অভিযাত্ৰী
১৯ প্ৰবন্ধ
-
হিউৱেন-চাং
হিউৱেন-চাং (Xuanzang) এজন বৌদ্ধ ধৰ্মীয় চীনা পৰিব্ৰাজক আছিল। তেখেত এজন বিশ্ববিখ্যাত তীৰ্থযাত্ৰী, যিজনে ষোল্ল বছৰ কাল ভাৰতত বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থবোৰ সংস্কৃত ভাষাৰপৰা নিজৰ ভাষালৈ অনুবাদ কৰাত ব্যস্ত আছিল।
-
ভাস্কো দা গামা
ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজভ্ৰমণকাৰী। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে ভাৰতত উপস্থিত হোৱা প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি আছিল। তেওঁৰ ভ্ৰমণে এছিয়া আৰু ইউৰোপক সংযোগ কৰাৰ লগতে আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰকো সংযোগ কৰিছিল। তেওঁ প্ৰথমটো ভাৰতমুখী ভ্ৰমণতে(১৪৯৭-১৪৯৯) এই কাম সম্পূৰ্ণ কৰিছিল।
-
ইবন বটুতা
ইবন বটুতা (Ibn Battuta) এজন চুন্নী মুছলিম পৰ্যটক, চিন্তাবিদ আৰু ধৰ্মতাত্ত্বিক। তেখেতক সৰ্বকালৰ এজন মহান পৰিব্ৰাজক হিচাপে জনা যায়। তেখেত মূলতঃ পৃথিৱী ভ্ৰমণৰ বাবেই বিখ্যাত। একৈশ বছৰ বয়সৰ পৰা আৰম্ভ কৰি জীৱনৰ পৰৱৰ্তী ত্ৰিশ বছৰ ৭৫০০০ মাইল (১২০০০০ কিঃমিঃ) ভ্ৰমণ কৰিছিল।
-
ক্ৰিষ্টোফাৰ কলম্বাছ
ক্ৰিষ্টোফাৰ কলম্বাছ (Christopher Columbus) আছিল এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়। যদিও তেখেত আমেৰিকাত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তি নাছিল (একাদশ শতিকাতে লেইফ এৰিকছনে আমেৰিকাত উপস্থিত হৈছিল)।
-
মাৰ্ক’ প’ল’
মাৰ্ক' প'ল (Marco Polo) এজন ইটালীয় ব্যৱসায়ী তথা পৰিব্ৰাজক। তেখেতৰ ভ্ৰমণ কাহিনীসমূহ মাৰ্ক' প'ল'ৰ ভ্ৰমণ কাহিনী (The Travels of Marco Polo) নামৰ গ্ৰন্থত লিপিবদ্ধ হৈ আছে। তেওঁ ১২৭১চনত দেউতাক নিক’ল’ আৰু খুৰাক মাফিৱ’ৰ লগত এছিয়া মহাদেশেৰে চীনলৈ এটা মহাকাব্যিক ভ্ৰমণ সম্পন্ন কৰে।
-
ফা-হিয়েন
ফা-হিয়েন (Fa Xian,Fa-Hien বা Fa-hsien, ) এজন চীনা বৌদ্ধ ভিক্ষু, পৰিব্ৰাজক আৰু অনুবাদক। তেওঁ প্ৰাচীন চীনৰ পৰা ভাৰতলৈ ভ্ৰমণ কৰিছিল।
-
জেমছ কুক
কেপ্টেইন জেমছ কুক এজন ব্ৰিটিছ অভিযানকাৰী, নাৱিক, নক্সাকাৰ তথা ৰাজকীয় নৌ বাহিনী অধিনায়ক আছিল। কুকে প্ৰশান্ত মহাসাগৰ ভ্ৰমণ কৰাৰ আগতে নিঊ ফাউণ্ডলেণ্ডৰ নিখুঁত নক্সা আঁকি ওলিয়াইছিল।
-
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ (Charles Alexander Bruce; ১১ জানুৱাৰী ১৭৯৩ – ২৩ এপ্ৰিল ১৮৭১) এগৰাকী ব্ৰিটিছ সৈনিক, অভিযানকাৰী আৰু লেখক। তেওঁক ভাৰতৰ চাহ উদ্যোগৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ ভাতৃ ৰবাৰ্ট ব্ৰুছে ১৮২৩ চনত অসমত অসম চাহ আৱিষ্কাৰ কৰিছিল।
-
টুৰ হেয়াৰ্ডাল
টুৰ হেয়াৰ্ডাল ( আই.পি.এ-[tuːr hæiːərdɑːl]) অক্টোবৰ ৬, ১৯১৪ – এপ্ৰিল ১৮, ২০০২) হৈছে বিশ্ববিখ্যাত ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ আৰু পুৰাতত্ত্ববিদ। তেওঁ 'কন্-টিকি'ৰে যাত্ৰা কৰাৰ বাবে জনাজাত।
-
ফাৰ্ডিনেণ্ড মেগালান
ফাৰ্ডিনেণ্ড মেগালান (পৰ্টুগীজ ভাষাত ) এজন পৰ্টুগীজ অভিযাত্ৰী আছিল যিয়ে ১৫১৯-২২ চনৰ ভিতৰত স্পেনিচ ৰজাৰ অধীনত ইষ্ট ইণ্ডিজলৈ এক অভিযানৰ আয়োজন কৰিছিল, যি আছিল পৃথিৱীৰ সমগ্ৰ বৃত্তাকায় সামৰি লোৱা প্ৰথমটো সফল অভিযান।
-
এডমাণ্ড হিলাৰী
ছাৰ এডমাণ্ড পাৰ্চিভাল হিলাৰী ( Sir Edmund Percival Hillary )(জন্ম,২০ জুলাই ১৯১৯ – মৃত্যু, ১১ জানুৱাৰী ২০০৮) আছিল নিউজিলেণ্ডৰ এজন পৰ্বতাৰোহী, অভিযাত্ৰী,লেখক আৰু দানশীল ব্যক্তি।
-
বিয়েৰ গ্ৰিলচ্
এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্ (ইংৰাজী: Edward Michael "Bear" Grylls; জন্ম: ৭ জুন ১৯৭৪) এজন ব্ৰিটিছ দুঃসাহসিক অভিযাত্ৰী, লেখক আৰু টেলিভিছনৰ উপস্থাপক। তেওঁ তাৰ মেন ভাৰ্চেচ ৱাইল্ড (২০০৬-২০১১), যি আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্ণ ছাৰ্ভাইভাৰ: বিয়েৰ গ্ৰিলচ্ নামেৰে প্ৰচলিত, টেলিভিছন ধাৰাবাহিকৰ বাবে সৰ্বাধিক…
-
এৰ্ণান কৰ্টেছ
এৰ্ণান কৰ্টেছ (Hernán Cortés, ডিচেম্বৰ ১৪৮৫ – ২ ডিচেম্বৰ, ১৫৪৭) এজন স্পেনিছ বিজয়ী আছিল, যিয়ে এজটেক সাম্ৰাজ্যৰ পতনৰ কাৰণ হোৱা অভিযানৰ নেতৃত্ব দিছিল আৰু ১৬ চনৰ আৰম্ভণিতে বৰ্তমানৰ মূল ভূখণ্ড মেক্সিকোৰ বৃহৎ অংশক কেষ্টাইলৰ ৰজাৰ শাসনৰ অধীনলৈ আনিছিল।
-
চেং হো
চেং হো (Zheng He; ১৩৭১–১৪৩৩/১৪৩৫) আছিল চীনৰ নৌসেনা অধিনায়ক আৰু কূটনীতিজ্ঞ, যি প্ৰাৰম্ভিক মিং বংশৰ সময়ত কাৰ্যৰত আছিল। তেওঁক প্ৰায়ে চীনৰ ইতিহাসত আটাইতকৈ মহান নৌসেনা অধিনায়ক হিচাপে গণ্য কৰা হয়।
-
ছন্দা গায়েন
ছন্দা গায়েন (৯ জুলাই ১৯৭৯ – ২০ মে' ২০১৪) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী আৰু সমৰ কলা শিল্পী আছিল। ২০১৩ চনৰ ১৮ মে'ত একেলগে দুটাকৈ ৮০০০ মিটাৰৰ অধিক উচ্চতাৰ শৃংগ, মাউণ্ট এভাৰেষ্ট আৰু লোটচে আৰোহণ কৰা তেওঁ প্ৰথমগৰাকী আৰু দ্ৰুততম ভাৰতীয় হিচাপে পৰিচিত।
-
জ্যেক কাৰ্টিয়ে
জ্যেক কাৰ্টিয়ে (৩১ ডিচেম্বৰ ১৪৯১১ ছেপ্টেম্বৰ ১৫৫৭) আছিল ব্ৰিটানিৰ এগৰাকী ফৰাচী সামুদ্ৰিক অভিযাত্ৰী। কাৰ্টিয়ে আছিল প্ৰথম ইউৰোপীয় যিয়ে চেণ্ট লৰেন্স উপসাগৰ আৰু চেণ্ট লৰেন্স নদীৰ পাৰৰ বৰ্ণনা আৰু মানচিত্ৰ নিৰ্মাণ কৰিছিল, যাক তেওঁ ষ্টেডাকোনা (ক্যুবেক চহৰ) আৰু হোচেলাগা (মণ্ট্ৰিয়েল দ্বীপ)ত দেখা দুটা…
-
বাৰ্টলমিউ ডিয়াজ
বাৰ্টলমিউ ডিয়াজ ( Bartolomeu Dias; আনুমানিক ১৪৫০ – ২৯ মে' ১৫০০) এগৰাকী পৰ্তুগীজ নাৱিক আৰু অভিযাত্ৰী আছিল। ১৪৮৮ চনত তেওঁ আফ্ৰিকাৰ দক্ষিণ প্ৰান্ত পৰিভ্ৰমণ কৰা আৰু জাহাজৰ বাবে দক্ষিণ দিশৰ আটাইতকৈ ফলপ্ৰসূ পথটো আফ্ৰিকাৰ উপকূলৰ বহু পশ্চিমে মুকলি সাগৰত অৱস্থিত বুলি প্ৰমাণ কৰা প্ৰথমজন ইউৰোপীয় নাৱিক…
-
ভ্লাডিছলাভা ইভটুশেংকো
ভ্লাডিছলাভা ইভটুশেংকো (ইংৰাজী: Vladislava Evtushenko; জন্ম: ১ মে’ ১৯৯৬) এগৰাকী ৰাছিয়ান অভিনেত্ৰী, নৃত্যশিল্পী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৫ ৰ প্ৰথম ৰানাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক মিছ ইউনিভাৰ্ছ ৰাছিয়া ২০১৫ হিচাপে নিযুক্ত কৰা হৈছিল।
-
ৰুৱাল আমুন্সেন
ৰুৱাল আমুন্সেন (১৬ জুলাই ১৮৭২ –১৮ জুন ১৯২৮) মেৰু অঞ্চলৰ (নৰৱেৰ) অভিযাত্ৰী আছিল। নৰৱেৰ অষ্টফল্ডৰ বৰ্জত জন্মগ্ৰহণ কৰা আমুন্সেনে ১৮৯৭–১৮৯৯ চনৰ এড্ৰিয়েন ডি গেৰলাচেৰ বেলজিয়াম এন্টাৰ্কটিকা অভিযানৰ প্ৰথম সংগী তথা মেৰু অভিযাত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।