ভাৰত বায়'টেক ইণ্টাৰনেশ্বনেল লিমিটে'ড (বি বি আই এল) ভাৰতৰ এটা অগ্ৰণী জৈৱপ্ৰযুক্তিবিজ্ঞানভিত্তিক কোম্পানী। ভাৰতৰ হায়দৰাবাদত মুখ্য কাৰ্য্যালয় অৱস্থিত এই কোম্পানীটো ভেষজ আৱিষ্কাৰ আৰু বিকাশ, ছিটা প্ৰস্তুত, জৈৱআৰোগ্যবিজ্ঞান, জৈৱভেষজ আৰু স্বাস্থ্যৰ যতন বিষয়ক পণ্য উৎপাদনৰ লগত জড়িত।১
অৱলোকন
ভাৰত বায়'টেকৰ উৎপাদন কেন্দ্ৰ ভাৰতৰ হাইদৰাবাদ চহৰৰ জিন'ম ভেলীত অৱস্থিত।১ ২০২০ চনৰ জুলাই মাহৰ তথ্য অনুসৰি, সমগ্ৰ বিশ্বজুৰি উপস্থিতি থকা১ এই কোম্পানীটোৰ অধীনত ৭ শতাধিক কৰ্মচাৰী নিয়োজিত হৈ আছে।২
কোম্পানীটোৱে এবিধ পৰিৱেশ-হিতৈষী পুনঃসংযোজক (recombinant)৩ আৰু প্ৰাকৃতিকভাৱে নিশকতীয়া হোৱা প্ৰজাতিৰ পৰা ৰ'টাভেক নামৰ এবিধ ৰ'টাভাইৰাছৰ ছিটা প্ৰস্তুত কৰিছে। চিকুণগুণীয়া আৰু জিকাৰ দৰে ভাইৰাছ সংক্ৰমিত ৰোগৰ ছিটা প্ৰস্তুত কৰি উলিওৱা প্ৰাৰম্ভিক প্ৰতিষ্ঠানসমূহৰ ভিতৰত ভাৰত বায়'টেকো আছিল অন্যতম। ই জাপানীজ এনকেফেলাইটিছ ৰোগৰো ছিটা উৎপাদন কৰে।৪
ক'ভিড-১৯ ছিটাৰ বিকাশ
২০২০ চনৰ এপ্ৰিল মাহত কোম্পানীটোৱে ঘোষণা কৰিছিল যে কৰ'নাভাইৰাছ ৰোগ ২০১৯ ছিটা প্ৰস্তুত কৰিবলৈ ই আমেৰিকান কোম্পানী ফ্লুজে'ন আৰু ৱিচকনচিন-মেডিছন বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতা কৰিব।৫৬

২০২০ চনৰ মে' মাহত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অধীনস্থ ৰাষ্ট্ৰীয় ভাইৰ'ল'জী প্ৰতিষ্ঠানে এটা সম্পূৰ্ণ থলুৱা কৰ'নাভাইৰাছ ৰোগ ২০১৯ ছিটাৰ বিকাশ কৰিবলৈ অনুমোদন জনাইছিল আৰু ভাইৰাছটোৰ সঁচ যোগান ধৰিছিল।৭৮ ২০২০ চনৰ ২৯ জুনত কোম্পানীটোৱে ক'ভেক্সিন নামৰ বিকাশমান ছিটা এটাৰ ভাৰতত প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ৰ পৰীক্ষা চলাবলৈ ভাৰত চৰকাৰৰ ড্ৰাগছ কণ্ট্ৰ'লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ (ডি চি জি আই) পৰা অনুমতি লাভ কৰে।৯১০১১১২ হিমাচল প্ৰদেশৰ কাচাউলিত অৱস্থিত কেন্দ্ৰীয় ভেষজ গৱেষণাগাৰে ভাৰত বায়'টেকৰ দ্বাৰা নিৰ্মিত ক'ভিড-১৯ ৰ ছিটা ক'ভেক্সিনৰ অগ্ৰাধিকাৰ ভিত্তিত পৰীক্ষা চলাই আহিছে।১৩ ছিটাৰ প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ৰ "উভয়পক্ষ অজানিত, যাদৃচ্ছিক আৰু প্লেচিব' নিয়ন্ত্ৰিত পৰীক্ষা" (ডি বি আৰ চি টি) চলাবলৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে মুঠ ১২ খন ঠাই নিৰ্বাচন কৰিছিল। ১৪১৫
২০২০ চনৰ ছেপ্টেম্বৰত কোম্পানীটোৱে ঘোষণা কৰিছিল যে ই ক'ভিড-১৯ৰ নাকেৰে প্ৰৱেশ কৰিবলগীয়া আৰু এপালি দিবলগীয়া ছিটা ন'ভেল ছিম্প্-এডেন'ভাইৰাছ (সংকেত নাম BBV154) উৎপাদন কৰিব। এই ছিটাবিধ চে'ণ্ট লুইছ, মুছৌৰি অৱস্থিত ৱাশ্বিংটন ইউনিভাৰ্ছিটী স্কুল অৱ মেডিচিনৰ সহযোগত বিকাশ কৰি থকা হৈছে। বৰ্তমান এইবিধ ছিটাৰ কাৰ্য্যকাৰিতা পৰীক্ষা কৰি থকা হৈছে।১৬১৭
তথ্য চুৰিৰ প্ৰচেষ্টা
২০২১ চনৰ মাৰ্চত ৰয়টাৰ্ছত প্ৰকাশ পাইছিল যে চীনা চৰকাৰ সমৰ্থিত ইণ্টাৰনেট চোৰাংচোৱা সংঘ ৰে'ড এপ'লোৱে ভাৰত বায়'টেকৰ বৌদ্ধিক সম্পত্তি চুৰি কৰাৰ লক্ষ্য হিচাপে বাছি লৈছিল।১৮
লগতে চাওক
- ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া
- হেটেৰ' ড্ৰাগছ্
- কাডিলা হেল্থকেয়াৰ
- ভাৰতবৰ্ষত জৈৱপ্ৰযুক্তিবিজ্ঞান
তথ্যসূত্ৰ
- ↑ Bharat Biotech International Ltd. www.bloomberg.com
- ↑ Leading Biotech Vaccine Manufacturers in India - Bharat Biotech. www.bharatbiotech.com
- ↑ (23 August 2004). Process for the preparation and purification of recombinant proteins. patents.google.com. US patent No US8956812B2
- ↑ Singh, Anit; Mitra, Monjori; Sampath, Gadey. (1 September 2015). A Japanese Encephalitis Vaccine From India Induces Durable and Cross-protective Immunity Against Temporally and Spatially Wide-ranging Global Field Strains. Journal of Infectious Diseases. পৃ. 715–725
- ↑ UW-Madison, Flugen, Bharat Biotech to develop coroflu, a coronavirus vaccine. Global Health Institute
- ↑ (20 May 2020). Bharat Biotech ties up with US varsity for Covid vaccine. Hindustan Times
- ↑ (9 May 2020). ICMR teams up with Bharat Biotech to develop Covid-19 vaccine. Livemint
- ↑ Chakrabarti, Angana. (10 May 2020). India to develop 'fully indigenous' Covid vaccine as ICMR partners with Bharat Biotech. ThePrint
- ↑ (29 June 2020). India's First COVID-19 Vaccine Candidate Approved for Human Trials. The New York Times
- ↑ (30 June 2020). Human trial of India coronavirus vaccine announced. BBC News
- ↑ (30 June 2020). Bharat Biotech's Covid vaccine 1st in India to get approval for human trials. The Indian Express
- ↑ (30 June 2020). Covaxin: India's first COVID19 vaccine candidate from Bharat Biotech to begin human trials; check details. The Financial Express
- ↑ Bharat Biotech COVID-19 vaccine: Testing underway at CDL-Kasauli, volunteer enrolment begins. Moneycontrol
- ↑ (25 July 2020). Human clinical trials of potential Covid-19 vaccine 'COVAXIN' started at AIIMS. DD News. Prasar Bharati, Ministry of I & B, Government of India
- ↑ (25 July 2020). Delhi: 30-year-old is first to get dose of trial drug Covaxin. The Indian Express
- ↑ (23 September 2020). Bharat Biotech to make a billion doses of an intranasal adenovirus vaccine. The Indian Express
- ↑ Bharat Biotech Partners With US University For Covid Intranasal Vaccine. NDTV.com
- ↑ Das, Krishna N. (2021-03-01). Chinese hackers target Indian vaccine makers SII, Bharat Biotech, says security firm. Reuters
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত বায়'টেক” প্ৰবন্ধৰ সংশোধন ৬১৩৭৩৫ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।