গাঁও পঞ্চায়ত (Village Council) ভাৰতৰ পঞ্চায়তী ৰাজ প্ৰণালীত, গাঁও বা সৰু এলেকাৰ স্তৰত গ্ৰাম্য পঞ্চায়ত বা গাঁও পঞ্চায়ত আছে, যি হৈছে ভাৰতৰ স্থানীয় স্ব-শাসনৰ এক মুখ্য উপাদান। পঞ্চায়তী ৰাজ প্ৰণালীৰ তিনিস্তৰীয় সংগঠনৰ ভিতৰত গাঁও পঞ্চায়ত হৈছে নিম্নতম স্তৰৰ সংগঠন। ই গাঁও সভাৰ কাৰ্যকৰী সমিতি হিচাপে কাম কৰে। প্ৰাচীন কালৰ পৰা ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক জীৱনত গাঁও পঞ্চায়তৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। ৰাজহুৱা জীৱনৰ প্ৰতিটো দিশ ইয়াৰ দ্বাৰা পৰিচালিত হৈছিল আৰু বৰ্তমানেও সমাজত ইয়াৰ প্ৰভাৱ অতি উল্লেখনীয়।
গাঁও সভা
গাঁও সভা হৈছে এখন গাঁওৰ ১৮ বছৰ বয়স প্ৰাপ্ত পুৰুষ-মহিলা আদি সকলো লোকৰ দ্বাৰা গাঁওৰ উন্নয়ন আৰু পঞ্চায়তক দিহা পৰামৰ্শ দিয়াৰ উদ্দেশ্যে গঠিত এক স্থায়ী সভা বা গোট।
গাঁও সভাৰ কাৰ্যকৰী সমিতিখনক গাঁও পঞ্চায়ত বুলি জনা যায়। যি সভাই নিৰ্বাচিত কৰা প্ৰতিনিধিসকলক লৈ গঠিত হয়।
ভাৰতৰ সংবিধানৰ নৱম ভাগৰ ২৪৩(খ) অনুচ্ছেদত গাঁও সভাৰ পৰিভাষা দিছে এনেধৰণে- "গাঁও সভা মানে গাঁও স্তৰত পঞ্চায়ত ক্ষেত্ৰৰ ভিতৰত সমাবিষ্ট কোনো গাঁওৰ লগত সম্পৰ্কিত নিৰ্বাচক নামাৱলীত পঞ্জীভুক্ত ব্যক্তি সমূহেৰে গঠিত কোনো নিকায়।"১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাঁও পঞ্চায়ত” প্ৰবন্ধৰ সংশোধন ৫১০৭৩৯ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।