লিঅ'নেল আন্দ্ৰেছ মেছি (Lionel Andrés "Leo" Messi; ) (জন্ম ২৪ জুন, ১৯৮৭) আমেৰিকান ফুটবল (soccer) ক্লাব ইণ্টাৰ মীয়ামি আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ৰাইট ৱিংগাৰ হিচাপে খেলা এজন আৰ্জেণ্টিনাৰ পেছাদাৰী ফুটবল খেলুৱৈ।
তেওঁ ২১ বছৰ বয়সত বেলন ডিঅ'ৰ আৰু ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটাৰ বাবে মনোনীত হৈছিল। তাৰ পিছৰ বছৰতে (২০০৯ চন) তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ আৰু ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে। ২০১০ চনত তেওঁ ফিফা বেলন ডিঅ'ৰ লাভ কৰে আৰু ২০১১ আৰু ২০১২ চনত পুনৰ সেই খিতাপৰ অধিকাৰী হয়। তেওঁ ২০১০-২০১১ চনত ইউৰোপৰ শ্ৰেষ্ঠ খেলুৱৈৰ উৱেফা বঁটাও লাভ কৰিছিল। মাত্ৰ ২৪ বছৰ বয়সত তেওঁ সকলোবোৰ আনুষ্ঠানিক প্ৰতিযোগিতা ধৰি বাৰ্চিলোনাৰ সৰ্বোচ্চ স্ক'ৰাৰ হৈ পৰে। লা লিগাত ২০০টা গ'ল কৰা কনিষ্ঠ খেলুৱৈও মেছিয়েই।
বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু কিছুমানে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে গণ্য কৰা১২৩৪৫৬ মেছি আঠবাৰ ফিফা/বেলন ডিঅ'ৰ বঁটা আৰু তিনিবাৰ ইউৰোপীয়ান গ'ল্ডেন শ্বু বঁটা জয় কৰা ইতিহাসৰ একমাত্ৰ খেলুৱৈ। বাৰ্চিলোনাৰ হৈ মেছিয়ে ছবাৰ লীগ খিতাপ, দুবাৰ ক'পা ডেল ৰে', পাঁচবাৰ চুপাৰক'পা, তিনিবাৰ উৱেফা চেম্পিয়ন্ছ লীগ, দুবাৰ উৱেফা চুপাৰ কাপ আৰু দুবাৰ ফিফা ক্লাব বিশ্বকাপ লাভ কৰিছে।
একাধাৰে চাৰিখন উৱেফা চেম্পিয়ন্ছ লীগত অধিকতম সাফল্য অৰ্জন কৰা মেছি হৈছে প্ৰথম আৰু একমাত্ৰ খেলুৱৈ, আৰু লগতে প্ৰতিযোগিতাখনত অধিকতম হেট্ট্ৰিক অৰ্জন(৪) কৰাৰ ৰেকৰ্ডো মেছিৰ নামতে আছে। ২০১২ চনৰ মাৰ্চ মাহত মেছিয়ে চেম্পিয়নছ লীগৰ এখন খেলতে প্ৰথম খেলুৱৈ হিচাপে পাঁচটা গ'ল কৰি নতুন ইতিহাস ৰচে। তেওঁ চেম্পিয়ন্ছ লীগৰ একেটা চীজনত জ'ছে আলটাফিনিৰ ১৪টা গ'লৰ ৰেকৰ্ডৰ লগতো সমতা স্থাপন কৰে যিটো পিছলৈ ক্ৰিষ্টিয়ান' ৰ'নাল্ড'ই ভংগ কৰে। মেছিয়ে ২০১১-১২ সময়ছোৱাত ৭৩টা গ'লেৰে নতুন ইউৰোপীয়ান ৰেকৰ্ড গঢ়ে। সেই চিজনত তেওঁ ৫০টা গ'লেৰে লা লীগাৰ এটা চিজনত অৰ্জন কৰা গ'লসাফল্যৰ ৰেকৰ্ড স্থাপন কৰে। তদুপৰি একেটা চিজনতে ছখন ভিন্ন আনুষ্ঠানিক প্ৰতিযোগিতাত সাফল্য অৰ্জনৰ লগতে সহায়কৰ ভূমিকা পালন কৰা মেছিক প্ৰথমজন খেলুৱৈ হিচাপে বিবেচনা কৰা হয়। ১৬ ফেব্ৰুৱাৰী, ২০১৩ৰ দিনা মেছিয়ে বাৰ্চিলোনাৰ হকে ৩০০তম গ'লটো দিয়ে। ৩০ মাৰ্চ, ২০১৩ৰ দিনা ব্যৱসায়িক ফুটবল লীগত ধাৰাবাহিকভাৱে প্ৰতিটো টীমৰ বিৰূদ্ধে গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাপে লা লীগাৰ ১৯তম চিজনত একেৰাহে গ'লসাফল্য অৰ্জন কৰে। তেওঁ পিছত এই ৰেকৰ্ড ২১টা লৈ বৃদ্ধি কৰে, আৰু তেওঁৰ উৰুৰ আঘাতৰ বাবে এই অভিলেখ ২১টাতে থমকি ৰ'ব লগা হয়। ২০১৪ চনৰ মাৰ্চ মাহত ৰিয়েল মাদ্ৰিদ (Real Madrid)ৰ বিৰূদ্ধে হেট্ট্ৰিক কৰি সৰ্বোচ্চ গ'ল আৰু হেট্ট্ৰিকৰ সৈতে এল ক্লাচিক' (El Clásico)ৰ ইতিহাসৰ প্ৰথমজন খেলুৱৈ হৈ পৰে।
মেছিয়ে সৰ্বোকৃষ্ট খেলুৱৈ আৰু সৰ্বোচ্চ গ'লদাতা (৬টা গ'লৰ সৈতে) হিচাপে সমাপ্তি ঘটাই আৰ্জেণ্টিনা(Argentina)ক ২০০৫ চনৰ ২০ বছৰ অনূৰ্ধ্ব বিশ্বকাপ(২০০৫ FIFA U-২০ World Cup) জিকাত সহায় কৰে। (২০০৬)চনত তেওঁ আৰ্জেণ্টিনাৰ হকে ফিফা বিশ্বকাপ খেলা(FIFA World Cup)ৰ লগতে গ'ল দি কনিষ্ঠতম আৰ্জেণ্টাইন খেলুৱৈ হৈ পৰে, আৰু ইয়াৰ লগতে ২০০৭চনত ক'পা আমেৰিকা(Copa América)ত সৰ্বোচ্চ কনিষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ৰানাৰ্চ আপ মেডেলো জয় কৰে। ২০০৮ চনত তেখেতে আৰ্জেণ্টিনা অলিম্পিক ফুটবল দল (Argentina Olympic football team)ৰ সৈতে তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মান হিচাপে অলিম্পিক স্বৰ্ণ মেডেল (Olympic Gold Medal) জয় কৰে। স্পৰ্টছ প্ৰ' (SportsPro)এ তেওঁক আটাইতকৈ ব্যৱসায়যোগ্য খেলুৱৈৰ তালিকাত দ্বিতীয় স্থান দিছে। তেওঁৰ ভংগী আৰু যশে তেখেতক ডিয়েগ' মাৰাড'না (Diego Maradona)ৰ সৈতে তুলনা কৰাবলৈ বাধ্য কৰাইছে, আৰু তেওঁ নিজেই মেছিক তেখেতৰ উত্তৰাধিকাৰী (successor) বুলি স্বীকৃতি দিছে।৭
ক্লাব পৰিসংখ্যা
| + Appearances and goals by club, season and competition | |||||||||||
| ক্লাব | Season | লীগ | National cup | Europe | Other | মুঠ | |||||
|---|---|---|---|---|---|---|---|---|---|---|---|
| Division | Apps | Goals | Apps | Goals | Apps | Goals | Apps | Goals | Apps | Goals | |
| বাৰ্চিলোনা চি | 2003–04৮ | Tercera División | ১০ | ৫ | — | — | — | ১০ | ৫ | ||
| বাৰ্চিলোনা বি | ২০০৩–০৪ | Segunda División B | ৫ | ০ | — | — | — | ৫ | ০ | ||
| ২০০৪–০৫ | Segunda División B | ১৭ | ৬ | — | — | — | ১৭ | ৬ | |||
| Total | ২২ | ৬ | — | — | — | ২২ | ৬ | ||||
| বাৰ্চিলোনা | ২০০৪–০৫ | লা লিগা | ৭ | ১ | ১ | ০ | ১ | ০ | — | ৯ | ১ |
| ২০০৫–০৬ | লা লিগা | ১৭ | ৬ | ২ | ১ | ৬ | ১ | ০ | ০ | ২৫ | ৮ |
| ২০০৬–০৭ | লা লিগা | ২৬ | ১৪ | ২ | ২ | ৫ | ১ | ৩ | ০ | ৩৬ | ১৭ |
| ২০০৭–০৮ | লা লিগা | ২৮ | ১০ | ৩ | ০ | ৯ | ৬ | — | ৪০ | ১৬ | |
| ২০০৮–০৯ | লা লিগা | ৩১ | ২৩ | ৮ | ৬ | ১২ | ৯ | — | ৫১ | ৩৮ | |
| ২০০৯–১০ | লা লিগা | ৩৫ | ৩৪ | ৩ | ১ | ১১ | ৮ | ৪ | ৪ | ৫৩ | ৪৭ |
| ২০১০–১১ | লা লিগা | ৩৩ | ৩১ | ৭ | ৭ | ১৩ | ১২ | ২ | ৩ | ৫৫ | ৫৩ |
| ২০১১–১২ | লা লিগা | ৩৭ | ৫০ | ৭ | ৩ | ১১ | ১৪ | ৫ | ৬ | ৬০ | ৭৩ |
| ২০১২–১৩ | লা লিগা | ৩২ | ৪৬ | ৫ | ৪ | ১১ | ৮ | ২ | ২ | ৫০ | ৬০ |
| ২০১৩–১৪ | লা লিগা | ৩১ | ২৮ | ৬ | ৫ | ৭ | ৮ | ২ | ০ | ৪৬ | ৪১ |
| ২০১৪–১৫৯ | লা লিগা | ৩৮ | ৪৩ | ৬ | ৫ | ১৩ | ১০ | — | ৫৭ | ৫৮ | |
| ২০১৫–১৬১০ | লা লিগা | ৩৩ | ২৬ | ৫ | ৫ | ৭ | ৬ | ৪ | ৪ | ৪৯ | ৪১ |
| ২০১৬–১৭১১ | লা লিগা | ৩৪ | ৩৭ | ৭ | ৫ | ৯ | ১১ | ২ | ১ | ৫২ | ৫৪ |
| ২০১৭–১৮১২ | লা লিগা | ৩৬ | ৩৪ | ৬ | ৪ | ১০ | ৬ | ২ | ১ | ৫৪ | ৪৫ |
| ২০১৮–১৯১৩ | লা লিগা | ৩৪ | ৩৬ | ৫ | ৩ | ১০ | ১২ | ১ | ০ | ৫০ | ৫১ |
| ২০১৯–২০১৪ | লা লিগা | ৩৩ | ২৫ | ২ | ২ | ৮ | ৩ | ১ | ১ | ৪৪ | ৩১ |
| ২০২০–২১১৫ | লা লিগা | ৩৫ | ৩০ | ৫ | ৩ | ৬ | ৫ | ১ | ০ | ৪৭ | ৩৮ |
| Total | ৫২০ | ৪৭৪ | ৮০ | ৫৬ | ১৪৯ | ১২০ | ২৯ | ২২ | ৭৭৮ | ৬৭২ | |
| Paris Saint-Germain | ২০২১–২২১৬ | লীগ ১ | ২৬ | ৬ | ১ | ০ | ৭ | ৫ | — | ৩৪ | ১১ |
| ২০২২–২৩১৭ | লীগ ১ | ১৩ | ৭ | ০ | ০ | ৫ | ৪ | ১ | ১ | ১৯ | ১২ |
| Total | ৩৯ | ১৩ | ১ | ০ | ১২ | ৯ | ১ | ১ | ৫৩ | ২৩ | |
| Career total | ৫৯১ | ৪৯৮ | ৮১ | ৫৬ | ১৬১ | ১২৯ | ৩০ | ২৩ | ৮৬৩ | ৭০৬ |
আন্তঃৰাষ্ট্ৰীয় পৰিসংখ্যা
| + Appearances and goals by national team, year and competition | |||||||
| দল | বৰ্ষ | Competitive | Friendly | Total | |||
|---|---|---|---|---|---|---|---|
| Apps | Goals | Apps | Goals | Apps | Goals | ||
| আৰ্জেণ্টিনাU২০১৮১৯ | ২০০৪ | — | ২ | ৩ | ২ | ৩ | |
| ২০০৫ | ১৬ | ১১ | — | ১৬ | ১১ | ||
| Total | ১৬ | ১১ | ২ | ৩ | ১৮ | ১৪ | |
| আৰ্জেণ্টিনাU২৩২০ | ২০০৮ | ৫ | ২ | — | ৫ | ২ | |
| Total | ৫ | ২ | ০ | ০ | ৫ | ২ | |
| Argentina২১ | ২০০৫ | ৩ | ০ | ২ | ০ | ৫ | ০ |
| ২০০৬ | ৩ | ১ | ৪ | ১ | ৭ | ২ | |
| ২০০৭ | ১০ | ৪ | ৪ | ২ | ১৪ | ৬ | |
| ২০০৮ | ৬ | ১ | ২ | ১ | ৮ | ২ | |
| ২০০৯ | ৮ | ১ | ২ | ২ | ১০ | ৩ | |
| ২০১০ | ৫ | ০ | ৫ | ২ | ১০ | ২ | |
| ২০১১ | ৮ | ২ | ৫ | ২ | ১৩ | ৪ | |
| ২০১২ | ৫ | ৫ | ৪ | ৭ | ৯ | ১২ | |
| ২০১৩ | ৫ | ৩ | ২ | ৩ | ৭ | ৬ | |
| ২০১৪ | ৭ | ৪ | ৭ | ৪ | ১৪ | ৮ | |
| ২০১৫ | ৬ | ১ | ২ | ৩ | ৮ | ৪ | |
| ২০১৬ | ১০ | ৮ | ১ | ০ | ১১ | ৮ | |
| ২০১৭ | ৫ | ৪ | ২ | ০ | ৭ | ৪ | |
| ২০১৮ | ৪ | ১ | ১ | ৩ | ৫ | ৪ | |
| ২০১৯ | ৬ | ১ | ৪ | ৪ | ১০ | ৫ | |
| ২০২০ | ৪ | ১ | ০ | ০ | ৪ | ১ | |
| ২০২১ | ১৬ | ৯ | ০ | ০ | ১৬ | ৯ | |
| ২০২২ | ১০ | ৮ | ৪ | ১০ | ১৪ | ১৮ | |
| Total | ১২১ | ৫৪ | ৫১ | ৪৪ | ১৭২ | ৯৮ | |
| Career total | ১৪২ | ৬৭ | ৫৩ | ৪৭ | ১৯৫ | ১১৪ |
আন্তঃৰাষ্ট্ৰীয় গ'লসমূহ
Scores and results list Argentina's goal tally first.
| Goal | Date | Venue | Opponent | Score | Result | Competition |
|---|---|---|---|---|---|---|
| ১ | ১ March ২০০৬ | St. Jakob-Park, Basel, ছুইজাৰলেণ্ড | ২–১ | ২–৩ | Friendly | |
| ২ | ১৬ June ২০০৬ | WM-Stadion Gelsenkirchen, Gelsenkirchen, জাৰ্মানী | ৬–০ | ৬–০ | ২০০৬ FIFA World Cup | |
| ৩ | ৫ June ২০০৭ | Camp Nou, Barcelona, স্পেইন | ২–২ | ৪–৩ | Friendly | |
| ৪ | ৪–২ | |||||
| ৫ | ৮ July ২০০৭ | Metropolitano de Fútbol de Lara, Barquisimeto, ভেনিজুৱেলা | ২–০ | ৪–০ | ২০০৭ Copa América | |
| ৬ | ১১ July ২০০৭ | Polideportivo Cachamay, Puerto Ordaz, ভেনিজুৱেলা | ২–০ | ৩–০ | ||
| ৭ | ১৬ October ২০০৭ | José Pachencho Romero, Maracaibo, ভেনিজুৱেলা | ২–০ | ২–০ | ২০১০ FIFA World Cup qualification | |
| ৮ | ২০ November ২০০৭ | Estadio El Campín, Bogotá, Colombia | ১–০ | ১–২ | ||
| ৯ | ৪ June ২০০৮ | Qualcomm Stadium, San Diego, আমেৰিকা যুক্তৰাষ্ট্ৰ | ২–০ | ৪–১ | Friendly | |
| ১০ | ১১ October ২০০৮ | Estadio Monumental, Buenos Aires, আৰ্জেণ্টিনা | ১–০ | ২–১ | ২০১০ FIFA World Cup qualification | |
| ১১ | ১১ February ২০০৯ | Stade Vélodrome, Marseille, ফ্ৰান্স | ২–০ | ২–০ | Friendly | |
| ১২ | ২৮ March ২০০৯ | Estadio Monumental, Buenos Aires, আৰ্জেণ্টিনা | ১–০ | ৪–০ | ২০১০ FIFA World Cup qualification | |
| ১৩ | ১৪ November ২০০৯ | Vicente Calderón Stadium, Madrid, স্পেইন | ১–১ | ১–২ | Friendly | |
| ১৪ | ৭ September ২০১০ | Estadio Monumental, Buenos Aires, আৰ্জেণ্টিনা | ১–০ | ৪–১ | ||
| ১৫ | ১৭ November ২০১০ | Khalifa International Stadium, Doha, কাটাৰ | ১–০ | ১–০ | ||
| ১৬ | ৯ February ২০১১ | Stade de Genève, Geneva, ছুইজাৰলেণ্ড | ২–১ | ২–১ | ||
| ১৭ | ২০ June ২০১১ | Estadio Monumental, Buenos Aires, আৰ্জেণ্টিনা | ২–০ | ৪–০ | ||
| ১৮ | ৭ October ২০১১ | ২–০ | ৪–১ | ২০১৪ FIFA World Cup qualification | ||
| ১৯ | ১৫ November ২০১১ | Estadio Metropolitano Roberto Meléndez, Barranquilla, Colombia | ১–১ | ২–১ | ||
| ২০ | ২৯ February ২০১২ | Stade de Suisse Wankdorf, Bern, ছুইজাৰলেণ্ড | ১–০ | ৩–১ | Friendly | |
| ২১ | ২–১ | |||||
| ২২ | ৩–১ | |||||
| ২৩ | ২ June ২০১২ | Estadio Monumental, Buenos Aires, আৰ্জেণ্টিনা | ৩–০ | ৪–০ | ২০১৪ FIFA World Cup qualification | |
| ২৪ | ৯ June ২০১২ | MetLife Stadium, East Rutherford, আমেৰিকা যুক্তৰাষ্ট্ৰ | ১–১ | ৪–৩ | Friendly | |
| ২৫ | ২–১ | |||||
| ২৬ | ৪–৩ | |||||
| ২৭ | ১৫ August ২০১২ | Commerzbank-Arena, Frankfurt, জাৰ্মানী | ২–০ | ৩–১ | ||
| ২৮ | ৭ September ২০১২ | Estadio Mario Alberto Kempes, Córdoba, আৰ্জেণ্টিনা | ৩–১ | ৩–১ | ২০১৪ FIFA World Cup qualification | |
| ২৯ | ১২ October ২০১২ | Estadio Malvinas Argentinas, Mendoza, আৰ্জেণ্টিনা | ১–০ | ৩–০ | ||
| ৩০ | ৩–০ | |||||
| ৩১ | ১৬ October ২০১২ | Estadio Nacional, Santiago, চিলি | ১–০ | ২–১ | ||
| ৩২ | ২২ March ২০১৩ | Estadio Monumental, Buenos Aires, আৰ্জেণ্টিনা | ২–০ | ৩–০ | ||
| ৩৩ | ১৪ June ২০১৩ | Estadio Mateo Flores, Guatemala City, Guatemala | ১–০ | ৪–০ | Friendly | |
| ৩৪ | ৩–০ | |||||
| ৩৫ | ৪–০ | |||||
| ৩৬ | ১০ September ২০১৩ | Estadio Defensores del Chaco, Asunción, Paraguay | ১–০ | ৫–২ | ২০১৪ FIFA World Cup qualification | |
| ৩৭ | ৪–১ | |||||
| ৩৮ | ৭ June ২০১৪ | Estadio Ciudad de La Plata, La Plata, আৰ্জেণ্টিনা | ২–০ | ২–০ | Friendly | |
| ৩৯ | ১৫ June ২০১৪ | Estádio do Maracanã, Rio de Janeiro, ব্ৰাজিল | ২–০ | ২–১ | ২০১৪ FIFA World Cup |
বাহ্যিক সংযোগ
- FC Barcelona profile
- লিঅ'নেল মেছি at Topforward
- BDFutbol profile
- La Liga profile
- Profile at ESPN
তথ্যসূত্ৰ
- ↑ Del Potro: Messi's the best player in the world. Marca.com
- ↑ Simunic: Messi’s the best of all time. FIFA
- ↑ Smith, Ben. Lionel Messi: Goals record caps golden year for Barcelona star. BBC Sport
- ↑ (10 December 2012). Lionel Messi hailed as 'incredible' and 'gigantic' by Gerd Muller after Barcelona star breaks record for most goals. Telegraph Sport
- ↑ (7 April 2010). Arsène Wenger hails Barcelona's Lionel Messi after four-goal display. The Guardian
- ↑ David Beckham: Lionel Messi is the best. ESPN
- ↑ (25 February 2006). Maradona proclaims Messi as his successor. China Daily. Reuters
- ↑ Caioli 2012, পৃ. 69–71
- ↑ Lionel Andrés Messi Cuccittini: Matches 2014–15. BDFutbol
- ↑ Lionel Andrés Messi Cuccittini: Matches 2015–16. BDFutbol
- ↑ Lionel Andrés Messi Cuccittini: Matches 2016–17. BDFutbol
- ↑ Lionel Andrés Messi Cuccittini: Matches 2017–18. BDFutbol
- ↑ Lionel Andrés Messi Cuccittini: Matches 2018–19. BDFutbol
- ↑ Lionel Andrés Messi Cuccittini: Matches 2019–20. BDFutbol
- ↑ Lionel Andrés Messi Cuccittini: Matches 2020–21. BDFutbol
- ↑ Lionel Andrés Messi Cuccittini: Matches 2021–22. BDFutbol
- ↑ Lionel Andrés Messi Cuccittini: Matches 2022–23. BDFutbol
- ↑ Balagué ২০১৩, পৃ. ২০৯–২১৯
- ↑ Balagué ২০১৩, পৃ. ২২০–২৪০
- ↑ Balagué ২০১৩, পৃ. ৪৩৬–৪৩৭
- ↑ Lionel Messi: Player Profile. ESPN FC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিঅ'নেল মেছি” প্ৰবন্ধৰ সংশোধন ৬৩৭৭১৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।