অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ম'ল দিৱস

ম'ল দিৱস (ইংৰাজী:Mole Day) ৰসায়নবিদ, বিজ্ঞানী আৰু ছাত্ৰসকলে উদযাপন কৰা এক বিজ্ঞান বিষয়ৰ দিৱস। প্ৰতি বছৰে অক্টোবৰ মাহৰ ২৩ তাৰিখৰ পুৱা ৬ বাজি ২ মিনিটৰ পৰা আবেলি ৬ বাজি ২ মিনিটলৈ এই দিৱস পালন কৰা হয়। দিন লিখাৰ আমেৰিকান শৈলী মতে এই সময়ছোৱাক ৬:০২ ১০/২৩ হিচাপে লিখা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ম'ল দিৱস (ইংৰাজী:Mole Day) ৰসায়নবিদ, বিজ্ঞানী আৰু ছাত্ৰসকলে উদযাপন কৰা এক বিজ্ঞান বিষয়ৰ দিৱস। প্ৰতি বছৰে অক্টোবৰ মাহৰ ২৩ তাৰিখৰ পুৱা ৬ বাজি ২ মিনিটৰ পৰা আবেলি ৬ বাজি ২ মিনিটলৈ এই দিৱস পালন কৰা হয়।১২৩৪ দিন লিখাৰ আমেৰিকান শৈলী মতে এই সময়ছোৱাক ৬:০২ ১০/২৩ হিচাপে লিখা হয়। এই দিন আৰু সময় বিখ্যাত এভ'গেদ্ৰ সংখ্যাৰ পৰা লোৱা হৈছে। এই সংখ্যাৰ আনুমানিক মান ৬.০২ × ১০২৩। এক ম'ল পদাৰ্থত থকা কণা (অণু, পৰমাণু বা আয়ন)ৰ সংখ্যাক এভ'গেদ্ৰ সংখ্যাৰে সূচোৱা হয়। ম'ল হৈছে আন্তৰ্জাতিক একক পদ্ধতিৰ পদাৰ্থৰ পৰিমাণ বুজোৱা মৌলিক একক।

ম'ল দিৱসৰ আৰম্ভণি ১৯৮০ৰ দশকৰ "বিজ্ঞান শিক্ষক" (The Science Teacher) এক প্ৰবন্ধৰ যোগেৰে হৈছিল।৫ এই প্ৰবন্ধৰ পৰা প্ৰেৰণা লাভ কৰি ১৫ মে, ১৯৯১ চনত মাউৰিক অহলেৰ নামৰ উত্তৰ আমেৰিকাৰ হাইস্কুল এখনৰ ৰসায়ন বিজ্ঞানৰ শিক্ষক এজনে ৰাষ্ট্ৰীয় ম'ল দিৱস ফাউণ্ডেচন প্ৰতিষ্ঠা কৰে।৫

আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু কানাডাৰ হাইস্কুল সমূহত ম'ল দিৱস সোনকালে জনপ্ৰিয় হৈ পৰিল। তেওঁলোকে ৰসায়ন আৰু ম'ল সম্বন্ধীয় কাৰ্যসূচী গ্ৰহণ কৰি মল দিৱস পালন কৰে।

আমেৰিকান কেমিকেল ছ'ছাইটিয়ে অক্টোবৰ মাহৰ ২৩ তাৰিখ অন্তৰ্ভুক্ত দেওবাৰৰ পৰা শনিবাৰলৈ পালন কৰা ৰাষ্ট্ৰীয় ৰসায়ন সপ্তাহ মল দিৱসৰ লগত জড়িত। বৰ্তমান ম'ল দিৱস এই সপ্তাহৰ মূল আকৰ্ষণ তথা অবিচ্ছেদ্য অংগ।

বৰ্তমান পৃথিৱীৰ প্ৰায়বোৰ দেশতে ভিন ভিন কাৰ্যসূচীৰ মাজেৰে ম'ল দিৱস পালন কৰা হয়।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ This Week in Chemical History. American Chemical Society
  2. ↑ (December 17, 2007). National Chemistry Week Celebrates 20 Years. Chemical & Engineering News
  3. ↑ (December 13, 2010). Chemistry In The Spotlight. Chemical & Engineering News
  4. ↑ (September 27, 2004). Chemical club wins national recognition. Central Michigan Life
  5. ↑ History of National Mole Day Foundation, Inc.. moleday.org

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম'ল দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮২৪৩৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।