ৰাসায়নিক যৌগ
৯ প্ৰবন্ধ
-
পানী
পানী বা জল (ৰাসায়নিক গঠন: H2O) হৈছে এক প্ৰকাৰৰ স্বচ্ছ জুলীয়া পদাৰ্থ। অক্সিজেনৰ এটা আৰু হাইড্ৰ’জেনৰ দুটা পৰমাণু লগ লাগি পানীৰ অণু গঠন হয়। মান্য উষ্ণতা আৰু চাপত পানী জুলীয়া অৱস্থাত থাকে যদিও ইয়াক কঠিন অৱস্থা অৰ্থাৎ বৰফ আৰু গেছীয় অৰ্থাৎ বাষ্প অৱস্থাতো পোৱা যায়।
-
কাৰ্বন ডাই অক্সাইড
কাৰ্বন ডাই অক্সাইড (ৰাসায়নিক সংকেত CO2) হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰায় ০.০৩৫ শতাংশ আগুৰি থকা (সাধাৰণ অৱস্থাত) এবিধ আম্লিক গেছ। এটা কাৰ্বন (C) পৰমাণু আৰু দুটা অক্সিজেন (O2) পৰমাণু লগ হৈ এই গেছ গঠন হয়। এই গেছ জীৱমণ্ডলৰ বাবে অতি প্ৰয়োজন।
-
অম্ল
অম্ল হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ টেঙা আৰু ই নীলা লিটমাছ কাগজ ৰঙা কৰে। ই ক্ষাৰৰ লগত বিক্ৰিয়া কৰে আৰু কিছুমান নিৰ্দিষ্ট ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱন সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে, ইয়াৰ ফলত সাধাৰণতে পানী আৰু লৱনৰ সৃষ্টি হয়।
-
কলেষ্টেৰল
কলেষ্টেৰল বা Cholesterol (প্ৰাচীন গ্ৰীকৰ chole- (পিত্ত) আৰু ষ্টেৰচ (কঠিন), লগত এলক'হলৰ বাবে -ol ৰাসায়নিক অনুসৰ্গ) এক জৈৱ অণু। ই ষ্টেৰল (বা পৰিৱৰ্তিত ষ্টেৰইড) নামৰ একপ্ৰকাৰৰ চৰ্বি। সকলো প্ৰাণী কোষে কলেষ্টেৰল উৎপন্ন কৰে আৰু ই প্ৰাণীৰ কোষ আৱৰণীৰ এক অত্যাৱশ্যকীয় উপাদান।
-
লৱণ
লৱণ হৈছে অম্ল আৰু ক্ষাৰৰ প্ৰশমন বিক্ৰিয়াৰ ফলত উৎপাদিক হোৱা একপ্ৰকাৰৰ আয়নিত ৰাসায়নিক যৌগ। লৱণবোৰত বৈদ্যুতিক ভাৱে প্ৰশম (সামগ্ৰিকভাৱে আধানহীন) হৈ থকাকৈ সমতুল সংখ্যাৰ কেটায়ন (ধনাত্মক আয়ন) আৰু এনায়ন (ঋণাত্মক আয়ন) লগলাগি গঠিত হয়।
-
ক্ষাৰ
ক্ষাৰ (Base) হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ তিতা আৰু ই ৰঙা লিটমাছ কাগজ নীলা কৰে। ই অম্লৰ সৈতে বিক্ৰিয়া কৰি লৱণ সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে, ইয়াৰ ফলত সাধাৰণতে পানী আৰু লৱণৰ সৃষ্টি হয়। ক্ষাৰৰ pH ৭ তকৈ বেচি হয়।
-
ষ্টেৰইড
ষ্টেৰইড (steroid) এক জৈৱিকভাৱে সক্ৰিয় জৈৱ যৌগ (organic compound) য'ত এক বিশেষ আণৱিক গাঁথনিৰ চাৰিটা চক্ৰ (ring) থাকে। ষ্টেৰইডৰ দুটা প্ৰধান জৈৱিক কাম আছে: কোষাৱৰণৰ তৰলতাত সালসলনি কৰা এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে; আৰু সংকেত বহনকাৰী অণু হিচাপে। উদ্ভিদ, প্ৰাণী আৰু ভেঁকুৰত শতাধিক ষ্টেৰইড পোৱা যায়।
-
এম’নিয়া
এম’নিয়া বা এজেন (ইংৰাজী: Ammonia or Azane) হ’ল নাইট্ৰ'জেন আৰু হাইড্ৰ’জেনেৰে গঠিত এবিধ ৰাসায়নিক যৌগ যাৰ ৰাসায়নিক সংকেত NH3। জোছেফ প্ৰিষ্টলে সৰ্বপ্ৰথমে ১৭৭৪ চনত এম’নিয়াম ক্ল’ৰাইডক চূণৰ সৈতে গৰম কৰি এম’নিয়া গেছ তৈয়াৰ কৰিছিল।
-
যখাৰ
যখাৰ পটাছিয়ামৰ এবিধ যৌগ। ইয়াৰ ৰাসায়নিক নাম পটাছিয়াম নাইট্ৰেট (KNO3)। ই পটাছিয়াম আয়ন K+ আৰু নাইট্ৰেট আয়ন NO3− ৰ আয়নিক লৱণ, আৰু সেইবাবে এটা ক্ষাৰকীয় ধাতু নাইট্ৰেট। প্ৰকৃতিত ইয়াক নাইটাৰ (niter) নামৰ এক খনিজ পদাৰ্থ হিচাপে পোৱা যায়।