অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কিষাণ মজদুৰ প্ৰজা পাৰ্টি

কিষাণ মজদুৰ প্ৰজা পাৰ্টি বা চমুকৈ প্ৰজা পাৰ্টি (Kisan Mazdoor Praja Party) ভাৰতৰ এটা অধুনা বিলুপ্ত ৰাজনৈতিক দল। ১৯৫১ চনত স্থাপিত হোৱা এই দলটোৱে ছোচিয়েলিষ্ট পাৰ্টিৰ সৈতে একত্ৰিত হৈ পিছৰ বছৰত পুনৰ প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি গঠন কৰে।

হালনাগাদ: ২৭ আগষ্ট ২০২৪ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কিষাণ মজদুৰ প্ৰজা পাৰ্টি বা চমুকৈ প্ৰজা পাৰ্টি (Kisan Mazdoor Praja Party১) ভাৰতৰ এটা অধুনা বিলুপ্ত ৰাজনৈতিক দল। ১৯৫১ চনত স্থাপিত হোৱা এই দলটোৱে ছোচিয়েলিষ্ট পাৰ্টিৰ সৈতে একত্ৰিত হৈ পিছৰ বছৰত পুনৰ প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি গঠন কৰে।২ দলটোৰ অন্ধ্ৰ গোটৱে অৱশ্যে পুৰণি দলটোক "প্ৰজা পাৰ্টি" নামেৰে পুনৰুজ্জীৱিত কৰিছিল আৰু কেইবছৰমান এনেকৈয়ে চলি আছিল।৩

ইতিহাস

১৯৫১ চনৰ জুন মাহত জে বি কৃপলানীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰোধীসকলে কে.এম.পি.পি প্ৰতিষ্ঠা কৰে। ইয়াৰ দুজন নেতা প্ৰফুল্ল চন্দ্ৰ ঘোষ আৰু টাংগুতুৰি প্ৰকাশম ক্ৰমে পশ্চিমবংগ আৰু মাদ্ৰাজৰ মুখ্যমন্ত্ৰী আছিল। ৪ দলটোৱে ১৯৫১–৫২ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, যিটো ভাৰতৰ প্ৰথম এনে নিৰ্বাচন আছিল। এই দলটোৱে ষোল্লখন ৰাজ্যৰ ১৪৫টা সমষ্টিত প্ৰাৰ্থী দিছিল যদিও মাত্ৰ দহখন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয়। ৫.৮% ভোট লাভ কৰি মাদ্ৰাজ প্ৰদেশৰ পৰা ছয়জন ৫ আৰু মহীশূৰ ৰাজ্য, দিল্লী, উত্তৰ প্ৰদেশ আৰু বিন্ধ্য প্ৰদেশৰ পৰা এজনকৈ প্ৰাৰ্থী নিৰ্বাচিত হৈছিল ৬৭। কৃপলানীয়ে নিজেই বৰ্তমান বিলীন হোৱা ফৈজাবাদ জিলা (উত্তৰ পশ্চিম) সমষ্টিৰ পৰা পৰাস্ত হৈছিল যদিও তেওঁৰ পত্নী সুচেতা কৃপলানী নতুন দিল্লীৰ পৰা নিৰ্বাচিত হৈছিল। কিষাণ মজদুৰ প্ৰজা পাৰ্টিয়ে ৰাজ্যিক বিধানসভাত ৭৭খন আসন লাভ কৰে।[citation needed] ১৯৫২ চনৰ ছেপ্টেম্বৰ মাহত ই ছোচিয়েলিষ্ট পাৰ্টিৰ সৈতে একত্ৰিত হৈ প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি গঠন কৰে। ৪৮

১৯৫৩ চনত মাদ্ৰাজ প্ৰদেশৰ পৰা অন্ধ্ৰক পৃথক কৰা হয়, আৰু প্ৰকাশমক ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰস্তাৱ দিয়ে। তেওঁ প্ৰজা ছোচিয়েলিষ্ট পাৰ্টিৰ পৰা বিচ্ছিন্ন হৈ পুৰণি দলটোক "প্ৰজা পাৰ্টি" নামেৰে পুনৰুজ্জীৱিত কৰে। ৯ ১৯৫৫ চনৰ নিৰ্বাচনত কংগ্ৰেছ, প্ৰজা পাৰ্টি আৰু কৃষিকাৰ লোক পাৰ্টি (মূল প্ৰজা পাৰ্টিৰ আন এটা বিভাজিত গোট) কমিউনিষ্টৰ বিৰুদ্ধে এক ঐক্যবদ্ধ ফ্ৰণ্ট গঠন কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে। ১০

লগতে চাওক

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Bandyopadhyay 2009, পৃ. 134
  2. ↑ Bandyopadhyay 2009, পৃ. 136
  3. ↑ Sharma 1995, পৃ. 55
  4. ↑ Chandra, Bipan & others (2000). India after Independence 1947-2000, New Delhi:Penguin Books,, p.201
  5. ↑ Members: Lok Sabha
  6. ↑ Election Commission India
  7. ↑ Archived copy
  8. ↑ The case of the missing socialists - Times of India. articles.timesofindia.indiatimes.com
  9. ↑ Sharma 1995, পৃ. 55–57
  10. ↑ Sharma 1995, পৃ. 57

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিলুুপ্ত ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিষাণ মজদুৰ প্ৰজা পাৰ্টি” প্ৰবন্ধৰ সংশোধন ৪২৯৭৭৫ (২৭ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।