ক্ষাৰ (Base) হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ তিতা আৰু ই ৰঙা লিটমাছ কাগজ নীলা কৰে। ই অম্লৰ সৈতে বিক্ৰিয়া কৰি লৱণ সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে, ইয়াৰ ফলত সাধাৰণতে পানী আৰু লৱণৰ সৃষ্টি হয়। ক্ষাৰৰ pH ৭ তকৈ বেচি হয়। ইহঁতে কিছুমান বিক্ৰিয়াত অনুঘটক হিচাপে কাম কৰে, অন্য ইলেক্ট্ৰন দাতাৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু আংশিক বা সম্পূৰ্ণৰূপে স্থানান্তৰণশীল OH- থকা যৌগৰ সৈতে বিক্ৰিয়া কৰে। ক্ষাৰৰ গুণ থকা ৰসায়ন বা পদাৰ্থক ক্ষাৰকীয় বোলে।
ক্ষাৰৰ আৰ্হেনিয়াছৰ সংজ্ঞা অনুহৰি যিবোৰ পদাৰ্থ পানীত দ্ৰৱিভূত হ'লে হাইড্ৰ'জেন অক্সাইড (OH-) সৃষ্টি কৰে, সেইবোৰক ক্ষাৰ বোলে। ব্ৰ'ণষ্টেড-ল'ৱৰী সংজ্ঞাটো অলপ ব্যত্তিক্ৰম: প্ৰ'টন বা হাইড্ৰ'জেন আয়ন (H+) গ্ৰহণ কৰা পদাৰ্থবোৰেই ক্ষাৰ। এই সংজ্ঞা মতে, সহজতে প্ৰ'টন গ্ৰহণ পৰা যিকোনো যৌগকে অম্ল বুলিব পৰা যায়। লেৱিছৰ সংজ্ঞামতে এযোৰ ইলেকট্ৰন দান কৰি সহযোজী বান্ধনি সৃষ্টি কৰা পদাৰ্থবোৰেই ক্ষাৰ। উদাহৰণ স্বৰূপে, সকলো ধাতৱ এনায়ন।
ক্ষাৰৰ কিছুমান সাধাৰণ উদাহৰণ হৈছে, ছডিয়াম হাইড্ৰ'ক্সাইড, কেলচিয়াম হাইড্ৰ'ক্সাইড, আদি।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ষাৰ” প্ৰবন্ধৰ সংশোধন ২৫৭৫৯৭ (৩ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।