আৰ্জেণ্টিনাৰ ব্যক্তি
১৬ প্ৰবন্ধ
-
ডিয়েগ' মাৰাড'না
ডিয়েগ' আৰ্মাণ্ড' মাৰাড'না ফ্ৰাঙ্ক (৩০ অক্টোবৰ ১৯৬০-২৫ নৱেম্বৰ ২০২০) এজন আৰ্জেণ্টিনীয় ফুটবল মেনেজাৰ, প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈ। বহু কুশলী, ফুটবল সমালোচক, প্ৰাক্তন বা বৰ্তমানৰ খেলুৱৈ আৰু অনুৰাগীয়ে তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে।
-
চে গোৱেৰা
আৰ্নেষ্ট "চে" গোৱেৰা (Ernesto "Che" Guevara; ১৪ জুন ১৯২৮ – ৯ অক্টোবৰ ১৯৬৭) আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা।
-
আল্ফ্ৰেড' ডি ষ্টিফান'
আল্ফ্ৰেড' ষ্টিফান' ডি ষ্টিফান' ল'উহি (Alfredo Stéfano di Stéfano Laulhé) (; ৪ জুলাই ১৯২৬ – ৭ জুলাই ২০১৪) এজন আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক আছিল। ১৯২৬ চনৰ ৪ জুলাইত বাৰাকাছ, বুৱেন'ছ আয়াৰ্ছত জন্মলাভ কৰা ডি ষ্টিফান'ক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৰূপে গণ্য কৰা হয়।
-
লিঅ'নেল মেছি
লিঅ'নেল আন্দ্ৰেছ মেছি (Lionel Andrés "Leo" Messi; ) (জন্ম ২৪ জুন, ১৯৮৭) আমেৰিকান ফুটবল (soccer) ক্লাব ইণ্টাৰ মীয়ামি আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ৰাইট ৱিংগাৰ হিচাপে খেলা এজন আৰ্জেণ্টিনাৰ পেছাদাৰী ফুটবল খেলুৱৈ।
-
গেব্ৰিয়েল বাটিষ্টুটা
গেব্ৰিয়েল অমা'ৰ বাটিষ্টুটা (Gabriel Omar Batistuta) (জন্ম ১ ফেব্ৰুৱাৰী, ১৯৬৯) এজন অৱসৰপ্ৰাপ্ত পেছাদাৰী ফুটবলাৰ। তেওঁক বাটিগ'ল (Batigol) আৰু El Ángel Gabriel (Angel Gabriel-ৰ স্পেনীয় নাম) বুলিও জনা যায়।
-
লিয়া ডিস্কিন
লিয়া ডিস্কিন(Lia Diskin, জন্ম:২৭ অক্টোবৰ, ১৯৫০), সম্পূৰ্ণ নাম লিঅ'ন'ৰ বিট্ৰিজ ডিস্কিন প'ল'ভিচ এগৰাকী আৰ্জেণ্টিনাৰ সাংবাদিক আৰু ব্ৰাজিলৰ এটা দানশীল এন জি অ' এছ'চিয়েচন পালাছ এথেনা ৰ প্ৰতিষ্ঠাপক।
-
এলেনা গ্ৰীণহিল ব্লেকাৰ
এলেনা গ্ৰীণহিল ব্লেকাৰ ( Elena Green hill Blaker; ১৮৭৫ – ১৩ মাৰ্চ ১৯১৫), লা গ্ৰীনিল নামেৰে পৰিচিত, ২০ শতিকাৰ আৰম্ভণিতে পেটাগোনিয়াত সক্ৰিয় ব্ৰিটিছ জন্মগ্ৰহণ কৰা এগৰাকী অপৰাধী আছিল। ১৯১৫ চনত আৰ্জেণ্টিনাৰ গান গানত আৰক্ষীৰ গুলীত গ্ৰীণহিলৰ মৃত্যু হয়।
-
এষ্টাৰ নৰ্মা আৰোষ্টিতো
এষ্টাৰ নৰ্মা আৰোষ্টিতো ( Esther Norma Arrostito; ১৭ জানুৱাৰী ১৯৪০ – ১৫ জানুৱাৰী ১৯৭৮) আছিল আৰ্জেণ্টিনাৰ ৰাজনৈতিক চৰম বাঁওপন্থী উগ্ৰপন্থী, প্ৰথম অৱস্থাত কমিউনিষ্ট মতাদৰ্শৰ ঘনিষ্ঠ আছিল।
-
ছাৰা ফাচিও
ছাৰা ফাচিও ( Sara Facio; ১৮ এপ্ৰিল ১৯৩২ – ১৮ জুন ২০২৪) আছিল এগৰাকী আৰ্জেণ্টিনাৰ ফটো সাংবাদিক আৰু প্ৰকাশক। তেওঁ এলিচিয়া ডি'এমিকোৰ সৈতে আৰ্জেণ্টিনাৰ লেখক জুলিও ক'ৰ্টাজাৰ, মাৰিয়া এলেনা ৱালছ আৰু আলেজান্দ্ৰা পিজাৰ্নিককে ধৰি বিভিন্ন সাংস্কৃতিক ব্যক্তিত্বৰ ফটো তোলাৰ বাবে বেছিকৈ জনাজাত আছিল।
-
জিচেলা মেনোছি
জিচেলা মেনোছি (জন্ম: ১৯৮৮) এগৰাকী আৰ্জেণ্টিনীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু মডেল। তেওঁ ২০০৯ চনত অনুষ্ঠিত হোৱা মিছ আৰ্থ আৰ্জেণ্টিনা ২০০৯ প্ৰতিযোগিতাত বিজয়ী হৈ দেশজুৰি পৰিচিতি লাভ কৰে।
-
জৰ্জিনা ৰড্ৰিগেজ
জৰ্জিনা ৰড্ৰিগেজ হাৰ্নাণ্ডেজ (জন্ম: ২৭ জানুৱাৰী ১৯৯৪) এগৰাকী আৰ্জেণ্টিনা আৰু স্পেনিছ ছ’চিয়েল মিডিয়া ব্যক্তিত্ব, মডেল আৰু উদ্যোগী। পৰ্তুগীজ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে তেওঁৰ সম্পৰ্কৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে।
-
নোৰা আছলান
নোৰা আচলান (Nora Aslan) জন্ম: ১৯৩৭ চনৰ ১৯ ডিচেম্বৰ, এগৰাকী আৰ্জেণ্টিনাৰ ভিচুৱল আৰ্টিষ্ট আৰু ফটোগ্ৰাফাৰ। তেওঁ টেপেষ্ট্ৰী ডিজাইন আৰু কলাজৰ বাবে পৰিচিত। তেওঁৰ কামক মেক্স আৰ্নষ্ট, ফ্ৰেড টমাচেলি, হাইৰ’নিমাছ বছৰ আৰু মাথিয়াছ গ্ৰুনেৱাল্ডৰ সৈতে তুলনা কৰা হৈছে।
-
ভেলেণ্টিনা ফেৰাৰ
ভেলেণ্টিনা ফেৰাৰ (ইংৰাজী: Valentina Ferrer; জন্ম: ১৯ ডিচেম্বৰ ১৯৯৩) এগৰাকী আৰ্জেণ্টিনীয় অভিনেত্ৰী, মডেল, টিভি হষ্ট আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ আৰ্জেণ্টিনা ২০১৪-ৰ খিতাপ অৰ্জন কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
-
লুচিয়া আলবাৰ্টি
লুচিয়া এন আলবাৰ্টি ( Lucía N. Alberti; জন্ম: ১৩ ডিচেম্বৰ ১৯৪৪ চন), এগৰাকী আৰ্জেণ্টিনাৰ উগ্ৰ নাৰীবাদী আৰু ৰাজনীতিবিদ। তেওঁ ইউনিয়ন চিভিকা ৰেডিকেল (UCR)ৰ এগৰাকী নেত্ৰী।
-
হাইডি তামাৰা বাংকে
হাইডি তামাৰা বাংকে বিডাৰ ( Haydie Tamara Bunke Bider; ১৯ নৱেম্বৰ, ১৯৩৭ – ৩১ আগষ্ট, ১৯৬৭) আৰ্জেণ্টিনাত জন্মগ্ৰহণ কৰা এগৰাকী পূব জাৰ্মান বিপ্লৱী আছিল যিয়ে বাওঁপন্থী ৰাজনীতি আৰু মুক্তি আন্দোলনৰ সৈতে জড়িত হোৱাৰ বাবে পৰিচিত।
-
ৰোমিনা ৰেছিয়া
ৰোমিনা ৰেছিয়া ( Romina Ressia), জন্ম: ১১ মাৰ্চ, ১৯৮১, বুয়েনছ আয়াৰ্ছৰ আজুলত। সমসাময়িক বস্তুৰ সৈতে সংযুক্ত শক্তিশালী ৰেনেছাঁ প্ৰভাৱৰ ছবিত প্ৰয়োগ কৰা এনাক্ৰ’নিজমৰ ব্যৱহাৰৰ পথ প্ৰদৰ্শক হিচাপে তেওঁ স্বীকৃতি লাভ কৰিছে।