১৯৫৪ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
সতী বেউলা (চলচ্চিত্ৰ)
সতী বেউলা ১৯৫৪ চনত মুক্তি পোৱা দশম অসমীয়া অসমীয়া কথাছবি, পৌৰাণিক কাহিনীৰে নিৰ্মিত প্ৰথম কথাছবি। কলকাতাৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল সুনীল গাঙ্গুলীয়ে। সতী বেউলা বঙালী আৰু অসমীয়া দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল।
-
যদু ভট্ট (চলচ্চিত্ৰ)
যদু ভট্ট (Jadu Bhatta) ১৯৫৪ চনত নিৰ্মিত আৰু নীৰেন লাহিৰীৰ দ্বাৰা পৰিচালিত এখন বঙালী ভাষাৰ ভাৰতীয় সংগীতধৰ্মী চলচ্চিত্ৰ। ইয়াৰ কাহিনী আৰু চিত্ৰনাট্য নিতাই ভট্টাচাৰ্যই লিখিছে। ইয়াত বসন্ত চৌধুৰীয়ে নাম ভূমিকাত অভিনয় কৰিছে। সহযোগী চৰিত্ৰত অভিনয় কৰিছে ছবি বিশ্বাস, অজিত প্ৰকাশ, আৰু নীতিশ মুখাৰ্জীয়ে।
-
অন্নপূৰ্ণাৰ মন্দিৰ
অন্নপূৰ্ণাৰ মন্দিৰ (Annapurnar Mandir ) নৰেশ মিত্ৰ পৰিচালিত এখন বঙালী সামাজিক নাট্যধৰ্মী ছবি। নিৰুপমা দেৱীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
আলিবাবা ঔৰ ৪০ চোৰ (১৯৫৪ চলচ্চিত্ৰ)
আলিবাবা ঔৰ ৪০ চোৰ (Alibaba Aur 40 Chor) ১৯৫৪ চনৰ হোমি ৱাডিয়া পৰিচালিত এখন হিন্দী ফেণ্টাচি একচন ছবি। ছবিখন ৱাডিয়া ব্রাদাৰ্ছ প্ৰডাকচনৰ বেনাৰত বসন্ত পিকচাৰ্ছৰ প্ৰস্তুতি আছিল।[1] কাহিনী, চিত্ৰনাট্য আৰু অতিৰিক্ত সংলাপ জে বি এইচ ৱাডিয়াৰ।
-
ছেলে কাৰ
ছেলে কাৰ ১৯৫৪ চনত মুক্তি পোৱা বঙালী ভাষাৰ এখন শিশুসকলৰ কমেডী ছবি। ছবিখনৰ পৰিচালক চিত্ত বসু পৰিচালিত আৰু প্ৰযোজনা চৰণ চিত্ৰৰ। ছেলে কাৰ ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।
-
বিৰাজ বহু
বিৰাজ বহু ( Biraj Bahu ) ১৯৫৪ চনত মুক্তি পোৱা আৰু শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বাংলা উপন্যাসৰ আধাৰত নিৰ্মিত এখন হিন্দী ছবি। ছবিৰ পৰিচালক বিমল ৰায় আৰু প্ৰযোজক হিতেন চৌধুৰী। কামিনী কৌশল, অভি ভট্টাচাৰ্য আৰু প্ৰাণ অভিনীত ছবিখনৰ সংগীত ৰচনা সলিল চৌধুৰীৰ।