ড° ভি নাৰায়ণন (V Narayanan, জন্ম: ১৯৬৪) হৈছে এজন ভাৰতীয় মহাকাশ অভিযন্তা আৰু ৰকেট প্ৰযুক্তিবিদ। বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ লিকুইড প্ৰপালচন চিষ্টেমছ চেণ্টাৰ (এল পি এছ চি)ৰ সঞ্চালক। তেওঁক ২০২৫ চনৰ ১৪ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ মহাকাশ বিভাগৰ নতুন সচিব আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।১২ গগনযান, চন্দ্ৰযান-৪ৰ দৰে বিভিন্ন কাৰ্যসূচীৰ বিকাশ আৰু ভাৰতৰ প্ৰথম মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ চলি থকাৰ সময়ত তেওঁ সংগঠনটোৰ নেতৃত্ব দিবলৈ সাজু হৈছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
তামিলনাডুৰ কন্যাকুমাৰী জিলাৰ নাগেৰক'ইলৰ ওচৰৰ মেলাকাট্টুভিলাই গাঁৱত এটা কৃষক পৰিয়ালত নাৰায়ণনৰ জন্ম হৈছিল।৩ ড° নাৰায়ণনে স্কুলীয়া শিক্ষাৰ অন্তত যান্ত্ৰিক অভিযান্ত্ৰিকীৰ ডিপ্ল'মা,আৰু যান্ত্ৰিক অভিযান্ত্ৰিকীত অভিযন্তা প্ৰতিষ্ঠানৰ সহযোগী সদস্য (AMIE) সম্পূৰ্ণ কৰিছে[5]। ১৯৮৯ চনত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,খড়গপুৰৰ পৰা ক্ৰাইজেনিক ইঞ্জিনিয়াৰিংত প্ৰথম স্থানৰ সৈতে এমটেক ডিগ্ৰী লাভ কৰাৰ পিছত ২০০১ চনত একেটা প্ৰতিষ্ঠানৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙত ডক্তৰেট ডিগ্ৰী লাভ কৰে।৪
কৰ্মজীৱন
নাৰায়ণনে ১৯৮৪ চনত ইছৰোত যোগদান কৰে। প্ৰথমতে তেওঁ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ (ভিএছএছচি)ত চাউণ্ডিং ৰকেট, অগমেণ্টেড চেটেলাইট লঞ্চ ভেহিকেল (এএছএলভি), আৰু মেৰু চেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি)ৰ বাবে চলিড প্ৰপালচন এলেকাত কাম কৰিছিল। তেওঁ এব্লেটিভ নজেল চিষ্টেম, কম্পোজিট মটৰ কেছ আৰু কম্পোজিট ইগনিটাৰ কেছৰ প্ৰক্ৰিয়া পৰিকল্পনা, নিয়ন্ত্ৰণ আৰু বাস্তৱায়নত অৰিহণা যোগাইছিল।৫
১৯৮৯ চনত এম.টেক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ লিকুইড প্ৰপালচন চিষ্টেমছ চেণ্টাৰ (এল পি এছ চি)ৰ ক্ৰাইজেনিক প্ৰপালচন এৰিয়াত যোগদান কৰে। ভাৰতৰ ক্ৰাইজেনিক প্ৰপালচন ব্যৱস্থাৰ বিকাশত নাৰায়ণনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ গেছ জেনেৰেটৰ, উপ-মাপকাঠিৰ ক্ৰাইজেনিক ইঞ্জিন, আৰু থ্ৰাষ্ট চেম্বাৰৰ দৰে উপ-ব্যৱস্থাৰ সফল বিকাশ আৰু পৰীক্ষণত অৰিহণা যোগাইছিল। তেওঁৰ এই প্ৰচেষ্টাই ভাৰতক থলুৱা ক্ৰাইজেনিক প্ৰপালচন প্ৰযুক্তি থকা কেইখনমান দেশৰ ভিতৰত অন্যতম কৰি তোলাত সহায় কৰিছিল।৬
চি ২৫ ক্ৰাইজেনিক প্ৰকল্পৰ প্ৰকল্প সঞ্চালক হিচাপে নাৰায়ণনে জি এছ এল ভি এম কে-III লঞ্চ বাহনৰ বাবে চি ২৫ ক্ৰাইজেনিক প্ৰপালচন চিষ্টেমৰ ডিজাইন আৰু বিকাশৰ ক্ষেত্ৰত টেকন’-মেনেজাৰৰ নেতৃত্ব প্ৰদান কৰিছিল। তেওঁৰ নিৰ্দেশনাত কম সময়ৰ ভিতৰতে এই ব্যৱস্থাটো বিকশিত কৰা হয় আৰু সফলতাৰে জিএছএলভি এমকে-III বাহনত অন্তৰ্ভুক্ত কৰা হয়।
২০১৮ চনত তেওঁ এল পি এছ চিৰ সঞ্চালক হৈ উৎক্ষেপণ বাহনৰ বাবে তৰল, অৰ্ধ-ক্ৰাইজেনিক, আৰু ক্ৰাইজেনিক প্ৰপালচন পৰ্যায়ৰ লগতে উপগ্ৰহৰ বাবে ৰাসায়নিক আৰু বৈদ্যুতিক প্ৰপালচন ব্যৱস্থাৰ বিকাশৰ তদাৰক কৰে। তেওঁৰ কাৰ্যকালত এল পি এছ চিয়ে সাত বছৰৰ ভিতৰত ৪১খন উৎক্ষেপণ বাহন আৰু ৩১খন মহাকাশযান অভিযানৰ বাবে ১৮৩টা লিকুইড প্ৰপালচন ব্যৱস্থা প্ৰদান কৰিছিল।৭৮
সন্মানসমূহ
নাৰায়ণনে লাভ কৰা কিছুমান সন্মান হ'ল-
- ভাৰতীয় মহাকাশ সমাজ (এ এছ আই)ৰ পৰা স্বৰ্ণ পদক লাভ,
- ৰকেট আৰু আনুষংগিক প্ৰযুক্তিৰ বাবে এ এছ আই বঁটা
- তেখেত ইণ্ডিয়ান নেচনেল একাডেমী অৱ ইঞ্জিনিয়াৰিং, ২০১৬ৰ সভ্য।
- তেওঁ ইনষ্টিটিউচন অৱ ইঞ্জিনিয়াৰ্ছ (ভাৰত)ৰ সভ্য,
- ইণ্ডিয়ান ক্ৰাইজেনিক কাউন্সিলৰ এজন সভ্য,
- ভাৰতীয় এৰ'নটিকেল ছ'চাইটিৰ এজন সভ্য।৯
তথ্যসূত্ৰ
- ↑ V Narayanan appointed new Isro chairman. The Times of India
- ↑ V Narayanan: The rocket scientist who will lead ISRO into its next phase: 10 facts. Livemint
- ↑ www.lpsc.gov.in/RTI%20docs/BRIEF%20BIODATA%20of%
- ↑ Dr. V. NARAYANAN, DIRECTOR, LPSC, DISTINGUISHED SCIENTIST
- ↑ V Narayanan: The rocket scientist who will lead ISRO into its next phase: 10 facts. Livemint
- ↑ Meet V Narayanan: Chandrayaan-3 propulsion architect appointed next Isro chief. INDIA TODAY
- ↑ (2025-01-07). Isro to get new chief: Dr V Narayanan to take over from S Somnath on Jan 14. India Today
- ↑ (2025-01-08). V Narayanan educational qualifications: The extraordinary ascent of an aerospace visionary to helm ISRO. The Times of India
- ↑ IEI(India) Alumni. https://www.lpsc.gov.in/RTI%20docs/BRIEF%20BIODATA%20of%20Dr.%20VN.pdf
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভি নাৰায়ণন” প্ৰবন্ধৰ সংশোধন ৫০৫৪৬৭ (৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।