বিউটিফুল লাইভছ হৈছে ২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। কংকন ডেকাৰ কাহিনী আৰু পৰিচালনাৰে এই ছবিখনে ২০০৮ চনৰ ৩০ অক্টোবৰত হোৱা বোমা বিষ্ফোৰণৰ ফলত এটা পৰিয়ালে সন্মুখীন হ'ব লগীয়া পৰিস্থিতিসমূহৰ কথা বৰ্ণনা কৰে।১ চেন্সৰ বোৰ্ডৰ পৰা প্ৰাপ্তবয়স্কৰ 'এ' চাৰ্টিফিকেট পোৱা ছবিখনে সপ্তম ৰাজ্যিক চলচ্চিত্ৰ বঁটা সমাৰোহত শ্ৰেষ্ঠ নৱাগত নিৰ্দেশক আৰু শ্ৰেষ্ঠ মেকআপৰ বঁটা লাভ কৰে।২
কাহিনী
আঠাইশ বছৰীয়া অজয় এজন ৰিক্সাচালক। এক বোমা বিস্ফোৰণত অজয়ে হাত আৰু ভৰিৰ কাৰ্যক্ষমতা হেৰুৱাই পেলোৱাৰ পিছত সি সন্মুখীন হ'বলগীয়া শাৰীৰিক আৰু মানসিক প্ৰতিবন্ধকতাসমূহক লৈ ছবিখনৰ কাহিনী আগবাঢ়িছে। শাৰীৰিকভাৱে অক্ষম হ'লেও অজয়ৰ যৌন জীৱনৰ দাবীসমূহ তীব্ৰতৰ হৈ পৰাত অজয় মানসিক অন্তৰ্দন্দ্বত ভোগে। বিষ্ফোৰণৰ প্ৰেয়সীৰ লগত হোৱা বিচ্ছেদৰ ফলশ্ৰুতিত অজয় প্ৰ্ত্যাহ্বানৰ সন্মুখীন হয়। চিকিৎসা, খোৱা-লোৱাৰ যোগান ধৰি থকা অজয়ৰ মাক দশমীয়ে অজয়ৰ স্পৃহা পূৰণৰ বাবে স্বামীৰ দ্বাৰা পৰিত্যাক্ত মহিলা এজনীক অজয়ৰ লগত শাৰীৰিক সম্বন্ধ কৰিবলৈ নিমন্ত্ৰণ কৰে। কিন্তু সমাজে এই কাৰ্যকলাপত অসন্তোষ প্ৰকাশ কৰে। শেষত দশমীয়ে পুত্ৰক বিহ খুৱাই আৰু নিজেও খাই আত্মঘাতী হয়।
নিৰ্মাণ
বিউটিফুল লাইভ্জ ছবিখন ২০১৭ বছৰটোৰ এখন চৰ্চিত ছবি। স্ত্ৰী-পুৰুষৰ শাৰীৰিক মিলন, চুম্বন আদি দেখুওৱা বাবে ছবিখন বিতৰ্কৰ আৱৰ্ততো সোমাইছে। ১২৩ মিনিট দৈৰ্ঘ্যৰ ছবিখনৰ চিত্ৰগ্ৰহণ গুৱাহাটী, মঙলদৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মাজুলীত সম্পূৰ্ণ কৰা হৈছে। ছবিখনৰ নিৰ্মাণৰ পূৰ্বে পৰিচালকে নিউৰ'ছাৰ্জনৰ পৰা বোমা বিষ্ফোৰণৰ দৰে দুৰ্ঘটনাৰ সন্মুখীন হোৱা লোকৰ মানসিক স্থিতি সম্পৰ্কে অধ্যয়ন কৰে।৩
অভিনয়ত
- পাকিজা বেগম
- জয়ন্ত ভাগৱতী
- বলোৰাম দাস
- অশ্ৰুমণি বৰা
- জুৰি দত্ত
- ধৰিত্ৰী জুমি কলিতা
- নয়ন শইকীয়া
- প্ৰতিভা চৌধুৰী আদি
কলা-কুশলী
- প্ৰযোজনা - কংকন ডেকা, ভাস্কৰ লেখাৰু, ৰাজীৱ ফুকন কাৰ্ণেল ফিল্ম প্ৰডাকছন
- পৰিচালনা/কাহিনী - কংকন ডেকা
- মুখ্য সহ পৰিচালনা - ৰাজীৱ দত্ত
- সহ পৰিচালনা - অনিন্দিতা কলিত, লিজা পেগু, প্ৰিয়াংকু বৰুৱা
- চিত্ৰনাট্য - কংকন ডেকা
- চিত্ৰগ্ৰহণ - মিথুন চন্দ্ৰা
- কলা নিৰ্দেশনা - জ্যোতি ভট্টাচাৰ্য
- সংগীত পৰিচালনা - ভগৱ্ৎ প্ৰীতম
- সংগীত ব্যৱস্থাপনা - অমৃত প্ৰীতম দত্ত
- মেক-আপ - বিশ্ব কলিতা২
সংগীত
ছবিখনৰ সংগীত পৰিচালনা ভগৱ্ৎ প্ৰীতমৰ আৰু সংগীত ব্যৱস্থাপনা শব্দযন্ত্ৰী অমৃত প্ৰীতম দত্তৰ।
বঁটা
- সপ্তম অসম ৰাজ্যিক চলচ্চিত্ৰ পুৰস্কাৰত শ্ৰেষ্ঠ নৱাগত পৰিচালক আৰু শ্ৰেষ্ঠ মেকআপৰ বঁটা
- প্ৰাগ চিনে এৱাৰ্ড, ২০১৭ ত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সাজ-সজ্জা(বিশ্ব কলিতা), শ্ৰেষ্ঠ অভিনেত্ৰী(পাকিজা বেগম) আৰু শ্ৰ্ৰেষ্ঠ সংগীত ব্যৱস্থাপনা( অমৃত প্ৰীতম দত্ত) বঁটা লাভ৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ লাইমলাইট. (১০ ফেব্ৰুৱাৰী). বিউটিফুল লাইভছ্. দৈনিক অসম
- ↑ নিপন শৰ্মা. (২৪ ফেব্ৰুৱাৰী, ২০১৭). বিউটিফুল লাইভ্ছ ৰিয়েলি নট বিউটিফুল. দৈনিক অসম
- ↑ Manash Pratim Dutta. (18.02.17). Aftermath of a tragedy on silver screen Director Kangkan Deka's film on blast victims releases across state amid controversy. দ্য টেলিগ্ৰাফ
- ↑ facebook page of beautiful lives
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিউটিফুল লাইভ্জ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৬৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।