মহাকাশচাৰী
১০ প্ৰবন্ধ
-
নীল আৰ্মষ্ট্ৰং
নীল এল্ডে'ন আৰ্মষ্ট্ৰং (Neil Alden Armstrong; জন্ম: ৫ আগষ্ট ১৯৩০ - মৃত্যু: ২৫ আগষ্ট ২০১২) আমেৰিকাৰ এগৰাকী মহাকাশচাৰী (নাচা এষ্ট্ৰনাট কৰ্প্চ), টেষ্ট পাইলট, এৰ'স্পেচ ইঞ্জিনীয়াৰ, বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু আমেৰিকাৰ নৌসেনাৰ উড্ডয়ক (aviator) আছিল। তেওঁ চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ আছিল।
-
য়ুৰি গেগেৰিন
য়ুৰি এলেক্সিয়েভিচ গেগেৰিন (Yuri Alekseyevich Gagarin) (Ю́рий Алексе́евич Гага́рин; ৯ মাৰ্চ ১৯৩৪ - ২৭ মাৰ্চ ১৯৬৮) এগৰাকী ছ'ভিয়েট দেশীয় বৈমাণিক আৰু মহাকাশচাৰী। এখেত মহাকাশলৈ যোৱা প্ৰথম মানৱ। ভস্তক-১ মহাকাশযানত গেগেৰিনে ১৯৬১ চনৰ ১২ এপ্ৰিল তাৰিখে পৃথিৱীৰ চাৰিওফালে এটা কক্ষপথত পৰিভ্ৰমণ সম্পূৰ্ণ কৰে।
-
ৰাকেশ শৰ্মা
ৰাকেশ শৰ্মা (জন্ম ১৩ জানুৱাৰী, ১৯৪৯) ভাৰতীয় বায়ু সেনাৰ এজন প্ৰাক্তন ব্যৱহাৰিক বৈমানিক। ১৯৮২ চনত তেওঁক ৰাছিয়াৰ মহাকাশ অভিযানত অৰ্ন্তভূক্ত কৰে আৰু ১৯৮৪ চনৰ ২ এপ্ৰিলত চয়ুজ টী-১১ মহাকাযানৰ জৰিয়তে আৰু দুজন মহাকাশচাৰীৰ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় হিচাবে গৌৰৱ অৰ্জন কৰে।
-
স্কট কেলি
স্কট যোচেফ কেলি (Scott Joseph Kelly; জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৬৪) হ’ল ক্ৰমে এজন অভিযন্তা, এজন অৱসৰপ্ৰাপ্ত আমেৰিকান মহাকাশচাৰী আৰু আমেৰিকা নৌসেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত সেনাপতি।
-
মাইকেল ফিংক
এডৱাৰ্ড মাইকেল ফিংক( ইংৰাজী: Edward Michael Fincke; জন্ম: ১৪ মাৰ্চ, ১৯৬৭) এজন আমেৰিকান মহাকাশচাৰী। পূৰ্বতে মহাকাশত সৰ্বাধিক সময় (৩৮১.৬ দিন) থাকি তেওঁ আমেৰিকাৰ হৈ অভিলেখ গঢ়িছিল। ২০১৫ চনৰ ১৬ অক্টোবৰত স্কট কেলিয়ে তেওঁৰ অভিলেখ ভংগ কৰিছিল।
-
এছিয়ান আমেৰিকান মহাকাশচাৰীসকলৰ তালিকা
{| ! ক্ৰমিক নং !! ফটো !! নাম জন্ম তাৰিখ !! বংশাৱলীৰ দেশ !! জন্মৰ দেশ !! মন্তব্য !! অভিযানসমূহ |- | ১ || || এলিছন অ'নিযুকা জুন ২৪, ১৯৪৬ || || || মহাকাশত প্ৰথম জাপানীজ আমেৰিকান। স্পেছ চাটল্ চেলেঞ্জাৰ দুৰ্ঘটনাত মৃত্যু।
-
ভেলেন্টিনা তেৰেস্কোভা
ভেলেণ্টিনা ভ্লাদিমিৰোভনা তেৰেস্কোভা (জন্ম ৬ মাৰ্চ ১৯৩৭) এগৰাকী ৰাছিয়াৰ অভিযন্তা, ৰাজ্যিক ডুমাৰ সদস্য আৰু প্ৰাক্তন ছোভিয়েট মহাকাশচাৰী। ১৯৬৩ চনৰ ১৬ জুনত ভষ্টক ৬ ত একক অভিযান উৰুৱাই তেওঁ মহাকাশৰ প্ৰথম গৰাকী মহিলা আছিল।
-
লাইকা
লাইকা (Лайка) (১৯৫৪ - ১৯৫৭) এটি ৰুছ কুকুৰ তথা পৃথিৱীৰ প্ৰথম মহাকাশচাৰী। ই পৃথিৱীৰ প্ৰথম জীৱ হিচাপে পৃথিৱীৰ কক্ষপথ পৰিভ্ৰমণৰ সৌভাগ্য অৰ্জন কৰিছিল। ১৯৫৭ চনৰ ৩ নৱেম্বৰত উৎক্ষেপণ কৰা ছোভিয়েট মহাকাশযান স্পুটনিক ২ ত উঠি লাইকায়ে মহাকাশ ভ্ৰমণ কৰিছিল।
-
লৰেল ক্লাৰ্ক
লৰেল ব্লেয়াৰ ক্লাৰ্ক (জন্ম: ১০ মাৰ্চ, ১৯৬১ – মৃত্যু:১ ফেব্ৰুৱাৰী, ২০০৩) আছিল এগৰাকী আমেৰিকাৰ নাছাৰ মহাকাশচাৰী, চিকিৎসক, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ কেপ্টেইন আৰু স্পেচ শ্বাটল মিছনৰ বিশেষজ্ঞ আছিল। স্পেচ শ্বাটল কলম্বিয়া দুৰ্যোগত তেওঁৰ ছয়জন সহকৰ্মী সদস্যৰ সৈতে তাইৰ মৃত্যু হৈছিল।
-
শুভাংশু শুক্লা
গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা (ঘৰুৱা নাম শুক্স (Shux)) (Shubhanshu Shukla )ভাৰতীয় বায়ুসেনাৰ টেষ্ট পাইলট আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৰ মহাকাশচাৰী।