ডোম্মাৰাজু গুকেশ (Dommaraju Gukesh; জন্ম: ২৯ মে' ২০০৬) চমুকৈ গুকেশ ডি এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। দবাৰ বিস্ময় বালক হিচাপে তেওঁ বিশ্বৰ তৃতীয় কনিষ্ঠতম গ্ৰেণ্ডমাষ্টাৰ।১ ইয়াৰ লগতে তেওঁ আন্তৰ্জাতিক ডবা ফেডাৰেচনৰ ২৭০০ ৰেটিং লাভ কৰা তৃতীয় কনিষ্ঠতম, ২৭৫০ ৰেটিং লাভ কৰা আটাইতকৈ কনিষ্ঠতম আৰু প্ৰাৰ্থী প্ৰতিযোগিতাত জয়ী হোৱা আটাইতকৈ কনিষ্ঠতম ব্যক্তি।২ ২০২৪ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাত জয়লাভ কৰি গুকেশ বিশ্ব দবা চেম্পিয়নৰ খিতাপত প্ৰতিদ্বন্দ্বিতা কৰা আটাইতকৈ কনিষ্ঠতম প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হয়।৩ তেওঁ অলিম্পিয়াডত এটা দলীয় আৰু দুটা ব্যক্তিগত স্বৰ্ণ পদকৰ লগতে এটা ব্ৰঞ্জৰ দলীয় পদক লাভ কৰিছে। ইয়াৰ লগতে তেওঁ এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী।৪ জুনিয়ৰ পৰ্যায়ত গুকেশ বিশ্ব যুৱ চেম্পিয়নশ্বিপ আৰু এছিয়ান যুৱ চেম্পিয়নশ্বিপত কেইবাটাও স্বৰ্ণ পদক লাভ কৰিছে।
২০২৪ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপত তেওঁ ১৮ বছৰ ১৯৫ দিন বয়সত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি ১৮ সংখ্যক আৰু কনিষ্ঠতম বিশ্ব চেম্পিয়ন হিচাপে খিতাপ দখল কৰে।৫ দবা খেলৰ ক্ষেত্ৰখনলৈ তেওঁৰ অনবদ্য উপলব্ধিৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২৪ বৰ্ষৰ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা প্ৰদান কৰে। এই বঁটা লাভ কৰা গুকেশ কনিষ্ঠম ব্যক্তি।
প্ৰাৰম্ভিক জীৱন
২০০৬ চনৰ ২৯ মে' তাৰিখে তামিলনাডুৰ চেন্নাইৰ এক হিন্দু তেলুগু পৰিয়ালত গুকেশৰ জন্ম হৈছিল।৬৭ তেওঁৰ পিতৃ-মাতৃ অন্ধ্ৰপ্ৰদেশৰ গোদাৱৰী বদ্বীপ অঞ্চলৰ বাসিন্দা আছিল।৭ তেওঁৰ পিতৃ ডাঃ ৰজনীকান্ত এজন কাণ, নাক আৰু ডিঙিৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু মাতৃ ডাঃ পদ্ম এগৰাকী অণুজীৱবিজ্ঞানী।৮ সাত বছৰ বয়সত তেওঁ দবা খেলিবলৈ শিকিছিল।৯ বৰ্তমান তেওঁ চেন্নাইৰ মেল অয়ানম্বকমৰ ভেলামল বিদ্যালয়ত অধ্যয়ন কৰি আছে।১০
খেলুৱৈ জীৱন
২০১৫–২০১৯
গুকেশে ২০১৫ চনত এছিয়ান স্কুল দবা চেম্পিয়নশ্বিপৰ ৯ বছৰ অনুৰ্ধৰ শাখাত জয়লাভ কৰে১১ আৰু ২০১৮ চনত ১২ বছৰ অনুৰ্ধৰ শাখাত বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপত জয়ী হয়।১২ ২০১৮ চনৰ এছিয়ান যুৱ দবা চেম্পিয়নশ্বিপত অনূৰ্ধ্ব-১২ ব্যক্তিগত ৰেপিড আৰু ব্লিটজ, ১২ বছৰ অনুৰ্ধৰ দলীয় ৰেপিড আৰু ব্লিটজ, আৰু অনূৰ্ধ্ব-১২ ব্যক্তিগত ধ্ৰুপদী ফৰ্মেটত তেওঁ পাঁচটা সোণৰ পদক লাভ কৰে।১৩ ২০১৭ চনৰ মাৰ্চ মাহত তেওঁ ৩৪ সংখ্যক কেপেল-লা-গ্ৰেণ্ড অ'পেনত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰৰ খিতাপৰ বাবে প্ৰয়োজনীয়তা অৰ্হতাসমূহ সম্পূৰ্ণ কৰে।১৪
২০১৯ চনৰ ১৫ জানুৱাৰীত ১২ বছৰ, ৭ মাহ আৰু ১৭ দিন বয়সত গুকেশ ইতিহাসৰ সেইসময়ৰ দ্বিতীয় কনিষ্ঠতম গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হয়।১৫ তেওঁ মাত্ৰ ১৭ দিনৰ ব্যৱধানৰ বাবে সেই সময়ৰ কনিষ্ঠতম গ্ৰেণ্ডমাষ্টাৰ চেৰ্গেই কাৰ্জাকিনৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে।১৬ তাৰপিছত অভিমন্যু মিশ্ৰই এই অভিলেখক ভংগ কৰাৰ ফলত গুকেশ তৃতীয় কনিষ্ঠতম গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হয়।১৭
২০২১
২০২১ চনৰ জুন মাহত তেওঁ জুলিয়াছ বেয়াৰ চেলেঞ্জাৰছ চেছ ট্যুৰ, গেলফেণ্ড চেলেঞ্জত ১৯ পইণ্টৰ ভিতৰত ১৪ পইণ্ট লাভ কৰি জয়লাভ কৰে।১৮
২০২২
২০২২ চনৰ আগষ্ট মাহত তেওঁ ৮/৮ ৰ নিখুঁত স্ক’ৰেৰে ৪৪ সংখ্যক দবা অলিম্পিয়াড আৰম্ভ কৰে আৰু ৮ম মেচত ইণ্ডিয়া-২দলক ১ নং ৰেংকিঙেৰে আমেৰিকাক পৰাস্ত কৰাত সহায় কৰে। ১১ ৰ ভিতৰত ৯ স্ক’ৰেৰে ২৮৬৭ ইলো প্ৰদৰ্শন কৰি ১ম ব’ৰ্ডত স্বৰ্ণ পদক অৰ্জন কৰে।
২০২২ চনৰ ছেপ্টেম্বৰ মাহত গুকেশে প্ৰথমবাৰৰ বাবে ২৭০০ ৰ ওপৰত ৰেটিং লাভ কৰে আৰু মুঠ ২৭২৬ ৰেটিং লাভ কৰে।১৯ ইয়াৰ ফলত তেওঁ ২৭০০ ৰেটিঙৰ সীমা অতিক্ৰম কৰা ৱেই য়ি আৰু আলিৰেজা ফিৰৌজজাৰ পিছত তৃতীয়জন কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়।
২০২২ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত আইমচেছ ৰেপিড প্ৰতিযোগিতাত গুকেশে মেগনাছ কাৰ্লচেনক বিশ্ব চেম্পিয়ন হোৱাৰ পিছত তেওঁক পৰাস্ত কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।২০
২০২৩
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত গুকেশে ডাচেলডৰ্ফত অনুষ্ঠিত হোৱা ডব্লিউ আৰ মাষ্টাৰছ প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত তেওঁ ৫১⁄২/৯ৰে অন্ত পেলাই লেভন এৰ'নিয়ান আৰু ইয়ান নেপমনিয়াচ্চিৰ সৈতে প্ৰথম স্থানৰ বাবে সমতা স্থাপন কৰে। টাইব্ৰেকত তেওঁ আৰোনিয়ানৰ পিছতে দ্বিতীয় স্থান লাভ কৰে।
২০২৩ চনৰ আগষ্ট মাহৰ ৰেটিং তালিকাত গুকেশ ২৭৫০ ৰেটিং পোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।২১ গুকেশে ২০২৩ চনৰ দবা বিশ্বকাপত অংশগ্ৰহণ কৰিছিল। মেগনাছ কাৰ্লচেনৰ হাতত পৰাস্ত হোৱাৰ পূৰ্বে তেওঁ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।২২
২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ ৰেটিং তালিকাত গুকেশে আনুষ্ঠানিকভাৱে বিশ্বনাথন আনন্দক শীৰ্ষস্থানীয় ভাৰতীয় খেলুৱৈ হিচাপে অতিক্ৰম কৰে। ৩৭ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে আনন্দ শীৰ্ষস্থানীয় ভাৰতীয় খেলুৱৈৰ পৰা দ্বিতীয় স্থান লাভ কৰিছিল।২৩২৪
২০২৩ চনৰ ডিচেম্বৰ মাহত এফআইডিই চাৰ্কিটৰ অন্ত পৰাৰ লগে লগে গুকেশে ২০২৪ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে।২৫ গুকেশে চাৰ্কিটত দ্বিতীয় স্থান লাভ কৰিছিল যদিও বিজয়ী ফেবিয়ানো কাৰুয়ানাই ইতিমধ্যে বিশ্বকাপৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিছিল।২৬ ববি ফিচাৰ আৰু মেগনাছ কাৰ্লচেনৰ পিছতে তেওঁ প্ৰাৰ্থী প্ৰতিযোগিতাত খেলা তৃতীয় কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়।২৭২৮
২০২৪

২০২৪ চনৰ জানুৱাৰী মাহত গুকেশে টাটা ষ্টীল দবা প্ৰতিযোগিতা ২০২৪ত অংশগ্ৰহণ কৰে। তেওঁ ১৩খন খেলত (৬খন জয়, ৫খন ড্ৰ’ আৰু ২খন পৰাজয়) ৮.৫ পইণ্ট সংগ্ৰহ কৰি ৪-ৱে টাইত ১ম স্থান লাভ কৰে। ১২ নং ৰাউণ্ডত ৰমেশবাবু প্ৰজ্ঞানন্দৰ বিৰুদ্ধে তেওঁৰ জয়ৰ স্থান আছিল যদিও তেওঁৰ ভুলকৈ তিনিগুণ পুনৰাবৃত্তি হয়। টাইব্ৰেকত তেওঁ অনিশ গিৰিক ছেমিফাইনেলত পৰাস্ত কৰে যদিও ফাইনেলত ৱেই য়িৰ হাতত পৰাস্ত হয়।২৯
এপ্ৰিল মাহত গুকেশে ২০২৪ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।৩০ গুকেশে ভাৰতৰে ৰমেশবাবু প্ৰজ্ঞানন্দ আৰু বিদিত গুজৰাথীয়ে ক'লা ৰঙত, আলিৰেজা ফিৰৌজজাই বগা ৰঙত আৰু নিজাত আবাছভে ক'লা আৰু বগা উভয় ৰঙত খেলাৰ বিৰুদ্ধে খেলি জয়লাভ কৰে।৩১ ফিৰৌজজাৰ বিৰুদ্ধে ক’লাৰ ৰঙৰ সৈতে খেলত তেওঁৰ একমাত্ৰ পৰাজয় হৈছিল। ইয়াৰ ফলত তেওঁ ৫ বাৰ জয়, ১ বাৰ পৰাজয় আৰু ৮ বাৰ ড্ৰ' লাভ কৰে। ফলস্বৰূপে তেওঁ ৯/১৪ স্ক'ৰৰ সৈতে প্ৰতিযোগিতাখনত জয়ী হয় আৰু ২০২৪ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ মেচখনত ডিং লিৰেনৰ বিৰুদ্ধে যোগ্যতা অৰ্জন কৰে। তেওঁ প্ৰাৰ্থী প্ৰতিযোগিতাৰ আটাইতকৈ কম বয়সীয়া বিজয়ী।৩২
২০২৪ চনৰ ১০ আগষ্টত এলক এণ্ড ৰুবীয়ে ছাইৰাছ লাকডাৱালাৰ ফ্ৰম বয় টু মেন টু চেলেঞ্জাৰ: দ্য ফিয়ৰ্চেষ্ট বেটলছ অৱ গুকেশ ডি নামৰ গ্ৰন্থখন প্ৰকাশ কৰে। সম্পূৰ্ণ টীকাযুক্ত ইয়াত গ্ৰেণ্ড মাষ্টাৰ আৰু বিশ্ব চেম্পিয়নৰ বিৰুদ্ধে ৭০খন খেলৰ বিৱৰণ সামৰি লোৱা হৈছে।৩৩৩৪৩৫ এই জয়ৰ ফলত গুকেশে ২০২৪ চনৰ ১ অক্টোবৰত প্ৰথমবাৰৰ বাবে ফিডে ৰেংকিঙৰ শীৰ্ষ পাঁচটা স্থানত প্ৰৱেশ কৰে।৩৬৩৭
২০২৪ চনৰ নৱেম্বৰ–ডিচেম্বৰ মাহত গুকেশ আৰু ডিং লিৰেনৰ মাজত বিশ্ব দবা চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ডিঙে দুটা জয়ৰ বিপৰীতে গুকেশে তিনিটা জয় লাভ কৰে। প্ৰতিযোগিতাখনৰ ১৪টা ধ্ৰুপদী ৰাউণ্ডত ৯টা খেল ড্ৰ’ হয়। ২০২৪ চনৰ ১২ ডিচেম্বৰত ১৪ সংখ্যক আৰু অন্তিমখন খেলত গুকেশে ৭.৫–৬.৫ স্ক'ৰলাইনেৰে বিশ্ব দবা চেম্পিয়নশ্বিপত জয়লাভ কৰে।৩৮৩৯ এই জয়ৰ ফলত তেওঁক আটাইতকৈ কম বয়সীয়া নিৰ্বিবাদ বিশ্ব দবা চেম্পিয়ন হিচাপে পৰিগণিত হয়।
বঁটা আৰু সন্মান
- ২০২৩: এছিয়ান দবা ফেডাৰেচনৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ
- ২০২৩: স্প’ৰ্টষ্টাৰ এছেছ বঁটাৰ বেষ্ট ইয়ং এচিভাৰ (পুৰুষ)
- ২০২৪:মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা
বাহ্যিক সংযোগ
- সৰ্ব ভাৰতীয় দবা ফেডাৰেচনত গুকেশ ডিৰ পৰিচয় কাৰ্ড
তথ্যসূত্ৰ
- ↑ Team (CHESScom), Chess com. (2019-03-22). The Youngest Chess Grandmasters In History. Chess.com
- ↑ Levin (AnthonyLevin), Anthony. (2024-04-21). Gukesh Youngest Ever To Win Candidates Tournament, Tan Wins Women's By 1.5 Points. Chess.com
- ↑ (2024-04-22). Candidates Chess: Gukesh becomes youngest winner, to challenge for world title. The Economic Times
- ↑ (22 April 2024). Candidates Chess: Gukesh becomes youngest winner, to challenge for world title. The Economic Times
- ↑ Kumar, P. K. Ajith. (2024-12-12). Gukesh is youngest world chess champion. The Hindu
- ↑ (2024-04-22). Who Is D Gukesh, The Indian Chess Prodigy Now Up Against Reigning World Champion Ding Liren. Times Now
- ↑ (2024-04-22). Chennai teen D Gukesh goes down in chess folklore with historic victory, 2nd Indian after legend Anand to win Candidates. Hindustan Times
- ↑ Prasad RS. (2019-01-16). My achievement hasn't yet sunk in: Gukesh. The Times of India
- ↑ Lokpria Vasudevan. (2019-01-17). D Gukesh: Grit and determination personify India's youngest Grandmaster. India Today
- ↑ (2018-12-09). Velammal students win gold at World Cadet Chess championship 2018. Chennai Plus
- ↑ Shubham Kumthekar; Priyadarshan Banjan. (2018). Gukesh D: The story behind a budding talent. IIFL Wealth Mumbai International Chess Tournament
- ↑ (2018-11-16). Chess: India's Gukesh, Savitha Shri bag gold medals in U-12 World Cadets Championship. scroll.in
- ↑ Prasad RS. (2018-03-13). Gukesh wins 5 gold medals in Asian Youth Chess Championship. The Times of India
- ↑ Prasad RS. (2018-03-13). Gukesh making all the right moves. The Times of India
- ↑ Shah, Sagar. (2019-01-15). Gukesh becomes second youngest GM in history. Chess News. ChessBase
- ↑ Shah, Sagar. (2018-12-09). Gukesh with 2 GM norms and 2490 Elo is on the verge of becoming world's youngest GM. ChessBase India
- ↑ Hartmann, John. (30 June 2021). GM Abhimanyu Mishra is the Youngest GM in History!. US Chess.org
- ↑ Rao, Rakesh. (14 June 2021). Gritty Gukesh wins Gelfand Challenge. The Hindu
- ↑ [https://ratings.fide.com/profile/46616543/chart Gukesh D, Rating Progress Chart, FIDE
- ↑ Gukesh D vs. Carlsen, Magnus · Aimchess Rapid · Prelims 2022. chess24.com
- ↑ Gukesh Breaks Record: Youngest Player To Cross 2750 Rating, chess.com, July 21, 2023
- ↑ (2023-08-16). 2023 Chess WC Q/Fs: Pragg takes Erigaisi to tie-breaks; Gukesh, Vidit out. ESPN.com
- ↑ Menon, Anirudh. (September 1, 2023). 37 years - How the world changed as Anand stayed constant on top of Indian chess. ESPN
- ↑ Watson, Leon. (September 1, 2023). Gukesh Ends Anand's 37-Year Reign As India's Official Number 1. Chess.com
- ↑ (2023-12-30). Gukesh confirms his Candidates spot. Hindustan Times
- ↑ FIDE World Championship Cycle. International Chess Federation (FIDE)
- ↑ Gukesh confirms his Candidates spot, Hindustan Times, December 31, 2023
- ↑ Who will win the 2024 Candidates Tournament?, Chessbase, 24 March, 2024
- ↑ Rao, Rakesh. (2024-01-29). TATA Steel Chess 2024: Gukesh finishes joint second in Masters, Mendonca wins Challenger. Sportstar
- ↑ Magnus Predictions, chess.com, April 18, 2024
- ↑ Gukesh Youngest Ever Candidates Winner, Tan Takes Women's By 1.5 Points, chess.com, April 18, 2024
- ↑ Sportstar, Team. (2024-04-22). Gukesh emerges as youngest Candidates winner, becomes second Indian to qualify for classical World Championship final. Sportstar
- ↑ Welcome to Elk and Ruby Publishing House. www.elkandruby.com
- ↑ Dropbox. www.dropbox.com
- ↑ {{Cite book|url=https://forwardchess.com/product/from-boy-to-man-to-challenger-the-fiercest-battles-of-gukesh-d|title=From Boy to Man to Challenger: The Fiercest Battles of Gukesh D|first=Cyrus|last=Lakdawala|date=10 August ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত গুকেশে ভাৰতীয় দলৰ অংশ হিচাপে বুডাপেষ্টত অনুষ্ঠিত হোৱা দবা অলিম্পিয়াডত অংশ লৈছিল। তেওঁ এখনো মেচত পৰাস্ত নহ’ল আৰু দহটা ৰাউণ্ডত ৯টা স্ক’ৰেৰে ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰে। ৱানত তেওঁৰ প্ৰদৰ্শনে ভাৰতক অলিম্পিয়াডত প্ৰথমবাৰৰ বাবে দলীয় স্বৰ্ণ পদক লাভ কৰাত সহায় কৰে।<ref>(23 September 2024). India wins historic double team gold at FIDE Chess Olympiad 2024. Al Jazeera English
- ↑ (1 October 2024). October 2024 FIDE Ratings: Gukesh Joins Arjun In World Top-5. chess.com
- ↑ (October 2024). Arjun Erigaisi, Gukesh in top 5 rankings after historic Chess Olympiad; Ding Liren out of top 20. The Indian Express
- ↑ (12 December 2024). World Chess Championship 2024, Gukesh vs Ding Game 14 LIVE: Gukesh becomes World Chess Champion. The Hindu
- ↑ (8 December 2024). Gukesh wins after Ding blunder, takes lead for first time. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুকেশ ডি” প্ৰবন্ধৰ সংশোধন ৫১০৭৮৯ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।