মেট'পে (/mɪˈtoʊpiː/; প্ৰাচীন গ্ৰীক: Μετώπη, ইংৰাজী: Metope) গ্ৰীক শ্ৰুতিকথা অনুসৰি মেট'পে নামৰ বহুকেইটা চৰিত্ৰ পোৱা যায়৷ তলত চৰিত্ৰ কেইটাৰ চমু বিৱৰণ দিয়া হৈছে৷
নাইয়াড
মেট'পে নদী দেৱতা লাডন আৰু ষ্টিম্ফালিছৰ আৰ্কাডিয়ান নাইয়াড কন্যা৷১ তেওঁৰ ভগ্নীৰ নাম ডাফ্নে। তেওঁ পেলোপনেছাছৰ ষ্টিম্ফালাছ চহৰৰ ওচৰত বাস কৰিছিল। তেওঁ নদী দেৱতা এছ'পাছক বিয়া কৰায়৷ তেওঁলোকৰ কেইবাগৰাকীও (১২ বা ২০ গৰাকী) কন্যা সন্তান জন্ম হয়৷ তেওঁলোকৰ ভিতৰত ইছমেনাছ, কৰ্চাইৰা, ছালেমিছ, এজিনা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইন′পে, অৰ্নিয়া২ তেওঁ বৰ্তমান কৰ্ফু নামেৰে পৰিচিত প্ৰাচীন গ্ৰীক চহৰ আৰু > আৰু হাৰ্পিনা উল্লেখযোগ্য।৩ তেওঁলোকৰ পুত্ৰ আছিল পেলাগন (পেলাগাছ) আৰু ইছমেনাছ। আছ’পাছৰ এই সন্তানসকলৰ সঠিক পিতৃ-মাতৃৰ পৰিচয় অতি অস্পষ্ট। কিছুমান উৎসত মেট'পেক এছ'পাছৰ কন্যা বুলিও কোৱা হৈছে৷৪
ছাংগাৰিয়াছৰ পত্নী
মেট’পে নদী দেৱতা ছাংগাৰিয়াছৰ পত্নী। তেওঁলোক হেকুবাৰ সম্ভাৱ্য পিতৃ-মাতৃ আছিল।৫ ওপৰৰ মেট’পে আৰু তেওঁ একে গৰাকীয়ে নাইবা বেলেগ হ’ব পাৰে।
এপিৰোটিয়ান ৰাজকুমাৰী
মেট’পে ৰজা ইচেটাছৰ কন্যা এপিৰোটিয়ান ৰাজকুমাৰী। তেওঁ গোপনে এজন প্ৰেমিকৰ লগত সম্পৰ্ক আছিল আৰু শাস্তি হিচাপে তেওঁৰ পিতৃয়ে প্ৰেমিক জনৰ অংগচ্ছেদ কৰিলে আৰু মেট’পেক ব্ৰঞ্জৰ বেজীৰে চকু দুটা বিন্ধি অন্ধ কৰি পেলালে। তাৰ পিছত তেওঁ তেওঁক এটা টাৱাৰত বন্দী কৰি ব্ৰঞ্জৰ শস্যৰ দানা কিছুমান দিলে, এই শস্যবোৰ পিহি শেষ কৰিলে তেওঁৰ দৃষ্টিশক্তি ঘূৰি আহিব বুলি প্ৰতিশ্ৰুতি দিলে।৬ ইউষ্টেথিয়াছৰ মতে এই কন্যা গৰাকী আৰু তেওঁৰ প্ৰেমিকজনৰ নাম ক্ৰমে এম্ফিছা আৰু ইকমোডিকাছ বুলি কয়।৭৮
তথ্যসূত্ৰ
- ↑ Diodorus Siculus, 4.72.1; Apollodorus, 3.12.6
- ↑ Diodorus Siculus, 4.72.1
- ↑ Diodorus Siculus, 4.73.1
- ↑ Scholiast on Pindar's Isthmian Odes 8.37
- ↑ Apollodorus, 3.12.5
- ↑ হোমাৰ, ওডিছী 18.85, 18.116 & 21.307; Apollonius Rhodius, 4.1093
- ↑ George W. Mooney, Commentary on Apollonius: Argonautica 4.1093
- ↑ Eustathius on Homer, p. 1839
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেট'পে (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৯৮০২৬ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।