ভাৰতীয় চুটিছবি
৬ প্ৰবন্ধ
-
যুগদ্ৰষ্টা (চলচ্চিত্ৰ)
যুগদ্ৰষ্টা: দ্য ভিজনেৰী হৈছে ভাস্কৰ জ্যোতি মহন্ত পৰিচালিত এখন অসমীয়া ভাষাৰ চুটিছবি। মুক্তিযুঁজাৰু তথা সমাজ সংস্কাৰক পীতাম্বৰ দেৱগোস্বামীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মুন বৰকটকীয়ে। অনুৰাগ শইকীয়াই সংগীত পৰিচালনা কৰা ছবিখনৰ প্ৰযোজনা কৰিছে স্বপ্নালী মহন্তই।
-
বহুবৃত্ত
বহুবৃত্ত (Bohubritta (CIRCLES)) উৎপল দত্ত পৰিচালিত অসমীয়া ভাষাৰ এখন চুটিছবি। স্বপ্না দত্ত ডেকাৰ ”মই’ নামৰ কবিতাৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ দৈৰ্ধ ৯ মিনিট ৩ চেকেণ্ড।
-
ডেট্ গাষ্টি মৰ্নিং
ডেট্ গাষ্টি মৰ্নিং হৈছে ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চুটিছবি। আলজেইমাৰ ৰোগক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা চুটিছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। মুঠ চাৰিটা চৰিত্ৰ থকা চুটিছবিখনত অভিনয় কৰিছে অৰুণ নাথ, সীমা বিশ্বাস, কপিল বৰা আৰু উৰ্মিলা মহন্তই।
-
অহল্যা (চুটিছবি)
অহল্যা হৈছে ২০১৫ চনত মুক্তিপ্ৰাপ্ত এখন বঙালী ভাষাৰ ভাৰতীয় চুটিছবি। সুজয় ঘোষে পৰিচালনা কৰা চুটিছবিখনত ৰামায়ণত বৰ্ণিত ইন্দ্ৰ, অহল্যা আৰু গৌতম মুণিৰ এটি কাহিনীক আধুনিকীকৰণ কৰি অন্যধৰণেৰে তুলি ধৰিছে। সৌমিত্ৰ চেটাৰ্জী, ৰাধিকা আপ্টে আৰু তোটা ৰয় চৌধুৰীয়ে চুটিছবিখনৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে।
-
মঙহ দহাৰ গোন্ধ (চলচ্চিত্ৰ)
মঙহ দহাৰ গোন্ধ (Mongoh Dohar Gondh) হ’ল এখন অসমীয়া ছুটি ছবি। ছবিখন পৰিচালনা কৰিছে মৃণাল ডেকাই। ছবিখনে ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চুটি ছবিৰ শিতানত তৃতীয় পুৰস্কাৰ লাভ কৰিছিল। কথাছবিখন একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ ২০২১-লৈও নিৰ্বাচিত হৈছিল।
-
ৰোগন জোছ (চুটিছবি)
ৰোগন জোছ (Rogan Josh) হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চুটিছবি। ২৬/১১ ত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে কিদৰে এটা পৰিয়ালৰ সোণালী জীৱনযাত্ৰা ব্যাহত কৰি তুলিলে তাকেই চুটিছবিখনত দাঙি ধৰিছে।