বিদিত সন্তোষ গুজৰাথী (Vidit Santosh Gujrathi; জন্ম: ২৪ অক্টোবৰ ১৯৯৪) এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। ২০১৩ চনৰ জানুৱাৰী মাহত তেওঁ গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰে। তেওঁ ভাৰতৰ ৩০ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হয়। ইলো ৰেটিং থ্ৰেছহ’ল্ড ২৭০০ অতিক্ৰম কৰা চতুৰ্থজন ভাৰতীয় খেলুৱৈ। ফিডে গ্ৰেণ্ড ছুইছ ২০২৩ত জয়লাভ কৰি ফিডে কেণ্ডিডেটছ প্ৰতিযোগিতাত যোগ্যতা অৰ্জন কৰা তেওঁ তৃতীয়জন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়।
প্ৰাৰম্ভিক জীৱন
১৯৯৪ চনৰ ২৪ অক্টোবৰ তাৰিখে মহাৰাষ্ট্ৰৰ নাচিকত বিদিত গুজৰাথীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ সন্তোষ গুজৰাথী মাতৃ নিকিতা সন্তোষ গুজৰাথী। তেওঁ প্ৰাৰম্ভিক শিক্ষা নাচিকৰ ফ্ৰাভাশী একাডেমীত গ্ৰহণ কৰিছিল আৰু সৰুৰে পৰা দবা খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।১
খেলুৱৈ জীৱন
২০০৬ চনত তেওঁ এছিয়ান যুৱ চেম্পিয়নশ্বিপত ১২ বছৰ অনুৰ্ধৰ শাখাত দ্বিতীয় স্থান লাভ কৰিছিল। ইয়াৰ ফলত তেওঁ ফিডে মাষ্টাৰৰ খিতাপ লাভ কৰে।২
২০০৮ চনত তেওঁ মুকলি ১৪ বছৰ অনুৰ্ধৰ শাখাত বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপ খিতাপ দখল কৰে আৰু এই খিতাপ লাভ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।৩ এই প্ৰতিযোগিতাত তেওঁ সম্ভাৱ্য ১১ পইণ্টৰ ভিতৰত ৯ পইণ্ট লাভ কৰি আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ পৰ্যায় লাভ কৰে।
২০০৯ চনত তেওঁ বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপৰ ১৬ বছৰ অনুৰ্ধৰ শাখাত ২য় স্থান দখল কৰে আৰু অৱশেষত বিজয়ী এছ পি সেতুৰমনৰ সৈতে ৯ পইণ্টেৰে সমতা স্থাপন কৰে।৪ ২০১০ চনৰ জানুৱাৰী মাহত তেওঁ ২৫০০ ৰেটিং লাভ কৰি গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ দিশত প্ৰথম পদক্ষেপ আগবঢ়ায়।
২০১১ চনত চেন্নাইত অনুষ্ঠিত হোৱা বিশ্ব জুনিয়ৰ দবা চেম্পিয়নশ্বিপত ২০ বছৰ অনুৰ্ধৰ খেলুৱৈৰ বাবে অনুষ্ঠিত হোৱা বিশ্ব জুনিয়ৰ দবা চেম্পিয়নশ্বিপত বিদিতে ১১ৰ ভিতৰত ৮ পইণ্ট লাভ কৰে আৰু তেওঁ গ্ৰেণ্ডমাষ্টাৰৰ প্ৰথম চৰ্ত পূৰ্ণ কৰে।৫
২০১১ চনত নাগপুৰ ইণ্টাৰনেশ্যনেল অ’পেনত বিদিতে ১১ৰ ভিতৰত ৮ পইণ্ট লাভ কৰি অন্তিম বিজয়ী জিয়াউৰ ৰহমানৰ পৰা এক পইণ্ট পিছ পৰি দ্বিতীয় স্থান লাভ কৰে। তেওঁ প্ৰতিযোগিতাখনত দ্বিতীয়টো গ্ৰেণ্ডমাষ্টাৰ চৰ্ত পূৰণ কৰে।৬ ২০১২ চনত ৰোজ ভেলী কলকাতা অ'পেন গ্ৰেণ্ডমাষ্টাৰছৰ দবা প্ৰতিযোগিতাৰ অষ্টম ৰাউণ্ডত ১৮ বছৰ বয়সত বিদিতে তেওঁৰ চূড়ান্ত গ্ৰেণ্ডমাষ্টাৰৰ চৰ্ত পূৰণ কৰি গ্ৰেণ্ডমাষ্টাৰ পৰ্যায় লাভ কৰে।৭
২০১৩ চনত তুৰস্কত অনুষ্ঠিত হোৱা বিশ্ব জুনিয়ৰ দবা চেম্পিয়নশ্বিপত জুনিয়ৰ (২০ বছৰ অনুৰ্ধ) শাখাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।৮৯ ২০১৩ চনত হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগিতাত বিদিতে ১ লাখ ৫০ হাজাৰ টকা লাভ কৰি তৃতীয় স্থান দখল কৰে।১০ ২০১৪ চনৰ জানুৱাৰী মাহৰ ৰেটিং তালিকাত তেওঁ ২৬০০ ৰেটিং থ্ৰেছহ’ল্ড সীমা অতিক্ৰম কৰিছিল।
২০১৫ চনৰ এছিয়ান দবা চেম্পিয়নশ্বিপত বিদিতে সমান তৃতীয় স্থান লাভ কৰি ২০১৫ চনৰ দবা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছিল। অৱশ্যে এই প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডতে তেওঁ বাহিৰ হৈছিল। ২০১৭ চনত ডুবাই অ’পেনত ৭/৯ৰ সৰ্বোত্তম স্ক’ৰৰ বাবে টাই হয়।
২০১৮ চনৰ টাটা ষ্টীল দবা প্ৰতিযোগিতাৰ চেলেঞ্জাৰ ইভেণ্টত ৯/১৩ স্ক’ৰেৰে অপৰাজিত হৈ বিদিতে সম্পূৰ্ণ পইণ্টেৰে জয়লাভ কৰে। ২০১৯ চনৰ প্ৰতিযোগিতাখনৰ মাষ্টাৰছ ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰে। এই প্ৰতিযোগিতাত তেওঁ ৭/১৩ ৰ স্কৰৰ প্ৰদৰ্শন কৰি প্ৰাক্তন বিশ্ব চেম্পিয়ন ভ্লাদিমিৰ ক্ৰামনিকৰ বিৰুদ্ধে জয়লাভ কৰিছিল।১১
২০১৯ চনৰ ২২–২৬ নৱেম্বৰলৈকে তেওঁ টাটা ষ্টীল ৰেপিড আৰু ব্লিটজত ৱাইল্ডকাৰ্ড প্ৰতিযোগী হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ সহযোগী ৱাইল্ডকাৰ্ড পেণ্টালা হৰিকৃষ্ণৰ সৈতে অষ্টম স্থানৰ বাবে টাইত অন্ত পেলায়।১২ তেওঁ ২০২১ চনৰ চেম্পিয়নছ চেছ ট্যুৰৰ প্ৰথম ইভেণ্ট স্কিলিং অ'পেনত তেওঁ যোগদান কৰিছিল।১৩
অনলাইন দবা অলিম্পিয়াড ২০২০ত তেওঁ ঐতিহাসিক স্বৰ্ণ পদক বিজয়ী ভাৰতীয় দলৰ অধিনায়ক আছিল।১৪ ২০২২ চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত তেওঁ ২০২২ চনৰ ফিডে গ্ৰেণ্ড প্ৰিস্কত যোগদান কৰিছিল। তেওঁ পুল চিত দ্বিতীয় স্থান দখল কৰে আৰু ৩/৬ পইণ্টেৰে ৰেংকিঙত ১২ নম্বৰ স্থান দখল কৰে।
বিদিতে মহিলা বিশ্ব দবা চেম্পিয়ন জু ৱেনজুনৰ ঠাইত ৰেটিংৰ ভিত্তিত ২০২৩ চনৰ দবা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে। তেওঁ ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে আৰু ইয়ান নেপমনিয়াচ্চিক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।১৫১৬ কোৱাৰ্টাৰ ফাইনেলত তেওঁ নিজাত আবাছভৰ হাতত পৰাস্ত হয় আৰু কেণ্ডিডেট প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ হেৰুৱাই পেলায়।১৭
২০২৩ চনৰ ২৫ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈকে তেওঁ ফিডে গ্ৰেণ্ড চুইছ টুৰ্ণামেণ্ট ২০২৩ ত যোগদান কৰে। তেওঁ প্ৰথম ৰাউণ্ডত পৰাস্ত হৈছিল যদিও পৰৱৰ্তী ১০খন খেলৰ ভিতৰত ৭খন খেলত জয়ী হৈ প্ৰতিযোগিতাখন জয়ী হৈছিল।১৮১৯ তেওঁ গ্ৰেণ্ড চুইছৰ শীৰ্ষ দুটাত স্থান দখল কৰি ২০২৪ চনৰ কেণ্ডিডেট প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰে।২০ সৰ্বভাৰতীয় দবা ফেডাৰেচনে বিদিত, ৰমেশবাবু প্ৰজ্ঞানন্দ আৰু ৰমেশবাবু বৈশালীক কেণ্ডিডেট প্ৰস্তুতিৰ বাবে ২ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।২১২২২৩
২০২৪ চনৰ কেণ্ডিডেট প্ৰতিযোগিতাত তেওঁ ষষ্ঠ স্থান দখল কৰে। ২০২৪ চনত হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াডত মুকলি প্ৰতিযোগিতাত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এই প্ৰতিযোগিতাৰ মুকলি শাখাত ভাৰতীয় দলে ঐতিহাসিক স্বৰ্ণ পদক লাভ কৰে।
তথ্যসূত্ৰ
- ↑ (19 January 2018). Santosh Gujrathi Vidit. The Times of India
- ↑ Asian Youth championship 2006 U12. FIDE
- ↑ Manuel Aaron. (31 October 2013). India dominates World Youth championships. The Hindu
- ↑ World Youth Chess Championships 2009 Final Standings. Organiser
- ↑ World Junior Chess Championship 2011
- ↑ Nagpur International Open 2012
- ↑ (12 December 2013). Four Indians in seven-way lead; Gujrathi is GM. Hindu
- ↑ (27 September 2013). Historic World Junior Chess bronze for Santosh Vidit. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (27 September 2013). India's Santosh Vidit wins bronze at World Junior Chess. First Post
- ↑ (4 December 2013). Sethuraman and Varun take titles. Hindu
- ↑ Vidit Gujrathi · Top Chess Players. Chess.com
- ↑ 2019 Tata Steel Chess India Rapid & Blitz | Grand Chess Tour
- ↑ (22 November 2020). Vidit Gujrathi will star in the Champions Chess Tour Skilling Open – ChessBase India. www.chessbase.in
- ↑ (4 September 2020). Team captain Vidit Gujrathi looks back at India's dramatic shared title at the Online Chess Olympiad. The Indian Express
- ↑ McGourty (Colin_McGourty), Colin. (15 August 2023). Vidit Beats Nepo; 4 Indians In World Cup Quarterfinals. Chess.com
- ↑ (14 August 2023). FIDE World Cup 2023 R5 TB: Fiery Vidit Gujrathi blazes Ian Nepomniachtchi - ChessBase India. www.chessbase.in
- ↑ Ciocan, Maria. (21 August 2023). FIDE World Cup: Road to the Candidates - King Watcher Blog
- ↑ Rodgers (JackRodgers), Jack. (6 November 2023). FIDE Grand Swiss 2023: Vidit Wins, Nakamura Claims Candidates Spot. Chess.com
- ↑ In Chess, R Vaishali and Vidit Gujrathi win FIDE Grand Swiss Women's and Open titles in UK. newsonair.gov.in
- ↑ (6 November 2023). For Vidit Gujrathi, at long last, a moment to savour. Hindustan Times
- ↑ (14 November 2023). The All India Chess Federation announces Rs.2 crore (US$240,459) assistance to Vidit, Pragg and Vaishali - ChessBase India. www.chessbase.in
- ↑ Svensen (TarjeiJS), Tarjei J. (14 November 2023). India Makes World Championship Move With $240K Assistance To Vidit, Pragg, Vaishali. Chess.com
- ↑ (14 November 2023). AICF earmarks ₹2 crore for Candidates preparation. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদিত গুজৰাথী” প্ৰবন্ধৰ সংশোধন ৫৩৬৮২৩ (২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।