অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভেলেন্টিনা তেৰেস্কোভা

ভেলেণ্টিনা ভ্লাদিমিৰোভনা তেৰেস্কোভা (জন্ম ৬ মাৰ্চ ১৯৩৭) এগৰাকী ৰাছিয়াৰ অভিযন্তা, ৰাজ্যিক ডুমাৰ সদস্য আৰু প্ৰাক্তন ছোভিয়েট মহাকাশচাৰী। ১৯৬৩ চনৰ ১৬ জুনত ভষ্টক ৬ ত একক অভিযান উৰুৱাই তেওঁ মহাকাশৰ প্ৰথম গৰাকী মহিলা আছিল।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ৬৯৩ শব্দ · ৪ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ভেলেণ্টিনা ভ্লাদিমিৰোভনা তেৰেস্কোভা (জন্ম ৬ মাৰ্চ ১৯৩৭) এগৰাকী ৰাছিয়াৰ অভিযন্তা, ৰাজ্যিক ডুমাৰ সদস্য আৰু প্ৰাক্তন ছোভিয়েট মহাকাশচাৰী। ১৯৬৩ চনৰ ১৬ জুনত ভষ্টক ৬ ত একক অভিযান উৰুৱাই তেওঁ মহাকাশৰ প্ৰথম গৰাকী মহিলা আছিল। তেওঁ পৃথিৱীক ৪৮ বাৰ প্ৰদক্ষিণ কৰিছিল, মহাকাশত প্ৰায় তিনি দিন অতিবাহিত কৰিছিল, একমাত্ৰ মহিলা যি একক মহাকাশ অভিযানত আছিল আৰু অন্তিমজীৱিত ভষ্টক কাৰ্যসূচী মহাকাশচাৰী। মহাকাশ ভ্ৰমণৰ সময়ত ছাব্বিশ বছৰ বয়সত, তেওঁ ১০০ কিলোমিটাৰ উচ্চতাৰ আন্তৰ্জাতিক সংজ্ঞাৰ অধীনত মহাকাশত বিচৰণ কৰা আটাইতকৈ কনিষ্ঠ মহিলা, আৰু পৃথিৱীৰ কক্ষপথত উৰিবলৈ সক্ষম হোৱা আটাইতকৈ কম বয়সীয়া মহিলা আছিল। ছোভিয়েট মহাকাশ কাৰ্যসূচীৰ বাবে বাছনি কৰাৰ আগতে তেৰেস্কোভা এগৰাকী বস্ত্ৰ কাৰখানাৰ কৰ্মী আৰু এজন অপেছাদাৰী স্কাইডাইভাৰ আছিল। তেওঁ মহাকাশচাৰী বাহিনীৰ অংশ হিচাপে বায়ু সেনাত যোগদান কৰিছিল আৰু তেওঁৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত এজন বিষয়া হিচাপে নিযুক্ত হৈছিল। ১৯৬৯ চনত মহিলা মহাকাশচাৰীসকলৰ প্ৰথম গোটটো ভংগ হোৱাৰ পিছত তেৰেস্কোভা মহাকাশ কাৰ্যসূচীত মহাকাশ প্ৰশিক্ষক হিচাপে নিযুক্ত হয়।

প্ৰাৰম্ভিক জীৱন

ভেলেণ্টিনা তেৰেস্কোভাৰ জন্ম মধ্য ৰাছিয়াৰ এখন সৰু গাঁৱত হৈছিল। তেওঁৰ পিতৃ-মাতৃ বেলাৰুছৰ পৰা প্ৰব্ৰজন কৰিছিল।১ তেওঁৰ দেউতাক এজন ট্ৰেক্টৰ চালক আছিল আৰু তেওঁৰ মাতৃয়ে এটা পোছাক উদ্যোগত কাম কৰিছিল। তেৰেস্কোভাই ১৯৪৫ চনত আঠ বছৰ বয়সত বিদ্যালয়ত পঢ়িবলৈ আৰম্ভ কৰে, আৰু ১৯৫৩ চনত স্কুল এৰি ছিল। যদিও অনানুষ্ঠানিক ভাবে চিঠিপত্ৰ পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষা অব্যাহত ৰাখিছিল। ২সৰুৰে পৰা ভেলেণ্টিনা পেৰাচুটিংত আগ্ৰহী হৈ পৰিছিল আৰু স্থানীয় এৰোক্লাবত স্কাইডাইভিংত প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিছিল। ১৯৫৯ চনৰ ২১ মে'ত তেওঁ ২২ বছৰ বয়সত তেওঁৰ প্ৰথম কুডান ভৰ্তি কৰে আৰু সেই সময়ত তেওঁ স্থানীয় কাৰখানাত বস্ত্ৰ কৰ্মী হিচাপে নিযুক্তি লাভ কৰে। স্কাইডাইভিংত তেওঁৰ দক্ষতাই তেওঁক মহাকাশযাত্ৰালৈ লৈ গৈছিল।৩ ১৯৬১ চনত তেওঁ স্থানীয় কমচোমলৰ সম্পাদক হয় আৰু পিছত ছ'ভিয়েট সংঘৰ কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। তেওঁৰ প্ৰথম উৰণৰ পিছত তেৰেস্কোভাই জাহুকভস্কি বায়ু সেনা একাডেমীত অধ্যয়ন আৰম্ভ কৰে, য'ত তেওঁ মহাকাশচাৰী অভিযন্তা হিচাপে সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। আৰু ১৯৭৭ চনত তেওঁ অভিযান্ত্ৰিক বিদ্যাত ডক্টৰেট উপাধি অৰ্জন কৰিছিল।

ছোভিয়েট মহাকাশ কাৰ্যসূচী

১৯৬১ চনত য়ুৰি গেগেৰিয়নৰ উৰণৰ পিছত ছোভিয়েট বায়ু সেনাৰ আগশাৰীৰ অভিযন্তাগৰাকীয়ে মহিলা মহাকাশ ভ্ৰমণৰ বিষয়ে ভাবিছিল। আৰু ১৯৬২ চনৰ ১৯ ফেব্ৰুৱাৰীত ভেলেণ্টিনা তেৰেস্কোভাক মহিলা মহাকাশচাৰী বাহিনীৰ বাবে নিৰ্বাচিত কৰা হয়। ইয়াৰ পিছত েমিগ-১২০ পেৰাচুট কুদান আৰু মিগ-১৫ইউটিআই জেট ফাইটাৰত পাতল উৰণ, বিচ্ছিন্নতা পৰীক্ষা, চেণ্ট্ৰিফিউজ পৰীক্ষা, ৰকেট থিয়ৰী, মহাকাশযান অভিযান্ত্ৰিক, পাইলট প্ৰশিক্ষণৰ প্ৰশিক্ষণ দিয়া হয়। তেওঁৰ প্ৰথম উৰণৰ সময়ত তেওঁৰ তীব্ৰ শাৰীৰিক অসুবিধা হৈছিল। কিন্তু তেওঁ ৩ দিনৰ উৰণত পৃথিৱীৰ ৪৮টা কক্ষপথ তৈয়াৰ কৰিছিল আৰু তেওঁ সকলো আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশচাৰীৰ তুলনাত অধিক উৰণ সময় লগ কৰিছিল।৪

ভষ্টক ৬

২০১৬ চনত বিজ্ঞান সংগ্ৰহালয়, লণ্ডনত অস্থায়ী প্ৰদৰ্শনত ভষ্টক 6 কেপচুল
২০১৬ চনত বিজ্ঞান সংগ্ৰহালয়, লণ্ডনত অস্থায়ী প্ৰদৰ্শনত ভষ্টক 6 কেপচুলছবি: Andrew Gray · CC BY-SA 3.0

১৪ জুনত ভষ্টক 5-ৰ সফল উৎক্ষেপণৰ পিছত তেৰেস্কোভাই নিজৰ উৰণৰ বাবে চূড়ান্ত প্ৰস্তুতি আৰম্ভ কৰে। ১৯৬৩ চনৰ ১৬ জুনৰ ৰাতিপুৱা তেৰেস্কোভা আৰু তেওঁৰ বেকআপ চলোভিওভা দুয়োস্পেচচুট পিন্ধি ছিল আৰু বাছযোগে লঞ্চ পেডলৈ লৈ গৈছিল। গেগেৰিনে নিৰ্ধাৰণ কৰা পৰম্পৰা অনুসৰণ কৰি তেৰেস্কোভায়ে বাছৰ টায়াৰত প্ৰস্ৰাৱ কৰে আৰু এনে কৰা প্ৰথম মহিলা হয়।৫দুই ঘণ্টাৰ কাউণ্টডাউনৰ পিছত ভষ্টক 6-ক ত্ৰুটিহীনভাৱে উৎক্ষেপণ কৰা হয় আৰু তেৰেস্কোভা মহাকাশৰ প্ৰথম মহিলা হয়। ৬তেওঁ একমাত্ৰ মহিলা যি য়ে এককভাৱে মহাকাশলৈ উৰা মাৰিছিল, আৰু ২৬ বছৰ বয়সত আটাইতকৈ কনিষ্ঠ মহিলা আছিল।৭৮

ভষ্টক ৬ উৰণৰ পিছত

১৯৬৩ চনৰ ২২ জুনত য়ুৰি গেগেৰিণ, পাভেল পাভভিচ, তেৰেস্কোভা আৰু নিকিতা খ্ৰুশ্চেভ লেনিনৰ সমাধিত
১৯৬৩ চনৰ ২২ জুনত য়ুৰি গেগেৰিণ, পাভেল পাভভিচ, তেৰেস্কোভা আৰু নিকিতা খ্ৰুশ্চেভ লেনিনৰ সমাধিতছবি: V. Malyshev / В. Малышев · CC BY-SA 3.0

ৰাছিয়াৰ বাতৰি কাকত 'প্ৰভদা'ৰ মতে দ্বৈত বিমানৰ সফলতা উদযাপন কৰিবলৈ আৰু মস্কোত মহাকাশচাৰীসকলক শুভেচ্ছা জনোৱাৰ বাবে এক মিলিয়ন ফুল অনা হৈছিল।৯

পিছৰ ৰাজনৈতিক কেৰিয়াৰ

ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত তেওঁ ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছিল কিন্তু ১৯৯৫ চনত ৰাষ্ট্ৰীয় ৰাজ্য ডুমাৰ নিৰ্বাচনত পৰাজিত হৈছিল।১০ ১৯৯৫ চনত তেৰেস্কোভাক মেজৰ জেনেৰেলৰ সন্মানীয় পদলৈ পদোন্নতি দিয়া হয়। ১৯৯৭ চনৰ ২৮ এপ্ৰিলত তেওঁ ৬০ বছৰ বয়সত বাধ্যতামূলক অৱসৰৰ বয়সত উপনীত হোৱাৰ বাবে ৰাছিয়াৰ বায়ু সেনা ত্যাগ কৰে।ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ১১ প্ৰতিক্ৰিয়াস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগৰ বৈদেশিক সম্পদ নিয়ন্ত্ৰণ কাৰ্যালয়ে ২০২২ চনৰ ৩০ ছেপ্টেম্বৰ তাৰিখে বিশেষভাৱে মনোনীত নাগৰিক আৰু অৱৰুদ্ধ ব্যক্তিৰ তালিকাত তেৰেস্কোভাৰ নাম অন্তৰ্ভুক্ত কৰে। যাৰ ফলত তেওঁৰ সম্পত্তি হিমায়িত কৰা হয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোকসকলক তেওঁৰ সৈতে লেনদেন কৰিবলৈ নিষেধ কৰা হয়।

ৰাছিয়া

  • পিতৃভূমিৰ বাবে অৰ্ডাৰ অফ মেৰিট:
  • ৩ য় শ্ৰেণী (১৯৯৭ চনৰ ৬ মাৰ্চ)
  • ২ য় শ্ৰেণী (২০০৭ চনৰ ৬ মাৰ্চ)
  • ১ মই শ্ৰেণী (২০১৭ চনৰ ১ মাৰ্চ)
  • অৰ্ডাৰ অফ আলেকজেণ্ডাৰ নেভস্কি (২০১৩)
  • অৰ্ডাৰ অফ অনাৰ (10 জুন 2003)
  • অৰ্ডাৰ অৱ ফ্ৰেইণ্ডছছিপ(12 এপ্ৰিল 2011)
  • 2008 চনত মানৱীয় পদক্ষেপৰ ক্ষেত্ৰত অসামান্য সাফল্যৰ বাবে ৰাছিয়ান ফেডাৰেচন ষ্টেট পুৰস্কাৰ (4 জুন 2009)
  • চিৰিয়া মেডেলত সামৰিক অভিযানৰ অংশগ্ৰহণকাৰী (2016)
  • অৰ্ডাৰ অফ গেগেৰিন (২০২৩)
  • সামৰিক সম্প্ৰদায়ৰ পদক শক্তিশালী কৰা [আৰইউ] (2018)

ছোভিয়েট

  • ছোভিয়েট ইউনিয়নৰ ক্ৰীড়া ৰ যোগ্য মাষ্টাৰ (জুন ১৯৬৩)
  • ছোভিয়েট ইউনিয়নৰ নায়ক (১৯৬৩)
  • অৰ্ডাৰ অৱ লেনিন (১৯৬৩, ১৯৮১)
  • অৰ্ডাৰ অৱ অক্টোবৰ ৰিভলিউছন (১৯৭১)
  • অৰ্ডাৰ অফ দ্য ৰেড বেনাৰ অফ লেবাৰ (১৯৮৭)
  • ছোভিয়েট ইউনিয়নৰ পাইলট-মহাকাশচাৰী (১৯৬৩)

তথ্যসূত্ৰ

  1. ↑ "Першая жанчына‑касманаўт ў дзяцінстве гаварыла па‑беларуску" [The first woman in space spoke Belarusian as a child]. Nasha Niva (in Belarusian). 24 April 2009
  2. ↑ "Valentina Tereshkova". StarChild: NASA Goddard Space Flight Center. 2016
  3. ↑ Ghosh, Pallab (17 September 2015). "Valentina Tereshkova: USSR was 'worried' about women in space". BBC News
  4. ↑ Kennedy, Maev (17 September 2015). "First woman in space recalls mission's teething troubles". The Guardian
  5. ↑ First Woman in Space ‹ HistoricWings.com:: A Magazine for Aviators, Pilots and Adventurers. fly.historicwings.com
  6. ↑ Sylvester 2011, পৃ. 195
  7. ↑ Wall, Mike. (23 April 2019). The Most Extreme Human Spaceflight Records. Space.com
  8. ↑ (19 February 2019). Who was the first woman in space?. Royal Museums Greenwich
  9. ↑ (22 June 1963). Russians Hail Boy and Girl Space Team. The Daily Item. Associated Press. পৃ. 1
  10. ↑ Единая Россия официальный сайт Партии / Кто есть кто. er.ru
  11. ↑ Cowing, Keith. (1 October 2022). First Woman In Space Sanctioned For Ukraine Invasion Support. NASA Watch

সম্পৰ্কিত শ্ৰেণী

মহাকাশচাৰীৰাছিয়াৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেলেন্টিনা তেৰেস্কোভা” প্ৰবন্ধৰ সংশোধন ৪৭১৬৮০ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।