অসমৰ বিমানবন্দৰ
৮ প্ৰবন্ধ
-
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অসমৰ গুৱাহাটী মহানগৰৰ সমীপৱৰ্তী বৰঝাৰত অৱস্থিত উত্তৰ-পূব ভাৰতৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ই ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে পৰিচালনা কৰে আৰু একে ঠাইতে ভাৰতীয় বায়ু সেনাৰ ঘাঁটিও আছে।
-
ডিব্ৰুগড় বিমানবন্দৰ
ডিব্ৰুগড় বিমানবন্দৰ অসমৰ ডিব্ৰুগড় জিলাৰ মোহনবাৰী অঞ্চলত অৱস্থিত এক অসামৰিক বিমানবন্দৰ, যি ডিব্ৰুগড় নগৰৰ বিমান যোগাযোগৰ মুখ্য দ্বাৰ। ই ভাৰতীয় বায়ু সেনাৰ কিছুমান একককো সহায় কৰা সংযুক্ত নাগৰিক–সামৰিক সুবিধা হিচাপে গুৰুত্বপূৰ্ণ।
-
যোৰহাট বিমানবন্দৰ
যোৰহাট বিমানবন্দৰ অসমৰ যোৰহাট জিলাত অৱস্থিত এটা অসামৰিক আৰু ভাৰতীয় বায়ু সেনাৰ দ্বৈত ব্যৱহাৰৰ বিমানবন্দৰ। যোৰহাট নগৰৰ পৰা প্ৰায় ৭ কিমি দক্ষিণ-পশ্চিমে থকা এই বিমানবন্দৰটো ৰৰৈয়া বিমানবন্দৰ নামেও জনাজাত আৰু দ্বিতীয় বিশ্বযুদ্ধকালীন কৌশলগত প্ৰয়োজনৰ পটভূমিত গঢ় লৈ উঠিছিল।
-
ৰূপসী বিমানবন্দৰ
ৰূপসী বিমানবন্দৰ অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এটা বিমানবন্দৰ। বিমানবন্দৰটো ধুবুৰী চহৰৰ পৰা প্ৰায় ২৩ কিঃমিঃ দূৰত্বত অৱস্থিত। এই বিমানবন্দৰটোত এটা একক অন্তঃদেশীয় টাৰ্মিনেল (domestic terminal) আছে। বিমানবন্দৰটোৰ ব্যস্ততম সময়ত যাত্ৰী পৰিচালনাৰ সক্ষমতা কম।
-
তেজপুৰ বিমানবন্দৰ
তেজপুৰ বিমানবন্দৰ (Tezpur Airport) ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ সমীপৱৰ্তী হলেশ্বৰ মন্দিৰৰ নিলগত অৱস্থিত। এই বিমানবন্দৰটো স্থানীয় লোকসকলৰ মাজত শালনীবাৰী বিমানকোঠ হিচাপে অধিক পৰিচিত। শালনীবাৰী নামে গাঁওখনত এই বন্দৰটো থকা হেতুকে এই নাম জনাজাত হৈ পৰে।
-
লীলাবাৰী বিমানবন্দৰ
লীলাবাৰী বিমানবন্দৰ ভাৰতৰ অৰুণাচল প্ৰদেশৰ নিকটবৰ্তী অসম ৰাজ্যৰ লখিমপুৰ জিলাত অৱস্থিত এটি আন্তৰাজ্যিক বিমানবন্দৰ। এই বিমনন্দৰৰ দ্বাৰা অসম আৰু অৰুণাচল প্ৰদেশ ৰাজ্যলৈ বিমানসেৱা উপলব্ধ হয়। বিমান বন্দৰটো উত্তৰ লখিমপুৰ নগৰৰ পৰা ৭ কিলোমিটাৰ দূৰৈত অৱস্থিত।
-
শিলচৰ বিমানবন্দৰ
শিলচৰ বিমানবন্দৰ (শিলচৰ বিমানবন্দৰ) (Silchar Airport) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমৰ কাছাৰ জিলাৰ শিলচৰত অৱস্থিত এটা বিমানবন্দৰ। এই বিমানবন্দৰটো শিলচৰ নগৰৰ পৰা কিছু দূৰৈত কুম্ভিৰগ্ৰাম নামৰ ঠাইত অৱস্থিত। বিমানবন্দৰটো ১৯৪৪ চনত বৃটিছসকলে প্ৰতিষ্ঠা কৰে।
-
অসমৰ বিমানবন্দৰসমূহ