অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বিদৰ্ভ

বিদৰ্ভ (উচ্চাৰণ: [ʋid̪əɾbʱə] ) হৈছে এটা ভৌগোলিক অঞ্চল আৰু মধ্য ভাৰত এখন প্ৰস্তাৱিত ৰাজ্য আৰু বৰ্তমান নাগপুৰ সংমণ্ডল আৰু অমৰাৱতী সংমণ্ডললৈ গঠিত ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ পূৰ্বাঞ্চল। আমৰাৱতী সংমণ্ডলৰ আগৰ নাম আছিল বেৰাৰ (মাৰাঠী ভাষাত ভৰ্হদ)।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বিদৰ্ভ (উচ্চাৰণ: [ʋid̪əɾbʱə] ) হৈছে এটা ভৌগোলিক অঞ্চল আৰু মধ্য ভাৰত এখন প্ৰস্তাৱিত ৰাজ্য আৰু বৰ্তমান নাগপুৰ সংমণ্ডল আৰু অমৰাৱতী সংমণ্ডললৈ গঠিত ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ পূৰ্বাঞ্চল। আমৰাৱতী সংমণ্ডলৰ আগৰ নাম আছিল বেৰাৰ (মাৰাঠী ভাষাত ভৰ্হদ)। ১ ২ ই মুঠ ক্ষেত্ৰফলৰ ৩১.৬% দখল কৰে আৰু মহাৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ ২১.৩% ধাৰণ‌ কৰে। ইয়াৰ উত্তৰে মধ্যপ্ৰদেশ, পূবে ছত্তীশগড়, দক্ষিণে তেলেংগানা আৰু পশ্চিমে মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া আৰু উত্তৰ মহাৰাষ্ট্ৰ অঞ্চলৰ সীমা। ই মধ্য ভাৰতত অৱস্থিত। বিদৰ্ভৰ বৃহত্তম চহৰ হ'ল নাগপুৰ আৰু তাৰ পিছতে আমৰাৱতী, আকোলা আৰু চন্দ্ৰপুৰ। বৈদৰ্ভীয়ানসকলৰ অধিকাংশই মাৰাঠীৰ ভাৰ্হড়ী আৰু ঝাড়ী উপভাষা কয়। ৩

নাগপুৰ অঞ্চল কমলা আৰু কপাহৰ খেতিৰ বাবে জনাজাত। বিদৰ্ভত মহাৰাষ্ট্ৰৰ দুই তৃতীয়াংশ খনিজ সম্পদ আৰু তিনি চতুৰ্থাংশ বনজ সম্পদ আছে, আৰু ই শক্তিৰ অসাধাৰণ উৎপাদনকাৰী। ৪

ইতিহাসৰ দিনত বিশেষকৈ সাম্প্ৰদায়িক বিপদৰ সময়ত বিদৰ্ভ ভাৰতৰ বাকী অংশতকৈ বহু নিস্তব্ধ হৈ আহিছে। তাত যথেষ্ট দৰিদ্ৰতা ৫ আৰু পুষ্টিহীনতা আছে। ৬ মহাৰাষ্ট্ৰৰ বাকী অংশতকৈ ই অৰ্থনৈতিকভাৱে কম সমৃদ্ধিশালী। ৭ সামগ্ৰিক ভাৰতৰ তুলনাত এই অঞ্চলৰ কৃষকৰ জীৱন-যাপনৰ অৱস্থা দুৰ্বল। মহাৰাষ্ট্ৰত এটা দশকত ২ লাখৰো অধিক কৃষকে আত্মহত্যা কৰে, যাৰ ভিতৰত বিদৰ্ভ অঞ্চলৰ ১১খন জিলাত ৭০% কৃষকে আত্মহত্যা কৰে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ অৱহেলা আৰু বিদৰ্ভৰ অযোগ্য ৰাজনৈতিক নেতৃত্বৰ বাবেই সুকীয়া বিদৰ্ভ ৰাজ্যৰ আহ্বান জনোৱা হৈছে। মহাৰাষ্ট্ৰৰ বাকী অংশৰ পৰা ৰাজনৈতিক আৰু আৰ্থিকভাৱে বিচ্ছিন্ন হোৱাৰ বাবে পৃথক ৰাজ্যৰ আহ্বানে তেতিয়াহে প্ৰাধান্য লাভ কৰিছিল যেতিয়া শেহতীয়া বছৰবোৰত অঞ্চলটোৰ নেতাসকলক আন ৰাজনৈতিক নেতাই আওকাণ কৰিছিল। ৮ ৰাজ্যখনৰ মূল ৰাজনৈতিক দল শিৱসেনাৰ বিৰোধিতাৰ বাবে ৰাজ্যৰ দাবী পূৰণ হোৱা নাই।

তথ্যসূত্ৰ

  1. ↑ (1898). Asian Review
  2. ↑ Journal of the Royal Asiatic Society of Great Britain & Ireland By Royal Asiatic Society of Great Britain and Ireland—page-323
  3. ↑ Dialects in Maharashtra | Buzzalive
  4. ↑ Nagpur (Urban) pincode - sindhindia
  5. ↑ (12 October 2004). Vidarbha profile on rediff. In.rediff.com
  6. ↑ WHO declares Melghat as India's most malnutrition-hit area
  7. ↑ Sanjiv Phansalkar. PM 2003 Schedule Irr Pov. IWMI-TATA Water Policy Research Program
  8. ↑ (18 August 2004). Interview of Maharashtra Pradesh Congress Committee President-Mr. Ranjeet Deshmukh. Rediff.com

সম্পৰ্কিত শ্ৰেণী

ভাৰত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদৰ্ভ” প্ৰবন্ধৰ সংশোধন ৪৫৪৩০৭ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।