ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (Serum Institute of India; এছ আই আই) এটা ভাৰতীয় জৈৱপ্ৰযুক্তিবিজ্ঞান আৰু জৈৱভেষজ কোম্পানী। কোম্পানীটোৱে বিশ্বৰ ভিতৰতে সৰ্বাধিক ছিটা উৎপাদন কৰে।১২ মহাৰাষ্ট্ৰৰ পুনে চহৰত অৱস্থিত এই কোম্পানীটো ১৯৬৬ চনত চাইৰাছ পুনাৱালাই প্ৰতিষ্ঠা কৰিছিল।৩ ই "পুনাৱালা ইনভেষ্টমেণ্ট এণ্ড ইনডাষ্ট্ৰীজ্" নামৰ পিতৃ কোম্পানীটোৰ অধীনস্থ এক সহায়ক প্ৰতিষ্ঠান।৪
অৱলোকন
১৯৬৬ চনত মহাৰাষ্ট্ৰৰ পুনেত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠা হৈছিল। পূৰ্বে ভাৰতলৈ উচ্চ দৰত আমদানি কৰিবলগীয়া সংক্ৰমণৰোধী জৈৱিক পদাৰ্থসমূহ কোম্পানীটোৱে ভাৰততে উৎপাদন কৰিবলৈ লৈছিল। ছিৰাম ইনষ্টিটিউটে প্ৰাৰম্ভিক বছৰকেইটাত বৃহৎপৰিমাণে উৎপাদন কৰা সামগ্ৰীসমূহ হৈছে টিটে'নাছ এণ্টিট'ক্সিন, সৰ্প বিষনাশক, ডি পি টি ছিটা (ঘোঁৰাশলখা, হুপিং কাহ আৰু ধনুষ্টংকাৰ ৰোগৰ উমৈহতীয়া ছিটা) আৰু এম এম আৰ ছিটা (সৰুআই, পিঠাখোৱা আৰু জাৰ্মান বসন্ত ৰোগৰ উমৈহতীয়া ছিটা)। পিছলৈ ই বিভিন্ন বেক্টেৰিয়াজনিত বা ভাইৰাছজনিত সংক্ৰমণ প্ৰতিৰোধী ছিটা, উমৈহতীয়া ছিটা, ইনফ্লুৱেঞ্জাৰ ছিটা আৰু meningococcal ছিটা আদিও উৎপাদনত মনোনিৱেশ কৰে। ছিটাৰ উপৰিও কোম্পানীটোৱে এণ্টিচেৰা, ৰক্ত প্লাজমা, হৰমনজাত পদাৰ্থ ইত্যাদি উৎপাদন কৰে। ২০১৪ চনৰ তথ্য অনুসৰি, ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই উৎপাদন কৰা ছিটা বিশ্ব স্বাস্থ্য সংস্থা, ইউনিচেফ আৰু পান আমেৰিকান হেল্থ্ অৰ্গেনাইজেশ্যনে (পাহ') চলোৱা আন্তৰ্জাতিক টিকাকৰণ অভিযানত ব্যৱহাৰ হৈছে। ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক পুনাৱালা গ্ৰুপে পৰিচালনা কৰে। সম্প্ৰতি কোম্পানীটোৱে উৎপাদনৰ উপৰি গৱেষণা আৰু বিকাশতো মনোনিৱেশ কৰিছে।৫
২০০৯ চনত প্ৰতিষ্ঠানটোৱে নাকেৰে দিবলগীয়া চোৱাইন ফ্লুৰ ছিটা এবিধ প্ৰস্তুত কৰি উলিয়াইছিল।৬৭ কোম্পানীটোৱে অধিগ্ৰহণ কৰা প্ৰথমটো আন্তৰ্জাতিক প্ৰতিষ্ঠান আছিল নেডাৰলেণ্ডছৰ বিলথ'ভেন বায়'ল'জিকেলছ্ (২০১২ চন)।৮ ২০১৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত ইউনিভাৰ্ছিটী অৱ মাছাচ্যুছেটছ্ মেডিকেল স্কুলৰ মাছ বায়'ল'জিকছৰ সহযোগত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই দ্ৰুততাৰে কাম কৰা এক জলাতংক-ৰোধী কাৰক উদ্ভাৱন কৰিছিল। ইয়াক ৰেবিজ হিউমেন ম'ন'ক্লনেল এণ্টিব'ডী (RMAb), বা ৰেবিশ্বিড্ নামেৰেও জনা যায়।৯১০
২০২০ চনৰ তথ্য অনুসৰি, বছৰি ১.৫ বিলিয়ন ছিটাৰ পালি উৎপাদনেৰে১১ ছিৰাম ইনষ্টিটিউট বিশ্বৰ ভিতৰতে সৰ্বাধিক ছিটা উৎপাদনকাৰী কোম্পানী।১২ কোম্পানীটোৰ দ্বাৰা বিকশিত সামগ্ৰীৰ ভিতৰত টিউবাৰকুলচিছৰ ছিটা টিউবাৰভেক (বিচিজি), প'লিঅ'মায়েলাইটিজৰ বাবে প'লিঅ'ভেক আৰু শিশুৰ টিকাকৰণ কাৰ্য্যসূচীৰ অন্তৰ্গত আন ছিটাসমূহ উল্লেখযোগ্য।১৩১৪১৫
ক'ভিড-১৯ ছিটাৰ বিকাশ

ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই ব্ৰিটিছ-চুইডিছ বহুজাতিক ভেষজ কোম্পানী এষ্ট্ৰজেনেকাৰ সৈতে সহযোগিতা কৰিছে, যিয়ে অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে লগ লাগি AZD1222ৰ বিকাশসাধন কৰি আছে।১৬ প্ৰাপ্ত তথ্য অনুসৰি, ছিৰাম ইনষ্টিটিউটে ভাৰতবৰ্ষ আৰু আন দুখীয়া তথা মধ্য-আয়ৰ দেশসমূহক ১০০ নিযুত (১০ কোটি) ছিটাৰ পালি যোগান ধৰিব।১৭১৮১৯ পৰৱৰ্তী সময়ত ২০২১ চনৰ শেষলৈ এই পৰিমাণ ১০০ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লোৱা হয়।২০ প্ৰতি পালি ছিটাৰ মূল্য ২২৫ টকা (প্ৰায় ৩ ডলাৰ) হ'ব অনুমান কৰা হৈছে।২১ ২০২০ চনৰ ছেপ্টেম্বৰত অক্সফ'ৰ্ডত এগৰাকী স্বেচ্ছাসেৱকে ছিটা লৈ অসুস্থ হৈ পৰাৰ পিছত ভাৰতৰ ভেষজ নিয়ন্ত্ৰক মুখ্য বিষয়াই (ডিছিজিআই) ছিটাৰ পৰীক্ষাকাৰ্য্য তাৎক্ষণিকভাৱে বন্ধ কৰি দিছিল, কিন্তু ব্ৰিটিছ কৰ্তৃপক্ষই অনুমতি দিয়াত কিছুদিন পিছতে পুনৰ পৰীক্ষা আৰম্ভ কৰা হয়।২২২৩২৪ যোৱা ২০২০ বৰ্ষৰ ডিচেম্বৰ মাহত ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই এষ্ট্ৰ'জেনেকাৰ সৈতে বিকশিত ছিটাৰ ব্যৱহাৰ কৰিবলৈ জৰুৰীকালীন অনুমোদন বিচাৰে।২৫ এমাহ পিছত ছিৰামে ইয়াৰ অনুমোদন লাভ কৰে।২৬ ২০২১ চনৰ মাৰ্চত ছিৰামত ইনষ্টিটিউটত উৎপাদিত কিছুপৰিমাণৰ পালি যুক্তৰাজ্যত যোগান ধৰিবলৈ এখন চুক্তি স্বাক্ষৰিত হৈছে।২৭
ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই ভাৰত আৰু আন নিম্ন আৰু মধ্য-আয়ৰ দেশসমূহক যোগান ধৰিবলৈ NVX-CoV2373 (ক'ভ'ভেক্স) ছিটা উৎপাদন কৰাৰ উদ্দেশ্যে ন'ভাভেক্সৰ সৈতেও এক চুক্তি স্বাক্ষৰ কৰিছে।২৮২৯ কোম্পানীয়ে ক'ডাজেনিক্সৰ দ্বাৰা বিকশিত ক'ভিড-১৯ৰ নাকেৰে দিবলগীয়া ছিটা CDX-005৩০৩১ (বাণিজ্যিক নাম COVI-VAC)৩২ ও উৎপাদন কৰিব।
তথ্য চুৰিৰ প্ৰচেষ্টা
২০২১ চনৰ মাৰ্চত ৰয়টাৰ্ছত প্ৰকাশ পাইছিল যে চীনা চৰকাৰ সমৰ্থিত ইণ্টাৰনেট চোৰাংচোৱা সংঘ ৰে'ড এপ'লোৱে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ বৌদ্ধিক সম্পত্তি চুৰি কৰাৰ লক্ষ্য হিচাপে বাছি লৈছিল।৩৩
তথ্যসূত্ৰ
- ↑ Serum Institute of India Pvt. Ltd.: Private Company Information. Bloomberg.com
- ↑ SERUM INSTITUTE OF INDIA PRIVATE LIMITED - Company, directors and contact details. zaubacorp.com
- ↑ About Us. Serum Institute of India
- ↑ Poonawalla Investments AND Industries Private Limited Information - Poonawalla Investments AND Industries Private Limited Company Profile, Poonawalla Investments AND Industries Private Limited News on The Economic Times. The Economic Times
- ↑ Burns, Lawton R. (2014). India's Healthcare Industry: Innovation in Delivery, Financing, and Manufacturing. Cambridge University Press. পৃ. 488-489. ISBN 9781316021217
- ↑ India developing indigenous swine flu vaccine. The Times of India
- ↑ Kulkarni, Prasad S.; Raut, Sidram K.; Dhere, Rajeev M. (27 October 2014). A post-marketing surveillance study of a human live-virus pandemic influenza A (H1N1) vaccine (Nasovac ®) in India. Human Vaccines & Immunotherapeutics. পৃ. 122–124
- ↑ Unnikrishnan, C. H. (2012-07-04). Serum Institute buys Bilthoven Biologicals. Livemint
- ↑ Fast-acting anti-rabies drug set for India launch - Times of India. The Times of India
- ↑ Kulkarni, Prasad S.; Sahai, Ashish; Gunale, Bhagwat. (3 March 2017). Development of a new purified vero cell rabies vaccine (Rabivax-S) at the serum institute of India Pvt Ltd. Expert Review of Vaccines. পৃ. 303–311
- ↑ Krishnan, Murali. (2020-09-29). Coronavirus vaccine: Why does India's Serum Institute have a head start?. Deutsche Welle
- ↑ Reuters Staff. (2020-11-23). Serum Institute to focus on supplying COVID-19 vaccine to India first. Reuters
- ↑ Serum Institute Tubervac (BCG). Serum Institute of India
- ↑ Serum Institute Poliovac. Serum Institute of India
- ↑ Vaccination Schedule. Vaccination as per the National Immunization schedule by Government of India
- ↑ AstraZeneca & Serum Institute of India sign licensing deal for 1 million doses of Oxford vaccine. The Economic Times
- ↑ (7 August 2020). Covid-19 vaccine: Serum Institute signs up for 100 million doses of vaccines for India, low and middle-income countries. The Financial Express
- ↑ Banerjee, Shoumojit. (7 July 2020). Oxford COVID-19 vaccine at least 6 months away from launch: Serum Institute CEO. The Hindu
- ↑ (10 June 2020). Coronavirus (Covid-19) vaccine latest update: Oxford-AstraZeneca corona vaccine production starts; US says 2 billion doses 'ready to go'. The Indian Express
- ↑ Indian company aims for a billion Covid vaccines. BBC News
- ↑ (7 August 2020). Serum Institute of India to provide Covid-19 vaccines through COVAX at Rs 225 a dose. The Indian Express
- ↑ Sharma, Milan. Serum Institute halts coronavirus vaccine trials in India after notice from DCGI over volunteer's illness in UK. India Today
- ↑ (2020-09-09). Oxford vaccine trial paused as participant falls ill. BBC News
- ↑ Ghosh, Poulomi. (12 September 2020). Serum Institute to resume Covid-19 vaccine trial after DGCI gives nod. Hindustan Times
- ↑ (2021-12-31). India will have Covid-19 vaccine within days: AIIMS director. Hindustan Times
- ↑ Schmall, Emily; Yasir, Sameer. (3 January 2021). India Approves Oxford-AstraZeneca Covid-19 Vaccine and 1 Other. The New York Times
- ↑ (18 March 2021). Covid vaccine: India shortfall behind UK's supply delay. BBC News
- ↑ (7 August 2020). Serum Institute, Novavax in covid vaccine deal, may produce 100 crore doses. Livemint
- ↑ (5 August 2020). Novavax signs COVID-19 vaccine supply deal with India's Serum Institute. Reuters
- ↑ (22 September 2020). Serum Institute starts manufacturing Codagenix's nasal COVID-19 vaccine. mint
- ↑ (22 September 2020). India’s Serum Institute starts manufacturing Codagenix’s potential Covid-19 vaccine. Hindustan Times
- ↑ Codagenix and Serum Institute of India Announce Commencement of First-in-Human Trial of COVI-VAC, A Single Dose, Intranasal Live Attenuated Vaccine for COVID-19. Codagenix
- ↑ Das, Krishna N. (2021-03-01). Chinese hackers target Indian vaccine makers SII, Bharat Biotech, says security firm. Reuters
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৪৫০৫১১ (৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।