ভাৰতৰ দবা খেলুৱৈ
৮ প্ৰবন্ধ
-
গুকেশ ডি
ডোম্মাৰাজু গুকেশ (Dommaraju Gukesh; জন্ম: ২৯ মে' ২০০৬) চমুকৈ গুকেশ ডি এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। দবাৰ বিস্ময় বালক হিচাপে তেওঁ বিশ্বৰ তৃতীয় কনিষ্ঠতম গ্ৰেণ্ডমাষ্টাৰ।
-
বিশ্বনাথন আনন্দ
বিশ্বনাথন "বিশি" আনন্দ (Viswanathan Anand,(জন্ম: ১১ ডিচেম্বৰ ১৯৬৯) এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ, পাঁচবাৰৰ প্ৰাক্তন বিশ্ব দবা চেম্পিয়নআৰু অভিলেখসংখ্যক দুবাৰৰ দবা বিশ্বকাপ চেম্পিয়ন। ১৯৮৮ চনত তেওঁ গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰে। তেওঁ এনে খিতাপ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়।
-
ৰমেশবাবু প্ৰজ্ঞানন্দ
ৰমেশবাবু প্ৰজ্ঞানন্দ (Rameshbabu Praggnanandhaa; জন্ম: ১০ আগষ্ট ২০০৫) এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। শিশু দবা মাষ্টাৰ ৰমেশবাবুয়ে ১০ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ খিতাপ অৰ্জন কৰিছিল, সেই সময়ত এই খিতাপ অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া আৰু ১২ বছৰ বয়সত গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰি সেই সময়ৰ…
-
অৰ্জুন ইৰিগাইচি
অৰ্জুন ইৰিগাইচি (Arjun Erigaisi; জন্ম: ৩ ছেপ্টেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ আৰু ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈকে ভাৰতৰ সৰ্বোচ্চ স্থানপ্ৰাপ্ত খেলুৱৈ।
-
টানিয়া শচদেৱ
টানিয়া শচদেৱ (Tania Sachdev; জন্ম: ২০ আগষ্ট ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় দবা খেলুৱৈ। তেখেতে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ আৰু মহিলা গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। টানিয়া খেলুৱৈৰ লগতে দবা খেলৰ এগৰাকী ধাৰাভাষ্যকাৰ আৰু পৰিৱেশকো।
-
বিদিত গুজৰাথী
বিদিত সন্তোষ গুজৰাথী (Vidit Santosh Gujrathi; জন্ম: ২৪ অক্টোবৰ ১৯৯৪) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। ২০১৩ চনৰ জানুৱাৰী মাহত তেওঁ গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰে। তেওঁ ভাৰতৰ ৩০ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হয়। ইলো ৰেটিং থ্ৰেছহ’ল্ড ২৭০০ অতিক্ৰম কৰা চতুৰ্থজন ভাৰতীয় খেলুৱৈ।
-
ময়ংক চক্ৰৱৰ্তী
ময়ংক চক্ৰৱৰ্তী (জন্ম: ২৮ জুলাই, ২০০৯) অসমৰ গুৱাহাটীৰ এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। ২০২৬ চনৰ মাৰ্চ মাহত তেওঁ অসম আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথমজন আৰু ভাৰতৰ ৯৪তম দবা গ্ৰেণ্ডমাষ্টাৰ হয়।
-
মায়াংক চক্ৰৱৰ্তী
মায়াংক চক্ৰৱৰ্তী (জন্ম: ২৮ জুলাই, ২০০৯) অসমৰ গুৱাহাটীৰ এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। ২০২৬ চনৰ মাৰ্চ মাহত তেওঁ অসম তথা উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম দবা গ্ৰেণ্ডমাষ্টাৰ আৰু ভাৰতৰ ৯৪তম গ্ৰেণ্ডমাষ্টাৰ হিচাপে স্বীকৃতি লাভ কৰে।