অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

অভিযন্তা

যিজন ব্যক্তিৰ অভিযান্ত্ৰিক বিদ্যাৰ ব্যৱহাৰিক জ্ঞান আছে আৰু বৈজ্ঞানিক জ্ঞান, গণিত আৰু মানসিক কৌশলৰ সহায় লৈ কাৰিকৰী,সামাজিক আৰু অৰ্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ লগত জড়িত, তেওঁক অভিযন্তা (ইঞ্জিনিয়াৰ) বোলা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৫১৫ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

যিজন ব্যক্তিৰ অভিযান্ত্ৰিক বিদ্যাৰ ব্যৱহাৰিক জ্ঞান আছে আৰু বৈজ্ঞানিক জ্ঞান, গণিত আৰু মানসিক কৌশলৰ সহায় লৈ কাৰিকৰী,সামাজিক আৰু অৰ্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ লগত জড়িত, তেওঁক অভিযন্তা (ইঞ্জিনিয়াৰ) বোলা হয়। অভিযন্তাই নিৰাপত্তা, আৰ্থিক আৰু বস্তুগত গুৰুত্ব বিবেচনা কৰি সামগ্ৰী, আকৃতি আৰু প্ৰণালী ৰূপাঙ্কণ কৰে। ১২ 'ইঞ্জিনিয়াৰ' শব্দটোৰ উৎস লেটিন ভাষাৰ ingeniare ("to contrive, devise") andingenium ("cleverness") শব্দটোত পোৱা যায়। ৩৪

ভূমিকা আৰু দক্ষতা

ৰূপাঙ্কণ (Design)

অভিযন্তাই প্ৰযুক্তিবিদ্যা-ভিত্তিক সমাধান বিকাশ কৰে। অভিযান্ত্ৰিক ৰূপাঙ্কণ প্ৰক্ৰিয়াৰ সময়ত, সমস্যাৰ ব্যাখ্যা দিয়া, বিষয়টোৰ ওপৰত গৱেষণা, মাপকাঠীবোৰৰ বিশ্লেষণ, সমিধানবোৰৰ ওপৰত বিবেচনা আৰু সিদ্ধান্ত লোৱাৰ দায়িত্ব অভিযন্তা এজনৰ হয়। অভিযন্তা এজনৰ বহুল সংখ্যক সময় কাৰিকৰী তথ্যৰ সন্ধান আৰু গৱেষণা, সম্ভাব্য প্ৰয়োগ আৰু জ্ঞান সঞ্চালনত বিয়োগ হয়। ৫ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে গড় হিচাপে এজন অভিযন্তাই ৫৬% সময় জ্ঞান-সঞ্চালন সম্বন্ধিয় কামত খৰচ কৰে, যাৰ ১৪% সময় সক্ৰিয়ভাবে তথ্যৰ -সন্ধানজড়িত কামত ব্যয় হয়। ৬

বিশ্লেষণ (Analysis)

Engineers conferring on prototype design, 1954
Engineers conferring on prototype design, 1954ছবি: Witting · CC BY-SA 3.0 de

অভিযন্তা এজনে পৰীক্ষণ, উত্পাদন আৰু তত্বাৱধানত অভিযান্ত্ৰিক বিশ্লেষণৰ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে। বৈশ্লেষিক অভিযন্তা সকলে উৎপাদন অধীক্ষকতা কৰে,প্ৰক্ৰিয়াৰ বিফলতাৰ কাৰন নিৰ্ণয় কৰে আৰু বিভিন্ন পৰীক্ষণৰে গুণমান বজাই ৰাখে। পৰ্য্যবেক্ষক অভিযন্তা সকলৰ দায়িত্বত গুৰুত্বপূৰ্ণ অংশ বা সম্পূৰ্ণ প্ৰকল্পতো থাকে।

বহুতো অভিযন্তাই ৰূপাঙ্কণ তৈয়াৰ, যন্ত্ৰৰ পৰীক্ষা, অংশবোৰৰ জোখ বা মাপ নিৰ্নয় আৰু উৎপাদিত বস্তুৰ গুণমান ৰক্ষা কৰিবলৈ পৰিকলন যন্ত্ৰ (কম্পিউটাৰ)ৰ ব্যৱহাৰ কৰে।

বিশেষীকৰণ আৰু পৰিচালন (Specialization and management)

অধিক সংখ্যক অভিযন্তাই এটা বা একাধিক অভিযান্ত্ৰিক বিদ্যাত ব্যুৎপত্তি আৰ্জন কৰে .১। এনে বহুসংখ্যক বিশেষত্বক বিভিন্ন পেশাধাৰী সন্থাই স্বীকৃতি দিয়ে। উদাহৰণ হিচাপে চিভিল ইঞ্জিনিয়াৰিংৰ ভিতৰত ষ্ট্ৰাক্‌চাৰেল ইঞ্জিনিয়াৰিঙ আৰু পৰিবহন অভিযান্ত্ৰিকী বিদ্যাও(ট্ৰান্সপৰ্টেচণ ইঞ্জিনিয়াৰিং)অন্তৰ্ভুক্ত হয় বা বস্তুগত ইঞ্জিনিয়াৰিঙে (materials engineering) চেৰামিক, মেটেলাৰজী আৰু বহুযোগী (Polymer) ইঞ্জিনিয়াৰিঙক সাঙুৰি লয়। অভিযন্তা এজনে এটা বিশেষ উদ্যোগৰো বিশেষজ্ঞ হ'ব পাৰে যেনে মটৰ গাড়ী বা পাট-চকৰি (টাৰ্বাইন) উদ্যোগ। ১

অভিযন্তাসকলে নিজৰ সময় কেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰত শেহতীয়া বহুটো গৱেষণা হৈছে, যেনে বিভিন্ন ধৰনৰ কাম আৰু তাৰ ওপৰত কি ধৰনে সময় আবণ্টন কৰা হয় ৭৮ মতে এজন অভিজন্তাৰ কাম কেইটামান মূল বিষয়ৰ মাজত আবদ্ধ: (১) কাৰিকৰী কাম (২)সামাজিক কাম (অৰ্থাৎ- মানুহৰ লগত যোগাযোগ) (৩)পৰিকলন য্ন্ত্ৰ (কম্পিউটাৰ) ভিত্তিক কাম (৪)তথ্য-ভিত্তিক কাম. বহুতো আৰু সন্ধানৰ মাজত, এটা শেহতীয়া গবেষণাৰ মতে Work sampling study৮ এজন অভিযন্তাই নিজৰ ৬২.৯২% সময় কাৰিকৰী কামত, ৪০.৩৭% সময় সামাজিক কামত আৰু ৪৯.৬৬% সময় কম্পিউটাৰ-ভিত্তিক কামত লিপ্ত থাকে।

অভিযান্ত্ৰিক বিদ্যা এক জ্ঞান-ভিত্তিক ক্ষেত্ৰ আৰু গবেষণা কৰি পোৱা মতে অভিযন্তা সকলে ৫৫.৮% সময় জ্ঞান-আহৰণ জড়িত কামত ব্যস্ত থাকে যাৰ ভিতৰত ১৪.২% সময় সক্ৰিয়ভাবে অন্য মানুহৰ (৭.৮%)পৰা আৰু কাগজ-পাতি ও তথ্যভাণ্ডাৰত (6.4%) বিচাৰ-খোঁচাৰত ব্যয় হয়।৭.

নৈতিকতা ( Ethics)

মূল প্ৰবন্ধ: অভিযান্ত্ৰিক নৈতিকতা

is held as a case study of Engineering ethics.]]

অভিযন্তা সকলৰ সমাজ, নিয়োগকৰ্তা আৰু তেওঁলোকৰ বৃত্তিৰ প্ৰতি কিছুমান কৰ্তব্য আছে। বহুতো অভিযান্ত্ৰিক সন্থাই সদস্য সকলক আৰু জনগক অৱগত কৰোৱাৰ বাবে নৈতিকতা প্ৰদৰ্শক নিয়মাৱলী প্ৰতিষ্ঠিত কৰিছে। বিভিন্ন অভিযান্ত্ৰিক বিদ্যা আৰু পেশাদাৰী সংগঠন বোৰে নিজৰ সুকীয়া নৈতিকতা প্ৰদৰ্শক নিয়মাৱলী বজাই ৰাখে, যাক সদস্য সকলে বৰ্ত্তাই ৰাখিবলৈ সংকল্প গ্ৰহন কৰে।

শিক্ষা

মূল প্ৰবন্ধ: Engineering education

অধিক সংখ্যক অভিযান্ত্ৰিক পাঠ্যক্ৰমত কোনো এটা অভিযান্ত্ৰিক বিভাগৰ উপৰত বিশেষত্ব আৰ্জন কৰিব লাগে, লগতে গণিত,ভৌতিক আৰু জীৱ বিদ্যাৰ বিষয়ো অধ্যয়ন কৰিব লাগে। কিছুমান পাঠ্যক্ৰমত সাধাৰণ অভিযান্ত্ৰিক বিদ্যাও অন্তৰ্ভুক্ত থাকে। প্ৰয়োগশালা বা কম্পিউটাৰৰ সহায়্ত ৰূপাঙ্কণ বিদ্যাৰ এটা বিষয় পাঠ্যক্ৰমত থাকে। বহু সময়ত অভিযান্ত্ৰিক বিদ্যাৰ লগত পোনপটীয়া সমপৰ্ক নথকা সাধাৰণ বিষয় যেনে সামাজিক বিজ্ঞানো পাঠ্যক্ৰমত সন্নিবিষ্ট থাকে।

অভিযান্ত্ৰিক বিদ্যাৰ শিক্ষক বা গৱেষক হ'বলৈ স্নাতকোত্তৰ পৰ্যায়্ত প্ৰশিক্ষণ বাধ্যতামুলক, কিন্তু প্ৰৱেশ-পৰ্যায়ৰ অধিক সংখ্যক চাকৰিৰ বাবে তাৰ প্ৰ্য়োজন নাই। বহু অভিজ্ঞ অভিজন্তাই নতুন জ্ঞান আৰ্জন কৰাৰ বাবে অভিযান্ত্ৰিক বা ব্যৱসায়িক বিদ্যাত স্নাতকোত্তৰ ডিগ্ৰী লয়। চৰকাৰী আৰু উদ্যোগ খেত্ৰৰ বহুটো সফল বিষয়াই নিজৰ কৰ্ম জীৱন অভিজন্তা হিচাপে আৰম্ভ কৰে।

অনুমোদন এক প্ৰক্ৰিয়া যাৰ মাজেৰে এক বহিঃ গোটে অভিযান্ত্ৰিক পাঠ্যক্ৰম এখনৰ মানদণ্ড মুল্যাংকন কৰে আৰু অনুমোদন প্ৰদান বা খাৰিজ কৰে।

Regulation

মূল প্ৰবন্ধ: Regulation and licensure in engineering

বহুতো দেশত, অভিযান্ত্ৰিক কাম যেনে দলং, বিদ্যুত উত্পাদন কাৰখানা, ঔদ্যোগিক সঁজুলি, ৰাসায়নিক কাৰখানা আদিৰ ৰূপাঙ্কণ অনুজ্ঞাপ্ৰাপ্ত পেশাদাৰী অভিযন্তাৰ দ্বাৰা অনুমোদিত কৰোৱাটো বাধ্যতামূলক।

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bureau of Labor Statistics, U.S. Department of Labor. (2006). Engineers. Occupational Outlook Handbook, 2006-07 Edition
  2. ↑ National Society of Professional Engineers. (2006). Frequently Asked Questions About Engineering
  3. ↑ Oxford Concise Dictionary, 1995
  4. ↑ "engineer". Oxford Dictionaries. April 2010. Oxford Dictionaries. April 2010. Oxford University Press. 22 October 2011
  5. ↑ A.Eide, R.Jenison, L.Mashaw, L.Northup. Engineering: Fundamentals and Problem Solving. New York City: McGraw-Hill Companies Inc.,2002
  6. ↑ Robinson, M. A. (2010). An empirical analysis of engineers’ information behaviors. Journal of the American Society for Information Science and Technology, 61(4), 640–658. dx.doi.org/10.1002/asi.21290
  7. ↑ Robinson, M. A. (2010). An empirical analysis of engineers’ information behaviors. Journal of the American Society for Information Science and Technology, 61(4), 640–658. dx.doi.org/10.1002/asi.21290
  8. ↑ Robinson, M. A. (2012).। How design engineers spend their time: Job content and task satisfaction. Design Studies, 33(4), 391-425.http://dx.doi.org/10.1016/j.destud.2012.03.002

সম্পৰ্কিত শ্ৰেণী

অভিযন্তাঅভিযান্ত্ৰিক বিদ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভিযন্তা” প্ৰবন্ধৰ সংশোধন ৩৭৯৭০৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।