সচ্চিদানন্দ (सच्चिदानन्द; IAST: Sat-cit-ānanda) হিন্দু দাৰ্শনিক পৰম্পৰাৰ অনেক শাখাত, বিশেষকৈ বেদান্তত, ব্ৰহ্মৰ সৈতে সম্পৰ্কিত এক বৰ্ণনামূলক পদ।১
এই পদটোক বহু ক্ষেত্ৰত অস্তিত্ব, সত্য-চেতন-আনন্দ আদি ৰূপত অনুবাদ কৰা হয়, আৰু ই “পৰম বাস্তৱতা”ৰ একক, বৰ্ণনাতীত স্বৰূপক তিনিমুখী ৰূপকেৰে বুজায়।২৩
ব্যুৎপত্তি
সচ্চিদানন্দ (সন্ধি-পূৰ্ব ৰূপ সৎ-চিৎ-আনন্দ) তিনিটা সংস্কৃত পদৰ সন্ধি: সৎ, চিত্, আৰু আনন্দ। এই তিনিওটা হিন্দুধৰ্মত ব্ৰহ্মৰ স্বভাৱৰ সৈতে অবিচ্ছেদ্য বুলি ব্যাখ্যা কৰা হয়।৪
(১) সৎ শব্দৰ অৰ্থ অস্তিত্ব, "হোৱা", সত্য বা বাস্তৱ আদি।৫
(৩) আনন্দৰ অৰ্থ সুখৰ সৈতে কিছু খাপ খায় আৰু বেদান্তত আত্ম বা ব্ৰহ্মৰ এক গুণ-লক্ষণ হিচাপে উল্লেখিত।৮
দাৰ্শনিক ব্যাখ্যা
বিভিন্ন হিন্দু পৰম্পৰাত এই পদটোক “পৰম বাস্তৱতা”ৰ সৈতে সংগতি ৰাখি বুজোৱা হয়।৪
ঈশ্বৰবাদী ধাৰাসমূহত সচ্চিদানন্দ ভগৱানৰ সৈতে একাত্ম বুলি ধৰা হ’ব পাৰে, যেনে বিষ্ণু, শিৱ বা শক্তি-ধাৰাৰ দেৱী।৯১০১১
অদ্বৈত ধাৰাত, বিশেষকৈ অদ্বৈত বেদান্তৰ ব্যাখ্যাত, সৎ-চিত্-আনন্দক নিৰ্গুণ ব্ৰহ্মৰ (গুণহীন বা অলক্ষণ) স্বৰূপৰ সৈতে অবিচ্ছেদ্য বুলি ধৰা হয়, আৰু আত্ম-ব্ৰহ্মৰ একতাৰ জ্ঞানৰ দ্বাৰাই মোক্ষ লাভ হয় বুলি ব্যাখ্যা কৰা হয়।১২
গ্ৰন্থত উল্লেখ
উপনিষদসমূহত আত্ম, ব্ৰহ্ম, চেতনা আৰু আনন্দ সম্পৰ্কীয় আলোচনা সচ্চিদানন্দ-ধৰণৰ শব্দৰ সৈতে সংযুক্ত কৰা হয়।
বৃহদাৰণ্যক উপনিষদৰ (প্ৰায় ৮০০–৬০০ খ্ৰী.পূ.) কিছুমান অংশত আত্ম-ব্ৰহ্ম, “চেতনা” আৰু “আনন্দ” সম্পৰ্কীয় আলোচনাৰ উল্লেখ দিয়া আছে।১৩১৪
ছান্দোগ্য উপনিষদৰ (প্ৰায় ৮০০–৬০০ খ্ৰী.পূ.) ৩.১৪–৩.১৮ অংশত আত্ম-ব্ৰহ্মক অন্তঃজ্যোতি বা অন্তঃপ্ৰকাশ আদিৰ সৈতে সন্নিবিষ্ট কৰি ব্যাখ্যা কৰা হৈছে।১৫১৬
তেজোবিন্দু উপনিষদৰ ৩.১১ শ্লোকত সচ্চিদানন্দ যৌগিক পদৰ আগতীয়া উল্লেখ দেখা যায়।১৭১৮
বেদান্ত আৰু বৈষ্ণৱ দৃষ্টিভংগী
বেদান্ত দৰ্শনত সচ্চিদানন্দক ব্ৰহ্মৰ তিনিটা মৌলিক লক্ষণৰ সমাৰ্থক হিচাপে ধৰা হয়।২ একে ধাৰাত ব্ৰহ্মক একক, বৰ্ণনাতীত আৰু আচল বাস্তৱতা বুলি বৰ্ণনা কৰা উৎসও আছে।১১৯
আনহাতে বৈষ্ণৱ পৰম্পৰাত তুলসীদাসে ৰামক সচ্চিদানন্দ হিচাপে চিহ্নিত কৰিছে২০ কৃষ্ণবাদী দৰ্শনসমূহত প্ৰায় কৃষ্ণক সচ্চিদানন্দ আখ্যা দিয়া হয়।
তথ্যসূত্ৰ
- ↑ Devadutta Kali. (2005). Devimahatmyam: In Praise of the Goddess. Motilal Banarsidass. পৃ. 365. ISBN 978-8120829534
- ↑ Werner, Karel. (2004). A Popular Dictionary of Hinduism. Routledge. পৃ. 88. ISBN 9781135797539
- ↑ Raju, P. T. (2013). The Philosophical Traditions of India. Routledge. পৃ. 228. ISBN 9781135029425
- ↑ James Lochtefeld. (2002). The Illustrated Encyclopedia of Hinduism, Vol. 2: N–Z. Rosen Publishing. পৃ. 578. ISBN 0-8239-2287-1
- ↑ Sir Monier Monier-Williams, Sat, A Sanskrit-English Dictionary, Oxford University Press (Reprinted: Motilal Banarsidass), ISBN 978-8120831056, page 1134
- ↑ Sir Monier Monier-Williams, Cit, A Sanskrit-English Dictionary, Oxford University Press (Reprinted: Motilal Banarsidass), ISBN 978-8120831056, page 395
- ↑ Constance Jones; James D. Ryan. (2006). Encyclopedia of Hinduism. Infobase Publishing. পৃ. 28. ISBN 978-0-8160-7564-5
- ↑ Sir Monier Monier-Williams, Ananda, A Sanskrit-English Dictionary, Oxford University Press (Reprinted: Motilal Banarsidass), ISBN 978-8120831056, page 139
- ↑ Klaus Klostermair (2007), A Survey of Hinduism, 3rd Edition, SUNY Press, ISBN 978-0791470817, page 246
- ↑ Hilko Wiardo Schomerus and Humphrey Palmer (2000), Śaiva Siddhānta, Motilal Banarsidass, ISBN 978-8120815698, page 44
- ↑ Sherma, Rita. (1998). Purifying the Earthly Body of God: Religion and Ecology in Hindu India. State University of New York Press. পৃ. 116. ISBN 978-0791439241
- ↑ Holdrege, Barbara. (2004). The Hindu World. Routledge. পৃ. 241–242. ISBN 0415215277
- ↑ Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, ISBN 978-8120814684, pages 433-437, 464-475, 484-493
- ↑ Anantanand Rambachan (2006), The Advaita Worldview: God, World, and Humanity, SUNY Press, ISBN 978-0791468517, pages 40-43
- ↑ Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, ISBN 978-8120814684, pages 110-117
- ↑ Klaus Witz (1998), The Supreme Wisdom of the Upaniṣads: An Introduction, Motilal Banarsidass, ISBN 978-8120815735, pages 227-228
- ↑ Hattangadi, Sunder. (2015). Tejobindu Upanishad. পৃ. 8
- ↑ Mircea Eliade (1970), Yoga: Immortality and Freedom, Princeton University Press, ISBN 0-691017646, pages 128-129
- ↑ Eliot Deutsch. (1980). Advaita Vedanta: A Philosophical Reconstruction. University of Hawaii Press. ISBN 978-0824802714
- ↑ MacFie, J.M. (2004). The Ramayan of Tulsidas or the Bible of Northern India. Kessinger Publishing. পৃ. 26
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সচ্চিদানন্দ” প্ৰবন্ধৰ সংশোধন ৬৩২৫০৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।