মাৰ্ক' প'ল (Marco Polo) এজন ইটালীয় ব্যৱসায়ী তথা পৰিব্ৰাজক১২। তেখেতৰ ভ্ৰমণ কাহিনীসমূহ মাৰ্ক' প'ল'ৰ ভ্ৰমণ কাহিনী (The Travels of Marco Polo) নামৰ গ্ৰন্থত লিপিবদ্ধ হৈ আছে। তেওঁ ১২৭১চনত দেউতাক নিক’ল’ আৰু খুৰাক মাফিৱ’ৰ লগত এছিয়া মহাদেশেৰে চীনলৈ এটা মহাকাব্যিক ভ্ৰমণ সম্পন্ন কৰে। চীনৰ মঙ্গোল সম্ৰাট কুবঁলাই খাঁ (Kublai Khan)ৰ দৰবাৰত বহু বছৰ কটাই ১২৯৫চনত ২৪ বছৰৰ অন্তত পুনৰ ভেনিচত উপস্থিত হয়।
মাৰ্ক' প'ল' চীনত উপস্থিত হোৱা প্ৰথম গৰাকী ইউৰোপীয় ব্যক্তি নাছিল,কিন্তু তেৱেই প্ৰথম ব্যক্তি যিয়ে নিজৰ ভ্ৰমণৰ বিশদ বিৱৰণ কালক্ৰমত লিখি গৈছে। তেওঁৰ কিতাপখনে ক্ৰিষ্টোফাৰ কলম্বাছক অনুপ্ৰাণিত কৰিছিল।৩
প্ৰাৰম্ভিক জীৱন
১২৫৪ চনৰ ছেপ্তেম্বৰৰ ১৫ বা ১৬ তাৰিখে৪ ভেনিচত৫ মাৰ্ক' প'ল'ৰ জন্ম হৈছিল। তেওঁৰ দেউতাক নিক’ল’ পল’ (Niccolo) এজন ব্যৱসায়ী আছিল আৰু মধ্যপ্ৰাচ্য (Middie East)ত ব্যৱসায় কৰিছিল। তেওঁ এজন আঢ্যৱন্ত আৰু সন্মানীয় ব্যক্তি আছিল৬৭। নিক’ল’ পল’ই ভায়েক মাফিৱ’ প'ল' (Maffeo Polo)ৰ সৈতে মাৰ্ক' প'ল'ৰ জন্মৰ আগতেই ব্যৱসায় কৰিবলৈ ওলাই গৈছিল।৪৭
১২৬০ চনত নিক’ল’ আৰু মাফিৱ’ই লেটিন সাম্ৰাজ্যৰ ৰাজধানী কনষ্টাণ্টিপলত থকাৰ সময়তে হঠাৎ অহা ৰাজনৈতিক পৰিৱৰ্তনত শংকা অনুভৱ কৰি নিজৰ সা-সম্পত্তিবোৰৰ বিনিময়ত মূল্যৱান অলংকাৰ গোটাই তাৰ পৰা গুচি যায়৬। মাৰ্ক' প'ল'ৰ ভ্ৰমণ কাহিনীৰ মতে তেওঁলোকে চীনৰ মঙ্গোল সম্ৰাট আৰু য়ুৱান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কুবঁলাই খাঁক লগ কৰে।৮
ইপিনে মাৰ্ক' প'ল'ৰ মাকৰ মৃত্যু হোৱাত তেওঁ খুৰাক আৰু খুৰীয়েকৰ লগত ডাঙৰ দীঘল হয়৭। তাত তেওঁ সুশিক্ষাৰে শিক্ষিত হৈ উঠে। তেখেতে বৈদেশিক মুদ্ৰা,মূল্য নিৰূপণ,জাহাজ পৰিচালনা আদিৰ ওপৰতো শিক্ষা লাভ কৰে।৭
১২৬৯ চনত নিক’ল’ আৰু মাফিৱ’ই ভেনিচলৈ ঘূৰি আহে আৰু মাৰ্ক' প'ল'ক প্ৰথমবাৰৰ বাবে লগ পায়। ১২৭১ চনত প্ৰায় ওঠৰ বছৰ বয়সত মাৰ্ক' প'ল'ই তেওঁৰ দেউতাক আৰু খুৰাকৰ লগত এছিয়ালৈ যাত্ৰা আৰম্ভ কৰে। সুদীৰ্ঘ ২৪টা বছৰৰ অন্তত ১২৯৫চনত অসংখ্য ধন-সম্পত্তিসহ প'ল' পৰিয়ালৰ তিনিওজন পুনৰ ভেনিচলৈ ঘূৰি আহে। তেওঁলোকে যাত্ৰা কালত মুঠ ১৫০০০মাইল (২৪০০০কিঃমিঃ) ভ্ৰমণ কৰে।৭
ভ্ৰমণৰ আঁৰৰ কথা
মাৰ্ক' প'ল'ৰ ভ্ৰমণ কাহিনীত মাৰ্ক' প'ল'ই উল্লেখ কৰা মতে তেওঁৰ দেউতাক আৰু খুৰাকে তেওঁৰ জন্মৰ আগতেই কনষ্টাণ্টিপলৰ পৰা বোলঘাৰ (Bolghar)লৈ যায়। এক বছৰ পিছত তাৰ পৰা উকেক (Ukek)লৈ যায়৯। তাৰ পৰা বুখাৰালৈ যাওঁতে তেওঁলোকে কুবঁলাই খাঁক লগ কৰাৰ এটা প্ৰস্তাৱ লাভ কৰে। কুঁবলাই খাঁই তেতিয়ালৈকে কোনো ইউৰোপীয় মানুহ লগ পোৱা নাছিল১০। ১২৬৬ চনত দুয়ো ভ্ৰাতৃয়ে দাদু চহৰ (বৰ্তমানৰ বেইজিং)ত কুবঁলাই খাঁক লগ কৰি তেওঁৰ আতিথ্য গ্ৰহণ কৰে। কুবঁলাই খাঁই দুয়োকে ইউৰোপীয় আইন আৰু ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে বহু প্ৰশ্ন কৰে১১। ইয়াৰ লগতে ৰোমৰ সন্মানীয় পোপ আৰু গীৰ্জাৰ বিষয়েও বহু কথা সোধে১২। কুবঁলাই খাঁই পোপলৈ সাতটা কলাত (ব্যাকৰণ, কথাশিল্প, তৰ্কশাস্ত্ৰ, সংগীত,জ্যামিতি, অংকশাস্ত্ৰ আৰু জ্যোতিষ) পাণ্ডিত্য থকা ১০০জন খ্ৰীষ্টিয়ানক চীনলৈ পঠিওৱাৰ অনুৰোধ জনাই এখন চিঠি লিখাৰ সিদ্ধান্ত লয়। আৰু এই চিঠিখন পোপক দিয়াৰ দায়িত্ব দুয়ো ভ্ৰাতৃক অৰ্পণ কৰে। ইয়াৰ লগতে কুবঁলাই খাঁই তেওঁলোকক জেৰুজালেমৰ পবিত্ৰ তেল আনিব কয়১৩।
কিন্তু সেই সময়ত পোপৰ মৃত্যু ঘটাত আৰু নতুন পোপৰ নিৰ্বাচনত দেৰি হোৱাত তেওঁলোকৰ কুবঁলাই খাঁৰ আদেশ কাৰ্যকৰী কৰাত অসুবিধা হ’ল। সেই বাবে দুয়ো ১২৬৯ বা ১২৭০ চনত ভেনিচলৈ গ’ল। তেতিয়াহে মাৰ্ক' প'ল'ই ১৫ বা ১৬ বছৰ বয়সত নিজৰ দেউতাকক প্ৰথম বাৰৰ বাবে স্বচক্ষে দেখিলে।১৪
ভ্ৰমণ
১২৭১ চনত নিক’ল’ আৰু মাফিৱ’ই পুনৰ চীন ভ্ৰমণলৈ সাজু হ’ল। এইবাৰ তেওঁলোকৰ লগত মাৰ্ক' প'ল'ও ওলাল। এইদৰে প'ল' পৰিয়ালৰ তিনিওজনে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক প্ৰথমে জাহাজেৰে একাৰ (Acre)-লৈ গ’ল আৰু তাৰ পৰা হৰমুজৰ পাৰ্ছিয়ান বন্দৰ পালেগৈ। ইয়াৰ পিছত তেওঁলোক জাহাজেৰে যাব বিচাৰিছিল যদিও উপযুক্ত সমুদ্ৰগামী জাহাজ নোপোৱাত ছিল্কৰোডেৰে খোজ লবলগীয়া হ’ল। যাত্ৰাৰ এছোৱা অংশ তেওঁলোকে এটা ভ্ৰমণকাৰী দলৰ সৈতে পাৰ হৈছিল যদিও দুৰ্ভাগ্যবশতঃ গোটেই দলটো ডকাইতৰ আক্ৰমণৰ সন্মুখীন হবলগীয়া হয়। প'ল' পৰিয়ালৰ তিনিওজনে ডকাইতৰ সৈতে যুঁজ দি কিবাকৈ পলাই সাৰিল যদিও ভ্ৰমণকাৰী দলৰ আন বহু সদস্যৰ মৃত্যু হ’ল বা বন্দী হ’ল১৫।
ভেনিচ এৰাৰ চাৰে তিনি বছৰ পিছত তেওঁলোক কুবঁলাই খাঁ ৰাজভৱনত উপস্থিত হ’ল। তেতিয়া মাৰ্ক' প'ল'ৰ প্ৰায় একৈশ বছৰ হৈছিল।৭ তেওঁলোক গৈ পোৱাৰ সঠিক তাৰিখ জনা নাযায় যদিও ১২৭১ৰ পৰা ১২৭৫ৰ কোনোবা এটা দিন বুলি পণ্ডিতসকলে অনুমান কৰে। গৈ পোৱাৰ পিছত তেওঁলোকে জেৰুজালেমৰ পৰা অনা পবিত্ৰ তেল আৰু পোপে পঠিওৱা চিঠি কুবঁলাই খাঁক আগবঢ়ালে। কিন্তু ৰজাই অনুৰোধ জনোৱামতে পোপে এশজন পণ্ডিত নপঠিয়ালে। তাৰ সলনি দুজন সন্ন্যাসী পঠোৱা হৈছিল যদিও সন্ন্যাসী দুজন আদবাটৰ পৰা ঘূৰি গৈছিল
কুবঁলাই খাঁই মাৰ্ক' প'ল'ক চৰকাৰী কাৰ্য্যালয়ত নিযুক্তি দিলে৭। তেওঁ চৰকাৰী কামত চীনৰ উত্তৰ আৰু পূব দিশে কেইবাটাও ভ্ৰমণ সম্পন্ন কৰে। আনকি সুদূৰ ম্যানমাৰলৈকেও যায়১৬। বছৰদিয়েক পাছত প'ল' পৰিয়ালৰ তিনিওজনে চীন এৰি যোৱাৰ কথা ভাবিছিল যদিও কুবঁলাই খাঁৰ পৰা অনুমতি পোৱা নাছিল। তেওঁলোকে ভয় খাইছিল যে কুবঁলাই খাঁৰ মৃত্যুৰ পিছত তেওঁৰ শত্ৰুবোৰে তেওঁলোকক অপকাৰ কৰিব পাৰে। কুঁবলাই খাঁৰ ভতিজাক এজন পাৰ্ছিয়াৰ শাসনকৰ্ত্তা আছিল। তেওঁৰ চীনত কইনা ঠিক হৈ আছিল। ১২৯২ চনত পাৰ্ছিয়াৰ শাসক তথা কুবঁলাই খাঁৰ ভতিজাকে তেওঁৰ ভাবী পত্নীক নিবলৈ কেইজনমান মানুহ পঠিয়ালে আৰু প'ল' পৰিয়ালৰ তিনিওজনক কইনাৰ দলটোক সংগ দিবলৈ আদেশ দিলে। আদেশ অনুসাৰে তেওঁলোকে চৈধ্যখন চীনা জাহাজেৰে জাইতুন (Zaitun) চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰিলে। দলটোৱে প্ৰথমে ছিংগাপুৰ বন্দৰলৈ গ’ল১৭। তাৰ পৰা সুমাত্ৰা হৈ১৮ জাফনা (Jaffna) বন্দৰৰ পশ্চিম দিশে গৈ তামিলাক্কম (Tamilakkam)ৰ পাণ্ড্যন (Pandyan) পালে১৯। তাৰ পিছত আৰব সাগৰ পাৰ হৈ হৰমুজত উপস্থিত হ’ল। ইতিমধ্য তেওঁলোকৰ চীন এৰি অহা দুই বছৰ পাৰ হৈ গৈছিল। এই দুই বছৰত তেওঁলোকৰ ছশজনীয়া দলটোৰ (জাহাজ কৰ্মীসকলক বাদ দি) কেৱল ওঠৰজনহে (প'ল' পৰিয়ালৰ তিনিওজনক ধৰি) বাচি থাকিল২০। কইনাৰ দলটোক হৰমুজত এৰি তেওঁলোক তিনিও স্থলপথেৰে কৃষ্ণ সাগৰৰ ট্ৰাবজন (Trabzon) বন্দৰলৈ আহিল। তাৰ পৰা কনষ্টাণ্টিপল হৈ ভেনিচলৈ যাত্ৰা কৰে।
ভাৰত ভ্ৰমণ
মাৰ্ক' প'ল'ই ভাৰতৰ ভিতৰলৈ সোমাই অহা নাছিল যদিও যাত্ৰাপথত পোৱা উপকূলীয় অঞ্চল কিছুমান ভ্ৰমণ কৰিছিল। পূব উপকূলৰ মাদ্ৰাজৰ কাষৰ ছেইণ্ট থমাছ,পশ্চিম উপকূলৰ কেৰালাৰ কাষৰ কালিকট বন্দৰ ভ্ৰমণ কৰি বোম্বাইৰ কাষৰ থানে হৈ গুজৰাটলৈ যায়। তেখেতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জও ভ্ৰমণ কৰে।
পিছৰ জীৱন
১২৯৫ চনত মাৰ্ক' প'ল' বিপুল ধন-ৰত্নসহ ভেনিচলৈ ঘূৰি আহিল। সেইসময়ত ভেনিচ আৰু জিন’আ প্ৰজাতন্ত্ৰৰ মাজত যুদ্ধ চলি আছিল২১। তেওঁ এখন পুৰণি জাহাজত এটা ট্ৰেবুচেট (Trebuchet,বাটলু গুটি জাতীয় কিন্তু তাতকৈ বহু ডাঙৰ প্ৰক্ষেপক) আৰু কিছু অস্ত্ৰ-শস্ত্ৰ লৈ যুদ্ধত যোগদান কৰিলে২২। কিন্তু ১২৯৬চনত আনাতোলিয়া উপকূলত তেওঁ জিন’আ সৈন্যৰ দ্বাৰা ধৰা পৰিল২৩। তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল।
কাৰাগাৰত থকা কালতে কাৰাগাৰত লগ পোৱা ৰুস্তিকেল্লো ডা পিছা (Rustichello da Pisa) নামৰ লিখক এজনৰ সহায়ত নিজৰ ভ্ৰমণ কাহিনী লিপিবদ্ধ কৰে৭। খুব কম সময়ৰ ভিতৰতে এই গ্ৰন্থখনৰ পাণ্ডুলিপি গোটেই ইউৰোপত বিয়পি পৰে আৰু মাৰ্ক' প'ল'ৰ ভ্ৰমণ কাহিনী (The Travels of Marco Polo) নামে জনাজাত হৈ পৰে।
১২৯৯ চনত তেওঁ কাৰাগাৰৰ পৰা মুক্তি পায় আৰু ভেনিচত থকা স্বগৃহলৈ উভতি আহে৭। ইতিমধ্যে তেওঁৰ দেউতাক আৰু খুৰাকে Contrada San Giovanni Criostomo নামৰ এটা প্ৰকাণ্ড ঘৰ ক্ৰয় কৰিছিল। তাতেই তেওঁ ব্যৱসায়ৰ কাম-কাজ অব্যাহত ৰাখে আৰু খুব সোনকালে এজন ধনী ব্যৱসায়ী হৈ পৰে। ১৩০০ চনত তেওঁ ভিটেল বাডোৱেৰ (Vitale Badoer) নামৰ জনৰ জীয়েক ডনাটা বাডোৱেৰ (Donata Badoer) বিয়া কৰায়২৪। তেওঁলোকৰ ফাণ্টিনা (Fantina),বেল্লেলা (Bellela) আৰু মৰেটা (Moreta) নামৰ তিনিটি কন্যা সন্তান লাভ কৰে।
মৃত্যু
১৩২৩ চনত মাৰ্ক' প'ল' ৰোগাক্ৰান্ত হৈ শয্যাশায়ী হ’ব লগা হয়। ১৩২৪ চনৰ ৮জানুৱাৰীত চিকিৎসকৰ অশেষ প্ৰচেষ্টাকো অসাৰ প্ৰতিপন্ন কৰি পৃথিৱীৰ পৰা চিৰবিদায় মাগে। ভেনিচৰ চান লৰেঞ্জোত তেওঁক সমাধিস্থ কৰা হয়। মাৰ্ক' প'ল'ই নিজৰ সম্পত্তিৰ এটা অংশ দান হিচাপে দি যোৱাৰ লগতে কেইবাজনো লোকক ঋণমুক্ত কৰি থৈ যায়। ইয়াৰ উপৰি এছিয়াৰ পৰা তেওঁৰ লগত অহা এজন দাসকো মুক্ত কৰি থৈ যায়।
সোঁৱৰণি
মাৰ্ক প'ল' পৃথিৱীৰ এজন বিখ্যাত পৰিব্ৰাজক হোৱা হেতুকে বিভিন্ন ক্ষেত্ৰত তেওঁৰ নাম ব্যৱহাৰ কৰা হয়। ভেনিচৰ এটা বিমান বন্দৰৰ নাম মাৰ্ক' প'ল'ৰ নামেৰে ৰখা হৈছে। ইটালী বেংক নোটত তেওঁক স্থান দিয়া হৈছে। Ovis ammon নামৰ ভেড়াৰ উপপ্ৰজাতিটোৰ নাম ৰখা হৈছে Marco Polo Sheep২৫। তদুপৰি তেওঁৰ নামেৰে টেলিভিছন ধাৰাবাহিক,ভিডিঅ’ গেম আদিও প্ৰস্তুত কৰা হৈছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ William Tait, Christian Isobel Johnstone. (1843). ((Tait's Edinburgh magazine)), Volume 10
- ↑ Hinds, Kathryn. (2002). Venice and Its Merchant Empire
- ↑ Landström 1967, পৃ. 27
- ↑ Italiani nel sistema solare di Michele T. Mazzucato
- ↑ Bergreen 2007, পৃ. 25 (online copy pp. 24–25)
- ↑ Britannica 2002, পৃ. 571
- ↑ Parker 2004, পৃ. 648–649
- ↑ Yule Cordier 1923
- ↑ Yule Cordier 1923
- ↑ Yule Cordier 1923
- ↑ Yule Cordier 1923
- ↑ Yule Cordier 1923
- ↑ Yule Cordier 1923
- ↑ Yule Cordier 1923
- ↑ Zelenyj, Alexander, Marco Polo: Overland to China, Crabtree Publishing Company (2005) Chapter: Along the Silk Road. ISBN 978-0778724537
- ↑ W. Marsden. (2004). The Travels of Marco Polo, The Venetian (1298)
- ↑ Yule Cordier 1923, পৃ. 281
- ↑ Yule Cordier 1923, পৃ. 286
- ↑ Yule Cordier 1923, পৃ. 373
- ↑ Boyle, J. A. (1971). Marco Polo and his Description of the World. History Today. Vol. 21, No. 11. Historyoftoday.com
- ↑ Nicol 1992, p. 219
- ↑ Yule, The Travels of Marco Polo, London, 1870: reprinted by Dover, New York, 1983
- ↑ According to fr. Jacopo d'Aqui, Chronica mundi libri imaginis
- ↑ Bergreen 2007, পৃ. 532
- ↑ Bergreen 2007, পৃ. 74
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্ক’ প’ল’” প্ৰবন্ধৰ সংশোধন ৩৮২৬১৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।