লেখক
২৫ প্ৰবন্ধ
-
বিষ্ণু খাৰঘৰীয়া
বিষ্ণু খাৰঘৰীয়া (জন্ম ১৯৪৬) অসমীয়া চলচ্চিত্ৰ-জগতৰ এজন সুদীৰ্ঘকাল সক্ৰিয় অভিনেতা, যাৰ অভিনয়-জীৱন নাটকৰ পৰা আৰম্ভ হৈ ১৯৭১ চনত চিনেমালৈ বিস্তাৰ পায়। পাঁচ দশকৰো অধিক কালত তেখেতে ত্ৰিশতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা সহ একাধিক সন্মান লাভ কৰিছে।
-
বাণীকান্ত কাকতি
বাণীকান্ত কাকতি (১৮৯৪–১৯৪৮) অসমীয়া ভাষাবিজ্ঞান আৰু সাহিত্য-সমালোচনাৰ ক্ষেত্ৰত গৱেষণাভিত্তিক দিশ-মোচৰ কৰোঁতা এক প্ৰধান পণ্ডিত। কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি তেখেতে অসমীয়া ভাষাৰ গঠন-উৎপত্তি সম্পৰ্কীয় অধ্যয়নক আধুনিক শাস্ত্ৰীয় ভিত্তি দান কৰে।
-
অনুপমা চোপ্ৰা
অনুপমা চোপ্ৰা (জন্ম ২৩ ফেব্ৰুৱাৰী ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় ছবি সমালোচক, লেখক আৰু সাংবাদিক। তেওঁ MAMI মুম্বাই ছবি মহোৎসৱৰ অধ্যক্ষা। চিনেমাসম্পৰ্কীয় ডিজিটেল প্লেটফৰ্ম "ফিল্ম কম্পেনিয়ন"ৰ তেখেত প্ৰতিষ্ঠাতা আৰু সম্পাদক। ভাৰতীয় ছবি সম্পৰ্কে তেখেতে কেইবাখনো গ্ৰন্থ ইতিমধ্যে লিখি উলিয়াইছে।
-
ইমানুৱেল কাণ্ট
ইমানুৱেল কাণ্ট (২২ এপ্ৰিল, ১৭২৪ - ১২ ফেব্ৰুৱাৰী, ১৮০৪) ১৮ শতিকাৰ এজন বিখ্যাত জাৰ্মান দাৰ্শনিক। কাণ্টৰ জন্ম হৈছিল কনিগছবাৰ্গত, যিটো বৰ্তমান ৰাছিয়াৰ অংশ। কাণ্টক আধুনিক ইউৰোপৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ হিচাপে গণ্য কৰা হয়। তেওঁৰ "Critique of Pure Reason" (১৭৮১) নামৰ গ্ৰন্থখনৰ বাবে জনপ্ৰিয়।
-
আনন্দ চন্দ্ৰ দত্ত
আনন্দ চন্দ্ৰ দত্ত (Ananda Chandra Dutta; ৮ ফেব্ৰুৱাৰী ১৯২৩ - ১৬ জানুৱাৰী ২০১৬) অসমৰ এজন আন্তঃৰাষ্ট্ৰীয়ভাৱে জনাজাত উদ্ভিদবিদ৷ ইয়াৰ লগতে তেখেত চাহৰ শ্ৰেণীবিভাজন, চাহৰ আকৃতি, শৰীৰবিজ্ঞান আৰু কোষবিজ্ঞানৰ লগতো জড়িত আছিল।
-
তেৎছুকো কুৰ'য়ানাগি
তেৎছুকো কুৰ'য়ানাগি (Tetsuko Kuroyanagi) হৈছে এগৰাকী জাপানী অভিনেত্ৰী, ভয়ছ অভিনেত্ৰী, লেখিকা আৰু টাৰেণ্টো (tarento, জাপানী চেলিব্ৰিটি)৷ ইয়াৰ উপৰিও তেখেত "প্ৰকৃতিৰ বিশ্বজনীন পুঁজি"ৰ উপদেষ্টা, আৰু ইউনিচেফৰ গুডৱিল এম্বেচাদৰ৷ সমাজহিতকৰ কৰ্মৰ বাবে তেখেত জনাজাত৷ আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি অৰ্জন কৰা…
-
বলৰাজ সাহনী
বলৰাজ সাহনী ( ইংৰাজী: বলৰাজ সাহনী; জন্ম: ১ মে' ১৯১৩ –মৃত্যু: ১৩ এপ্ৰিল ১৯৭৩) এজন ভাৰতীয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা, যি জনে ধৰ্তি কে লাল (১৯৪৬), দো বিঘা জমিন (১৯৫৩), ছ'টি বহন (১৯৫৯), কাবুলীৱালা ( ১৯৬১), ৱক্ত (১৯৬৫) আৰু গৰ্ম হাৱা(১৯৭৩)ৰ দৰে বিখ্যাত হিন্দী চিনেমাত নিজ অভিনয় দক্ষতা প্ৰকাশ কৰি…
-
বিধু বিনোদ চোপ্ৰা
বিধু বিনোদ চোপ্ৰা (: Vidhu Vinod Chopra; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৫২) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সম্পাদক। চোপ্ৰাই পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দহটা ফিল্মফেয়াৰ বঁটাকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বহু প্ৰশংসা লাভ কৰিছে।
-
ৰামশৰণ দৰ্নাল
ৰামশৰণ দৰ্নাল (रामशरण दर्नाल; ১০ জুলাই ১৯৩৭ – ১৮ ছেপ্টেম্বৰ ২০১১) নেপালৰ বিভিন্ন জনগোষ্ঠীৰ সংগীতৰ অধ্যয়ন আৰম্ভ আৰু প্ৰচাৰৰ বাবে বেছিকৈ পৰিচিত আছিল এগৰাকী নেপালী নৃতাত্তিক সংগীতবিজ্ঞানী। নেপালত কেইটামান পশ্চিমীয়া বাদ্যৰ জনপ্ৰিয়কৰণতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
অৰ্জুন দাস বৈৰাগী
অৰ্জুন দাস বৈৰাগী (১৭-১৮ শতিকা) স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ কটকী আছিল। ১৭১০ চনৰপৰা ১৫ চনলৈ মুঠতে তিনিবাৰ ৰত্ন কন্দলী শৰ্মা কটকীৰ লগত ত্ৰিপুৰা ৰাজ্যলৈ স্বৰ্গদেউৰ সন্দেশ লৈ গৈছিল। মোগল আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ স্বৰ্গদেৱে ত্ৰিপুৰা ৰাজ্যৰ সহায় বিচাৰি বাৰ্তা পঠিয়াইছিল।
-
কাৰ্ল পপাৰ
কাৰ্ল পপাৰ (২৮ জুলাই ১৯০২ – ১৭ ছেপ্টেম্বৰ ১৯৯৪) এজন অষ্ট্ৰিয়া-ব্ৰিটিছ দাৰ্শনিক আৰু অধ্যাপক। ১৯০২ চনত ভিয়েনাত উচ্চ মধ্যবিত্তীয় ঘৰত জন্মগ্ৰহণ কৰিছিল কাৰ্ল পপাৰে।
-
হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন
হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন (২ এপ্ৰিল ১৮০৫ – ৪ আগষ্ট ১৮৭৫) এজন ডেনিছ লেখক আছিল। যদিও তেওঁ নাটক, ভ্ৰমণ বিৱৰণ, উপন্যাস আৰু কবিতা লিখিছিল, তেওঁ মূলত তেওঁৰ সাধুকথাবোৰৰ বাবে পৰিচিত। তেওঁৰ সাধুকথাবোৰ ৯খন খণ্ডত ১৫৬টা কাহিনী সংকলিত ৰূপত প্ৰকাশ পায় আৰু ১২৫টাতকৈও অধিক ভাষালৈ অনুবাদ কৰা হৈছে।
-
অনন্ত কলিতা
অনন্ত কলিতা (Ananta Kalita) হৈছে অসম, ভাৰতৰ এগৰাকী অৰ্থনীতিবিদ, স্তম্ভ লেখক, নিবন্ধকাৰ, বাঁওপন্থী নেতা, আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ভূতপূৰ্ব সঞ্চালক ৷ ডাক আৰু তাঁৰ সেৱাৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত ষ্টেট বেংক অৱ ইণ্ডিয়াত যোগদান কৰা অনন্ত কলিতাই অৰ্থনীতি আৰু সামাজিক বিষয়ত একাধিক…
-
জন পিটাৰ ৱেড
জন পিটাৰ ৱেড (John Peter Wade, জ.১৭৬২-মৃ.২৪.১੦.১৮੦২) এগৰাকী ব্ৰিটিছ লেখক আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এছিছটেণ্ট ছাৰ্জন৷ কেপ্টেইন ৱেলছৰ লগত অসমলৈ আহি ইয়াত ডেৰ বছৰ থাকি তেওঁ এন একাউণ্ট অৱ আছাম (An Account of Assam) নামৰ গ্ৰন্থখন ৰচনা কৰে৷ ১৭৯৮ চনত তেওঁ পুনৰ অসমলৈ আহে আৰু এ জিওগ্ৰাফিকেল…
-
জুলিয়ান বাৰ্ণছ
জুলিয়ান বাৰ্ণছ (জন্ম: ১৯ জানুৱাৰী, ১৯৪৬) বিংশ শতিকাৰ শেষৰ দশকৰ এজন বৃটিছ ঔপন্যাসিক। ২০১১ চনত তেওঁ বুকাৰ বঁটা লাভ কৰিছিল। দ্য চেন্স অৱ এণ এণ্ডিং নামৰ উপন্যাসখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।
-
ফুকুযাৱা য়ুকিচী
ফুকুযাৱা য়ুকিচী এজন জাপানী শিক্ষাবিদ, দাৰ্শনিক, আৰু লেখক আছিল। য়ুকিচীয়ে কিউ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। ফুকুযাৱা য়ুকিচীৰ এক দুখীয়া ছামুৰাই পৰিয়ালত জন্ম হয়। তেওঁ নাগাচাকী আৰু ওচাকাত ডাচ আৰু পশ্চিমীয়া বিজ্ঞানৰ শিক্ষা আৰু পিছত ইংৰাজী শিক্ষা গ্ৰহণ কৰে।
-
বাল্মিক থাপাৰ
বাল্মিক থাপাৰ (Valmik Thapar; ১৯৫২ – ৩১ মে' ২০২৫) এজন ভাৰতীয় প্ৰকৃতিবিদ, সংৰক্ষণবিদ আৰু লেখক। তেওঁ ১৪খন কিতাপ আৰু কেইবাটাও প্ৰবন্ধৰ লেখক আৰু টেলিভিছনৰ বাবে বিভিন্ন অনুষ্ঠানৰ প্ৰযোজক আছিল।
-
মাৰিয়া অৰোৰা কৌটো
মাৰিয়া অৰোৰা কৌটো (Maria Aurora Couto; ২২ আগষ্ট ১৯৩৭ – ১৪ জানুৱাৰী ২০২২) এগৰাকী ভাৰতীয় লেখিকা আৰু শিক্ষাবিদ আছিল, তেওঁৰ গ্ৰন্থ গোৱা: এ ড'টাৰছ ষ্ট'ৰী ৰ বাবে আৰু গোৱা আৰু ইয়াৰ বাহিৰত সাহিত্য আৰু ধাৰণাসমূহৰ প্ৰচাৰৰ বাবে বেছিকৈ পৰিচিত।
-
মৃণাল পাণ্ডে
মৃণাল পাণ্ডে (জন্ম: ২৬ ফেব্ৰুৱাৰী,১৯৪৬) এগৰাকী ভাৰতীয় দূৰদৰ্শন ব্যক্তিত্ব, সাংবাদিক আৰু লেখিকা, আৰু ২০০৯ চনলৈকে হিন্দী দৈনিক বাতৰি কাকত 'হিন্দুস্তান'ৰ মুখ্য সম্পাদিকা।
-
ললিত কুমাৰ মংগোত্ৰ
ললিত কুমাৰ মংগোত্ৰ ( ইংৰাজী: Lalit Kumar Mangotra; জন্ম: ১৪ এপ্ৰিল ১৯৪৪) এজন ভাৰতীয় ডগৰিভাষী লেখক আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক। তেখেতে চুটিগল্প, নাটক, কবিতা, ৰচনা, সাহিত্য সমালোচনাকে ধৰি বিভিন্ন সাহিত্যৰ ৰচনা প্ৰকাশ কৰিছে।
-
সঞ্জীৱ সান্যাল
সঞ্জীৱ সান্যাল (Sanjeev Sanyal) এজন ভাৰতীয় অৰ্থনীতিবিদ, লেখক আৰু জনপ্ৰিয় ইতিহাসবিদ। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্য, আৰু ২০১৭ চনৰ পৰা আৰম্ভ হোৱা ভাৰতৰ অৰ্থনৈতিক জৰীপৰ ছটা সংস্কৰণ প্ৰস্তুত কৰাত তেখেতে সহায় কৰিছে।
-
হেণ্ড্ৰিক আডামছন
হেণ্ড্ৰিক আডামছন ( Hendrik Adamson); (জন্ম: ৬ অক্টোবৰ, ১৮৯১ – মৃত্যু: ৭ মাৰ্চ, ১৯৪৬) এজন ইষ্টোনিয়ান কবি আৰু শিক্ষক আছিল। তেওঁ ভিলজাণ্ডি কাউন্টিৰ কাৰ্ষ্টনা পেৰিছৰ (বৰ্তমান ভিলজাণ্ডি পেৰিছৰ ভেইছজাৰ্ভে গাঁৱত) মেটছাকুৰু গাঁৱৰ পাট্সি ফাৰ্মষ্টেডত এজন দৰ্জীৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছিল।
-
ৰবীন শৰ্মা
ৰবিন শৰ্মা এজন কানাডাৰ লেখক। তেওঁৰ "দ্য মংক হু ছল্ড হিজ ফেৰাৰী" গ্ৰন্থখনৰ বাবে বিশ্বত বেছিকৈ পৰিচিত। শৰ্মাই ২৫ বছৰ বয়সলৈকে লিটিগেচন উকীল হিচাপে কাম কৰিছিল। তাৰ পিছত" মেগালিভিং "(১৯৯৪) নামৰ মানসিক চাপ ব্যৱস্থাপনা আৰু আধ্যাত্মিকতাৰ ওপৰত লিখা এখন কিতাপ নিজে প্ৰকাশ কৰি উলিয়াইছিল।
-
ৰবীনা খান
ৰবীনা খান (Rabina Khan; জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী বাংলাদেশী মূলৰ ব্ৰিটিছ লেখিকা, ৰাজনীতিবিদ, চেডৱেলৰ প্ৰাক্তন কাউন্সিলাৰ আৰু টাৱাৰ হেমলেটচ্ কাউন্সিলৰ হাউচিঙৰ কেবিনেট সদস্য। লগতে তেওঁ এগৰাকী সমাজকৰ্মী আৰু ‘আয়েচাচ্ ৰেইনব’ৰ’ লেখিকা।
-
ৰাণা আয়্যুব
ৰাণা আয়্যুব (Rana Ayyub, জন্ম: ১ মে', ১৯৮৪) এগৰাকী ভাৰতীয় লেখক তথা সাংবাদিক। তেওঁ গুজৰাট ফাইলচ: এনাটমি অৱ আ কভাৰ-আপ শীৰ্ষক অনুসন্ধানমূলক গ্ৰন্থখনৰ লেখক ৰূপে পৰিচিত।