ৰাছিয়াৰ ব্যক্তি
৫৬ প্ৰবন্ধ
-
লেৱ তলস্ত’য়
কাউণ্ট লেৱ নিকলায়েৱিচ তলস্ত'য় (Лев Николаевич Толстой,; – ), বা লীঅ’ টলষ্টয় আছিল এগৰাকী ৰাছিয়ান লেখক যিয়ে প্ৰধানতঃ উপন্যাস আৰু ছুটিগল্প ৰচনা কৰিছিল। পিছলৈ তেওঁ নাটক আৰু বিভিন্ন প্ৰবন্ধও লিখিবলৈ লয়।
-
ভ্লেডিমিৰ লেনিন
ভ্লাডিমিৰ ইলিচ উলিয়ান'ভ (Vladimir Ilyich Ulyanov, Владимир Ильич Ульянов), জনপ্ৰিয়ভাৱে লেনিন (২২ এপ্ৰিল [পুৰণি ৰুছ কেলেণ্ডাৰ মতে ১০ এপ্ৰিল] ১৮৭০ - ২১ জানুৱাৰী ১৯২৪) এগৰাকী ৰুছ সাম্যবাদী বিপ্লৱী, ৰাজনীতিবিদ আৰু ৰাজনৈতিক তত্ত্ববিদ আছিল।
-
মাক্সিম গ’ৰ্কী
আলেক্সেই মাক্সিম’ৱিচ পেশ্বকৱ (Алексей Максимович Пешков; – ১৮ জুন ১৯৩৬), যি মাক্সিম গ’ৰ্কী নামেৰে সুপৰিচিত, আছিল এগৰাকী ৰুছ আৰু ছ’ৱিয়েত লেখক, সাংবাদিক আৰু সমাজতন্ত্ৰী। তেওঁ সাহিত্যত ন’বেল বঁটাৰ বাবে পাঁচবাৰ মনোনীত হৈছিল। তেওঁ এজন সামাজিক বাস্তববাদী সাহিত্যিক আৰু সমাজকৰ্মী আছিল।
-
য়ুৰি গেগেৰিন
য়ুৰি এলেক্সিয়েভিচ গেগেৰিন (Yuri Alekseyevich Gagarin) (Ю́рий Алексе́евич Гага́рин; ৯ মাৰ্চ ১৯৩৪ - ২৭ মাৰ্চ ১৯৬৮) এগৰাকী ছ'ভিয়েট দেশীয় বৈমাণিক আৰু মহাকাশচাৰী। এখেত মহাকাশলৈ যোৱা প্ৰথম মানৱ। ভস্তক-১ মহাকাশযানত গেগেৰিনে ১৯৬১ চনৰ ১২ এপ্ৰিল তাৰিখে পৃথিৱীৰ চাৰিওফালে এটা কক্ষপথত পৰিভ্ৰমণ সম্পূৰ্ণ কৰে।
-
ফিয়দৰ দস্তয়েৱস্কী
ফিয়দৰ মিখাইল'ৱিচ দস্তয়েৱস্কী (Фёдор Михайлович Достоевский,; – ) আছিল এজন ৰাছিয়ান ঔপন্যাসিক, চুটি গল্প লেখক, প্ৰবন্ধকাৰ, সাংবাদিক আৰু দাৰ্শনিক। দস্তয়েভস্কিৰ সাহিত্যিক কৰ্মৰাজীত ১৯ শতিকাৰ ৰাছিয়ান সাম্ৰাজ্যত সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা ৰাজনৈতিক, সামাজিক আৰু আধ্যাত্মিক বাতাৱৰণৰ কালছোৱাত মানৱীয়…
-
ছেৰ্গেই আইজেনষ্টাইন
ছেৰ্গেই মিখালোভিচ্ আইজেনষ্টাইন (জানুৱাৰী ২৩, ১৮৯৮ - ফেব্ৰুৱাৰী ১১, ১৯৪৮), এজন ৰুছ দেশীয় চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ তাত্বিক। তেখেতক চলচ্চিত্ৰ সম্পদনাত ব্যৱহৃত মন্তাজ পদ্ধতিৰ জন্মদাতা বুলি কোৱা হয়।
-
ভেলেণ্টিনা গ্ৰীজোডুবোভা
ভেলেণ্টিনা ষ্টেপানোভ্না গ্ৰীজোডুবোভা (১০ মে' [O.S. ২৭ এপ্ৰিল] ১৯০৯ – ২৮ এপ্ৰিল ১৯৯৩) ছোভিয়েট ইউনিয়নৰ প্ৰথম মহিলা পাইলটসকলৰ ভিতৰত অন্যতম আছিল যিয়ে হিৰো অৱ দা ছোভিয়েট ইউনিয়ন উপাধি লাভ কৰিছিল আৰু ছোভিয়েট ইউনিয়নৰ একমাত্ৰ মহিলা নায়িকা যিয়ে সমাজবাদী শ্ৰমিকৰ নায়ক উপাধিও লাভ কৰিছিল।
-
মাৰিয়া ছাৰাপোভা
মাৰিয়া ছাৰাপোভা (ইংৰাজী:Maria Yuryevna Sharapova) এগৰাকী ৰাছিয়ান টেনিচ খেলুৱৈ। তেও বৰ্তমান উইমেন'চ টেনিচ এচোচিয়েচন (WTA)ৰ দ্বিতীয় স্থানত আছে।
-
মেৰিনা ৰাস্কোভা
মেৰিনা মিখাইলভনা ৰাস্কোভা ( Marina Mikhaylovna Raskova; ২৮ মাৰ্চ ১৯১২ – ৪ জানুৱাৰী ১৯৪৩) আছিল ছোভিয়েট ইউনিয়নৰ প্ৰথমগৰাকী মহিলা যিয়ে পেছাদাৰী বিমান পৰিবহণৰ ডিপ্লমা লাভ কৰিছিল।
-
লিয়ন ট্ৰটস্কি
লেভ ডেভিড'ভিচ ব্ৰনষ্টাইন নামেৰে জন্ম লোৱা লিয়ন ট্ৰটস্কি (/ˈtrɒtski/; Лев Дави́дович Тро́цкий; ৭ নৱেম্বৰ [পুৰণি ব্যৱস্থাত ২৬ অক্টোবৰ] ১৮৭৯ - ২১ আগষ্ট ১৯৪০) এগৰাকী মাৰ্ক্সবাদী বিপ্লৱী আৰু সূত্ৰবাদী, অক্টোবৰ বিপ্লৱত সকলো শক্তি ছ'ভিয়েটৰ হাতলৈ প্ৰেৰণ কৰাৰ অভিযন্তা আৰু ৰঙা সেনা বা ৰেড আৰ্মিৰ…
-
অল্গা লেডিজেংস্কায়া
অল্গা আলেকজেন্দ্ৰভনা লেডিজেংস্কায়া (Óльга Алекса́ндровна Лады́женская; ৭ মাৰ্চ ১৯২২ – ১২ জানুৱাৰী ২০০৪) এগৰাকী ৰাছিয়ান গণিতজ্ঞ আছিল। তেওঁ অৱকলন গণিতৰ আংশিক অৱকলনীয় সমীকৰণৰ উন্নতি সাধন কৰিছিল। ইয়াৰ সহায়ত তেওঁ তৰল গতিবিজ্ঞান আৰু হিলবাৰ্টৰ ১৯তম সমস্যা সমাধান কৰিছিল।
-
এলেক্সি একিম'ভ
এলেক্সি একিম'ভ (Alexey Ekimov, Алексей Екимов; জন্ম: ১৯৪৫) এগৰাকী ৰাছিয়ান কঠিন অৱস্থা পদাৰ্থবিজ্ঞানী আৰু নেন'পদাৰ্থ গৱেষণাৰ অগ্ৰণী বিজ্ঞানী। ১৯৮১ চনত তেওঁ ভাভিলভ ষ্টেট অপটিকেল ইনষ্টিটিউটত গৱেষণা কৰি থকাৰ সময়তে কোৱাণ্টাম ডট নামেৰে জনাজাত অৰ্ধপৰিবাহী নেন'স্ফটিক আৱিষ্কাৰ কৰে।
-
ডিমিট্ৰি মুৰাটভ
ডিমিট্ৰি আন্দ্ৰেয়েভিচ মুৰাটভ (Dmitry Muratov, জন্ম: ৩০ অক্টোবৰ ১৯৬১) এগৰাকী ৰাছিয়ান সাংবাদিক আৰু ৰাছিয়াৰ বাতৰি কাকত নোভায়া গাজেটাৰ মুখ্য সম্পাদক। গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ বাবে পূৰ্বচৰ্ত বুলি বিবেচিত মত প্ৰকাশৰ স্বাধীনতাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ২০২১ বৰ্ষত সাংবাদিক…
-
পোলিনা ওচিপেংকো
পোলিনা ডেনিছভনা ওচিপেংকো (: Polina Denisovna Osipenko; ৮ অক্টোবৰ ১৯০৭ – ১১ মে' ১৯৩৯) আছিল এগৰাকী ছোভিয়েট সামৰিক পাইলট যিয়ে ১৯৩৮ চনৰ ২৪–২৫ ছেপ্টেম্বৰত ভেলেন্টিনা গ্ৰীজোডুবোভা আৰু মেৰিনা ৰাস্কোভাৰ সৈতে মস্কো আৰু অখটস্ক সাগৰৰ মাজত অবিৰাম বিমান চলাই মহিলাৰ অবিৰাম উৰণ দূৰত্বৰ অভিলেখ গঢ়িছিল।
-
লাইলা ট্ৰেটিক'ভ
লাইলা ট্ৰেটিক'ভ (Lila Tretikov), (Ляля Третьяко́ва; ২৫ জানুৱাৰী, ১৯৭৮) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক। তেখেতৰ জন্মৰ নাম Lyalya Tretyakova। মস্কোত জন্মগ্ৰহণ কৰা ট্ৰেটিক'ভ সৰুকালতেই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহে আৰু ১৯৯৯ চনত কেলিফ'ৰ্নিয়াত ছফ্ট্ৱেৰ অভিযন্তা হিচাপে কাম কৰিবলৈ লয়।
-
লে'ভ লাণ্ডাউ
লে'ভ ডেভিড'ভিচ লাণ্ডাউ (২২ জানুৱাৰী ১৯০৮ – ১ এপ্ৰিল ১৯৬৮) এগৰাকী ছ'ভিয়েট পদাৰ্থ বিজ্ঞানী। তেওঁ তাত্বিক পদাৰ্থ বিজ্ঞানৰ বহু ক্ষেত্ৰলৈ মৌলিক অৱদান আগবঢ়াইছিল।
-
আন্ত’ন চেখৱ
আন্ত'ন পাৱলৱিচ চেখৱ (Антон Павлович Чехов,; – ) এজন ৰুছ নাট্যকাৰ আৰু চুটিগল্পকাৰ আছিল। তেওঁক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ লেখক হিচাপে গণ্য কৰা হয়। নাট্যকাৰ হিচাপে তেওঁ চাৰিখন ধ্ৰুপদী গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ চুটিগল্পসমূহ লেখক আৰু সমালোচকসকলৰ দ্বাৰা সমাদৃত।
-
আগাথা মাক্সিমোভা
আগাথা মাক্সিমোভা (ইংৰাজী: Agatha Maksimova; জন্ম: ২৩ জুন ১৯৯৩) এগৰাকী ৰাছিয়ান-ফৰাচী অভিনেত্ৰী আৰু মডেল।
-
আন্না আন্দ্ৰেভা
আন্না আন্দ্ৰেভা (১৭ আগষ্ট, ১৯১৭ – ২৭ ফেব্ৰুৱাৰী, ২০০৮) এগৰাকী ৰাছিয়ান বস্ত্ৰ ডিজাইনাৰ আছিল। ১৯৪৬ চনৰ পৰা ১৯৮৪ চনলৈকে মস্কোৰ ৰেড ৰোজ ৰেচম কাৰখানাত আন্দ্ৰেভা এগৰাকী আগশাৰীৰ শিল্পী আছিল।
-
আন্না ইয়াকিমোভা
আন্না ভাচিলিয়েভনা ইয়াকিমোভা (২৪ জুন [O.S. ১২ জুন] ১৮৫৬ – ১২ জুন ১৯৪২) ৰাছিয়াৰ এজন বিপ্লৱী, দ্বিতীয় জাৰ আলেকজেণ্ডাৰক হত্যা কৰা গোটৰ এজন আৰু দীৰ্ঘদিনীয়া ৰাজনৈতিক বন্দী আছিল।
-
আন্না বুনিনা
আন্না পেট্ৰ'ভনা বুনিনা, জন্ম: ১৮ জানুৱাৰী, ১৭৭৪ চন আৰু মৃত্যু: ১৬ ডিচেম্বৰ, ১৮২৯চন; এগৰাকী ৰাছিয়ান কবি। তেওঁ আছিল প্ৰথম মহিলা ৰাছিয়ান লেখিকা, যিয়ে কেৱল সাহিত্য কৰ্মৰ দ্বাৰাই জীৱিকা নিৰ্বাহ কৰিছিল। ইভান বুনিন আৰু ভাচিলি জুকোভস্কি যিটো সম্ভ্ৰান্ত পৰিয়ালৰ আছিল, আন্নাও সেইটো পৰিয়ালে সন্তান।
-
আমিনা ডাগী
আমিনা ডাগী (ইংৰাজী: Amina Dagi; জন্ম: আমিনা মিৰ্জাখানভা; ১২ ফেব্ৰুৱাৰী ১৯৯৫) এগৰাকী ৰাছিয়ান-অষ্টিয়ান মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ অষ্টিয়া ২০১২-ৰ মুকুট অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১২ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
-
আলেকজান্দ্ৰা পেট্ৰোভা
আলেকজান্দ্ৰা ভেলেৰিয়েভনা পেট্ৰোভা (ইংৰাজী: Alexandra Valeryevna Petrova; ১৮ ছেপ্টেম্বৰ ১৯৮০ – ১৬ ছেপ্টেম্বৰ ২০০০) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল যিয়ে মিছ ৰাছিয়া ১৯৯৬ ৰ মুকুট লাভ কৰিছিল।
-
ইউলিয়া পলিয়াচিখিনা
ইউলিয়া চাৰ্গেয়েভনা পলিয়াচিখিনা (ইংৰাজী: Yulia Sergeyevna Polyachikhina; জন্ম: ৬ ফেব্ৰুৱাৰী ২০০০) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৮ ত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছিল যদিও কোনো স্থান লাভ কৰিবলৈ সমৰ্থ নহ’ল।
-
ইউৰি বেজমেনভ
ইউৰি আলেকজেণ্ডাৰভিচ বেজমেনভ (Yuri Alexandrovich Bezmenov; ১১ ডিচেম্বৰ, ১৯৩৯ – ৫ জানুৱাৰী, ১৯৯৩; ওৰফে: টমাছ ডেভিদ শ্বুমান ১৯৮০ৰ দশকত প্ৰকাশিত মাৰ্ক্সবাদী, ছোভিয়েট বিৰোধী আৰু নাস্তিক বিৰোধী বক্তৃতা আৰু কিতাপৰ বাবে বেজমেনভক বেছিকৈ স্মৰণ কৰা হয়।
-
ইগ'ৰ ষ্ট্ৰাভিন্সকি
ইগ'ৰ ফ্য'ড'ৰভিচ ষ্ট্ৰাভিন্সকি (Игорь Фёдорович Стравинский; ১৭ জুন [অ' এছ ৫ জুন] ১৮৮২ – ৬ এপ্ৰিল ১৯৭১) আছিল এজন ৰাছিয়ান সুৰকাৰ, পৰিচালক আৰু পিয়ানোবাদক, যিয়ে পিছলৈ ফ্ৰান্স (১৯৩৪ চনৰ পৰা) আৰু আমেৰিকাৰ (১৯৪৫ চনৰ পৰা) নাগৰিকত্ব গ্ৰহণ কৰিছিল।
-
ইলেনা ফ্ৰোলোভা
ইলেনা বৰিছোভনা ফ্ৰোলোভা (ইংৰাজী: Elena Borisovna Frolova; জন্ম: ১ অক্টোবৰ ১৯৬৯) এগৰাকী ৰাছিয়ান গায়ক-গীতিকাৰ, সুৰকাৰ আৰু কবি। তেওঁ বিংশ শতিকাৰ ৰাছিয়ান কবিতাৰ ওপৰত ভিত্তি কৰি গীত ৰচনা কৰিছে, যাৰ ভিতৰত মেৰিনা চভেটায়েভা, ছফিয়া পাৰ্নোক, জোচেফ ব্ৰডস্কি, আন্না বাৰ্কোভা, আন্দ্ৰেই বেলি, ভাৰলাম…
-
ইৰিনা এণ্টোনেংকো
ইৰিনা এণ্টো (এণ্টোনেংকো) (ইংৰাজী: Irina Anto (Antonenko); জন্ম: ১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ৰাছিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১০ ৰ মুকুট লাভ কৰিছিল।
-
ইৰিনা ষ্টাৰচেনবাম
ইৰিনা ভ্লাদিমিৰোভনা ষ্টাৰচেনবাম (ইংৰাজী: Irina Vladimirovna Starshenbaum; জন্ম: ৩০ মাৰ্চ ১৯৯২) এগৰাকী ৰাছিয়ান অভিনেত্ৰী। টি-৩৪ (চলচ্চিত্ৰ)|টি-৩৪ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ টিইএফআই (TEFI) বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত গ’ল্ডেন ইগল বঁটা (ৰাছিয়া)|গ’ল্ডেন ইগল…
-
এনাষ্টাচিয়া ষ্টটস্কায়া
এনাষ্টাচিয়া আলেকজেণ্ড্ৰোভনা ষ্টটস্কায়া (Anastasia Aleksandrovna Stotskaya; জন্ম: ৮ অক্টোবৰ ১৯৮২) এগৰাকী ৰাছিয়ান পপ গায়িকা আৰু অভিনেত্ৰী।