গগনযান (Gaganyaan) হৈছে এক ভাৰতীয় মানৱযুক্ত কক্ষপথীয় মহাকাশযান, যি মানৱ মহাকাশ যাত্ৰা কাৰ্যসূচীৰ অংশ। মহাকাশযানখন তিনিজন মহাকাশচাৰীক কঢ়িয়াই নিয়াৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ পৰিকল্পিত উন্নত সংস্কৰণটো উপস্থাপন আৰু ডকিং ক্ষমতাৰে সজ্জিত কৰা হ'ব। প্ৰথম মানৱ অভিযানত, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই সাত দিনৰ বাবে ৪০০ কিলোমিটাৰ (২৫০ মাইল) উচ্চতাত পৃথিৱীৰ প্ৰদক্ষিণ কৰিবলৈ তিনিজন লোকক কঢ়িয়াই নিবলৈ ৩.৭ টন (৮,২০০ পাউণ্ড) ওজনৰ কেপচুল কঢ়িয়াই নিব। প্ৰথম মিছনটো মূলতঃ ২০২১ চনৰ ডিচেম্বৰত ইছৰোৰ এলভিএম৩ ৰকেটৰ দ্বাৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছিল, যদিও কিছু অসুবিধা হোৱা কাৰণে পিছুৱাই দিয়া হয়১২ বৰ্তমান এই অভিযান ২০২৫ চনৰ আগতেই হোৱাৰ সম্ভাৱনা আছে।
ব্যোমমিত্ৰা
মূল প্ৰবন্ধ: ব্যোমমিত্ৰা
ব্যোমমিত্ৰা হৈছে এগৰাকী মহাকাশ ভ্ৰমণকাৰী হিউমনয়ড (মানৱগুণ বিশিষ্ট) ৰবট। ২০২০ চনৰ ২২ জানুৱাৰী তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মানৱ মহাকাশযাত্ৰা আৰু অনুসন্ধানকাৰী আলোচনাচক্ৰত এগৰাকী নাৰীসদৃশ ৰবটৰ নাম ঘোষণা কৰে, যাক গগনযান নামৰ মহাকাশ অভিযানটোত আন মহাকাশচাৰীসকলৰ সৈতে প্ৰেৰণ কৰা হ'ব। মানৱ মহাকাশ উৰণ কৰা আন ৰাষ্ট্ৰসমূহৰ বিপৰীতে ইছৰোয়ে পৰীক্ষামূলক অভিযানত জন্তু উৰুৱাব নোৱাৰিব বুলি সিদ্ধান্ত লৈছিল। ইয়াৰ পৰিৱৰ্তে, মহাকাশত দীঘলীয়া সময়ৰ বাবে মানৱ শৰীৰৰ ওজনহীনতা আৰু বিকিৰণে কি প্ৰভাৱ পেলাব সেয়া অধ্যয়ন কৰিবলৈ হিউমেনইড ৰবট উৰুৱাব।৩
ব্যোমমিত্ৰাই মাইক্ৰ'গ্ৰেভিটি পৰীক্ষা, মডিউলৰ প্ৰাচল নিৰীক্ষণ, আৰু কঁকালৰ পৰা ওপৰলৈ মানুহৰ দৰে কাৰ্যকলাপ অনুকৰণ কৰি ক্ৰুড মিছনত মহাকাশচাৰীসকলক সমৰ্থন কৰাৰ বাবে অবিচলিতভাবে গগনযান অভিযানত থাকিব বুলি আশা কৰা হৈছে।৪ ইয়াৰ নিজস্ব কোনো ভৰি নাই, যদিওবা দুখন হাত আছে। ব্যোমমিত্ৰাই হিন্দী আৰু ইংৰাজী উভয় ভাষাতে কথা পাতিব পাৰে। একাধিক কাম সম্পাদন কৰাৰ বাবে ইয়াক প্ৰ'গ্ৰেম কৰা হৈছে।৫৬৭৮
তথ্যসূত্ৰ
- ↑ Singh, Surendra. (29 December 2018). Rs 10,000 crore plan to send 3 Indians to space by 2022. Times of India
- ↑ PTI. (15 August 2018). Gaganyaan mission to take Indian astronaut to space by 2022: PM Modi. The Hindu
- ↑ (25 July 2019). Why is India sending robots into space?
- ↑ (24 January 2020). ISRO to send humanoid Vyommitra in unmanned Gaganyaan spacecraft ahead of human spaceflight. Economic Times
- ↑ Kumar, Chethan. (22 January 2020). Gaganyaan mission: First glimpse of 'Vyommitra', the humanoid for Gaganyaan; it's a 'She'. Times of India
- ↑ (22 January 2020). ISRO's manned mission to Moon will happen, but not right now: K Sivan. The Indian Express
- ↑ (22 January 2020). 'व्योममित्रा'ची पहिली झलक! भारताकडून 'ती' पहिल्यांदा जाणार अवकाशात. Loksatta
- ↑ (22 January 2020). ISRO's prototype humanoid for Gaganyaan mission is Vyom Mitra which will go to space before astronauts. Times Now News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গগনযান” প্ৰবন্ধৰ সংশোধন ৫৮২৪০৩ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।