অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আইখেক বুঢ়াগোহাঁই

আইখেক বুঢ়াগোহাঁই (১৭ শতিকা) চুৰাম্‌ফা বা খোৰা ৰজাৰ বুঢ়াগোহাঁই আছিল। কোচ ৰাজ্যৰ সেনাপতি চিলাৰায়ৰ লগত আহোমৰ সন্ধি স্থাপন কৰাত আগভাগ লৈছিল। কিন্তু একে যুঁজতে পৰাজয়ৰ কাৰণ হিচাপে তেখেত চিহ্নিত হোৱাত বুঢ়াগোহাঁই পদৰপৰা নিস্কৃতি দিয়া হয়।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আইখেক বুঢ়াগোহাঁই (১৭ শতিকা) চুৰাম্‌ফা বা চুখাম্‌ফাৰ বুঢ়াগোহাঁই আছিল। কোচ ৰাজ্যৰ সেনাপতি চিলাৰায়ৰ লগত আহোমৰ সন্ধি স্থাপন কৰাত আগভাগ লৈছিল। কিন্তু একে যুঁজতে পৰাজয়ৰ কাৰণ হিচাপে তেখেত চিহ্নিত হোৱাত বুঢ়াগোহাঁই পদৰপৰা নিস্কৃতি দিয়া হয়। ইয়াৰ পাছৰ চাওফা চুচেংফাৰ দিনত হোৱা কছাৰী ৰণৰ সময়তো আহোমৰ পৰাজয়ৰ মূল কাৰণ হিচাপে চিহ্নিত হয়। এই দোষৰ বাবে স্বৰ্গদেৱে শাস্তিমূলক ব্যৱস্থা লোৱাত ৰাজ্যৰপৰা পলাই যায় আৰু প্ৰথমে কোচ ৰজা পৰীক্ষিত আৰু পাছলৈ বংগৰ নবাবৰ আশ্ৰয় লয়। স্বৰ্গদেৱে ক্ষমাদানৰ প্ৰতিশ্ৰুতি দিয়াত তেওঁ উভতি আহে। মোগলৰ লগত হোৱা কলিয়াবৰৰ ৰণত তেখেতৰ সামৰিক বিচক্ষণতাৰ পৰিচয় দিয়ে।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইখেক বুঢ়াগোহাঁই” প্ৰবন্ধৰ সংশোধন ৫২৭৭৭০ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।