শিশু শিক্ষা সমিতি, অসম হৈছে এটা বে-চৰকাৰী শৈক্ষিক সংগঠন যি অসমত এক বহল পৰিসৰৰ ব্যক্তিগত বিদ্যালয়ৰ প্ৰণালী সঞ্চালিত কৰে। ই হৈছে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ এক প্ৰাদেশিক সংস্থা।১ ১৯৭৯ চনৰ ২১ এপ্ৰিলৰ এই অনুষ্ঠানটো গঠন কৰা হৈছিল। বৰ্তমান ইয়াৰ সাধাৰণ সম্পাদক হৈছে শ্ৰীযুত সদা দত্ত। সংস্থাটোৰ মুখ্য কাৰ্য্যালয় ৰাধা গোৱিন্দ বৰুৱা পথ, প্ৰশান্ত পথ, গুৱাহাটী, অসমত অৱস্থিত।২
বিদ্যালয়সমূহ
শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত অসমৰ বিদ্যা ভাৰতী বিদ্যালয়সমূহ মহাপুৰুষ শংকৰদেৱৰ নামত নামকৰণ কৰা হয়।২ ১৯৭৯ চনৰ ৪ ছেপ্টেম্বৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাখন অসমৰ গুৱাহাটীত "শংকৰদেৱ শিশু নিকেতন, অম্বিকাগিৰি নগৰ" নামেৰে প্ৰথমখন বিদ্যা ভাৰতী বিদ্যালয় স্থাপন কৰা হৈছিল। বৰ্তমান এই বিদ্যালয় খনৰ নাম হৈছে "শংকৰদেৱ শিশু কুঞ্জ, অম্বিকাগিৰি পথ"।২ তেতিয়াৰে পৰা ক্ৰমান্নয়ে বিদ্যালয়ৰ সংখ্যা বাঢ়ি বৰ্তমান ৪৭০ খন এনে বিদ্যালয় অসমৰ ভিন্ন ঠাইত স্থাপিত হৈছে। বৰ্তমান এনে বিদ্যালয়ত অধ্যয়নৰত প্ৰায় ১,১৯,৭১৩ গৰাকী বিদ্যাৰ্থীক ৬,৩৮১ গৰাকী আচাৰ্য/আচাৰ্য্যাই শিক্ষা দান কৰে।২ সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন গ্ৰাম্য তথা নগৰ অঞ্চলত প্ৰতিস্থিত এই বিদ্যালয় সমূহত মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰা হয়।২
লগতে চাওক
- শংকৰদেৱ শিশু/বিদ্যা নিকেতন
- সৰস্বতী শিশু মন্দিৰ
- সৰস্বতী বিদ্যা মন্দিৰ
- শংকৰদেৱ শিশু বিদ্যা নিকেতন, ভূৰাগাওঁ
বাহ্যিক সংযোগ
- বিদ্যা ভাৰতীৰ ৱেবছাইট
- বিদ্যা ভাৰতী সংস্কৃতি শিক্ষা সংস্থান (সংস্কৃতি শিক্ষা কেন্দ্ৰ)ৰ ৱেবছাইট
- শিশু শিক্ষা সমিতিৰ ৱেবছাইট
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিশু শিক্ষা সমিতি, অসম” প্ৰবন্ধৰ সংশোধন ৩৯০৯৭৯ (৯ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।