ভাৰতৰ টেবুল টেনিছ খেলুৱৈ
৬ প্ৰবন্ধ
-
অচন্ত শৰৎ কমল
অচন্ত শৰৎ কমল (Achanta Sharath Kamal; জন্ম: ১২ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় পেছাদাৰী টেবুল টেনিছ খেলুৱৈ। তেওঁ এতিয়ালৈকে দহবাৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱা প্ৰথমজন ভাৰতীয় টেবুল টেনিছ খেলুৱৈ হিচাপে আঠবাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন কমলেশ মেহতাৰ অভিলেখ ভংগ কৰে।
-
মণিকা বাত্ৰা
মণিকা বাত্ৰা (Manika Batra, জন্ম: ১৫ জুন ১৯৯৫) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২০ চনৰ নৱেম্বৰলৈকে তেওঁ ভাৰতৰ শীৰ্ষ স্থানত থকা মহিলা টেবুল টেনিছ খেলুৱৈ আৰু বিশ্বত ৬৩তম স্থানৰ খেলুৱৈ। তেওঁ বেকহেণ্ডত দীঘলীয়া পিম্পল খেলিবলৈ বিশেষত্ব লাভ কৰে। ই এটা ৰবৰ যি প্ৰায়ে শীৰ্ষস্থানৰ খেলুৱৈসকলে নেখেলে।
-
কমলেশ মেহতা
কমলেশ মেহতা, সম্পূৰ্ণ নাম কমলেশ নবীন চন্দ্ৰ মেহতা (Kamlesh Navinchandra Mehta; জন্ম: ১ মে' ১৯৬০) এজন অৱসৰপ্ৰাপ্ত টেবুল টেনিছ খেলুৱৈ তথা প্ৰশিক্ষক।
-
ভাৱিনা পেটেল
ভাৱিনা হাসমুখভাই পেটেল (Bhavina Hasmukhbhai Patel) ভাৰতৰ গুজৰাটৰ মেহছানাৰ এগৰাকী পেৰা টেবুল টেনিছ খেলুৱৈ। তেওঁ ২০২০ টকিঅ' পেৰালিম্পিকত একক চি৪ শাখাত ৰূপৰ পদক লাভ কৰে। তেওঁ ভাৰতৰ হৈ পেৰালিম্পিকত পদকৰ লাভ কৰা প্ৰথম টেবুল টেনিছ খেলুৱৈ আৰু দীপা মালিকৰ পাছত দ্বিতীয়গৰাকী মহিলা খেলুৱৈ।
-
মনালিচা বৰুৱা মেহতা
মনালিচা বৰুৱা মেহতা (Monalisa Baruah Mehta) হৈছে অসমৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ। ১৯৮৭ চনত এওঁ অৰ্জুন বঁটা লাভ কৰে। অৰ্জুন বঁটাৰে সন্মানিত তেখেত হৈছে দ্বিতীয় অসমীয়া আৰু প্ৰথম অসমীয়া মহিলা। এওঁ পূৰ্বৰ নেচনেল টেবুল টেনিছৰ বিজয়ী কমলেশ মেহতা ৰ লগত বিবাহ পাশত আবদ্ধ হয়।
-
শ্ৰীজা আকুলা
শ্ৰীজা আকুলা (Sreeja Akula; জন্ম: ৩১ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২২ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা ৮৩ সংখ্যক ছিনিয়ৰ নেচনেল আৰু আন্তঃৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপত তেওঁ মহিলাৰ একক আৰু ডাবলছ টেনিছৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় চেম্পিয়ন।