অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পিয়লি বৰুৱা

পিয়লি বৰুৱা (Piyoli Baruah) অসমৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় যুঁজাৰু আছিল। তেখেতক ইংৰাজ চৰকাৰে বিদ্ৰোহৰ অভিযোগত ফাঁচী দিয়ে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

পিয়লি বৰুৱা (Piyoli Baruah) অসমৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় যুঁজাৰু আছিল। তেখেতক ইংৰাজ চৰকাৰে বিদ্ৰোহৰ অভিযোগত ফাঁচী দিয়ে।

স্বাধীনতা আন্দোলন

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ক্ৰমে ক্ৰমে সমগ্ৰ অসমৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দখল কৰে। প্ৰথমে ইংৰাজৰ শাসনত ৰাইজে আদৰি ল'লেও সোনকালেই ভিতৰি ভিতৰি বিদ্ৰোহৰ জুই জ্বলি উঠে। সেই সময়তে ৰাজনীতি বিশাৰদ, ৰাষ্ট্ৰজ্ঞানী, স্পষ্টবাদী মণিৰাম দেৱানই জৰ্জ এণ্ড্ৰিউ মোফাট মিলছ্‌ক (George Andrew Mofat Mills) লগ ধৰি ৰাইজৰ প্ৰতিক্ৰিয়াশীল মনৰ কথা প্ৰকাশ কৰি দুখন দৰ্খাস্ত লিখে। ইয়াৰ পাছত আকৌ তেখেতে মিলছ আৰু হলৰইদ চাহাবক লগ ধৰি দেশৰ শাসন ভাৰ দেশৰ ৰজাৰ হাতত অৰ্পণ কৰিবলৈ আহ্বান জনায়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই আহ্বান উপেক্ষা কৰে। ইয়াৰ পাছত মণিৰামে পাতনি মেলে গণ আন্দোলনৰ। এই গণ আন্দোলনত পিয়লি বৰুৱাৰ লগতে বাহাদুৰ গাঁওবুঢ়া, ফৰমুদ আলী, ঘৰফলীয়া বৰুৱা, মৰংগীখোৱা গোহাঁই, ৰাম চিৰস্তাদাৰ বৰুৱা ইত্যাদি বহুজনে যোগ দিয়ে।

বিদ্ৰোহৰ অগনি জ্বলি উঠে। মিল্‌ছ আৰু হলৰইদ চাহাবৰ চকুৰ টোপনি নাইকিয়া হয়। মণিৰামে পৰ্বতীয়া নেতাসকলৰ সহায় বিচাৰি তেওঁলোকৰ ওচৰলৈ কটকী পঠিয়ায়। উভতি আহোঁতে হৰনাথ দাৰোগাৰ হাতত বন্দী হয় ফুলকুমাৰী। ফুলকুমাৰী আছিল মণিপুৰৰ জীয়ৰী। গোৰা চিপাহীৰ কামনাৰ বলি হোৱাৰ ভয়ত তাই আহি দুতিৰাম বৰুৱাৰ অনুগ্ৰহত ৰাজকেৰেঙত আশ্ৰয় লৈছিল। পাছলৈ মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ নেতৃত্বত চলা স্বাধীনতাৰ ৰণত যোগ দিছিল। ইফালে মিল্‌ছ চাহাব স্বদেশলৈ উভতি যায়। হলৰইদৰ সহায়ৰ বাব কেপ্টেইন লুথাৰ আহে। তেওঁলোকে অসমৰ সকলো প্ৰধান ৰাজ-বিষয়াক মাতি সদৰ ৰংপুৰতে এখন মেল পাতে। ফুলকুমাৰীক এৰাতিৰ বাবে জেলৰপৰা পলুৱাই আনি উদ্দাম নৃত্যৰ লয়লাসত চাহাবক মদৰ ৰাগীত শুৱাই ৰাখি সেইনিশাই দেৱান কলিকতালৈ পলাই যায় আৰু বৰলাটৰ সৈতে সাক্ষাৎ কৰে। কিন্তু এই সাক্ষাততো কোনো ফল নধৰাত তেখেতে ১৮৫৭ চনত হোৱা চিপাহী বিদ্ৰোহ ১৮৫৭ত যোগ দিয়ে। ইফালে পিয়লি বৰুৱাই বিদ্ৰোহৰ সঁজাল ধৰে। কলিকতাৰপৰা পোৱা নিৰ্দেশ মৰ্মে কাৰেঙত গুপুত আলোচনা চলে। হলৰইদ চাহাবে বিদ্ৰোহ দমন কৰিবলৈ উঠি-পৰি লাগে। ৰাজকাৰেং আক্ৰমণ কৰিলেই বিদ্ৰোহৰ মূল ঘাটি উচন কৰা হ'ব বুলি হৰনাথ দাৰোগাই হলৰইদ চাহাবক বাতৰি দিয়ে। কাৰেঙৰ ঘাই লিগিৰী সেউতীয়ে পিয়লি বৰুৱাক প্ৰেম নিবেদন কৰি বিফল হৈ প্ৰতিশোধৰ বাবে ছেগ বিচাৰি আছিল। তেখেতেই কেপ্টেইন লুথাৰক কাৰেঙৰ গুপুত পথৰ সন্ধান দিয়ে। বিদ্ৰোহৰ মূল ঘাঁটি ইংৰাজে জয় কৰে।

ফাঁচী

কলিকতাৰ পৰা মণিৰামে পঠিওৱা চিঠিৰ আধাৰতে তেখেতৰ ওপৰত বিদ্ৰোহত লিপ্ত থকাৰ গোচৰ তৰা হয়। বিচাৰত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচীৰ নিৰ্দেশ আহে। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ইংৰাজ চৰকাৰে বিদ্ৰোহৰ অভিযোগত পিয়লি বৰুৱা আৰু মণিৰামক ফাঁচী দিয়ে।১

তথ্যসূত্ৰ

  1. ↑ DEBASHISH BEZBARUAH. 159th death anniversary of Swahid Piyali Baruah today. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিয়লি বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮১৭৬৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।