পাতিকাউৰী (House Crow, বৈজ্ঞানিক নাম: Corvus splendens) ১ কউৰী পৰিয়াল (Corvidae)-ৰ এটা চৰাই। ই প্ৰকৃততে এছিয়াৰ স্থানীয় চৰাই কিন্তু মাল পৰিবহণৰ জাহাজৰ জড়িয়তে বিয়পি পৰাৰ ফলত বৰ্তমান পৃথিৱীৰ বহু ঠাইত কাউৰী দেখা পোৱা যায়। ইয়াৰ কপাল, মুকুট, ডিঙি আৰু বুকু উপৰিভাগৰ বৰণ ক’লা। আনহাতে ডিঙি আৰু বুকু পাতল ধূসৰ-বাদামী ৰঙৰ। ডেউকা, ঠেং আৰু ভৰি ক’লা। ঠাই বিশেষে পাতিকাউৰীৰ বিলৰ আকাৰ আৰু গাৰ ৰঙৰ তাৰতম্য দেখা যায়।
শ্ৰেণীবিভাজন
ফৰাচী পক্ষীবিজ্ঞানী লুইছ পিয়েৰ ভিয়েলোট (Louis Pierre Vieillot)য়ে বংগত সংগ্ৰহ কৰা এটা নমুনাৰ ভিত্তিত ১৮১৭ চনত আনুষ্ঠানিকভাৱে পাতিকাউৰীৰ প্ৰজাতিৰ বৰ্ণনা কৰা হৈছিল।২৩ ইয়াৰ বৈজ্ঞানিক নামৰ 'splendens' অংশটো লেটিন ভাষা ভাষাৰ splendens, splendentis অৰ্থাৎ "উজ্জ্বল (brilliant)" বা "জিলিকি থকা (glittering)"ৰ পৰা আহিছে।৪
তথ্যসূত্ৰ
- ↑ House crow: animal pest alert. agric.wa.gov. Government of Western Australia: Department of Agriculture and Food
- ↑ Vieillot, Louis Pierre. (1817). Nouveau dictionnaire d'histoire naturelle, appliquée aux arts, à l'agriculture, à l'économie rurale et domestique, à la médecine, etc.. Deterville. পৃ. 44
- ↑ (1962). Check-List of Birds of the World. Museum of Comparative Zoology. পৃ. 263
- ↑ Jobling, James A. splendens. The Key to Scientific Names. Cornell Lab of Ornithology
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাতিকাউৰী” প্ৰবন্ধৰ সংশোধন ৫৬৯৬৪৯ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।