অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভি. এন. জানাকী

বৈকম নাৰায়ণী জানাকী (: Vaikom Narayani Janki; ৩০ নৱেম্বৰ ১৯২৩ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, অভিনেত্ৰী আৰু কৰ্মী আছিল যিয়ে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বামী এম জি ৰামচন্দ্ৰনৰ মৃত্যুৰ পিছত ২৩ দিন তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে চমুকৈ কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বৈকম নাৰায়ণী জানাকী (: Vaikom Narayani Janki; ৩০ নৱেম্বৰ ১৯২৩ – ১৯ মে' ১৯৯৬), যাক জনাকী ৰামচন্দ্ৰন বুলিও জনা যায়,১ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, অভিনেত্ৰী আৰু কৰ্মী আছিল যিয়ে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বামী এম জি ৰামচন্দ্ৰনৰ মৃত্যুৰ পিছত ২৩ দিন তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে চমুকৈ কাৰ্যনিৰ্বাহ কৰিছিল। তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱা প্ৰথমগৰাকী মহিলা। ইয়াৰ উপৰিও ভাৰতৰ ইতিহাসত মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হোৱা প্ৰথমগৰাকী অভিনেত্ৰী।

পটভূমি

জানকীৰ জন্ম হৈছিল ট্ৰাভাংকুৰৰ কোট্টায়ম জিলাৰ বৈকম চহৰত।২ তেওঁৰ মাতৃ নাৰায়ণী আম্মা আছিল ট্ৰেভাংকুৰ ৰাজ্যৰ এগৰাকী মালয়ালী নাইৰ।১ তেওঁৰ পিতৃ ৰাজগোপাল আয়েৰ কেৰালাত জন্মগ্ৰহণ কৰা আৰু তাতেই ডাঙৰ-দীঘল হোৱা এজন তামিল ব্ৰাহ্মণ আৰু উল্লেখযোগ্য যে তেওঁ সংগীতজ্ঞ আৰু সুৰকাৰ পাপনাসম শিৱনৰ ভাতৃ আছিল।৩

১৯৩৯ চনত ১৭ বছৰ বয়সত জানকীয়ে অভিনেতা গণপথী ভাটৰ সৈতে বিবাহপাশত আবদ্ধ হয় (১৯১৫–১৯৭২)।৪ জানকী আৰু গণপতি ভাটৰ যুগ্ম জীৱনৰ সাক্ষী হিচাপে সুৰেন্দ্ৰন নামৰ এজন পুত্ৰ জন্ম হৈছিল।৫

চলচ্চিত্ৰ কেৰিয়াৰ

জানকীৰ প্ৰাৰম্ভিক ছবিসমূহ হ'ল মনমথা বিজয়ম (১৯৩৯)২ আৰু সাবিত্ৰী(১৯৪১)। ১৯৪৮ চনত চন্দ্ৰলেখাই তেওঁৰ জনপ্ৰিয়তা কঢ়িয়াই আনে।৩

জানকীয়ে ৰামচন্দ্ৰনৰ সৈতে ৰাজা মুক্তি আৰু মোহিনীৰ দৰে ছবিত অভিনয় কৰিছিল। ১৯৫০ চনত ভেলাইকাৰী আৰু মৰুধনাট্টু ইলাবৰাছিৰ দৰে ছবিৰে অভিনয় কৰি গৈছিল যদিও ১৯৬০ চনৰ পৰা অভিনয় এৰি দিছিল। ৰামচন্দ্ৰনৰ দ্বিতীয় পত্নীৰ মৃত্যুৰ পিছত তেওঁ তেওঁৰ লগত থাকিবলৈ লয়।২ ১৯৬২ চনত তেওঁলোকৰ বৈধ বিবাহ হয়। তিনিবাৰ বিবাহৰ পিচতো নিঃসন্তান ৰামচন্দ্ৰনে জানকীৰ সৈতে হোৱা বিবাহৰ পৰা পুত্ৰ সুৰেন্দ্ৰনক লাভ কৰি সুখী হৈছিল আৰু পুত্ৰ সুৰেন্দ্ৰনৰ মঙ্গলৰ প্ৰতি স্নেহভৰা মনোযোগ দেখুৱাইছিল বুলি কোৱা হয়।৬ ৭

ৰাজনৈতিক কেৰিয়াৰ

ৰামচন্দ্ৰনৰ জীৱনকালত জানকী ৰাজনৈতিকভাৱে সক্ৰিয় নাছিল আৰু কেৱল এআইএডিএমকেৰ আৰম্ভণিৰ দিনবোৰত সীমিত সংখ্যক ৰাজহুৱা উপস্থিতি দেখিবলৈ পোৱা গৈছিল।১ ৰামচন্দ্ৰনে তেওঁৰ দলৰ আন যুৱ নেতাসকলক ৰাজনৈতিক দায়িত্বৰ বাবে সাজু কৰিছিল, য'ত অভিনেত্ৰী জয়ললিতাও আছিল। জয়ললিতাৰ সৈতে তেওঁৰ এক বৃহৎ পেছাদাৰী সম্পৰ্ক আছে বুলি কোৱা হৈছিল।

১৯৮৪ চনত যেতিয়া ৰামচন্দ্ৰনৰ পক্ষাঘাতজনিত ষ্ট্ৰোক হয়, তেতিয়াৰ পৰা তেওঁ আৰু দলৰ মাজত মধ্যস্থতাকাৰী হৈ পৰে। ১৯৮৭ চনত ৰামচন্দ্ৰনৰ মৃত্যুৰ পিচত জানকীক তেওঁৰ ঠাইত দলৰ সদস্যসকলে স্থাল ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে। ১

মুখ্যমন্ত্ৰী, ১৯৮৮

দলৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই ১৯৮৮ চনৰ জানুৱাৰী মাহত তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। তেওঁৰ চৰকাৰ মাত্ৰ ২৪ দিনহে চলিছিল, যিটো তামিলনাডুৰ ইতিহাসৰ আটাইতকৈ কম কাৰ্য্যকাল আছিল।৮

১৯৮৮ চনৰ জানুৱাৰী মাহত তেওঁৰ মন্ত্ৰালয়ে অষ্টম তামিলনাডু বিধানসভাৰ আস্থাৰ স্পৰ্শকাতৰ ভোটৰ সন্মুখিন হৈছিল। জয়ললিতা আৰু তেওঁ দলৰ ৰাজনৈতিক মতানক্যৰ অন্তত ৰাজীৱ গান্ধীৰ অধীনস্থ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সংবিধানৰ ৩৫৬ অনুচ্ছেদ ব্যৱহাৰ কৰি ফেব্ৰুৱাৰী মাহত তেওঁৰ চৰকাৰক বৰ্খাস্ত কৰিছিল।৯ ইয়াৰ পিছত ১৯৮৯ চনত অনুষ্ঠিত হোৱা পৰৱৰ্তী নিৰ্বাচনত তেওঁৰ দল পৰাস্ত হয়। এআইএডিএমকেৰ দুটা ফৈদৰ একত্ৰীকৰণৰ পিছত জানকীয়ে ৰাজনীতি ত্যাগ কৰে।১০ কোনো বিধানসভাৰ নিৰ্বাচনত জয়ী নোহোৱা কেইজনমান মুখ্যমন্ত্ৰীৰ ভিতৰত জনাকী অন্যতম।

মৃত্যু

১৯৯৬ চনৰ ১৯ মে'ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।তামিলনাডুৰ চেন্নাইৰ ৰামাপুৰমৰ এম জি আৰ থ'টামত তেওঁৰ বাসগৃহৰ কাষত সমাধিস্থ কৰা হয়।

উত্তৰাধিকাৰ

ভি.এন. জানকীয়ে তেওঁৰ স্বামীৰ সন্মানৰ স্বৰূপে ভি.পি. ৰামান সালাইৰ সম্পত্তি এ আই এ ডি এম কেক উপহাৰ হিচাপে দিছিল। তাৰ পাছত, ১৯৮৬ চনত এই স্থানত দলৰ মুখ্য কাৰ্যালয় হয়।১১

তেওঁ চেন্নাইৰ বহুতো বিনামূলীয়া শিক্ষা প্ৰতিষ্ঠান পৰিচালনা কৰা সত্য এডুকেচনেল এণ্ড চেৰিটেবল ছ’চাইটিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তামিলনাডুত শিক্ষা আৰু পৰোপকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে তেওঁ বহু নিযুত ডলাৰৰ সম্পত্তি দান কৰিছিল। তদুপৰি, তেওঁ জানকী ৰামচন্দ্ৰন এডুকেচনেল এণ্ড চেৰিটেবল ট্ৰাষ্ট স্থাপন কৰাতো গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল।১২

চিনেমা পঞ্জী

১৯৩০ ৰ দশকতঃ

  • "মানমথা বিজয়ম",
  • ১৯৪০ ৰ দশকতঃ
  • কৃষ্ণন থুথু,
  • "Mummanigal",
  • কাচা দেৱায়নী,
  • সাবিথিৰি,
  • মণি মালাই,
  • অনন্তসায়নম,
  • গংগাৱথাৰ,
  • দেৱকণ্যা,
  • ভৰ্থৰুহৰী,
  • মানসম্ৰক্ষানাম,
  • সকতা যোগ,
  • পংকজাৱল্লী,
  • "চিত্ৰ বাগাৱলী",
  • থিয়াগি,
  • ১০০০ থালাইভাংগী অপূৰ্ব চিন্তামণি,
  • চন্দ্ৰলেখা,
  • ৰাজা মুক্তি,
  • মোহিনী,
  • ভেলাইকাৰৰী।

১৯৫০ ৰ দশকতঃ

  • মৰুদনাট্টু ইলাৱৰাসী,
  • লাইলা মাজনু,
  • চন্দ্ৰিকা,
  • দেৱকী,
  • নাম।

লগতে চাওক

  • কলিউড
  • ড° এম.জি.আৰ. মহিলাৰ বাবে জনাকী কলা আৰু বিজ্ঞান মহাবিদ্যালয়
  • বাক আৰু শ্ৰৱণ ক্ষমতাহীন লোকৰ বাবে ড° এম জি আৰ হোম এণ্ড হায়াৰ চেকেণ্ডাৰী স্কুল

তথ্যসূত্ৰ

  1. ↑ (31 January 1988). Leading lady. S.H. Venkatramani
  2. ↑ (10 January 1988). The 'leading' lady. Vincent DSouza
  3. ↑ Guy, Randor. (30 July 2016). Thyagi (1947). The Hindu
  4. ↑ (12 August 2021). ಮರೆಯಬಾರದ ಹಾಸ್ಯನಟ ಗಣಪತಿ ಭಟ್. · Cinema Swarasyagalu Part 51 · Hariharapura Manjunath · Total Kannada. Total Kannada
  5. ↑ Subramani, A. (4 July 2012). M G Ramachandran autobiography copyright belongs to Janaki son, rules HC. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ (4 July 2012). Janaki's son alone has copyright to MGR's autobiography: court. The Hindu
  7. ↑ Subramani, A. (4 July 2012). M G Ramachandran autobiography copyright belongs to Janaki son, rules HC. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ (6 December 2016). Jayalalithaa: A political career with sharp rises and steep falls. The Hindu
  9. ↑ Jayalalitha Childhood Photos: MGR: Unbelievable Facts PART1
  10. ↑ (1988). TAMIL NADU LEGISLATIVE ASSEMBLY (EIGHTH ASSEMBLY) REVIEW 1985–88. Secratriat of Legislative Assembly Secretariat
  11. ↑ MGR Memorial House
  12. ↑ Janaki Donations

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভি. এন. জানাকী” প্ৰবন্ধৰ সংশোধন ৬৪০১১৮ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।