অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিৱানী বৰ্মা

শিৱানী বৰ্মা (Shivani Verma, ৩১ মে' ১৯৭২) এগৰাকী ভাৰতীয় ৰাজযোগ ধ্যান গুৰু আৰু আধ্যাত্মিক বক্তা। তেওঁ প্ৰাচীন ভাৰতীয় ৰাজযোগৰ অনুশীলনৰ সৈতে জড়িত। তেওঁ ভাৰতৰ ব্ৰহ্ম কুমাৰী আধ্যাত্মিক আন্দোলনৰ এগৰাকী গুৰু আৰু নেত্ৰী। জনপ্ৰিয়ভাবে তেওঁ চিষ্টাৰ শিৱানী, ব্ৰহ্ম কুমাৰী শিৱানী, বি কে শিৱানী বুলি জনাজাত।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৫ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শিৱানী বৰ্মা (Shivani Verma, ৩১ মে' ১৯৭২) এগৰাকী ভাৰতীয় ৰাজযোগ ধ্যান গুৰু আৰু আধ্যাত্মিক বক্তা।১ তেওঁ প্ৰাচীন ভাৰতীয় ৰাজযোগৰ অনুশীলনৰ সৈতে জড়িত। তেওঁ ভাৰতৰ ব্ৰহ্ম কুমাৰী আধ্যাত্মিক আন্দোলনৰ এগৰাকী গুৰু আৰু নেত্ৰী। জনপ্ৰিয়ভাবে তেওঁ চিষ্টাৰ শিৱানী, ব্ৰহ্ম কুমাৰী শিৱানী, বি কে শিৱানী বুলি জনাজাত।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭২ চনৰ ৩১ মে' তাৰিখে মহাৰাষ্ট্ৰৰ পুনেত শিৱানী বৰ্মাৰ জন্ম হৈছিল হৈছিল। স্কুলীয়া শিক্ষা সাং কৰি তেওঁ সাৱিত্ৰীবাঈ ফুলে পুনে বিশ্ববিদ্যালয়ত ইলেক্ট্ৰনিক্স অভিযান্ত্ৰিক বিদ্যাত সোণৰ পদকৰ সৈতে স্নাতক আৰু স্নাতকোত্তৰ সম্পূৰ্ণ কৰিছিল। তাৰ পিছত তেওঁ মহাৰাষ্ট্ৰ ইনষ্টিটিউট অফ টেকন'লজীৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিংত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তেওঁ পুনে বিশ্ববিদ্যালয়ত ছফ্টৱেৰ ইঞ্জিনিয়াৰিং অধ্যয়ন কৰি থকা সময়ত তেওঁৰ মাক ব্ৰহ্ম কুমাৰীসকলৰ স্থানীয় ৰাজযোগ কেন্দ্ৰৰ সংস্পৰ্শত আছিল। শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ বিশাল বৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকে গুৰুগ্ৰামত ছফ্টৱেৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু ২০০৪ চনলৈকে এয়া চলাই নিছিল।১

মহাবিদ্যালয় শেষ হোৱাৰ আগতে শিৱানীয়ে তেওঁলোকৰ স্থানীয় ব্ৰহ্ম কুমাৰী কেন্দ্ৰৰ লগত জড়িত আছিল।

কৰ্মজীৱন

তেওঁ মহাৰাষ্ট্ৰৰ পুনেত ৩ বছৰ ধৰি ভাৰতীয় বিদ্যাপীঠ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাম কৰিছিল। প্ৰথমতে তেওঁ দিল্লীত ব্ৰহ্ম কুমাৰী দূৰদৰ্শন উপস্থাপনৰ নেপথ্যত বিভিন্ন কামৰ লগত জড়িত আছিল। ইয়াত জ্যেষ্ঠ গুৰুসকলে তেওঁলোকৰ শিকনীসমূহ ৰেকৰ্ড কৰিছিল। ২০০৭ চনত আন গগুৰুসকলৰ অনুপস্থিতিৰ বাবে তেওঁক নিজেই দৰ্শকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা হৈছিল।৩ ২০০৭ চনত 'এৱেকেনিং ৱিথ ব্ৰহ্ম কুমাৰীছ' অনুষ্ঠান আস্থা চেনেলৰ বাবে প্ৰস্তুত কৰা হৈছিল। এই শৃংখলাত বিকে শিৱানীক কানু প্ৰিয়াই সাক্ষাৎকাৰ লৈছিল।২১

সুৰেশ অবেৰয়ৰ সৈতে তেওঁৰ টিভি বাৰ্তালাপৰ শৃংখলা ২০১৫ চনত 'হেপিনেছ আনলিমিটেড: এৱেকেনিং ৱিথ ব্ৰহ্ম কুমাৰীছ' নামেৰে প্ৰকাশিত হৈছে।৪

বিকে শিৱানীয়ে ভাৰত আৰু বিদেশৰ বিভিন্ন অঞ্চলত ভ্ৰমণ ভ্ৰমণ কৰি আধ্যাত্মিক জ্ঞানৰ বক্তৃতা দিছে। তেওঁ অংগদান সম্পৰ্কে প্ৰচাৰৰ৫ পৰা আৰম্ভ কৰি পিতৃ-মাতৃৰ কাৰ্যসূচীলৈকে আৰু৬ ব্ৰহ্ম কুমাৰীৰ অনুষ্ঠানত উপস্থিত থাকে। ২০১৭ চনত তেওঁক বিশ্ব মানসিক ৰোগ সংস্থাৰ শুভেচ্ছা দূত হিচাপে নামকৰণ কৰা হৈছিল।৭

তেওঁৰ বিকে শিৱানী নামৰ এটা ইউটিউব চেনেল আছে। তেওঁ প্ৰতিদিনে ছচিয়েল মিডিয়া পৃষ্ঠাত প্ৰেৰণাদায়ক আৰু উৎসাহজনক বাৰ্তা পোষ্ট কৰে।৮

বঁটা আৰু সন্মান

তেওঁ ২০১৪ চনত এচচচাম লেডিজ লীগৰ দ্বাৰা ৱমেন অৱ দি ডিকেড এচিভাৰছ বঁটা লাভ কৰিছিল।৯ ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে।১০

তথ্যসূত্ৰ

  1. ↑ (12 December 2010). Being normal, being spiritual. Mid Day
  2. ↑ Ahuja, Aditi. (7 June 2010). Studying engineering helped me think logically: Brahmakumari Shivani. The Indian Express
  3. ↑ (9 March 2010). 'Ensure that your happiness doesn't depend on others'. The Times of India
  4. ↑ Shivani, 1972-. (2015). Happiness unlimited: conversational adaptation from the internationally acclaimed TV series: awakening with Brahma Kumaris. ISBN 978-81-8274-826-2
  5. ↑ (11 August 2015). Greatest gift, say spiritual gurus as doctors allay fears. The Times of India
  6. ↑ (23 November 2015). Brahma Kumaris in association with New Delhi Times organizes spiritual program at India Islamic Cultural Centre. [New Delhi Times
  7. ↑ General Assembly – Berlin 2017. World Psychiatric Association
  8. ↑ BKShivani - YouTube. www.youtube.com
  9. ↑ BK Shivani. HuffPost India
  10. ↑ (9 March 2019). President confers Nari Shakti awards on 44 women. The Tribune

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱানী বৰ্মা” প্ৰবন্ধৰ সংশোধন ৪৭০৩৫১ (৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।