অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ডটাৰ্ছ অৱ মাদাৰ ইণ্ডিয়া

ডটাৰ্ছ অৱ মাদাৰ ইণ্ডিয়া (Daughters of Mother India) ২০১৪ চনত নিৰ্মিত এখন তথ্যচিত্ৰ, যাৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল বিভা বক্সীয়ে। এইখন ২০১২ চনৰ ১৬ ডিচেম্বৰত দিল্লীত ২৩ বছৰীয়া চিকিৎসা বিজ্ঞানৰ ছাত্ৰী নিৰ্ভয়াৰ সৈতে হোৱা নৃশংস দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ আধাৰিত।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ৩৭৭ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ডটাৰ্ছ অৱ মাদাৰ ইণ্ডিয়া (Daughters of Mother India) ২০১৪ চনত নিৰ্মিত এখন তথ্যচিত্ৰ, যাৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল বিভা বক্সীয়ে। এইখন ২০১২ চনৰ ১৬ ডিচেম্বৰত দিল্লীত ২৩ বছৰীয়া চিকিৎসা বিজ্ঞানৰ ছাত্ৰী নিৰ্ভয়াৰ সৈতে হোৱা নৃশংস দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ আধাৰিত।১ দিল্লী আৰক্ষীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্ভয়াৰ মৃত্যুৰ ঠিক পিছতেই বিভাই দিল্লী আৰক্ষীৰ নিয়ন্ত্ৰণ আৰু কমাণ্ড ৰুমত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।২৩

আৰক্ষীৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ দিশত মানুহৰ ধাৰণা কেনেকৈ সলনি হৈছে সেই বিষয়ত তথ্যচিত্ৰখনে পোহৰ পেলাইছে। সামাজিক বিষয়ত শ্ৰেষ্ঠ ছবিৰ ৬২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো বঁটা লাভ কৰিছে। এই তথ্যচিত্ৰখন আৰক্ষী বাহিনীটোক লিংগ সংবেদনশীল কৰাৰ উদ্দেশ্যে ভাৰতৰ ১ লাখ ৫০ হাজাৰৰো অধিক আৰক্ষী বিষয়াৰ সন্মুখত প্ৰদৰ্শন কৰা হৈছিল।৪৫

নিৰ্মাণ

ডটাৰ্ছ অৱ মাদাৰ ইণ্ডিয়া তথ্যচিত্ৰখনৰ পৰিচালক আৰু প্ৰযোজক হৈছে বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা বিভা বক্সি। এইখন ৪৫ মিনিটৰ এখন তথ্যচিত্ৰ, যিয়ে লৈংগিক অন্যায়ৰ সন্দৰ্ভত পৰিৱৰ্তন সাধন কৰাৰ দায়িত্ব সমাজৰ ওপৰত অৰ্পন কৰিছে।৬

বিকাশ

বিভাই কয়, "ভাৰত মাতৃৰ কন্যা মোৰ অন্তৰাত্মাৰ আহ্বান। এগৰাকী কন্যা হিচাপে, ভগ্নী হিচাপে, পত্নী হিচাপে আৰু মাতৃ হিচাপে মই বহুতো প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰিছো।"৭

এই অপৰাধবোৰৰ আঁৰৰ জটিলতা আৰু কাৰণ আৰু ভয়ানক নিৰ্ভয়া ধৰ্ষণ গোচৰৰ পিছত সম্ভাৱ্য সমাধানৰ বিষয়ে তেওঁ বুজিব বিচাৰিছিল। তেওঁ জানিব বিচাৰিছিল যে জাতিটোক জোকাৰি যোৱা গোচৰটোৰ পিছত কিবা সলনি হ’ল নেকি। টাইমছ অৱ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত বিভাই কয় যে "নিৰ্ভয়াৰ সমৰ্থনত বিৰোধ প্ৰদৰ্শন আৰম্ভ হোৱাৰ পিছত মই ভাৰতৰ এগৰাকী গৌৰৱান্বিত কন্যা হিচাপে থিয় দিলোঁ। কাৰণ মোৰ বিশ্বাস, লৈংগিক অপৰাধৰ প্ৰতি এনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৃথিৱীৰ আন কোনো দেশ নাই।" ভাৰতে কৰিছে। মই নিবিচাৰো, এই গতি বন্ধ হওক।"৮

একেধৰণৰ বিষয়ত নিৰ্মিত আন এখন ছবি বিভিন্ন কাৰণত নিষিদ্ধ কৰা হৈছিল।৯

চিত্ৰগ্ৰহণ

২০১৩ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ছবিখনৰ শ্বুটিং কৰা হৈছিল। বিভাই তেওঁৰ ছবিখনৰ বাবে ধৰ্ষণ বিৰোধী পৰামৰ্শ সমিতিৰ সদস্যকে ধৰি আৰক্ষী, ন্যায়পালিকা, শৈক্ষিক সমাজৰ মূল অংশীদাৰসকলৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হৈছিল। লৈংগিক অপৰাধ আৰু লৈংগিক অন্যায়ৰ ওপৰত মৌনতাৰ ষড়যন্ত্ৰ ভংগ কৰিবলৈ তেওঁ সকলো হিতধাৰকৰ কণ্ঠ ব্যৱহাৰ কৰিছিল।১০

মুক্তি

২০১৪ চনত মুক্তি পোৱা তথ্যচিত্ৰখন বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শিত হৈছিল। ইয়াক Viacom18 নেটৱৰ্কৰ ১০টা ভিন্ন চেনেলত ৮টা ভিন্ন ভাষাত মুকলি কৰা হৈছিল।

বঁটা

তথ্যচিত্ৰখনে বহু কেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।

  • ৬২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০১৫)- সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ১১
  • নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱ (২০১৬)- শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • কান গ্লাছ লায়ন্স বঁটা (২০১৬)- মেডিয়া এডভোকেচি
  • CAM আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- ডকুমেণ্টৰী ফিল্ম কেটেগৰী

তথ্যসূত্ৰ

  1. ↑ (2016-03-07). Daughters of Mother India: Vibha Bakshi's documentary is an exploration of why our society keeps failing women. Firstpost
  2. ↑ Bangs, Molly. (2015-12-04). Documentary Teaches Indian Police The Reality Of Reporting Rape. HuffPost
  3. ↑ Beaumont-Thomas, Ben. (26 March 2015). Documentary about gang rape wins Indian national film award. The Guardian
  4. ↑ Volmers, Eric. (26 January 2017). Documentary Daughters of Mother India tackles horror with hope. Calgary Herald
  5. ↑ Bhushan, Nyay. (2015-12-15). India's Viacom18 to Air Doc on Delhi Gang Rape Case Aftermath. The Hollywood Reporter
  6. ↑ Arora, Shilpy. (23 March 2016). Award-winning movie 'Daughters of Mother India' screened in Gurgaon · Gurgaon News - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ (2015-05-03). The conspiracy of silence has been broken: Vibha Bakshi. Mid-Day
  8. ↑ (16 December 2015). Vibha Bakshi: 'Daughters of Mother India' is about hope - Times of India. The Times of India
  9. ↑ (2016-08-05). Delhi High Court refuses to lift ban on BBC documentary 'India's Daughter'. The Hindu
  10. ↑ Mohanka, Payal. (2016-04-01). 'Daughters of Mother India' Breaks the Silence on Gender Violence. TheQuint
  11. ↑ Chatte, Sachin. (24 November 2015). Cinema as an educative medium. The Navhind Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰতথ্যচিত্ৰ২০১৪ বৰ্ষৰ চলচ্চিত্ৰৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত) বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডটাৰ্ছ অৱ মাদাৰ ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৪৭১৫২৯ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।