অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আতন বুঢ়াগোহাঁ‌ই

আতন বুঢ়াগোহাঁই (-১৬৭৯) তেওঁ নাজিৰাৰ বাঁহগড়াৰ মানুহ। দেউতাক আছিল আহোম ৰজাৰ ঘৰুৱা সৈন্যৰ দায়িত্বত থকা বিষয়া। তেওঁ নিজে খনিকৰ বৰুৱা ৰূপে জীৱন আৰম্ভ কৰিছিল। ১৬৬২ চনত লেচাম বুঢ়াগোহাঁইৰ মৃত্যুত জয়ধ্বজ সিংহৰপৰা আৰম্ভ কৰি চুদৈফা পৰ্বতীয়া ৰজালৈকে মুঠ আঠজনা স্বৰ্গদেউৰ তলত তেওঁ কৰ্ম কৰিছিল।

হালনাগাদ: ২৬ জুলাই ২০২৫ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আতন বুঢ়াগোহাঁই (-১৬৭৯) তেওঁ নাজিৰাৰ বাঁহগড়াৰ মানুহ। ১ দেউতাক আছিল আহোম ৰজাৰ ঘৰুৱা সৈন্যৰ দায়িত্বত থকা বিষয়া। তেওঁ নিজে খনিকৰ বৰুৱা ৰূপে জীৱন আৰম্ভ কৰিছিল। ১৬৬২ চনত লেচাম বুঢ়াগোহাঁইৰ মৃত্যুত জয়ধ্বজ সিংহৰপৰা আৰম্ভ কৰি চুদৈফা পৰ্বতীয়া ৰজালৈকে মুঠ আঠজনা স্বৰ্গদেউৰ তলত তেওঁ কৰ্ম কৰিছিল। চ্যু-পং-মু'ঙৰ দিনত ৰাজমন্ত্ৰী পদবীও পাইছিল। বুঢ়াগোহাঁই এগৰাকী দক্ষ প্ৰশাসক আৰু নিষ্ঠাৱান দেশপ্ৰেমিক আছিল। জয়ধ্বজ সিংহৰ দিনত মীৰজুমলাই অসম আক্ৰমণ কৰাত বুদ্ধিৰে মোগলক অসমৰ পৰা আঁতৰাই পঠিয়াইছিল। লাচিত বৰফুকনে মোগলক খেদাইছিল তেওঁৰ মন্ত্ৰিত্বকালতে। তেওঁ গুৱাহাটীত থকাৰ সুবিধা লৈ উজনিত ডেবেৰা বৰবৰুৱাই অতপালি কৰিবলৈ ধৰাত তেওঁৰ অনুমতিক্ৰমে ডেবেৰা আৰু তেওঁৰ পুতলা ৰজা গোবৰক হত্যা কৰা হয়। ৰাজপাট শূন্য হোৱাত বিষয়াসকলে তেওঁকে ৰজা পাতিব খোজাত ইয়াতে অমান্তি হৈ চুডৈফাক সিংহাসনত বহুৱায়। এইজনা ৰজাৰ দিনত লালুকসোলা বৰফুকন ক্ষমতাশালী হৈ উঠে। লালুকসোলাই চ্যু-দৈ-ফাক বধ কৰি ল’ৰা ৰজাক ৰাজপাটত তোলে আৰু আতনক কলিয়াবৰ মহকুমাত বন্দী কৰি হত্যা কৰে। ২

তথ্যসূত্ৰ

  1. ↑ অসমীয়া জীৱনী অভিধান, শিৱনাথ বৰ্মন, বনলতা, তৃতীয় সংস্কৰণ, ২০০৯, পৃষ্ঠা-১৩
  2. ↑ অসমীয়া জীৱনী অভিধান, পৃষ্ঠা-১৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আতন বুঢ়াগোহাঁ‌ই” প্ৰবন্ধৰ সংশোধন ৫২৭৭৬৯ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।