বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
৪ প্ৰবন্ধ
-
উৰ্খাউ গৌড়া ব্ৰহ্ম
উৰ্খাউ গৌড়া ব্ৰহ্ম অসমৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত এগৰাকী সাংসদ আছিল। ব্ৰহ্ম কোকৰাঝাৰ জিলাত জন্ম হৈছিল। তেওঁৰ পিতৃ হৰ্কেশ্বৰ ব্ৰহ্ম। তেখেতে ২০১৪ চনত তেওঁৰ বড়ো ভাষাৰ কাব্য সংকলন উদাংনিফ্ৰাই গিডিংফিন্নানেই-ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ২০০৫ চনৰ পৰা। প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে মংগলসিং হাজোৱাৰীয়ে তেওঁৰ কাব্য সংকলন "জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ"-ৰ বাবে।
-
মংগলসিং হাজোৱাৰী
মংগলসিং হাজোৱাৰী এগৰাকী ভাৰতীয় বড়ো ভাষাৰ কবি। তেখেতে জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ নামৰ কবিতা পুথিখনৰ বাবে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।
-
মধুৰাম বড়ো
মধুৰাম বড়ো অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ। তেওঁ ২০০২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ তাৰোপৰি তেওঁ ২০০২ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে৷ ২০১৪ চনৰ ২৪ মাৰ্চ তাৰিখে তেওঁৰ মৃত্যু হয়৷