বনৰীয়া ছাগলী (Wild goat; বৈজ্ঞানিক নামঃ Capra aegagrus) হৈছে এক বন্য ছাগলীৰ প্ৰজাতি, যি পশ্চিমে তুৰ্কী আৰু ককেছাছৰ পৰা পূবে তুৰ্কমেনিস্তান, আফগানিস্তান আৰু পাকিস্তানৰ অৰণ্য, গুল্মভূমি আৰু শিলাময় অঞ্চলত বাস কৰে। ইয়াক আই.ইউ.চি.এন. ৰেড লিষ্টত প্ৰায় বিপদাপন্ন হিচাপে তালিকাভুক্ত কৰা হৈছে। বাসস্থান ধ্বংস আৰু অৱক্ষয়ৰ ফলত ইহঁত ভাবুকিৰ সন্মুখীন হৈছে।
ইহঁতক পোহনীয়া ছাগলীৰ পূৰ্বপুৰুষ বুলি ভবা হয় (চি. হিৰ্কাছ)।১
শ্ৰেণীবিন্যাস
১৭৭৭ চনত ককেছাছ আৰু টাৰাছ পৰ্বতমালাত পোৱা বনৰীয়া ছাগলীৰ বাবে যোহান খ্ৰীষ্টিয়ান পলিকাৰ্প এৰ্ক্সলেবেন প্ৰস্তাৱিত প্ৰথম বৈজ্ঞানিক নাম আছিল কেপ্ৰা এগাগ্ৰাছ। ২ কেপ্ৰা ব্লিথী (১৮৭৪ চনত এলেন অক্টাভিয়ান হিউমে প্ৰস্তাৱ কৰা) সিন্ধত পোৱা বনৰীয়া ছাগলীৰ শিঙৰ আধাৰত দিয়া হৈছিল।৩
তলত দিয়া বন্য ছাগলীৰ উপপ্ৰজাতিসমূহক বৈধ শ্ৰেণী বুলি গণ্য কৰা হয়:
- বেজোয়াৰ আইবেক্স চি. এ. এগাগ্ৰাছ
- সিন্ধু আইবেক্স চি. এ. ব্লিথি
- চিলটান আইবেক্স চি. এ. চিয়ালটানিনছিছচি. এ. চিয়াল্টানেন্সিস
- তুৰ্কমেন বনৰীয়া ছাগলী চি. এ. টাৰ্কমেনিকা
ক্ৰেটান ছাগলী (পূৰ্বতে চি. এ. পিক্টাছ) বা ক্ৰি-ক্ৰি এসময়ত বনৰীয়া ছাগলীৰ উপ-প্ৰজাতি বুলি ভবা হৈছিল, কিন্তু এতিয়া ইয়াক ঘৰচীয়া ছাগলীৰ (কেপ্ৰা হিৰ্কাছ) বন্য বংশধৰ বুলি গণ্য কৰা হয়। ইহঁতক এতিয়া কেপ্ৰ হাৰ্কাছ ক্ৰেটিকা বুলি জনা যায়।
বিতৰণ আৰু বাসস্থান


তুৰস্কত এজিয়ান, ভূমধ্যসাগৰীয়, কৃষ্ণ সাগৰ, দক্ষিণ-পূব আৰু পূব আনাতোলিয়া অঞ্চল আৰু এণ্টি-টাৰাছ পৰ্বতৰ ৪,৫০০ মিটাৰ (১৪,৮০০ ফুট) উচ্চতালৈকে বনৰীয়া ছাগলী দেখা যায়।
ককেছাছত ই এণ্ডি কয়চু নদীৰ অৱবাহিকা আৰু ইয়াৰ উপনদী ডাগেস্তান, চেচনিয়া আৰু জৰ্জিয়াৰ ২,৭০০ মিটাৰ (৮,৯০০ ফুট) উচ্চতা পৰ্যন্ত পাহাৰীয়া অৰণ্যত বাস কৰে।৪৫
আৰ্মেনিয়াত ২০০৬ চনৰ পৰা ২০০৭ চনলৈকে ক্ষেত্ৰভিত্তিক জৰীপৰ সময়ত জাংজেজুৰ পৰ্বতমালা, খোছৰোভ ৰাজ্যিক সংৰক্ষিত অঞ্চল আৰু ছিয়ুনিক প্ৰদেশৰ উচ্চভূমিসমূহত বনৰীয়া ছাগলীৰ তথ্য লিপিৱদ্ধ কৰা হৈছিল।৬ আজৰবাইজানৰ নাখচিভান স্বায়ত্তশাসিত গণৰাজ্যৰ অৰ্ডুবাদ ৰাষ্ট্ৰীয় উদ্যান, দাৰালায়াজ আৰু মুৰোভদাগ পৰ্বতত বনৰীয়া ছাগলী দেখা যায়।৭ ইৰাণৰ হাফতাদ ঘোলেহ সুৰক্ষিত অঞ্চলত বনৰীয়া ছাগলীৰ জাকবোৰে পথৰ পৰা দূৰৈত থকা পশ্চিমমুখী শিলাময় ঢাল, পানীৰ উৎস আৰু থিয় ঢাল থকা অঞ্চলত সৰ্বাধিক বাস কৰে।৮ তুৰ্কমেনিস্তানত বনৰীয়া ছাগলী উলি বলকান৯ আৰু কোপেট ডাগ পৰ্বতমালাত বাস কৰে।১০ পাকিস্তানৰ কিৰ্থৰ ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ছাগলীৰ জাক দেখা যায়।১১
আচৰণ আৰু পৰিৱেশ
কীৰ্থৰ ৰাষ্ট্ৰীয় উদ্যানত ১৯৮৬ চনত ১০ মাহ ধৰি ২৮৩টা বনৰীয়া ছাগলীৰ গোট পৰ্যবেক্ষণ কৰা হৈছিল। গোটত দুইৰ পৰা ১৩১টা ছাগলী আছিল; কিন্তু ঋতু অনুসৰি ইয়াৰ আকাৰ ভিন্ন আছিল আৰু প্ৰতি মতা ছাগলীৰ বিপৰীতে দুজনী ছাগলী গড় অনুপাতত পোৱা গৈছিল।১১
ডাগেষ্টানত ডিচেম্বৰৰ মাজভাগত মতা বনৰীয়া ছাগলীবোৰ মাইকী ছাগলীৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰে। ৰুটিং ঋতু জানুৱাৰীৰ তৃতীয় সপ্তাহলৈকে থাকে। জুন মাহৰ শেষৰ পৰা জুলাই মাহৰ মাজভাগলৈকে মাইকী ছাগলীয়ে একৰ পৰা তিনিটালৈকে সন্তান জন্ম দিয়ে।৫
বৃদ্ধ মতা ছাগলীবোৰে মাতৃ জাকৰ পৰা সৰু মতা ছাগলীবোৰক আঁতৰাই ৰাখে। গৰ্ভাৱস্থাৰ সময়কাল গড় হিচাপে ১৭০ দিন। পোৱালিবোৰ জন্মৰ প্ৰায় লগে লগে সচল হয়। ৬ মাহৰ পিছত পোৱালিয়ে গাখীৰ এৰে। মাইকী ছাগলীবোৰে ডেৰ বছৰ-আঢৈ় বছৰত যৌন পৰিপক্বতা লাভ কৰে আৰু মতাবোৰে চাৰে তিনি বছৰ-চাৰি বছৰত। ছাগলী একোটাৰ জীৱনকাল ১২ৰ পৰা ২২ বছৰলৈকে হ'ব পাৰে।
ভাবুকি
চোৰাং চিকাৰ, গছ-গছনি কটাৰ খলত বাসস্থান হ্ৰাস আৰু খাদ্য সম্পদৰ বাবে ঘৰুৱা পশুধনৰ সৈতে হোৱ প্ৰতিযোগিতাৰ ফলত বনৰীয়া ছাগলী আটাইতকৈ বেছি ভাবুকিৰ সন্মুখীন হৈছে।৯
তথ্যসূত্ৰ
- ↑ Mannen, H.; Nagata, Y.; Tsuji, S. (2001). Mitochondrial DNA reveal that domestic goat (Capra hircus) are genetically affected by two subspecies of bezoar (Capra aegagurus). Biochemical Genetics. পৃ. 145−154
- ↑ Erxleben. (1777). Systema regni animalis per classes, ordines, genera, species, varietates cvm synonymia et historia animalivm. Classis I. Mammalia. Weygandt. পৃ. 520–521
- ↑ Hume. (1874). Note on two apparently undescribed species of Goat from Northern India and a new species of Dove from the Nicobar Islands. Proceedings of the Asiatic Society of Bengal. পৃ. 240–241
- ↑ Akhmedov, E. G.; Yarovenko, Y. A.; Nasrullaev, N. I. (2009). Status and Protection of Globally Threatened Species in the Caucasus. CEPF, WWF. পৃ. 26−31
- ↑ Weinberg. (2014). On the status and biology of the wild goat in Daghestan (Russia). Journal of Mountain Ecology. পৃ. 31−40
- ↑ Khorozyan, I. G.; Weinberg, P. I.; Malkhasyan, A. G. (2009). Status and Protection of Globally Threatened Species in the Caucasus. CEPF, WWF. পৃ. 37−45
- ↑ Talibov, T. H.; Weinberg, P. I.; Mammadov, I. B. (2009). Status and Protection of Globally Threatened Species in the Caucasus. CEPF, WWF. পৃ. 46−52
- ↑ Esfandabad, B.S.; Karami, M.; Hemami, M.R. (2010). Habitat associations of wild goat in central Iran: implications for conservation. European Journal of Wildlife Research. পৃ. 883–894
- ↑ Weinberg, P.; Ambarli, H. (2020). Capra aegagrus. পৃ. e.T3786A22145942
- ↑ Korshunov. (1994). Biogeography and ecology of Turkmenistan. Monographiae Biologicae. Springer. পৃ. 231−246
- ↑ Edge, W. D.; Olson-Edge, S. L. (1990). Population Characteristics and Group Composition of Capra aegagrus in Kirthar National Park, Pakistan. Journal of Mammalogy. পৃ. 156–160
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনৰীয়া ছাগলী” প্ৰবন্ধৰ সংশোধন ৬৩৪৪১৫ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।