জৈৱ ৰসায়নবিদ
৭ প্ৰবন্ধ
-
গ্ৰেগ লিয়নাৰ্ড চেমেনজা
গ্ৰেগ লিয়নাৰ্ড চেমেনজা (জন্ম: ১২ জুলাই ১৯৫৬) জনছ হপকিন্স স্কুল অফ মেডিচিনত শিশু চিকিৎসা, ৰেডিয়েছন অংক'লজি, জীৱবৈজ্ঞানীক ৰসায়ন, কৰ্কট ৰোগৰ অধ্যাপক। তেওঁ কোষ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভাছকুলাৰ প্ৰগ্ৰেমৰ নিৰ্দেশক হিচাপে সেৱা আগবঢ়ায়ছিল।
-
বেৰনাৰ্ড লুকাছ ফেৰীনগা
বেৰনাৰ্ড লুকাছ "বেন" ফেৰীনগা (Bernard Lucas Feringa, জন্ম: ১৮ মে, ১৯৫১) এজন ওলন্দাজ সংশ্লেষিক জৈৱৰসায়ন বিজ্ঞানী, আণৱিক নেন'প্ৰযুক্তি বিশেষজ্ঞ আৰু হম'জিনিয়াছ অনুঘটকবিদ।
-
ভেংকটৰমণ ৰামাকৃষ্ণণ
ভেংকটৰমণ "ভেংকি" ৰামাকৃষ্ণণ (Venkatraman "Venki" Ramakrishnan; জন্ম: ১৯৫২) ভাৰতীয় বংশোদ্ভূত এগৰাকী আমেৰিকান তথা ব্ৰিটিছ গাঠনিক জীৱবিজ্ঞানী। ২০১৫ বৰ্ষৰ নৱেম্বৰ মাহত ভেংকি ৰামাকৃষ্ণণ ৰয়েল ছ'ছাইটিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। "ৰাইব'জ'মৰ গঠন আৰু কাৰ্যৰ অধ্যয়নৰ বাবে" ২০০৯ চনত থমাছ এ.
-
ইমানুৱেল চাৰ্পেণ্টিয়ে
ইমানুৱেল মাৰি চাৰ্পেণ্টিয়ে (Emmanuelle Marie Charpentier; জন্ম: ১১ ডিচেম্বৰ ১৯৬৮) এগৰাকী ফৰাচী অণুজীৱবিদ, বংশগতিবিদ আৰু জৈৱ ৰসায়নবিদ। ২০২০ চনত তেওঁ আৰু জেনিফাৰ ডাউডনাক "জিনম সম্পাদনাৰ বাবে এটা পদ্ধতিৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।
-
জেনিফাৰ ডাউডনা
জেনিফাৰ এনি ডাউডনা (Jennifer Anne Doudna; জন্ম ১৯ ফেব্ৰুৱাৰী, ১৯৬৪) এগৰাকী আমেৰিকান জৈৱ ৰসায়নবিদ যি 'CRISPR জিন সম্পাদনা'-ত কৰা অগ্ৰণী কামৰ বাবে প্ৰখ্যাত, আৰু ইয়াৰ বাবে তেওঁ ইমানুৱেল চাৰ্পেণ্টিয়েৰ সৈতে ৰসায়ন বিজ্ঞানত ২০২০ চনৰ ন'বেল বঁটা লাভ কৰে।
-
ডেভিদ জুলিয়াছ
ডেভিদ জুলিয়াছ (David Julius, জন্ম: ৪ নৱেম্বৰ, ১৯৫৫) এজন আমেৰিকান শৰীৰতত্ত্ববিদ। তেওঁ বিষ সংবেদন আৰু তাপৰ আণৱিক প্ৰণালীৰ ওপৰত তেওঁৰ গৱেষণাৰ বাবে জনাজাত। টিআৰপিভি১ আৰু টিআৰপিএম৮ ৰিচেপ্টৰৰ চিনাক্ত কৰিছিল। এই ৰিচেপ্টৰে কেপচাইচিন, মেন্থল আৰু উষ্ণতা চিনাক্ত কৰে।
-
সুশীলা মহৰ্জন
সুশীলা মহৰ্জন এগৰাকী নেপালী জৈৱ ৰসায়নবিদ আৰু জৈৱ প্ৰযুক্তিবিদ। তেওঁ নেপালৰ 'ৰিচাৰ্চ ইনষ্টিটিউট ফৰ বায়োছায়েন্স এণ্ড বায়োটেকন’লজী'ৰ (RIBB) গৱেষণা সঞ্চালক। ২০১১ চনত তেওঁ এই প্ৰতিষ্ঠানটো সহ-প্ৰতিষ্ঠা কৰিছিল।