyder. (20-14-15). Graffiti Lives:Beyond the Tag in New York's Urban Underground.. NYU press. ISBN 978-0-8147-4046-0
- ↑ Carrabine, Eamonn. ((2017-07-06).). Routledge International Handbook of Visual Criminology.. Taylor & Francis. ISBN ISBN 978-1-317-49754-7
- ↑ Daniell, Christopher. ((2011-08-01).). "Graffiti, Calliglyphs and Markers in the UK". . 7 (2):. পৃ. 454–476
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱাল লিখন” প্ৰবন্ধৰ সংশোধন ৪৪২৯৬৮ (৬ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।