অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাধৱী মুদ্গল

মাধৱী মুদ্গল অডিচি নৃত্য শৈলীৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ কেইবাটাও বঁটা লাভ কৰিছে, য'ত আছে সাংস্কৃতিক বঁটা- ১৯৮৪, ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী বঁটা- ১৯৯০, ওড়িশা ৰাজ্যিক সংগীত নাটক অকাডেমী বঁটা- ১৯৯৬, ফ্ৰান্স চৰকাৰৰ দ্বাৰা গ্ৰেণ্ড মেডাইল দে লা ভিলে- ১৯৯৭, কেন্দ্ৰীয় সংগীত…

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৪৯৮ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মাধৱী মুদ্গল অডিচি নৃত্য শৈলীৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁ কেইবাটাও বঁটা লাভ কৰিছে, য'ত আছে সাংস্কৃতিক বঁটা- ১৯৮৪, ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী- ১৯৯০,১ ওড়িশা ৰাজ্যিক সংগীত নাটক একাডেমী বঁটা- ১৯৯৬, ফ্ৰান্স চৰকাৰৰ দ্বাৰা গ্ৰেণ্ড মেডাইল দে লা ভিলে- ১৯৯৭, কেন্দ্ৰীয় সংগীত নাটক অকাডেমী বঁটা- ২০০০, দিল্লী ৰাজ্যিক পৰিষদ সন্মান- ২০০২ আৰু ২০০৪ চনত নৃত্য চূড়ামণি উপাধি।২

প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণ

মাধৱী মুদ্গলৰ জন্ম হৈছিল গন্ধৰ্ব মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক বিনয় চন্দ্ৰ মৌদগল্যৰ ঘৰত; নতুন দিল্লীৰ হিন্দুস্তানী সংগীত আৰু শাস্ত্ৰীয় নৃত্যৰ বাবে অন্যতম বিখ্যাত এই নৃত্য বিদ্যালয়। অধ্যাপক বিনয় চন্দ্ৰ মৌদগল্যক আজি সৰ্বাধিক স্মৰণ কৰা হয় বিজয়া মুলায়ৰ এনিমেচন ছবি “এক আনেক ঔৰ একতা’’ত হিন্দ দেশ কে নিৱাসী গীতৰ কথাৰ বাবে, যিয়ে শ্ৰেষ্ঠ শিক্ষামূলক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৩ মাধৱীয়ে পৰিয়ালৰ পৰা শিল্প আৰু নৃত্যৰ প্ৰতি থকা প্ৰেম উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল আৰু গুৰু শ্ৰী হৰেকৃষ্ণ বেহেৰাৰ প্ৰশিক্ষণ আৰু পথ নিৰ্দেশনাত তেওঁৰ অসাধাৰণ দক্ষতাৰ বিষয়ে বিশ্বই অতি সোনকালেই জানিব পাৰিছিল। মাত্ৰ ৪ বছৰ বয়সতে তেওঁ প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে অভিনয় কৰিছিল।৪ প্ৰথম অৱস্থাত ভাৰতনাট্যম আৰু কথক শিকিছিল যদিও অৱশেষত প্ৰকাশৰ মাধ্যম হিচাপে ওডিছিক বাছি লৈছিল। গুৰু কেলুচৰণ মহপাত্ৰৰ তত্ত্বাৱধানত তেওঁৰ অডিচি শিল্প দক্ষতাক উন্নততম স্থানলৈ লৈ যোৱা হৈছিল। আৰ্কিটেক্সাৰত ডিপ্লমা লাভ কৰা মাধৱীয়ে প্ৰায়ে বিভিন্ন আলোচনী আৰু কিতাপৰ বাবে লিখে।৫

কেৰিয়াৰ

নৃত্য পৰিচালনাত কলাৰ গভীৰ অন্তৰ্দৃষ্টি আৰু নতুন নৃত্যশিল্পীসকলক অডিচিৰ সূক্ষ্মাতিসূক্ষ্ম দিশসমূহৰ প্ৰতি প্ৰশিক্ষণ আৰু উৎসাহিত কৰাৰ দায়বদ্ধতাৰ বাবে তেওঁ বিশ্বজুৰি প্ৰশংসিত।৬ সমগ্ৰ বিশ্বতে প্ৰদৰ্শিত নৃত্য উৎসৱসমূহে তেওঁৰ নৃত্য প্ৰদৰ্শনৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰিছে। ইয়াৰ ভিতৰত এডিনবাৰ্গ আন্তঃৰাষ্ট্ৰীয় উৎসৱ; আমেৰিকাত ভাৰতৰ উৎসৱ; মেক্সিকোৰ কাৰ্ভেণ্টিনো উৎসৱ; ভিয়েনা নৃত্য উৎসৱ, অষ্ট্ৰিয়া; ভাৰতীয় নৃত্য উৎসৱ, দক্ষিণ আফ্ৰিকা; ভাৰতীয় সংস্কৃতিৰ উৎসৱ, চাও পাওলো, ব্ৰাজিল; ভাৰতীয় সংস্কৃতিৰ দিন, হাংগেৰী; ফেষ্টিভেল অৱ ইণ্ডিয়ান আৰ্টছ, লণ্ডন; ফ্ৰান্সৰ এভিনন উৎসৱ; পিনা বাউচৰ উৎসৱ, ৱুপাৰ্টাল আৰু বাৰ্লিন ফেষ্টপিলে, জাৰ্মানী; আৰু ইটালী, স্পেইন, লাওছ, ভিয়েটনাম, মালয়েছিয়া, জাপান আৰু ভাৰত উপমহাদেশত অনুষ্ঠিত হোৱা উৎসৱসমূহত। তেখেতে দৃশ্য-শ্ৰাব্য উপস্থাপন, কনচাৰ্টৰ লগতে ভাৰতত বহুলভাৱে প্ৰশংসিত বিশেষ নৃত্য উৎসৱৰ আয়োজনৰ জৰিয়তে ভাৰতৰ অন্যতম প্ৰধান শাস্ত্ৰীয় নৃত্য ৰূপ হিচাপে অডিচি নৃত্য প্ৰতিষ্ঠা কৰিছে।৬

তেওঁ তেওঁৰ জীৱনৰ আটাইতকৈ স্মৰণীয় দিন বুলি সোঁৱৰণ কৰে, সেই মুহূৰ্তটো, যেতিয়া গুৰু কেলুচৰণ মহপাত্ৰই তেওঁক নিজৰ শিষ্য হিচাপে গ্ৰহণ কৰিছিল।২

ব্যক্তিগত জীৱন

পদ্মশ্ৰী বিজয়ী খায়াল আৰু ভজন পৰিৱেশনৰ বাবে পৰিচিত তেওঁৰ ভাতৃ মধুপ মুদ্গল। তেখেত এজন সুৰকাৰ, পৰিচালক আৰু ১৯৯৫ চনৰ পৰা নতুন দিল্লীৰ গন্ধৰ্ব মহাবিদ্যালয়ৰ সংগীত আৰু নৃত্য বিদ্যালয়ৰ অধ্যক্ষ।৭৮ তেওঁৰ ভাগিনী আৰুছি (৩৪), মধুপ মুদ্গলৰ কন্যা৯ আৰু দিল্লীৰ ২০০৪ চনৰ কাৰ্মেল কনভেণ্ট স্কুলৰ প্ৰাক্তন ছাত্ৰী, মাধৱীয়ে গন্ধৰ্ব মহাবিদ্যালয়ত প্ৰশিক্ষণ লৈ ২০০৩ চনত একক অডিচি নৃত্যশিল্পী হিচাপে মঞ্চত আত্মপ্ৰকাশ কৰে।১০ ২০০৮ চনত জাৰ্মান নৃত্য পৰিচালক পিনা বাউছে আয়োজন কৰা আন্তৰ্জাতিক নৃত্য মহোৎসৱ ২০০৮ত অংশগ্ৰহণ কৰা একমাত্ৰ ভাৰতীয় নৃত্যশিল্পী আছিল, য'ত তেওঁ স্ব-নৃত্য পৰিৱেশন কৰা বাগেশ্ৰী নামৰ এটা টুকুৰা পৰিৱেশন কৰিছিল।১১ মাধৱী মুদ্গলৰ দ্বিতীয় ভাতৃ মুকুল মুদ্গল পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ, যিয়ে ভাৰতৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এল নাগেশ্বৰ ৰাও আৰু উচ্চতম ন্যায়ালয়ে পৰিচালনাৰ বাবে নিযুক্তি দিয়া জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন ক্ৰিকেট আম্পায়াৰ নিলয় দত্তক লৈ গঠিত মুদ্গল সমিতিৰ নেতৃত্ব দিছিল ২০১৩ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত দুৰ্নীতি, বাজি আৰু স্পট-ফিক্সিঙৰ অভিযোগৰ ওপৰত এক স্বতন্ত্ৰ তদন্ত কৰিছিল।১২১৩ ১৯৪৯ চনৰ ৪ জানুৱাৰীত জন্মগ্ৰহণ কৰা ন্যায়াধীশ মুদ্গলে ১৯৯৮ চনৰ ২ মাৰ্চত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ও২০০৯ চনৰ ৫ ডিচেম্বৰত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে আৰু ২০১১ চনৰ ৩ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে। তেওঁৰ ভতিজা ধৱল, পুত্ৰ আৰু বিখ্যাত হিন্দুস্তানী শাস্ত্ৰীয় কণ্ঠশিল্পী শোভা মুদ্গল দিল্লীৰ এটা বিখ্যাত বেণ্ড হাফ ষ্টেপ ডাউন১৪১৫ৰ মুখ্য গায়িকা আৰু এগৰাকী আশাব্যঞ্জক পকাৰ খেলুৱৈ।১৬

তথ্যসূত্ৰ

  1. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  2. ↑ Madhavi, Mudgal. (15 November 2004). -'surprised and glad' to be chosen for Nritya Choodamani 2004 -Madhavi
  3. ↑ National Award For Best Educational/Motivational/Instructional Film. www.awardsandshows.com
  4. ↑ Madhavi Mudgal. Per Diem Co
  5. ↑ International Dance Festival - VISTAAR
  6. ↑ Interview with Madhavi Mudgal. Anand Foundation
  7. ↑ (8 January 2006). Madhup Mudgal and the world of khayal. Indian Express
  8. ↑ (12 November 2006). Interview: Madhup Mudgal: 'It's hard teaching beginners'. The Financial Express
  9. ↑ Rajan, Anjana. (2010-01-08). And her body spoke…. The Hindu
  10. ↑ (10 September 2003). Baby, You're On Your Own Now. Indian Express
  11. ↑ (3 November 2008). Dance Works. Indian Express
  12. ↑ Jasvinder Sidhu. (7 October 2014). Spot fixing: Mudgal panel examines three Indian players - Hindustan Times
  13. ↑ (1 September 2014). Supreme Court asks Mudgal committee to complete probe within two months. The Indian Express. পৃ. 2
  14. ↑ (16 February 2014). We did not state things we couldn't corroborate'. The Telegraph
  15. ↑ Dasgupta, Amrita. (22 July 2010). Life notes. The Hindu
  16. ↑ Dhaval Mudgal's profile on the Hendon Mob

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধৱী মুদ্গল” প্ৰবন্ধৰ সংশোধন ৬৪০১৪৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।