অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

দক্ষিণ এছিয় ক্ৰীড়া

দক্ষিণ এছিয় ক্ৰীড়া (South Asian Games, SA Games) দ্বি-বাৰ্ষিকভিত্তিত প্ৰবৰ্তিত বহু-ক্ৰীড়া প্ৰতিযোগিতা হিচাপে দক্ষিণ এছিয়াৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰিবলৈ অনুষ্ঠিত কৰা হয়। কিন্তু মাজে মাজে অনিয়মিতভাবে অনুষ্ঠিত হোৱা দেখা যায়। ১৯৮৩ চনত দক্ষিণ এছিয় ক্ৰীড়া সংস্থা গঠন কৰা হয়।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

দক্ষিণ এছিয় ক্ৰীড়া (South Asian Games, SA Games) দ্বি-বাৰ্ষিকভিত্তিত প্ৰবৰ্তিত বহু-ক্ৰীড়া প্ৰতিযোগিতা হিচাপে দক্ষিণ এছিয়াৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰিবলৈ অনুষ্ঠিত কৰা হয়। কিন্তু মাজে মাজে অনিয়মিতভাবে অনুষ্ঠিত হোৱা দেখা যায়। ১৯৮৩ চনত দক্ষিণ এছিয় ক্ৰীড়া সংস্থা গঠন কৰা হয়। সংস্থাৰ পৰিচলনা পৰিষদ কৰ্তৃকে সৰ্বপ্ৰথমে এই প্ৰতিযোগিতা ১৯৮৪ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত কৰে। ২০০৪ চনলৈ এই প্ৰতিযোগিতাৰ নাম আছিল দক্ষিণ এছিয় ফেডাৰেশ্বন ক্ৰীড়া বা চাফ গেমচ্। এই সংস্থাৰ বৰ্তমান সদস্যৰ সংখ্যা হল ৮। দক্ষিণ এছিয় আঞ্চলিক সহযোগিতা সংস্থাৰ নতুন সদস্য দেশ হিচাপে আফগানিস্তানে এতিয়ালৈকে দুটি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। প্ৰতিষ্ঠাকালীন সময়ৰে পৰা বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা একাদশ প্ৰতিযোগিতাৰ সকলোতে অংশগ্ৰহণ কৰিছে।

দক্ষিণ এছিয় ক্ৰীড়াৰ শেষৰ সংস্কৰণ প্ৰতিযোগিতাটি ২০১০ চনত বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হয়। ২০১৩ চনৰ প্ৰতিযোগিতাটি ১৩-২১ ফেব্ৰুৱাৰীত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া আছিল।১ পিছে এই ক্ৰীড়া বাতিল হল। এই প্ৰতিযোগিতাৰ শেহতীয়া সংস্কৰণ ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ দপ্তৰৰ স্বতন্ত্ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা মতে ৬-১৬ ফেব্ৰুৱাৰী, ২০১৬ চনত অসম আৰু মেঘালয়ত অনুষ্ঠিত হব।২

ইতিহাস

১৯৮৪ চনত নেপালৰ ৰাজধানী কাঠমাণ্ডুত প্ৰথম দক্ষিণ এছিয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতা প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে আয়োজন কৰা হলেও মাজে মাজে অনিয়মিত ভাবেও অনুষ্ঠিত হৈছে। প্ৰথমে প্ৰতিযোগিতাৰ নাম দক্ষিণ এছিয় ফেডাৰেশ্বন ক্ৰীড়া বা চাফ গেমচ্ আছিল। কিন্তু ২০০৪ চনত সংস্থাৰ পৰিচলনা পৰিষদৰ ৩২তম সভাত গৃহীত সিদ্ধান্ত মতে আনুষ্ঠানিকভাবে ফেডাৰেশ্বন শব্দটি বাদ দিয়া হয়। প্ৰতিযোগিতাৰ গুৰুত্ব আৰু দৰ্শক আকৃষ্টতাৰ বিষয়ে চিন্তা কৰি এইটো কৰা হৈছিল।৩

প্ৰতিষ্ঠাকালীন সমযৰ পৰা ফুটবল খেল দক্ষিণ এছিয় ক্ৰীড়া প্ৰতিযোগিতাত অন্তৰ্ভুক্ত আছিল।৪ বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত ২০১০ চনত এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে মহিলা ফুটবল খেলে স্থান পায়।৫

সমাৰোহসমূহ

সমাৰোহবৰ্ষচহৰৰাষ্ট্ৰদেশৰ সংখ্যাক্ৰীড়াৰ সংখ্যাইভেণ্টৰ সংখ্যা
১১৯৮৪কাঠমাণ্ডু৭৫৬২
২১৯৮৫ঢাকা৭৭৯৪
৩১৯৮৭কলিকতা৭১০১১৬
৪১৯৮৯ইছমাবাদ৭১০১১৪
৫১৯৯১কলম্বো৭১০১৪২
৬১৯৯৩ঢাকা৭১১১১৫
৭১৯৯৫মাদ্ৰাছ৭১৪১৪৩
৮১৯৯৯কাঠমাণ্ডু৭১২১৬৩
৯২০০৪ইছমাবাদ৮১৫১৭০
১০২০০৬কলম্বো৮২০১৯৭
১১২০১০ঢাকা৮২৩১৫৮
১২২০১৬৬গুৱাহাটী/শ্বিলং৮২২২২৬
১৩২০১৯কাঠমাণ্ডু/পোখৰা/জনকপুৰ৭২৬৩১৭
১৪২০২৩৭লাহোৰ

দক্ষিণ এছিয় বীচ ক্ৰীড়া

চনপ্ৰতিযোগিতাৰ বিৱৰণস্বাগতিক চহৰদেশ
২০১১১মহাম্বানতোতাশ্ৰীলংকা
২০১৩২য়মালেমালদ্বীপ

দক্ষিণ এছিয় শীতকালীন ক্ৰীড়া

চনপ্ৰতিযোগিতাৰ বিৱৰণস্বাগতিক চহৰদেশ
২০১১৮১মদেৰাদুন আৰু অলীভাৰত

শীৰ্ষ স্থান

দেশ১ম স্থান২য় স্থান৩য় স্থান
১১ বাৰ--
-৮ বাৰ২ বাৰ
-২ বাৰ৭ বাৰ
-১ বাৰ-
--২ বাৰ

মুঠ পদক তালিকা

ৰেংকজাতীয় অলিম্পিক কমিটিঅংশগ্ৰহণকাৰী দেশস্বৰ্ণপদকৰূপৰ পদকব্ৰঞ্জৰ পদকসৰ্বমুঠ পদক
১১১৯০০৫৪২২৮৬১৭২৮
২১১৩১১৩৭৫৩৩৬১০২২
৩১১১৮৫২৮৮৪৫৫৯২৮
৪১১৭৬৯৯২৩৮৪১৩
৫১১৬৩১৬২৩৪৭৫৭২
৬২১৩১৬৩৪৬৪
৭১১২১৫৩৮৫৫
৮১১০১৮৯

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ "IOA postpones South Asian Games, scraps recent committees". Rediff. December 16, 2011. Retrieved February 6, 2012.
  2. ↑ " South Asian Games to held from Feb 6-16 in Guwahati, Shillong ".Zee News. October 25, 2015. Retrieved January 22, 2016.
  3. ↑ It will be South Asian Games.Rediff news.April 2, 2004
  4. ↑ South Asian Federation Games
  5. ↑ 11th South Asian Federation Games 2010 (Bangladesh)
  6. ↑ 12th SAF Games Mantle Falls on State. The New Indian Express
  7. ↑ Malik, Shahzad. (২০২১-০১-১৪). South Asian Games moved to March ২০২৩. ARYSports.tv
  8. ↑ (2010-11-25). South Asian Winter Games to have two opening and closing - Times Of India. Timesofindia.indiatimes.com

সম্পৰ্কিত শ্ৰেণী

ক্ৰীড়া সমাৰোহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ এছিয় ক্ৰীড়া” প্ৰবন্ধৰ সংশোধন ৫২৭৭০৫ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।